The Mysterious Haunted Mansion and Hemlok’s Discovery
ৰহস্যময় ভূতৰ ঘৰ আৰু হেমলকৰ আৱিষ্কাৰ
এসময়ত এজন বৰ অকলশৰীয়া মানুহ আছিল , তেওঁ চুবুৰীয়াৰ সৈতে থাকি ভাল নাপাইছিল আৰু এদিন হাবিত অকলে থকাৰ ইচ্ছাৰে ঘৰ এৰি গুচি গৈছিল | হাবিত নিজে ৰান্ধি খাই এটা অকলশৰীয়া পুৰণি অট্টালিকাত তেওঁ বাস কৰিছিল | এদিন আবেলি হঠাতে এক অদ্ভুত গোন্ধ আহি তেওঁৰ নাকত লগাত তেওঁ পাকঘৰলৈ গৈ দেখে যে এটি নাৰীৰ ছাঁই কিবা কৰি আছে | দেখি তেওঁ আচৰিত হ’ল কাৰণ হাবিত তেওঁ অকলেই বাস কৰে | কেনেকৈ কোনোবা মহিলা তেওঁৰ পাকঘৰত আহিব পাৰে !!! তেওঁ ভাবি নাপালে |
Thank you for reading this post, don't forget to subscribe!ভয় খাই তেওঁ নাৰীৰ ছাঁটিক সুধিলে, ” হেৰা, তুমি ইয়াতে কি কৰিছা ? ” কিন্তু উত্তৰ দিয়াৰ সলনি নাৰীৰ ছাঁটি অন্তৰ্ধান হৈ গ’ল আৰু পাকঘৰটো খালী হৈ পৰিল | অকলশৰীয়া মানুহজনে বৰ ভয় খালে ঘটনাটোত আৰু ততালিকে তেওঁ নিজৰ বয়-বস্তু সামৰি চিৰদিনৰ বাবে অট্টালিকা এৰি তাৰপৰা ক’ৰবালৈ গুচি গ’ল | তাৰ কাষৰ গাঁও এখনত হেমলক নামেৰে এজন বৰ বুধিয়ক আৰু কৌতূহলী ল’ৰাই মাক দেউতাকৰ সৈতে বাস কৰিছিল | এদিন মাকৰ সৈতে হাবিখনৰ কথা পাতোঁতে মাকে তাক অকলশৰীয়া মানুহজনৰ লগত ঘটা সেই অলৌকিক ঘটনাটোৰ বিষয়ে ক’লে | ঘটনাটোৰ কথাই তাৰ কৌতূহল বঢ়াই তুলিলে |
গৰম বন্ধৰ এদিন| হেমলকে খিৰিকীৰে গাঁৱৰ মানুহবোৰক হাবিৰ দাঁতিত থকা পামত কাম কৰি থকা চাই আছিল | হঠাতে তাৰ সেই ঘটনাটোলৈ মনত পৰিল | সি মনতে আকৌ বিভিন্ন ভাৱত বুৰ গ’ল.. কেনেকৈ তেনেকুৱা হ’ব পাৰে সি তাকেই ভাবি থাকিল |
হেমলকে পঢ়া শুনা কৰি আৰু নজনা কথাবোৰ শিক্ষকক সুধি জানি ল’বলৈ বৰ ভাল পাইছিল | স্কুল খোলাৰ পিছত এদিন সি শিক্ষকক সুধিলে, ” ভূত থাকেনে সঁচাকৈ ? ” শিক্ষকে তাক ক’লে যে ভূত বুলি একো নাথাকে, সকলো পৰিঘটনাৰ মূলতে হ’ল বিজ্ঞান | তথাপি হেমলকৰ মনৰ ভিতৰত থকা প্ৰশ্ন মাৰ নগ’ল |
হেমলকৰ মনত ইমানেই কৌতূহল বৃদ্ধি পালে যে কথাবোৰ আৱিষ্কাৰ কৰিবলৈ সি নিজেই তালৈ যোৱাৰ সিদ্ধান্ত লৈ পেলালে | সি ভাবিলে যে যিহেতু ঘটনাটো সাত বছৰ আগেয়ে ১২ এপ্ৰিলত ঘটিছিল, গতিকে সিও সেই তাৰিখটোতে যাব | সিদিনা ১১ এপ্ৰিল, সেয়ে সি পিছদিনা যাবলৈ সাজু হ’ল | পিছদিনা পুৱাতেই সি তাৰ যাত্ৰা আৰম্ভ কৰিলে , হাতত এখন মানচিত্ৰ আৰু এটা কম্পাছো ল’লে | বিয়লি তিনি বজাত সি হাবিৰ মাজৰ সেই অট্টালিকাটো থকা বাটৰ সন্ধান পালে | সেই পুৰণি জৰাজীৰ্ণ পথেৰে আগবাঢ়ি গৈ সি অট্টালিকাটোত ভৰি দিলেগৈ | প্ৰথমেই সি পাকঘৰটোলৈ গ’ল, তাতে যি দেখিলে… তাকে দেখি তাৰ প্ৰাণবায়ু ওলাই যোৱাৰ উপক্ৰম হ’ল |
সেই অকলশৰীয়া মানুহজনে দেখাৰ দৰেই একে দৃশ্য় … এটি নাৰীৰ ছাঁ !! ভয়ত পেপুৱা লাগি সি জাঁপ মাৰি দৌৰি পলাব খোজোঁতেই খিৰিকীৰ বাহিৰত কিবা এটা দেখিলে | কাঠৰ শলখা এডালত গছ এজোপা এনেদৰে পাক খাই লাগি আছিল যে তাতে সূৰ্যৰ পোহৰ পৰি তাৰ ছাঁটো সাইলাখ এটা নাৰী মূৰ্তিৰ দৰে লাগিছিল | ঘটনাৰ ওৰ বুজিব পাৰি হেমলকৰ মুখত হাঁহি বিৰিঙি উঠিল | এইবাৰ সাহসেৰে পুনৰ পাকঘৰৰ ভিতৰলৈ সোমাই গৈ দেখিলে যে এটুকুৰা পচা ৰুটী আৰু মাখন …. য’ৰপৰা উগ্ৰ বিকট গোন্ধ ওলাইছে | ঘটনা আৱিষ্কাৰ কৰি বিজয়ী মনোভাৱেৰে ঘৰলৈ বাট ল’ব খোজোঁতেই হঠাতে কাৰোবাৰ খোজৰ শব্দ শুনি হেমলক ৰৈ গ’ল | সি অলপ ভয়ো খালে |

পাকঘৰৰপৰা ওলাই এইবাৰ সি লাহেকৈ চ’ৰাঘৰলৈ গ’ল | এইবাৰ পুনৰ তাৰ আচৰিত হোৱাৰ পাল | “উৱা … এয়া কি … ইমান পৰিপাটী কোঠাটো !! যেন কিছুপৰ আগতে কোনোবাই ঠিক কৰি থৈছে !!” বাহিৰতো কিছুমান কাপোৰ মেলি থোৱা আছে, অলপ আগতে ধোৱা | তেনেতে কোঠাটোলৈ মানুহ এজন সোমাই আহিল…
মানুহজনে তাক দেখি সুধিলে, ” তুমি ইয়াতে কি কৰিছা ? ” | হেমলকে ক’লে, ” অট্টালিকাটো চাব আহিছোঁ “… মানুহজনে হাঁহি ক’লে, ” মোৰ ঘৰটোত চাবলগানো কি আছে ?” হেমলক এইবাৰ অবাক … ” তোমাৰ ঘৰ !!? ” সি বৰ আচৰিত হ’ল। মানুহজনে সহজভাৱে কৈ উঠিল, “ও, এইটোতো মোৰেই ঘৰ। আগৰ গৰাকীজনৰ সহায়কাৰী আছিলোঁ মই , কিন্তু পিছলৈ তেওঁ অকলশৰে থাকিবলৈ বিচৰাত মই নগৰলৈ গুচি গৈছিলোঁ আৰু তেওঁ ইয়াতে থাকিবলৈ লৈছিল। তাৰপিছত তেওঁ এদিন ইয়াৰ পৰাও গুচি যোৱা খবৰ পাই মই ইয়াতে বাস কৰিবলৈ ল’লোঁ। ” হেমলকে সুধিলে, ” হাবিৰ মাজত অকলে থাকিবলৈ তোমাৰ অকণো ভয় নালাগেনে ? ভূতলৈ ভয় নাই নে তোমাৰ ? ” হেমলকৰ কথা শুনি মানুহজনে জোৰকৈ হাঁহি ক’লে, ” নাই নাই, সকলো বিজ্ঞানৰ কথা , ভূত নাথাকে। ” কোমল অন্তৰৰ হেমলকে তেওঁক সুধিলে, ” তোমাক কিবা সহায় কৰিব লাগিব নেকি ? মোৰ ঘৰ এই হাবিৰ কাষৰ গাঁওখনতে। ” হেমলকৰ কথাত উৎসাহেৰে তেওঁ ক’লে, ” হয় নেকি.. মই যে সদায় খেতি-বাতি কৰাৰ হেঁপাহ কৰিছিলোঁ, লাহেকৈ মোৰ সাঁচকীয়া খাদ্যসম্ভাৰো তাকৰ হৈ আহিছে। ” হেমলকে ক’লে, ” ৰ’বা, মই ঘৰত সুধি আহোঁ, তোমাক জনাম। ” মানুহজনে এক সন্তুষ্টিৰ হাঁহি মাৰি হেমলকক ধন্যবাদ জনালে।
মনৰ আনন্দত হেমলক জঁপিয়াই জঁপিয়াই ঘৰ পালেহি। মাক-দেউতাকক গোটেই ঘটনা বিৱৰি ক’লে আৰু ক’লে যে হাবিৰ অকলশৰীয়া ঘৰটোত বাস কৰা মানুহজনক সহায়ৰ প্ৰয়োজন হোৱাৰ কথা। মাক-দেউতাকে পিছে পোনতে হেমলকৰ কথাত পতিয়ন যোৱা নাছিল, কিন্তু তাৰ কথা ৰাখিবলৈকে হাবিৰ ঘৰটোলৈ যাবলৈ মান্তি হ’ল। তিনিও পিছদিনা হাবিৰ মাজৰ অকলশৰীয়া ঘৰটোলৈ ৰাওনা হ’ল আৰু তাতে বাস কৰা মানুহজনক লগ পালে।
মানুহজনৰ ঘৰৰপৰা হাবিৰ দাঁতিলৈকে পাম খুলি খেতি-বাতি কৰাৰ ব্যৱস্থা কৰা হ’ল । লাহে লাহে ঠাইখিনিত মানুহৰ আহ-যাহ বাঢ়িল। জনবসতিও বাঢ়িল আৰু ঠাইখিনিয়ে সৰু-সুৰা গাওঁ এখনৰ ৰূপ ল’লে। হেমলকৰ তৎপৰতাত মাক-দেউতাকে কৰি দিয়া এইখিনি সহায়ৰ বাবে মানুহজনৰ খোৱাৰ নাটনিও কমিল আৰু সকলোৱে মিলি একেলগে বাস কৰিবলৈ ধৰিলে। চাৰিওফালে হেমলকৰ খ্যাতি বিয়পি পৰিল, তাৰ বন্ধু আৰু শিক্ষকসকলে তাক লৈ গৌৰৱবোধ কৰিলে। তাতোকৈ ডাঙৰ কথাটো হ’ল.. সি নিজে সকলোকে বুজাব পৰা হ’ল ভয়েই ভূত, ভূত বুলি একো নাথাকে। বিজ্ঞানৰ পুথিত সি এতিয়া আৰু মন দিয়া হ’ল। এতিয়া হেমলকো হাবিৰ অকলশৰীয়া ঘৰটোত থকা মানুহজনৰ দৰেই সাহসী…





