Clever Rabbits and the Wolf Story

Clever Rabbits and the Wolf Story – A Moral Tale of Intelligence and Courage

Clever Rabbits and the Wolf Story teaches how intelligence, courage, and unity can defeat danger and protect the weak.

বহিবলৈ পালে শুব বিচাৰা

এখন হাবিত তুলু আৰু বুলু নামেৰে দুটা যমজ(যঁজা) শহা পহুৱে বাস কৰিছিল।

Thank you for reading this post, don't forget to subscribe!

হাবিখন আছিল নানান বনৰীয়া জীব জন্তুৰে ভৰা।

তুলু আৰু বুলুৱে পিছে সিহঁতে থকা ঘৰটো মজবুতকৈ সাজি লৈছিল আৰু তাতে নিৰাপদে থাকি সুখেৰে দিন কটাই আছিল।

জাৰকালিৰ এক গধূলিৰ কথা । সিদিনাখন গধূলি দুয়ো ঘৰৰ ভিতৰত জুই একুৰা ধৰি উমলৈ বহি আছিল। এনেতে কোনোবা এটা আহি সিহঁতৰৰ দুৱাৰত ঢকিয়াবলৈ ধৰিলে। ঢকিয়াই আছিল এটা প্রকাণ্ড কুকুৰ-নেচীয়াই।

সি চিঞৰি কৈছিল – “মই জাৰত কপি মৰিছো। দুৱাৰখন অলপমান খুলি দিয়ানা । মই মোৰ নেজডাল অলপমান সেকি লওঁ । কোনো ক্ষতি নকৰো ।”

তুলু আৰু বুলু অতি দয়ালু আছিল। সিহঁতে সামান্যভাবে দুৱাৰখন খুলি দিছিল। কুকুৰ-নেচীয়াই তাৰ নেজডাল সেই ফাঁকেৰে ঠেলি সুমুৱাই দিছিল।

দুই মিনিটমানৰ পাছতে সি আকৌ ক’লে – “আহ বৰ মজা লাগিচে। মোৰ পাছ ঠেং দুখনো সেঁকি ল’ব পৰা হ’লে! মই শপত খাই কৈছো মই তোমালোকৰ একো ক্ষতি নকৰো”।

তুলুৱে দুৱাৰখন আগতকৈ আৰু অলপ বহলকৈ মেলি দিছিল । তৎমূহূর্ত্ততে বুলুৱে এক কেৰাহী পানী গৰম কৰিবলৈ জুইত তুলি দিলে।

পাঁচ মিনিট মানৰ পাছত কুকুৰ-নেচীয়াই ক’লে – “তোমালোক ইমান দয়ালু এতিয়া তোমালোকে যদি দুৱাৰ খন আৰু অলপমান বহলকৈ মেলি দিয়া , মই মোৰ আগভৰি দুখনো তপতাব পাৰিলোহেঁতেন । চিন্তা নকৰিবা মই অতি নিমাখিত প্রাণী।” 

দুয়ো যঁজাই জুইত তুলি দিয়া পানী কেৰাহীলৈ চালে । পানী কেৰাহী ভকভকাই উতলিবলৈ ধৰিলে। সিহঁতে দুৱাৰখন আৰু অলপ বহল কৈ মেলি দিলে। তেতিয়া কুকুৰ-নেচীয়া টোৰ নাকটোহে মাথোন সোমাবলৈ বাকী । দহ মিনিটমানৰ পাছত কুকুৰ- নেচীয়াটোৱে কৈছিল । “মই যথেষ্ট গৰম আৰু আৰাম পাইছো। এতিয়া মোৰ নাকটো মাথোন চেঁচা পৰি আছে। দয়ালু শহাহঁত অনুগ্রহ কৰি দুৱাৰখন আৰু অলপ বহলকৈ মেলি দিয়া । মোলৈ ভয় নকৰিবা । মই বৰ নিমাখিত।”

তুলুৱে দুৱাৰ খন আৰু অলপ বহলকৈ মেলি ধৰিলে। বুলুৱে লগে লগে উতলা পানী কেৰাহী তুলি ল’লে। “তুমি নাকটো গৰম কৰি লোৱা।” তুলুৱে ক’লে।

কুকুৰ-নেচীয়াই কেৰ-মেৰাই সম্পুর্ণ দেহাটো সুমুৱাই লৈ এপাক ঘুৰি ল’লে আৰু শহাঁ দুটাৰ ওপৰত জপিয়াই পৰিল। কিন্তু সিহঁত দুটাও প্রস্তুত হৈ আছিল। বুলুৱে উতলা পানী কেৰাহি পোনে পোনে কুকুৰ- নেচীয়াৰ গাত ঢালি দিলে।

“আই ঔ, আহ” যন্ত্রনাত চিঞৰ মাৰি সি দুৱাৰৰ বাহিৰ ওলাই দৌৰ দিলে। “মই আকৌ আহি আছো-” কেংকেঙাই আটাহ পাৰি সি কৈ গ’ল – “তহঁতৰ দেহা বখলা বখল কৰিহে এৰিম।”

তুলু আৰু বুলুৱে সিহঁতৰ ঘৰৰ চালৰ ওপৰত উঠি লুকাই থাকিল।

কুকুৰ-নেচীয়াটোৱে তৎক্ষণাত তাৰ লগত আৰু দহটা কুকুৰ-নেচীয়া লৈ পুনৰ উভতি আহিল।

সিহঁতে দুৱাৰখন ভাঙি ঘৰৰ ভিতৰত সোমাল। ঘৰটো খালি হৈ আছিল।

Clever Rabbits and the Wolf Story

“সৌৱা সিহঁত দুটা” বাহিৰলৈ ওলাই অহা কুকুৰ-নেচীয়া এটাই চিঞৰিলে। “আমি যদি এডাল জখলা সাজি লব পাৰোঁ ! সিহঁত দুটাক ঢুকি পাম।”

কুকুৰ-নেচীয়া কেইটাই এটাৰ ওপৰত এটাকৈ থিয় হবলৈ ধৰিলে। গৰম পানীয়ে পিঠি পোৰাটো একেবাৰে তলত ঠিয় হৈছিল।

সিহঁতে চালখন প্রায় ঢুকি পাওঁ পাওঁ হওঁতেই তুলুৱে চিঞৰিলে – “আহা চোৱাহি ইয়াতে ঢেৰ উতলা পানী যোগাৰ কৰি ৰখা হৈছে।”

পিঠি পোৰাটোৱে তাকে শুনি বৰ ভয় খালে। সি আটাহ পাৰি ক’লে- “না না আৰু নালাগে।”

সি নিজকে বচাবলৈ দৌৰি পলাল। লগে লগে ওপৰত ঠিয় হোৱা কেইটা লুটিবাগৰ খাই মাটিত পৰিল। জখলা ডাল খহি পৰিল।

মাটিত পৰি কেঁকাই –গেথাঁই, খোৰাই- লেকেচিয়াই সিহঁতবোৰেও তালৈা আৰু নাহো বুলি পলাই পত্রং দিলে।

তুলু আৰু বুলুৱে চালৰ পৰা তললৈ নামি আহি সিহঁতৰ ঘৰৰ ভঙা দুৱাৰখন মেৰামতি কৰি ল’লে। তাৰ পাচত তাতেই পৰম সুখত বাস কৰি দিন কটাবলৈ ধৰিলে।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story