A Beautiful Self Love Story for Kids About Confidence, Friendship, and Acceptance
মই মোক ভাল পাওঁ
শান্তি কলনীৰ ২৩ নম্বৰ ঘৰটো হৈছে ৰুবিনাৰ নতুন ঘৰ। নতুন ঘৰ পাই তাই তাইৰ বস্তুবোৰ খুলিলে আৰু
Thank you for reading this post, don't forget to subscribe!দৌৰি -দৌৰি বাহিৰলৈ ফুৰিব ওলাই গ’ল।
ৰুবিনাই তাইৰ পুৰণা বন্ধু নীনা, ৰাজ আৰু সোমৰ কথা বৰকৈ মনত পেলায়। কিন্তু তাই
এতিয়া নিজৰ বুলি ক‘ব পৰাকৈ নতুন নতুন বন্ধু থাকিব।
“হেৰা! মোৰ নাম ৰুবিনা। তুমি মোৰ লগত খেলিবানে? মই সকলো ধৰণৰ খেল ভাল পাওঁ আৰু মই গছ বগাবও পাৰো।”
ছোৱালীজনীয়ে ৰুবিনাৰ ফালে চালে আৰু জোৰেৰে চিঞৰি উঠিল, “তোমাৰ কপালত
ডাঙৰ আৰু নোমাল আঁচৰ এইটো কি?”
ৰুবিনাই তাইৰ চেলাউৰি দুটা ভাল পায়। এইটো জানো আচৰিত হ‘ব লগা কথা? যেতিয়া তাই বাহিৰলৈ যায়, তাইৰ চেলাউৰিত পলু এটা লুকুৱাই নিব পাৰি।
ৰুবিনাই তাইৰ কান্ধ দুটা লৰাই,
তাই নিজৰ বুলি কব পৰা আৰু মৰমীয়াল বন্ধু বিচাৰি তাই নাচিবলৈ ধৰে।
নাচিবলৈ ধৰে।
“হেৰা! মোৰ নাম ৰুবিনা। মই তোমালোকৰ লগত খেলিব পাৰিম নে? মই বহুত ভাল গুগ্লি বল কৰো আৰু মই ফিল্ডিং ও ভাল কৰো।”
ক্রিকেট দলৰ কেপ্তেইনজন ওখ আৰু সি তাইক ঠাট্টা কৰি ক’লে “তোমাৰ এক, দুই, তিনি, চাৰিটা চকু আছে , তুমি কোনটো চকুৰে বলটো চাবা?”
ৰুবিনাই তাইৰ ঘূৰণীয়া চচ্মাযোৰ ভাল পায় কাৰণ চচ্মা যোৰে তাইক সকলোবোৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে। চচ্মা যোৰৰ সহায়ত তাই আইতাকৰ বেজীটোত সূতা ভৰাব পাৰে আৰু সিহঁতৰ কুকুৰ ৰাণীৰ গাত থকা সৰু-সৰু পোকবোৰো দেখা পায়।
ৰুবিনাই তাইৰ কান্ধখন জোকাৰি আকৌ জপিয়ালে, বাগৰি পৰিল। তাই আকৌ বন্ধু

বিচৰাত লাগি গ’ল যাক তাই নিজৰ মৰমীয়াল বন্ধু বুলি কব পাৰে।
“হেৰা! মোৰ নাম ৰুবিনা। মই তোমলোকৰ লগত খেলিব পাৰিম নে? আমি পাল-পালকৈ ঝুলনা ঝুলিব পাৰিম আৰু কোনে কিমান দূৰলৈ ঝুলিব পাৰে সেয়া চাম।”
ছোৱালীবোৰে ৰুবিনাক ঝুলনাখনত উঠা–নমা কৰা চাই আছিল। সিহঁতে ফুচফুচালে, খিকখিকালে আৰু ডাঙৰ-ডাঙৰকৈ হাঁহি ক’লে “আমি তোমাৰ লগত খেলিব নিবিচাৰো, তুমি এটা জিৰাফৰ সমান ওখ।”
ৰুবিনাই তাইৰ বেগী ভৰি দুখন ভাল পায়। হয়, ভৰি দুখন বৰ দীঘল। কিন্তু যেতিয়া মেকুৰী বা চিলা গছৰ ডালত ফঁচি ৰয়, তেতিয়া সেই দুখনেই সিহঁতক নমাই অনাত সহায় কৰে।
ৰুবিনাৰ হাঁহি অলপ কমি গ‘ল, তাইৰ চকুৰ উজ্জ্বলতাও কমি গ’ল। তাইৰ নীনা, ৰাজ আৰু সোমলৈ বৰকৈ মনত পৰিল। সিহঁতে তাইক উৎসাহিত কৰি মন ভাল লগালে হেতেন।
ৰুবিনাই কান্ধ জোকাৰিলে আৰু অকলে খেলাৰ সিদ্ধান্ত ল’লে। তাই নিজে এটা খেল সাজি উলিয়ালে য’ত তাই ৰাজপাট এখনৰ ৰজা।
“হেৰা! মোৰ নাম এলেক্স, মই তোমাৰ লগত খেলিব পাৰিম নে? মই পঢ়ি, লিখি আৰু ছবি আঁকি ভাল পাঁও। তুমি কি কৰি ভাল পোৱা?”





