Good Night Tinku

Good Night Tinku:The Magical Night Friends

Good Night Tinku Story is a sweet bedtime tale about friendship, night animals, and the beauty of nature.

শুভৰাত্রি টিঙ্কু

       সেইদিনা ৰাতি বৰ সুন্দৰ জোনাক আছিল । মঙ্গুৰ পশু-শালাত থকা সকলোবোৰ জন্তু শুই আছিল । 

Thank you for reading this post, don't forget to subscribe!

        কিন্তু টিঙ্কুৰ টোপনি অহা নাছিল ।

   টিঙ্কুৱে ফুচফুচাই ক‘লে,“মা, মোৰ টোপনি নাই অহা ।‘‘ কিন্তু মাকে তাৰ কথা নুশুনিলে । তাই সোনকালেই টোপনি গ‘ল ।

      সি এবাৰ সোঁফালে, এবাৰ বাওঁফালে বাগৰ সলাই থাকিল । শোওঁতে সি তাৰ পেটটো তললৈ পেলাই শুইছিল আৰু পিঠি ঘূৰাই ওপৰলৈ মুখ কৰি ঘূৰি আছিল । কিন্তু টোপনি অহা নাছিল ।

       সেয়েহে ৰাতি সি কিনো দেখে তাকে চাবলৈ বাহিৰলৈ ওলাই গ‘ল । ওপৰৰ আকাশত তাৰ ফালে চাই হাঁহি থকা বগা ঘূৰণীয়া জোনবাইটো দেখিলে । দেখি তাৰ বৰ ভাল লাগিল ।

      টিঙ্কুৱে ভাবিলে, ৰাতিটো বৰ ধুনীয়া ।

    বহুত দূৰত গছৰ ওপৰত কিছুমান সৰু সৰু পোহৰ দেখিবলৈ পালে । তাৰে এটা পোহৰৰ বিন্দু তললৈ নামি আহিল ! “ এটা জোনাকী পৰুৱা !‘‘ পোহৰটোৱে ক‘লে, মই আন্ধাৰত জিলিকি উঠো !”

“তুমি মোৰ বন্ধু হ‘বা নে ?” টিঙ্কুৱে সুধিলে ।

“নিশ্চয় মই তোমাৰ বন্ধু হ‘ম !‘‘ জোনাকী পৰুৱাই ক‘লে ।

      কিবা এটা উৰি আহি গছৰ ডালত মূৰটো তললৈ কৰি ওলমি থাকিল ।

   “তোমাৰ নামটো নো কি চৰাই ?‘‘ টিঙ্কুৱে সুধিলে ।

    “মই চৰাই নহয়, বাদুলীহে। মই ৰাতি দেখো ! ‘‘ বাদুলীটোৱে ক‘লে ।

‘‘ তুমি মোৰ লগত বন্ধুত্ব কৰিবা নে ?‘‘ টিঙ্কুৱে সুধিলে ।

” কৰিম !” বাদুলীয়ে ক‘লে ।

   জোপোহাটোত কেইটামান গছৰ পাত লৰচৰ কৰিলে । তাত কোনোবা লুকাই আছে, “তুমিনো কোন !” টিঙ্কুৱে সুধিলে ।

     “মই এটা শিয়াল,” শিয়ালে ক‘লে । ” ৰাতি মই ঘূৰি ফুৰো । “

    “তুমি মোৰ বন্ধু হ‘বা নে ?” টিঙ্কুৱে সুধিলে ।

   “নিশ্চয়, মই তোমাৰ বন্ধু হ‘ম !” শিয়ালে ক‘লে ।

     জিলিকি থকা অকণ অকণ দুটা চকুৱে গছৰ ওপৰৰ পৰা তালৈ চাই আছিল । টিঙ্কুৱে সুধিলে, “তুমি কোন ?”

    “মই ফেঁচা,” ফেঁচাটোৱে ক‘লে ।” ৰাতি মই খােৱা বস্তু চিকাৰ কৰো ।”

“তুমি মোৰ লগত বন্ধুত্ব কৰিবা নে ?”

“নিশ্চয় কৰিম !” ফেঁচাটোৱে উত্তৰ দিলে ।

     “চিয়িঁ…. ! চিয়িঁ …. !”

    “তাত কোন আছে ?” টিঙ্কুৱে সুধিলে ।

   “মই এটা ফৰিং, আন্ধাৰ হ‘লে মই চিয়িঁ… চিয়িঁ… কৰি থাকো ।”  

   “তুমি মোৰ বন্ধু হ‘বা নে ?”

    “নিশ্চয় হ‘ম !” ফৰিংটোৱে ক‘লে ।

Good Night Tinku

      টিঙ্কু আৰু তাৰ বন্ধুবোৰে জঁপিয়াই, দৌৰি-ঢাপৰি, লুটিবাগৰ খাই খেলি খেলি অৱশেষত হামিয়াবলৈ ধৰিলে ।  “মোৰ টোপনি আহিছে, মই এতিয়া ঘৰলৈ যাব লাগিব,” টিঙ্কুৱে ক‘লে । এতিয়া তাৰ বহুতো বন্ধু গোট খালে । তাৰ এই বহুতো বন্ধু গোট খোৱা কথাটোৰ কাৰণে সি আজি বহুত সুখী ।

     মাকৰ গাত সাবটি  ধৰি সি ক‘লে, “মা, ৰাতিটো নিৰ্জন নহয় । ৰাতিও বিভিন্ন ধৰণৰ ধুনীয়া জীৱ -জন্তুৰে পৰিপূৰ্ণ পৃথিৱীখন  বৰ সুন্দৰ।”

       “নিশাচৰ জন্তুবোৰে ৰাতি খায়, খেলে আৰু কাম কৰে। সিহঁতে দিনত শোৱে । তুমি এতিয়া শোৱা উচিত । বন্ধুবোৰৰ লগত দিনত খেলিবলৈ টোপনিয়ে তোমাক শক্তি যোগাব ।”

          “কণমানি, শুভৰাত্রি !” তাই তাক ভালদৰে সাবটি ধৰি ক‘লে ।

       উজ্জ্বল ঘূৰণীয়া জোনবাইটোৱে তাইৰ কোমল    

       পোহৰ বিলাই গোটেই ৰাতিটো জিলিকি থাকিল । 

       আৰু টিঙ্কুৱে গোটেই ৰাতিটো শুই থাকিল !

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story