The Kind Crow Story: A Moral Tale About Discovering Your True Strength
পৰোপকাৰী কাউৰীজনী
এদিন ৰাতিপুৱা কাগে নামৰ কাউৰী জনীয়ে শুই উঠি বাহৰ পৰা ইফালে সিফালে চালে। তাই ডিঙিটো চাফা কৰি কা-কা কৰি উঠিল। হঠাত তাই কাণ ঠিয় কৰি কিবা এটা মন দি শুনিলে। ওচৰৰে এজনি কুলীয়ে মিঠা মাতেৰে গীত গাই আছিল।
Thank you for reading this post, don't forget to subscribe!অলপ সময় কাগে য়ে গীতটো মন দি শুনিলে। গীতটো শুনি তাই আপোন পাহৰা হৈছিল। ইমান সুন্দৰ গীত!সুমধুৰ গীত গাব পৰা এই সৰু চৰাইজনীয়েই কুলি নহয়নে, যাক কণী অবস্থাত কাউৰীয়ে উমনি দিছিল। “কিন্তু এতিয়া তাইক হিংসা কৰা উচিত নহয়,” তাই নিজকে কৈ উঠিল। এতিয়া কৰিবলগা কামটো হৈছে কুলিৰ পৰা গানৰ পাঠ শিকা।
কাগেয়ে ইফালে সিফালে কুলিক বিচাৰি অবশেষত লগ পালেগৈ। কাগেক দেখি কুলিৰ সন্দেহৰ ভাব হৈছিল। কিন্তু কাগেয়ে তাইৰ প্রতি সন্মানৰ ভাবহে দেখুৱালে।
কাগেয়ে নম্রভাবে কুলিক সুধিলে, “তুমি মোক গান শিকাবানে?” কুলিয়ে ক’লে, ঠিক আছে, শিকাম । কিন্তু এটা চর্ত আছে। তুমি নিচেই পুৱাতে ইয়ালৈ আহিব লাগিব।” কাগে সন্মত হৈছিল। “ভাল কথা , কাইলৈৰ পৰা গান শিকাম।” এই বুলি কুলি উৰি গৈছিল।
কাগেয়ে শুই বৰ ভাল পাইছিল। তাই বেলি ওলোৱাৰ আগেয়ে কোনোদিনেই উঠা নাছিল। কিন্তু পিছদিনা নিচেই পুৱাতে তাইৰ গানৰ প্রথম পাঠৰ আৰম্ভনি। তাই শোৱাপাটীত পৰাৰ আগেয়ে ঘড়ীটোত এলার্ম দি থ’লে। পুৱা এলার্ম বজাৰ লগে লগে কাগেয়ে বিচনাৰ পৰা জাপ মাৰি উঠিল আৰু চকুদুটা মোহাৰি খৰধৰকৈ শ্রেণীকোঠালৈ গ’ল।
ইফালে কুলিয়ে কাগেলৈ ৰৈ ৰৈ অর্ধৈয্য হৈছিল। কাগেয়ে ওচৰৰ গছৰ ডাল এটাত বহাৰ লগে লগে গান শিকাবলৈ আৰম্ভ কৰিলে। কুলিয়ে ক’লে, “এতিয়া তুমি মোক কুউ-উ কুউ-উ বুলি গাই শুনোৱা । কাগেয়ে উৎসাহে গীতফাঁকি গাবলৈ চেষ্টা কৰিলে। কিন্তু তাইৰ মুখ পৰা কা-কা শব্দহে শুনা গ’ল। কাগেৰ গীত শুনি কুলিয়ে হ’ব, হ’ব বুলি গীত বন্ধ কৰিবল ক’লে। “তোমাৰ বাবে এয়া অসম্ভব । তুমি বেলেগ শিক্ষক বিচৰাই ভাল ।”এই বুলি কৈ কুলি উৰি গ’ল।

কাগে নিৰাশ হ’ল। তাইৰ চকুৱেদি দুধাৰি চকুলো ব’বলৈ ধৰিলে। মনৰ দুখতে তাই নিজৰ বাহলৈ ঘূৰি আহিল।
দিনবোৰ পাৰ হৈ গ’ল। এদিনাখন কাগেয়ে আকাশখন ক’লা মেঘে চানি ধৰা দেখিলে। এজাক শীতল বতাহো বলিছিল, লগতে কিনকিনীয়া বৰষুন দি আছিল। কাগেয়ে তাইৰ বাহৰ ফাঁকেদি এজনী ম’ৰা চৰায়ে ধুনীয়াকৈ পাখি মেলি নাচি থকা দেখিলে।তাইৰ লগে লগে নাচিবলৈ মন গ’ল। এইক্ষেত্রত ম’ৰা চৰায়ে কিবা সহায় কৰিব পাৰে নেকি, তাই ভাবিলে। এই কথা সুধিবলৈ তাই ম’ৰা চৰাইৰ ওচৰলৈ গ’ল।
কাগেয়ে সুধিলে, “ম’ৰা চৰাই তুমি মোক নাচ শিকাবানে?” ম’ৰা চৰায়ে ক’লে, ”নিশ্চয়। মই যি কৰো তুমিও তাকে কৰিবা।” কাগেয়ে তাইৰ পাখিখন মেলি ম’ৰা চৰাইৰ নাচৰ তালে তালে খোজ মিলালে।
তাকে দেখি ম’ৰা চৰাইয়ে ক’লে, “তোমাৰ ভুল হৈছে। মই যি কৰোঁ , তুমি মন দি চাবা।” কিন্তু বাৰে বাৰে চেষ্টা কৰিও কাগেয়ে নাচৰ তাল মিলাব নোৱাৰিলে। ম’ৰা চৰাইৰ বৰ খং উঠিল। “তুমি কেতিয়াও নাচ শিকিব নোৱাৰা” বুলি ম’ৰা চৰাইয়ে গালি পাৰি গুচি গ’ল।
কাগেৰ মনত বৰ দুখ লাগিল। তাই গানো গাব নাজানে, নাচিবও নাজানে। তাই যদি ধুনীয়াক চৰাইৰ বাহ টোকে সাজিবলৈ শিকিলেহেঁতেন! এইবাৰ তাই বাহ সজা শিকিবলৈ ঘৰচিৰিকাৰ ওচৰলৈ গ’ল। ঘৰচিৰিকাই তাইৰ কথাত গুৰুত্ব নিদি ক’লে, “ তুমি ? তুমি কেতিয়াও মোৰ দৰে বাহ সাজিব নোৱাৰা।” এইবুলি কৈ ঘৰচিৰিকা কাগেৰ ওচৰৰ পৰা আঁতৰি গ’ল।
কাগেৰ মনটো বেয়া লাগিল। তাই নিজে ভালকৈ কৰিব পৰা কাম এটা কেতিয়া বিচাৰি পাব। হঠাতে তাইৰ বাহৰ পৰা ঘৰটোৰ পাছফালৰ চোতালত এদম চাউল পৰি থকা দেখিলে। তাই কা-কা কৈ চিঞৰি আত্মীয়- কুটুম আৰু বন্ধু-বান্ধবীক আহাৰ খাবলৈ নিমন্ত্রন জনালে। সকলো মিলি জুলি আহাৰ খিনি পেট পূৰাই খালে।
হঠাতে কাগেৰ মনত এটা ভাব উদয় হ’ল। ঠিক আছে, তাই গান গাবও নাজানে, নাচিবও নাজানে আৰু বাহ সাজিবও নাজানে। কিন্তু অন্যান্য চৰাইয়ে এনেকৈ আহাৰ সকলোৱে মিলিজুলি খায়নে? কুলিয়ে নাখায়, ম’ৰা চৰায়েও নাখায় আৰু ঘৰচিৰিকাই কেতিয়াও নাখায়। সচা অর্থত তাইৰ দৰে কাউৰীৰ বাহিৰে আন কোনো চৰাইৰ এনে গুণ নাই।কাগেয়ে নিজৰ মাজত থকা গুণটোৰ কথা জানিব পাৰি আনন্দিত হ’ল।
এনে এক পৰোপকাৰী পৰিয়ালৰ সদস্য হোৱা বাবে তাই গৌৰব অনুভব কৰিলে। বাকী কাউৰীবিলাকে তাইক ইমান ফুর্তিত থকা দেখি জোকাবলৈ ধৰিলে, “এয়া কি?তোমাৰ অতি সোনকালে বিয়া হ’ব নেকি?” কাউৰী জাকৰ কথাত কাগে লাজতে ৰঙাচিঙা পৰিল।





