Butterfly Garden Care Tips: How to Create a Safe Haven for Butterflies
পখিলাৰ হাঁহি
“তোমালোকে শাৰি পাতা,আমি পাৰ্কলৈ যাও ব‘লা,‘‘ লাইলা বাইদেৱে ক‘লে ।
Thank you for reading this post, don't forget to subscribe!সকলো ছাত্রই দুজন দুজন কৈ যোৰ হৈ কথা পাতি পাতি যাবলৈ ধৰিলে, কিন্তু কাব্যাৰ লগত কোনো নাই, তাই অকলশৰীয়া হ‘ল ।
সিহঁত যাবলৈ আৰম্ভ কৰোতে লাইলা বাইদেৱে সুধিলে,“পলু ডাঙৰ হ‘লে কি হয় কোনোবাই জানা নে ?‘‘
কাব্যাৰ পেটটো গুৰগুৰ কৰি উঠিল । তাই উত্তৰটো জানে ! ক‘ব নে ?
কাব্যা আৰু সিহঁতৰ পৰিয়ালটো অলপতে গাঁৱৰ পৰা বাঙ্গালোৰলৈ আহিছে ।
গাঁৱত তাই মাক-দেউতাকে ঘৰ সজা বনুৱা হিচাবে কাম কৰা ঠাইখনতে বাস কৰিছিল ।
আধা সজা ঘৰত থকাতো বৰ কষ্টকৰ । বতাহৰ ধোঁৱাৰ গোন্ধ, আৰু গাড়ীৰ চলাচলে টোপনিত ব্যাঘাত ঘটায় । ওপৰলৈ উঠা ওখ ওখ ঘৰ, ওচৰলৈ অহা গাড়ী, আৰু ব্যস্ত মানুহবোৰৰ ওচৰত তাই নিজকে বৰ সৰু যেন অনুভৱ কৰে ।
কাব্যা পঢ়াশালীলৈ অহা এসপ্তাহমান হৈছে । তাই এতিয়াও কাৰো লগত কথা বতৰা পতা নাই ।
যদি তাইৰ কথা শুনি সিহঁতে হাঁহে, কি হ‘ব ? আৰু যদি ইমানদিনে পঢ়াশালীলৈ নোযোৱাৰ কাৰণে তাইক সিহঁতে জোকাই ?
কাব্যাই এটা দীঘল উশাহ লৈ হাত উঠালে । বাঙ্গালুৰুৰ নিচিনা হুলস্থুলীয়া নগৰী এখনত তাই সদায় মনে মনে থাকিব নোৱাৰে ।
“পলুটো ডাঙৰ হৈ পখিলা হয় ।‘‘ কাব্যাই ক‘লে ।
“ঠিক কৈছা ।‘‘ লাইলা বাইদেৱে ক‘লে ।
পলুটো কেইটামান সপ্তাহৰ কাৰণেহে পলু হৈ থাকে। সেই সময়খিনিত সিহঁতে গছৰ পাত খায়।‘‘
“সিহঁত নিশ্চয় বৰ ডাঙৰ হয় ।‘‘ তাইৰ লগৰীয়া মেৰীয়ে সুধিলে ।
কাব্যাই ক‘লে,“পলুৱে খাই খাই ডাঙৰ হৈ গছৰ গাত লেটা তৈয়াৰ কৰি ভিতৰত সোমাই থাকে ।‘‘
“ঠিকেই কৈছা ‘‘ লাইলা বাইদেৱে ক‘লে । “সিহঁত লেটাৰ ভিতৰত প্রায় দুসপ্তাহ থাকে । লেটাৰ পৰা সিহঁত পখিলা হৈ ওলাই আহে ।‘‘
“আমি উদ্যান পালোঁহি !‘‘ মেৰীয়ে ক‘লে ।
কাব্যাই ডাঙৰকৈ উশাহ ল‘লে । পখিলাৰে উদ্যানখন ভৰি আছে !‘‘
নীলা পখিলা হ‘ল – নদীৰ ৰং।
হালধীয়া পখিলা – সূৰ্যৰ পোহৰৰ ৰং ।
কমলা পখিলা – পকা চপেটাৰ ৰং ।
ক‘লা আৰু বগা পখিলা – আন্ধাৰৰ মাজেৰে তৰাৰ পোহৰ – আশাৰ কিৰণৰ দৰে ৰং ।
এই সকলোবোৰ ৰংৰ কথা নগৰলৈ আহি কাব্যাৰ মনত পৰিছে।
তাই মনটো বেয়া লাগি গ‘ল।

“প্রত্যেক বছৰে এই উদ্যানখনলৈ হাজাৰ হাজাৰ মাইল দূৰৰ পৰা পখিলা আহে । সিহঁতে ইয়াত খাদ্য আৰু ভাল পৰিৱেশ বিচাৰেহি । কণী পাৰিবৰ কাৰণে ইয়াত সিহঁতে সুৰক্ষিত ঠাইৰ সন্ধাান কৰি লয় ।‘‘লাইলা বাইদেৱে ক‘লে ।
“সিহঁতৰ এই যাত্রাক পৰিভ্রমণ কৰা বুলি কয় ।‘‘
“বহুত সময়ৰ কাৰণে পাখি মাৰি থাকিলে সিহঁতৰ ভাগৰ নালাগে নে ?‘‘ এজনী লগৰীয়াই সুধিলে ।
“বতাহ বেচি হ‘লে সিহঁতে বেচি পাখি মাৰিব নালাগে । সিহঁতে পাখি দুখন মেলি বতাহত ওপঙি ফুৰে ।‘‘ কাব্যাই ক‘লে ।
মেৰীয়ে কাব্যাৰ কাণত ফুচফুচাই ক‘লে,“সিহঁত অহা পথটো নিশ্চয় মসৃন নহয় নে?‘‘
কাব্যাই বাঙ্গাালুৰুলৈ অহা বাছ যাত্রাটোৰ কথা ভাবিছে – বস্তু-বাহানীবোৰৰ মাজত সিহঁত কেনেদৰে চেপেতা হৈ সোমাই আহিছিল । ওখোৰা-মোখোৰা ৰাস্তাত কেবা ঘন্টাও জঁপিয়াই, থেকেচা খাই আহিব লাগে ।
বতাহত পখিলা এটাই উৰোতে তেনে অনুভৱেই কৰে নেকি ?
‘পখিলাবোৰ এঠাইৰ পৰা আন এঠাইলৈ গ‘লে নদীৰ কাষে কাষে যায় । যাওতে সিহঁতে নদীৰ পাৰত ৰৈ নিজৰ কাৰণে দৰ্কাৰী খনিজাত নিমখত ঠেং তিয়াই লয় । ইয়াক “বোকা সনা‘‘ বুলি লাইলা বাইদেৱে ক‘লে ।
মেৰীয়ে ক‘লে, “বোকা সনা‘ কথাটো শুনি হাঁহি উঠিছে ।‘‘
মেৰী আৰু কাব্যাই ইজনীয়ে সিজনীলৈ চাই হাঁহিলে ।
‘কথাটো সঁচা, কিন্তু আজিকালি বোকা সানিবৰ কাৰণে এনে খনিজাত দ্রব্যৰ পুং পোৱা নাযায় ।‘‘
কাব্যাৰ গাঁৱত মানুহে আজিকালি নদীৰ পাৰৰ পৰা বালিবোৰ ট্রাকৰে বাহিৰলৈ লৈ যায় । সেয়েহে বতৰ বেচি গৰম হৈ পৰে আৰু বৰষুণৰ পৰিমাণ কমি যায় ।
যোৱা বছৰ নদীখন শুকাই গৈছিল । পখিলাবোৰে বোকা সানিবৰ কাৰণে যথেষ্ট পানী পোৱা নাছিল ।
কাব্যহঁতৰ পৰিয়ালেও খেতি কৰিবৰ কাৰণে ভালদৰে পানী নাপায় ।
সেয়েহে সিহঁত বাঙ্গালুৰুলৈ গুচি আহিছে ।
‘‘লাইলা বাইদেৱে ক‘লে,“কাব্যা, তুমি পখিলাৰ বিষয়ে বহুত কথা জানা।‘‘
“কাৰণ পখিলা মোৰ প্রিয় পতঙ্গ ।‘‘
মেৰীয়ে কাব্যাক সুধিলে, “তুমি পখিলা কিয় ইমান ভালপোৱা ?‘‘
কাব্যাই মাত্র এটা বস্তু কিয় ভাল পায় ?
সিহঁতৰ গাটো কেতিয়াবা ফুট-ফুটীয়া আৰু কেতিয়াবা বিভিন্ন আঁক-বাঁক থকা কাৰণে তাইৰ ভাল লাগে । দীঘল নাকটোৰে সিহঁতে ফুলৰ মৌ কেনেকৈ চুহি খাই, কেনেকৈ ইটো ফুলৰৰ পৰা সিটো ফুললৈ ৰেণু বিয়পাই নতুন ফুল ফুলাই, গুটি গজিবলৈ সহায় কৰে – ইত্যাদি কথাৰ কাৰণে পখিলাক ভাল পায় ।
“সিহঁত বহুত দূৰলৈকে উৰে, কিন্তু সিহঁতে যি ঠাইতে জিৰণি লয় তাতেই নতুন বন্ধু গঢ়ি লয় ।‘‘মেৰীৰ হাতটো টানকৈ ধৰি কাব্যাই কয় । “সিহঁত বৰ সৰু যদিও বৰ সাহসী।‘‘
“ঠিক তোমাৰ নিচিনা।‘‘লাইলা বাইদেৱে ক‘লে ।
পখিলাৰ পাখি দুখনৰ সমান বহলকৈ কাব্যাই এটা হাঁহি মাৰিলে ।
পখিলাৰ জিৰণি ঘৰ তৈয়াৰ কৰা ।
ভাৰতত পখিলাবোৰে বছৰত দুবাৰ পৰিভ্রমণ কৰে । আমাৰ নদী আৰু অৰণ্য ক্রমান্বয়ে কমি যোৱাৰ কাৰণে পখিলাৰ এই যাত্রা বৰ কষ্টকৰ হৈ পৰিছে । সিহঁতে জিৰণি ল‘বৰ কাৰণে সুবিধা নোহোৱা হৈ গৈছে । ভ্রমণ কালত ৰাস্তাত সিহঁত বৰকৈ ভাগৰি পৰে ।
সেয়েহে সিহঁতক সহায় কৰাৰ একমাত্র উপায় হৈছে খোৱা আৰু জিৰণি ল‘বৰ কাৰণে জিৰণি ঘৰ তৈয়াৰ কৰা ।
পখিলাৰ জিৰণিঘৰ কেনেকৈ তৈয়াৰ কৰিবা –
কাষটো ওখ কাঁহী বা প্লেটৰ দৰে এটা বহল পাত্র ।
পখিলাই উজ্জ্বল ৰং ভাল পায় । পাত্রটোত উজ্বল ৰং কৰি ল‘ব লাগে ।পাত্রটো পখিলাৰ খাদ্যৰে ভৰাব লাগিব । সিহঁতৰ খাদ্য তৈয়াৰ কৰিবলৈ বৰ সহজ । একাপ চেনী আৰু চাৰিকাপ পানী মিহলাই সিহঁতৰ খাদ্য তৈয়াৰ কৰিব পাৰি।এই চেনী পানীৰ লগত বেচিকৈ পকি যোৱা ফল মিলাবা ।পখিলাই আম,কল, মধুৰীআম, অমিতা আৰু কমলা আদি ভাল পায় ।পাত্রটো তোমালোকৰ বাৰন্দাত, খিৰিকিৰ কাষত বা বাহিৰৰ ক‘ৰবাত থৈ দিয়া । দুদিন বা তিন দিনৰ মূৰে মূৰে পাত্রটো পৰিষ্কাৰ কৰা আৰু নতুন পানী ভৰােৱা ।
পখিলাক আকৰ্ষণ কৰিবৰ কাৰণে পখিলাই ভালপোৱা গছ, ফুল আদি ৰুব লাগে । জবা, ডালিয়া, নাৰ্জী, বেলি, গুটিমালী আদি ৰুব পাৰা । ইয়াৰ কাৰণে বেচি ঠাইৰ প্রয়োজন নহয় । টাবত ফুল ৰুই খিৰিকিৰ কাষত থ‘ব পাৰা ।





