Grandmother’s Mysterious Search: A Funny Story of Disappearing Ladoos
আইতাৰ অদ্ভুত অনুসন্ধান
“ইছ ৰাম, লাৰুবোৰ নাই দেখোন!” আইতাই চিঞৰি উঠিল।
Thank you for reading this post, don't forget to subscribe!“কোনোবাই নিশ্চয় চুৰ কৰিলে!” সূৰজে মাত লগালে।
“কিন্তু কোনে?” আইতাই সুধিলে।
সূৰজে ক’লে, “পেনীয়ে হ’ব পাৰে। নহ’লে ঘৰৰ ওপৰত থকা জহামালটো হ’ব পাৰে।”
সূৰজে সুধিলে, “নাইবা ককাও হ’ব পাৰে বুলি তুমি ভাবা নেকি?”
আইতাই ক’লে, “হা, হ’ব পাৰে।”
আইতাই ক’লে, “ইয়াক জনাৰ এটাই মাত্র উপায় আছে।”
“হে? কেনেকৈ?”
“আমি তিনিখন ফান্দ পাতিব লাগিব!”
“প্রথমে আমাক কিছু লাৰু লাগিব।”
সূৰজে সুধিলে, “আটাইবোৰ লাৰু শেষ হোৱা নাছিল জানো?”
আইতাই কলে, “নাই, মই কেইটামান পাকঘৰত লুকুৱাই থৈছিলোঁ, কিবা জৰুৰী অৱস্থা হৈ বুলি।”
“হা হা হা! মজা!”
আইতাই ক’লে, “আমাৰ প্রথমটো ফান্দ হ’ব জহামালটোৰ বাবে। সি খিৰিকীৰে সোমালেই এই খৰাহীটোৰ ভিতৰত পৰিব। লগে লগে তাৰ ভৰত এই খৰাহীটোৰ ঢাকনিখন পৰি আপোনা-আপুনি বন্ধ হৈ যাব।”
“বঢ়িয়া!” সূৰজে ক’লে।
আইতাই কলে, “এইটো পেনীৰ বাবে। যদি তাই লাৰু কেইটা খাবলৈ চেষ্টা কৰে, মুহূৰ্ততে এই বাল্টিটোৰ তলত ফঁচি যাব।”
সূৰজে ক’লে, “বঢ়িয়া!”
আইতাই আন এফালে দেখাই ক’লে, “আৰু এই গোপন কেমেৰাটোৱে ককাক হাতে- লোটে ধৰিব।তেওঁ লাৰু প্লেটখনৰপৰা লোৱাৰ লগে লগে এই ৰচীডাল টান খাই ওলাই আহিব আৰু কেমেৰাৰ শ্বট টিপা যাব।”
সূৰজে কলে, “মজাৰ বুদ্ধি!”
“আৰু…এতিয়া ৰৈ থকাহে কথা।”
এঘণ্টা সময় পাৰ হৈ গ’ল। আইতাই তেওঁৰ হেলনীয়া চকীখনত বহি তেওঁৰ প্রিয় বিজ্ঞানৰ কিতাপখন পঢ়ি আছিল। তেনেতে সূৰজে দৌৰি আহিল। “আইতা, চোৱা এইফালে! আমাৰ ফান্দবোৰ খুলিছে।” আইতাই ক’লে, “অ’ হয় নেকি? ব’লা চাওঁগৈ।”
“আৰু কেমেৰাটোৱেও
ফটো নামাৰিলে!”
“কিন্তু গোটেই লাৰুবোৰ নাইকিয়া হৈ গ’ল! আকৌ এবাৰ! ” আইতাই ক’লে।
“খৰাহীৰ ফান্দততো একো নাই।”
“আৰে, বাল্টিৰ ফান্দটোও খালী! কি আচৰিত!
“কিন্তু গোটেই লাৰুবোৰ নাইকিয়া হৈ গ’ল! আকৌ এবাৰ! ” আইতাই ক’লে।
আইতাই ক’লে, “চোৰটো ইমান চতুৰ! আমি আৰু তিনিখন ফান্দ পাতিব লাগিব চাগে!”
সূৰজে ক’লে, “লাগিবতো!”

“কিন্তু এইবাৰ আমি টোপ হিচাপে কি দিম?”
সূৰজে সুধিলে, “কেলেই, অভেনটোত আৰু তিনিটা লাৰু নাই জানো?”
আইতাই ক’লে, “আ-হা!, তুমি ইমানো চতুৰ নহয় বুজিছা!”
সূৰজে ক’লে, “হা?”
“কি?”
আইতাই সুধিলে, “আৰু তিনিটা লাৰু থকা বুলি কেনেকে জানিলা বাৰু, সূৰজ?” “আৰু অভেনত লুকাই থোৱা বুলি কেনেকে জানিলা?”
“উম… মানে….. মই….মানে….”
“আৰু মই এই ফান্দকেইটাই কেনেকৈ কাম কৰে আন কাকো কোৱা নাই। অকল তুমিহে ধৰা নপৰাকৈ এই ফান্দবোৰ খুলিব পাৰা!”
“বাৰু, বাৰু, হয় দিয়া! তুমি মোক ধৰা পেলালা। মইয়ে সেই লাৰু চোৰ!“ সূৰজে ক’লে।
“মই জানিছিলোঁৱেই!” আইতাই ক’লে।
সূৰুজে ক’লে, “হি হি হি , এই লাৰু কেইটা ইমান সোৱাদ লগা আছিল, আইতা! তুমি ইমান ভালকৈ বনোৱা।”
আইতাই হাঁহি হাঁহি ক’লে, “হা হা হা!,
এতিয়া তুমি মোক ভালৰি লগাবলৈ আহিছা!”
“আইতা, এই বাকী থকা লাৰু কেইটা কোনে খাবলৈ পাব বাৰু?”
“হা হা হা! আহাঁ, আমি দুয়ো ভগাই খাম।”
“হে’ প্রভু, লাৰু কেইটা দেখোন নোহোৱা হ’ল! আ…..কৌ! ” আইতাই কৈ উঠিল।
“হি হি হি!”





