The Strength of Unity: The Story of Albertina Sisulu
একতাৰ বল : এলবাৰ্টিনা চিচুলুৰ কথাৰে
ঠেৰেঙালগা প্ৰচণ্ড শীতৰ সময়ৰ কথা.. গাঁওখনৰ বহুতো লোক এক অচিন , দুৰাৰোগ্য বেমাৰত আক্রান্ত হৈ পৰিছিল। মা মনিকাঝিৰ দেহতো লাহে লাহে এই ৰোগৰ লক্ষণে দেখা দিছিল। ঠেটুঁৱৈ ধৰা জাৰৰ দিনতো তাইৰ সৰ্বশৰীৰৰপৰা অহৰহ ঘাম বৈ আছিল, গৰমত তাইৰ গালদুখন দগ্ধ হৈ পৰা যেন লাগিছিল। তাইৰ মন গৈছিল বৰফাবৃত গোটেই ঘাঁহবোৰ যেন মুখমণ্ডলত ঘঁহি পেলাব। তাই নিজৰ স্ফীত উদৰত হাত থৈ ধৰালৈ আহিবলগীয়া শিশুটিক উদ্দেশ্যি ক’লে, ” সাহসী হ’বা মোৰ বাচা, শীত সোনকালেই শাম কাটিব, আমি একেলগে সদায় শক্তিশালী। ” শিশুটিয়েও যেন কিবা বুজি পাই পেটৰ ভিতৰতে ভৰি আচাৰি মাকক তাৰেই সংকেত দিলে । মনিকাঝি বিচনাত উঠি বহিল। মাজনিশা আপদীয়া ভোক এটাই উজাই অহাত আগৰে বাকী ৰোৱা মাংস অকণ চোবাই থ’লে। ভোকটো চোন চিৰবৈৰী !!
Thank you for reading this post, don't forget to subscribe!দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ থাকিল। এটা জোনাকভৰা নিশা হঠাতে তাইৰ উশাহ ঘন হৈছিল… তাই বুজিছিল যে কণমানিটিৰ আগমনৰ সময় সমাগত। কাষৰ এন্টীলা, কাৰডপাহঁতে তাইৰ প্ৰসৱত সহায় কৰিবলৈ দৌৰি আহিছিল। সিহঁতে তাইৰ পিঠিত পিহি দিছিল আৰু কুহুমীয়া পানীৰ সেক দিছিল। যেতিয়া দুহাতেৰে কণমানি জীয়েকক তুলি ধৰিছিল, মনকাঝিয়ে জানিছিল.. তাই অসাধাৰণ এজনী কন্যাক ভূমিষ্ঠ কৰিলে.. তাই বিশেষ.. তাই অনন্য..!! কি যে এক আশীর্বাদ এয়া, দুধাৰ প্ৰশান্তিৰ চকুলো বৈ আহিছিল মনকাঝিৰ.. জীয়েকৰ নাম থৈছিল এলবাৰ্টিনা নন্টচীকেলেল’.. যাৰ অৰ্থ হ’ল সকলো আশীর্বাদৰ জননী।
এযুৰি ক’লা সুগভীৰ চকুৰে এলবাৰ্টিনা দেখিবলৈ বৰ ৰূপহী আৰু গঠনত শক্তিশালী আছিল। তাই ককায়েক মেকেঞ্জীৰ বৰ আদৰৰ আছিল, দুয়ো মিলি খুহুঁতীয়া কথাবোৰত বেছ হাঁহিছিল। মৰমতে তাইক এতিয়া সকলোৱে নিটচিকি বুলিহে মাতিবলৈ লৈছিল। মাংস তাইৰ প্ৰিয় খাদ্য আছিল, ককায়েক মেকেঞ্জীৰ পিছে পিছে তাই মাকে পুহিবলৈ অনা কুকুৰাৰ পোৱালিবোৰ বাৰীৰ ঢাপলৈকে খেদি ফুৰিছিল। মাক মনকাঝিয়ে বাৰীত ৰুই থোৱা শাক-পাচলিবোৰ গচকিলে পিছে সিহঁতে বাৰুকৈয়ে গালি খাইছিল। লাহে লাহে নিটচিকিৰ দুই ভায়েক — ভেলাফী আৰু কুডালীলৰো জন্ম হ’ল আৰু এজনী ভনীয়েক–নমিয়ালেক’। নিটচিকিৰ এতিয়া তিনিটাকৈ সৰু ভাই-ভনীৰ যতন লোৱাৰ গধুৰ দায়িত্ব। তাই আৰু ককায়েক মেকেঞ্জীয়ে মিলি মাকৰ সকলো কামতে হাত উজান দিছিল, কণমানিকেইটিক উমলাইছিল.. আৰু আটায়ে মিলি মাক মনিকাঝিৰপৰা গাবলৈ শিকিছিল — ” একতাই পৰম বল, সদায় সাহসেৰে বলীয়ান হোৱা। “
সিহঁতৰ ককাক কিংগিৱিয়ে ঘোঁৰাৰ প্ৰতিপালন কৰিছিল। তেওঁৰ প্ৰিয় ঘোঁৰাজনী আছিল ছিশ্বি .. ককাকে নিটচিকিক ছিশ্বিৰ পিঠিত বহি কেনেকৈ চেকুঁৰিব পাৰি তাকে শিকাইছিল। লগতে, কেনেকৈ ছিশ্বিক মৰমেৰে কথা ক’ব লাগে, ধুনীয়া মিহি নোমখিনিত হাত বুলাই মৰম কৰিব লাগে | এইবাৰ বৰদিনৰ সময়ত দেউতাক বনিলিঝিও ঘৰলৈ আহিছিল, নিটচিকিয়ে ছিশ্বিৰ পিঠিত উঠি দেউতাকক বাছ-আস্থানৰপৰা ঘৰলৈ লৈ আনিলেগৈ | তাইক তেনেকৈ দেখি দেউতাকে বৰ গৌৰৱ অনুভৱ কৰিছিল ; এটি সন্তোষৰ হাঁহি লৈ তেওঁ জীয়েকৰ সৈতে ঘৰমুৱা হৈছিল|
জীৱনৰ ষষ্ঠটো জন্মদিনত তাইক মাকে স্কুলত নাম লগাই দিবলৈ লৈ যাওঁতে ওখ হটঙা শিক্ষকজনে তাইৰ আচহুৱা নামটো সলাই ল’বলৈ ক’লে | কিন্তু মাকে তাইক ইমান মৰমেৰে দিয়া নামটো তাই সলাবই বা কিয় !! বিকৃত ৰুচিৰ শিক্ষকজনে তাইৰ নামটোক লৈ কৰা উপহাস তাই নসহিলে, নাম নলগাওঁ বুলি একেকোবে তাৰপৰা উচাত মাৰি ওলাই গুচি আহিল | আহি থাকোঁতে বাটত ভাবি আহি থাকিল, ” সঁচাই তাইৰ নামটো শুনিবলৈ কিছু দীঘল যদিও বৰ শুৱলা… এল… বাৰ্টি…না ! ” মাকে এলবাৰ্টিনা নামৰ মহীয়সী বীৰাংগনা এগৰাকীৰ কথা তাইক প্ৰায়ে কৈ থাকে, তাই বুজিছিল কিয় তাইৰ নামটো মাকে ‘এলবাৰ্টিনা’ থৈছিল.. তায়ো পিছে সাহসী, নিজকে তাই তেনেকেই ভাবে |
অসুস্থ মাকে বিচাৰিছিল তাই আখৰ চিনক, অনাখৰী হৈ মাকৰ দৰে আজলী হৈ নৰওঁক…. ককাক আৰু দেউতাকেও বহুত বুজোৱাত পিছত যেনিবা তাই “এলবাৰ্টিনা” বুলিয়ে নাম লিখাই ল’লে স্কুলত | শ্ৰেণীটোৰ সবাতোকৈ ডাঙৰ শিক্ষাৰ্থী তায়েই আছিল | স্কুলৰ প্ৰধান ছাৰক শ্ৰেণীৰ মুখিয়াল পাতি দিলে | তাইৰ প্ৰিয় বান্ধৱী বেট্টীয়ে এদিন তাইক ক’লে , ” মোৰ বুদ্ধিমতী সখীজনী, তুমিনো হাইস্কুলত পঢ়িবৰ বাবে জলপানি দিয়া পৰীক্ষাত নবহা কেলৈ , তুমি পাৰিবা |”

বেট্টীৰ সু-পৰামৰ্শক সন্মান জনাই নিটচিকি মানে এলবাৰ্টিনা মনপুতি পঢ়াত লাগিল | ৰাতি দুপৰলৈ মম জ্বলি শেষ নোহোৱালৈকে তাই পঢ়ি থাকিছিল, অংক , শব্দৰ বানান, সাধাৰণ জ্ঞান আৰু কত যে কি !! ইস্ কি যে হ’ব …. পৰীক্ষাচোন আহিয়ে পালে !! পৰীক্ষাৰ দিনা চিকমিকাই থকা জোতা-মোজা , চাফা সাজজোৰ পিন্ধি পেঞ্চিল জোঙা কৰি চিশ্বিক লগত লৈ তাই কেন্দ্ৰলৈ ওলাল | পৰীক্ষাত যে তাইৰ হাত – ভৰি নচলা হৈ পৰিল… আও !! ইমান টান অংককেইটানো আহিব লাগে নে ..আঙুলি কঁপিল, মুখ শুকাল.. কিন্তু তাই মনটোক বুজালে যে পৰীক্ষা ভাল কৰিবলৈ হ’লে ভয় খালে নহ’ব, পাৰ্যমানে সকলো উত্তৰ শুদ্ধকৈ কৰাহে কথা | তাৰপিছত তাই দেখোন নিজক শান্ত কৰি প্ৰায় গোটেই প্ৰশ্নৰ উত্তৰ কৰিব পাৰিলে | তিনি ঘন্টা পৰীক্ষাত বহি আত্ম-সন্তুষ্টিৰে কেন্দ্ৰৰপৰা ওলাই চিশ্বিৰ পিঠিত বহি ঘৰলৈ আহিল | পৰীক্ষাৰ ফলাফল চাই তাই হতবাক | বয়স বেছি বুলি তাইৰ প্ৰাৰ্থীত্ব নাকচ কৰা বুলি লিখি থোৱা আছে ফলাফলৰ জাননীত | তাই কেনেবাকৈহে নকন্দাকৈ থাকি ভাবিব ধৰিলে, ” কান্দিল নহ’ব, ইয়াৰ সমাধানৰ কথা ভবাহে সময়ৰ কাম |” নিজকে প্ৰবোধ দি তাই পৰীক্ষাৰ সমিতিৰ প্ৰধানক লগ কৰিলে | তাই তেওঁক চিধাকৈ সুধিলে পৰীক্ষাৰ আগতে কিয় একো বাধা আৰোপ নকৰি ফলাফলৰ সময়ত এনেদৰে বয়সৰ দোহাই দি প্ৰাৰ্থীত্ব বাতিল কৰা হৈছে.. | মানুহজনে স্পষ্টকৈ একো উত্তৰ দিব নোৱাৰি তাইলৈ পুতৌসূচক মন্তব্য়হে কৰিলে | পিছদিনাৰ কাকতত তেওঁ নিজৰ ধূৰ্তালিৰ পৰিচয় দি এক সম্পূৰ্ণ মনেসজা কাহিনী বাতৰি আকাৰে প্ৰকাশ কৰোৱালে | নিটচিকিৰ পৰিয়ালৰ সহজ-সৰল মানুহখিনিয়ে
কিন্তু সাহসী নিটচিকি বিচলিত নহ’ল | তাই সমগ্ৰ সত্য ফাদিল কৰি সংবাদদাতাক গোটেই কথা বিৱৰি অৱগত কৰিলে আৰু গাঁৱৰ সকলোৱে তাইৰ সাহসিকতা আৰু উপস্থিত বুদ্ধিৰ শলাগ ল’লে | তাইক অৰ্হতাৰ ভিত্তিত এক জলপানিও প্ৰদান কৰা হ’ল … তাইৰ মনত উলাহে নধৰা হ’ল , তাই যে এতিয়া হাইস্কুলীয়া হ’বগৈ !! গাঁৱৰ প্ৰথমজনী ছোৱালী হিচাপে তাই হাইস্কুলৰ শিক্ষা ল’বলৈ সুদূৰ মাটাটীল চহৰলৈ যাবলৈ নিজকে সাজু কৰিলে | প্ৰিয় বান্ধৱী বেট্টীক জোৰকৈ সাৱতি ধৰি তাই কৃতজ্ঞতা প্ৰকাশ কৰিলে | ঘৰৰ মানুহে মনৰ আনন্দতে গাঁৱৰ সকলোৰে বাবে কুকুৰা মাৰি ভোজ-ভাতৰ আয়োজন কৰিলে | নিটচিকিয়ে লগা সাজ দুযোৰ মান আৰু কিতাপ বহী বান্ধি বাকচ সাজু কৰি থ’লে | মাটাটীললৈ ৰাওনা হোৱাৰ আগতে চিশ্বিৰ লগত তাই কিছু সময় কটাব খুজিছিল … চিশ্বিৰো যেন মনটো গধুৰ হৈ পৰিছিল নিটচিকিয়ে যাব ওলোৱাত | নিটচিকিয়ে বুজে | তাই চিশ্বিৰ কোমল , মিহি নোমখিনি হাতেৰে পিহি মৰম কৰি দিছিল.. আকলুৱা চাৱনিৰে তাইলৈ চাই চিশ্বিয়ে যেনিবা তাইক সুধিবহে খুজিছিল, ” তালৈ গুচি যোৱাৰ পিছত মোক তুমি পাহৰি পেলাবা নেকি, নিটচিকি ? ” চিশ্বিক সজোৰে সাৱতি ধৰোঁতে তাইৰ চকুলো বৈ আহিল |
স্কুলৰ দিনবোৰ আৰম্ভ হ’ল | পুৱা বেলি নোলাওঁতেই শোৱাপাটীৰপৰা উঠি প্ৰাতঃকৰ্ম কৰি , নিজৰ কোঠালি পৰিষ্কাৰ কৰি পাঠগ্ৰহণ কৰিবলৈ যাব লাগে | নিটচিকি কম দিনৰ ভিতৰতে এজনী বৰ নিয়মানুৱৰ্তী শিক্ষাৰ্থী হিচাপে পৰিচিত হ’ল | সকলো ঠিকেই চলি গৈ থাকিল, মাথোঁ লুঠুৰী খাবলৈ দিয়াৰ সময়তহে মাকজনীলৈ তাইৰ বেছিকৈ মনত পৰে, মৰমৰ মাকজনীয়ে যে ইমান সুস্বাদু লুঠুৰী ৰান্ধি খুৱাইছিল তাইক | কিন্তু নিজৰ আৱেগক সামৰি ৰাখিবলৈ জনা ছোৱালী আছিল সাহসী নিটচিকি | অসুস্থ মাকৰ কথা ভাবিয়ে তাই পঢ়াত একান্তভাৱে মনোনিৱেশ কৰিলে | পিছবেলা মন গ’লে খেলিবলৈ ওলাই গ’লেও চিশ্বিৰ স্মৃতিয়ে বৰকৈ তাইক আমনি কৰিছিল | বন্ধৰ দিনবোৰত সিহঁতে মিলি শাৰীৰিকভাৱে টান কাম কিছুমানো কৰিব লগা হৈছিল | এইবোৰে তাইক মানসিকভাৱেও বলীয়ান কৰিছিল | ককায়েক ভায়েক ভনীয়েককেইটালৈও বৰ মনত পৰিছিল তাইৰ.. সিহঁতক কোনে সাধুকথা শুনায় বাৰু এতিয়া !! ককায়েকে তাইক এৰিয়ে কুকুৰাৰ মাংস খাব লগা হৈছে !! বুকুখন বিষাই যায় তাইৰ… আপোন ঘৰখনলৈ ঘূৰি যোৱাৰ হেঁপাহ তীব্ৰ হয় | কিন্তু শিক্ষয়িত্ৰীসকলে তাইক বুজায় সময়ৰ কাম সময়ত কৰাটো কিমান জৰুৰী.. !!তাইৰো শিক্ষয়িত্ৰীসকলৰ দৰে হ’বলৈ মন যায় |
এদিন তাই লগৰ সহপাঠীসকলৰ লগত ৰেলগাড়ীৰে জোহান্সবাৰ্গলৈ গ’ল | তাতে থকা কেন্দ্ৰত ৰুগ্ন আৰু বৃদ্ধ লোকসকলৰ পৰিচৰ্যা কৰিলে, সিহঁতে কিনি লৈ যোৱা নতুন সাজ তেওঁলোকক পিন্ধাই দিলে | কি যে এক বুজাব নোৱাৰা স্ফূৰ্তি, শান্তি লভিছিল সিঁহতে সিদিনা !! ঘৰখনলৈ মনত পৰিছিল তাইৰ… মাক, দেউতাক, ককাক , ককায়েক, ভায়েক ,ভনীয়েক, চিশ্বি — এইখনেই তাইৰ সৰু পৃথিৱী | কিন্তু সিদিনা প্ৰথমবাৰৰ বাবে তাইৰ নিজকে বৰ বিশাল যেন লাগিছিল… এনে বোধ হৈছিল যেন তাইৰ আৰু বহুতৰ প্ৰতি কৰণীয় আছে | অ, আৰু লাহেকৈ তাইৰ এটি নতুন চখ হৈছে.. টেনিচ খেলা | সকলোৱে কয় তাই হেনো ভাল টেনিচ খেলে |
দিনবোৰ গৈ থাকিল… তাই এতিয়া গাভৰুজনী হ’ল | পঢ়াও সাং কৰিলে | ককায়েকে তাইৰ বাবে উপযুক্ত দৰা বিচাৰি চলাথ কৰিলে | ৱাল্টাৰ চিচুলু নামৰ এজন সুশিক্ষিত , সাহসী আৰু বলিষ্ঠ নেতাৰ সৈতে নিটচিকিৰ বিবাহ সম্পন্ন হ’ল | বিবাহৰ দিনা তাইক আশিস দিবলৈ অহা সকলো শুভাকাংক্ষীকে তাই একোটিকৈ গছৰ পুলি উপহাৰ দিলে | স্বামীৰ সৈতে মিলি দুয়ো এক স্বাধীন দক্ষিণ আফ্ৰিকাৰ সপোন ৰচিছিল | এই লক্ষ্য়ৰে ৱাল্টাৰ আৰু নিটচিকি ( এলবাৰ্টিনা ) মিলি সকলোৰে মাজত এক সজাগতা অভিযান আৰম্ভ কৰিছিল | এটি পুত্ৰ সন্তানে তাইৰ কোলা শুৱনি কৰিছিল |
সিঁহতৰ এই মুক্তিকামী প্ৰচেষ্টাবোৰৰ বিষয়ে শাসকসকলে অৱগত হ’বলৈ বৰ বেছি সময় নালাগিল | হঠাতে এদিন আৰক্ষী সিহঁতৰ বাসগৃহত উপস্থিত হৈ তাইক প্ৰহাৰ কৰি তাইৰ স্বামী ৱাল্টাৰ চিচুলুক বন্দী কৰি লৈ গৈছিল |
তাই এইবাৰো বিচলিত নহ’ল যিদৰে জীৱনত আগতে কেতিয়াও হোৱা নাছিল | নাৰীসকলক একত্ৰিত কৰি তাই এক নাৰী মৰ্চা গঠন কৰিলে | জীৱনৰ ২৬ টা বছৰ ৱাল্টাৰে বাকৰুদ্ধ হৈ কটাবলগীয়া হৈছিল , এলবাৰ্টিনাও বহুবাৰ কাৰাগাৰৰ মুখ দেখিবলগীয়া হৈছিল কিন্তু এলবাৰ্টিনা হাৰমনা বিধৰ নাৰী নাছিল | মাক মণিকাঝিয়ে তাহানিতে শিকাই যোৱা সেই গান তাইৰ তেজত বৈ আছিল , ” সাহসী হোৱা, শক্তিমান হোৱা , একতাই পৰম বল |”





