Brave Nangila Story

Brave Nangila Story

Read the inspiring Brave Nangila Story about a courageous girl who risks her life to bring a healing herb and save her father.

সাহসী নানগিলা

বহুত দিনৰ আগৰ কথা, এটা মানুহৰ ভৰিত বৰ ডাঙৰ ঘা  এটা হৈছিল ।  এই ঘাটোৰ কাৰণে সি থিয় হ‘ব আৰু খোজ কাঢ়িব নোৱাৰিছিল । সেয়েহে সদায়েই সি বিছনাত শুই থাকিবলগীয়া হয় । মানুহটো তাৰ পৰিবাৰ আৰু ল‘ৰা-ছোৱালীহঁতক লৈ গাঁৱত বাস কৰিছিল ।

Thank you for reading this post, don't forget to subscribe!

 সিহঁতৰ তিনিটা ল‘ৰা আৰু এজনী ছোৱালী আছিল । ছোৱালীজনীৰ নাম হ‘ল নানগিলা । তাইৰ কাম আছিল দেউতাকক চোৱা-চিতা কৰা । ল‘ৰা কেইটাই খেতি কৰে আৰু পশুবোৰক চৰোৱা কাম কৰে ।

 নানগিলা বৰ ধুনীয়া । গাঁৱৰ সকলো মানুহে তাইক ভাল পাইছিল আৰু সন্মানো কৰিছিল । মাক-দেউতাকে এটা উপযুক্ত ল‘ৰাৰ লগত তাইৰ বিয়া দিয়াৰ কথা চিন্তা কৰি আছিল । এই উপযুক্ত ল‘ৰাটো বাচনি কৰিবলৈ মাক-দেউতাকে ল‘ৰাহঁতৰ এটা পৰীক্ষা ল‘লে । নানগিলাক বিয়া কৰাবলৈ হ‘লে ল‘ৰাহঁতে এটা টান কাম কৰিব লাগিব । যিয়ে কামটো কৰিব পাৰিব তালৈকে জীয়েকক বিয়া দিব ।

Brave Nangila Story

 নানগিলাক বিয়া কৰাবলৈ বিচৰা ল‘ৰাটোৱে গাঁৱৰ ওচৰত থকা হ্ৰদৰ পৰা এবিধ বনৌষধি গছ আনিব লাগিব । এই বনৌষধিয়ে তাইৰ দেউতাকৰ ভৰিৰ ঘাটোৰ উপশম ঘটাব । কিন্তু হ্রদটোত বহুত ভয়ানক অশৰীৰী আত্মাই বাস কৰিছিল ।

কোনো কোনো ল‘ৰাই সেই বনৌষধিবিধ আনিবলৈ চেষ্টা কৰিছিল, কিন্তু কোনেও আনিব নোৱাৰিলে । আকৌ কোনো কোনো হ্রদৰ পৰা  ঘূৰি নাহিলেই ।

 নানগিলা বৰ চিন্তাত পৰিল । আনকি তাইৰ ককায়েকেও হ্রদটোলৈ  যাবলৈ ভয় কৰিছিল । এদিন তাই নিজেই বনৌষধি

 বিধ আনিবলৈ ঠিক কৰিলে । তাইৰ মাকে ক‘লে,“আইজনী, ইমান বোৰ মানুহে পৰা নাই, তইনো কেনেকৈ আনিবি ?‘‘

কিন্তু নানগিলাই তাইৰ মন স্থিৰ কৰি লৈছিল 

 হ্রদটোলৈ যাওঁতে নানগিলাই খৰি আনি থকা এজনী বুঢ়ীক লগ পালে । তাই বুঢ়ীজনীক খৰিখিনি অনাত সহায় কৰি দিলে ।  আৰু এই সহায়ৰ কাৰণেই বুঢ়ীজনীয়ে তাইৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি ক‘লে, “কেনেকৈ হ্রদটোলৈ যাব লাগে, আৰু তালৈ গৈ তই কি কৰিব লাগিব, সেই সকলো কথা মই  তোক শিকাই দিম ।‘‘

 নানগিলা হ্রদৰ পাৰত উপস্থিত হৈ দেখিলে, অশৰীৰী আত্মাৰ  পৰিয়ালবোৰে মদ খাই নাচ-গান কৰি আছে । তাই সেই ঠাইত অলপ সময় অপেক্ষা কৰি নিৰীক্ষণ কৰি থাকিল । লাহে লাহে অশৰীৰী আত্মা বোৰৰ টোপনি অহাত এটাৰ পাছত এটাকৈ সকলো শুই পৰিল ।

 এটা সময়ত সকলো টোপনি  যোৱাত নানগিলাই হ্রদৰ  পানীত জঁপিয়াই পৰিল । পানীত তাই সেই  বনৌষধি জোপা পাই  উঠাই লৈ নিজৰ  মোনাত ভৰালে । তাৰ পাছত সাঁতুৰি হ্রদৰ পাৰলৈ অহাৰ সময়ত হ্রদৰ পানীৰ পৰিমাণ লাহে লাহে বাঢ়ি আহিছিল।

তাই আহি পাৰত উঠাৰ পাছত   আত্মাবোৰ সাৰ পাই উঠিল । প্রথমতে তাই ভয় খাইছিল কিন্তু তাই বুঢ়ীয়ে শিকোৱা গানটো গাবলৈ ধৰিলে । “মই, উৱেকেচাৰ জীয়েক। হ্রদলৈ আহিছোঁ । মই আহিছোঁ কাৰণ মানুহে ইয়ালৈ আহিবলৈ ভয় কৰে । মোৰ দেউতাৰ ঘাটো উপশম কৰিবৰ কাৰণে এই ঔষধি বনডাল মোক লাগে । তোমালোকৰ শাসনত থকা এই ঠাইখনলৈ ভয়তে অন্যলোক নাহে, সেই কাৰণে মই আহিছোঁ  ।‘‘

 নানগিলাৰ মাতটো ইমান সুন্দৰ আছিল যে সিহঁতে সেই গানটো বাৰে বাৰে তাইক গাবলৈ অনুৰোধ কৰিছিল । তাই গোৱা গান শুনি অশৰীৰী আত্মাবোৰৰ আকৌ টোপনি গ‘ল। তেতিয়াই তাই দৌৰি দৌৰি সেই ঠাইৰপৰা আহি নিজৰ গাঁৱত উপস্থিত হ‘লহি ।

 সকলোৱে নানগিলা উভতি অহালৈ অপেক্ষা কৰি আছিল । ইয়াৰ পাছত তাই অনা সেই ঔষধি বনৰে চিকিৎসা কৰাত  তাইৰ দেউতাকৰ ভৰিৰ ঘা ঠিক হৈ আকৌ থিয় হ‘ব পৰা হ‘ল । গোটেই গাওঁবাসীয়ে মনৰ স্ফূ্ৰ্তিত নাচ-গান কৰি নানগিলাৰ প্রশংসা কৰিবলৈ ধৰিলে ।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Emperor Ashoka Procession Story

Two Little Girls Dream Story