Nimai explores tasty fruits and veggies in every season—a fun guide for kids in A Colorful Journey Through Seasonal Foods.

What Should Nimai Eat Today? A Colorful Journey Through Seasonal Foods

Nimai explores tasty fruits and veggies in every season—a fun guide for kids in A Colorful Journey Through Seasonal Foods.

আজি নিমাই কি খাব বাৰু?

এয়া নিমা।

Thank you for reading this post, don't forget to subscribe!

ঠিক তোমাৰ দৰেই তায়ো খাই ভাল পায়।

তাই অনবৰতে খায়েই থাকে

মৰক্-মৰক্!

চপক-চপক!

আউম – আউম!

আঁহ হাঁ! মুখখন জঁপাই চোবোৱা, নিমা

গ্রীষ্মকালৰ দিনবোৰ মজা আৰু দীঘল বাহিৰত গৰম

নিমাই আজি কি 

খাব বাৰু?

গ্রীষ্ম ঋতু হ’ল আম খোৱা বতৰ – হালধীয়া, সেউজীয়া আৰু ৰঙা আম।

জকমকীয়া ৰঙা বাকলিৰ সৈতে পিছল বগা লিচু,

সেউজীয়া, আঁচ টনা, পাতল হালধীয়া তৰমুজ,

মুখত দিলেই ফাটি উঠা ৰসাল ৰসাল আৰু কত কি,

আঁহ হাঁ! নিমাৰ দুইখন হাত এতিয়া আঠালেটিয়া আৰু বেঙুনীয়া হৈ পৰিছে।

বাৰিষা ক’লা মেঘে গোটেইখন ওন্দোলাই আনে, বাহিৰত বৰষুণ পৰে।

নিমাই আজি কি খাব বাৰু?

বাৰিষা হ’ল মাকৈ খোৱা বতৰ – হালধীয়া, বগা আৰু বেঙুনীয়া।

সতেজ আৰু ৰসাল মৌচুম্বী,

মূৰত ৰজাৰ দৰে মুকুট পিন্ধা আনাৰস,

বেঙুনীয়া আৰু কোমল জামু,

আঁহ হাঁ! নিমাৰ জিভাখন একেবাৰে ডাঠ আৰু নীলা হৈ পৰিছে

শীতকাল আহিলে দিনবোৰ চুটি হয়, আৰু বাহিৰত ঠাণ্ডা পৰে।

নিমাই আজি কি খাব বাৰু?

শীত হ’ল জকমকীয়া শাক-পাচলি খোৱা বতৰ।

অস্ত যোৱা সূৰ্য্যৰ দৰে ৰঙা বীট,

সুগোল আৰু সেউজীয়া আতলচ।

চোৱা, চোৱা, নিমাই এতিয়া গছত বগাই আছে,

আঁহ হাঁ! তাই টেঙা আৰু মুগাৰঙৰ তেঁতেলী গোটেইবোৰ চিঙি আনিছে

নিমাই খাই ভাল পোৱাটো হয়, কিন্তু বতৰত খাইহে ভাল পায়।

মৰক্-মৰক্!

চপক্-চপক্!

আউম্-আউম্!

গোটেই পৃথিৱীত পাঁচ প্রকাৰৰ ঋতু- বসন্ত, গ্রীষ্ম, বৰ্ষা, শৰৎ আৰু শীত। কিন্তু নিমা থকা ঠাইখনৰ দৰে ভাৰতৰ কিছুমান ঠাইত গ্রীষ্ম, বৰ্ষা আৰু শীত ঋতু পোৱা যায়।

Nimai explores tasty fruits and veggies in every season—a fun guide for kids in A Colorful Journey Through Seasonal Foods.

বতৰৰ খাদ্য বতৰত খোৱা!

নিমাৰ দৰে গোটেই বছৰ তোমালোকেও ৰং-বিৰঙী আৰু সোৱাদভৰা ফল-মূল আৰু পাচলি খাব পাৰা। বছৰৰ কোনটো সময়ত কি কি ফল আৰু পাচলি খাব লাগে জানিবলৈ তলত দিয়া কেলেণ্ডাৰখন চোৱা।

                           তেঁতেলী: জানুৱাৰীৰ পৰা ফেব্রুৱাৰীলৈ

                             চিকু: জানুৱাৰীৰপৰা ফেব্রুৱাৰীলৈ আৰু 

                             মে’ৰপৰা জুলাইলৈ

                            মালবেৰী: মাৰ্চৰপৰা মে’লৈ আৰু অক্টোবৰৰপৰা 

                            নৱেম্বৰলৈ

পালেং শাক: মাৰ্চৰপৰা মে’লৈ আৰু অক্টোবৰৰপৰা জানুৱাৰীলৈ

আম: মাৰ্চৰপৰা আগষ্টলৈ

তৰমুজ: এপ্রিলৰ পৰা জুনলৈ

লিচু: মে’ৰপৰা জুনলৈ

জামু: মে’ৰপৰা জুলাইলৈ

মাকৈ: জুনৰপৰা আগষ্টলৈ

মৌচুম্বী: জুলাইৰপৰা আগষ্টলৈ

আতলচ: অক্টোবৰৰপৰা ফেব্রুৱাৰীলৈ

বীট: গোটেই বছৰ পোৱা যায়, কিন্তু শীত কালত খাবলৈ আটাইতকৈ ভাল

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story