Megha the Happy Cloud: Overcoming Worries to Make Sweet Success
।
Thank you for reading this post, don't forget to subscribe!মেঘা নামৰ ডাৱৰজনী
মেঘৰ দেশত মেঘা নামৰ এজনী বৰ সুখী ডাৱৰ আছিল।তাই তাইৰ মিঠাইৰ দোকানখন বৰ ভাল পাইছিল আৰু তাত তাই মিঠাই বনাইও বৰ ভাল পাইছিল।এদিন মেঘাই ১০০০ টা মিঠাই বনোৱাৰ এটা অর্ডাৰ পালে। প্রথমে মেঘাৰ বৰ ভাল লাগিল। তাই গোটেই ডাৱৰবোৰে তাই বনোৱা মিঠাইৰ সোৱাদ লোৱাৰ কথা ভাৱিবলৈ ধৰিলে।
কিন্তু তাৰ পিছত তাই বৰ চিন্তাত পৰিল। যদি তাই ১০০০ টা মিঠাই বনাব নোৱাৰে? যদি কোনেও তাইৰ মিঠাইবোৰ ভাল নাপায়? যদি অমুক! যদি তমুক!…..মেঘা শুব নোৱাৰা হ’ল।তাই ১০০০ টা মিঠাইৰ কথাটোকে বাৰে বাৰে ভাৱি থাকিল।তাই ভালকৈ খাবও নোৱাৰা হ’ল।তাইৰ হাতখন ঘামিবলৈ ধৰিলে আৰু তাই পেটৰ অসুখতো ভোগা যেন অনুভৱ হ’ল।
মেঘাই মিঠাই বনাবলৈ বৰকৈ কষ্ট কৰিলে কিন্তু তাইৰ চিন্তা দূৰ নহ’ল।
“যদি ভবামতে কামবোৰ নহয়গৈ? যদি মই ১০০০ টা মিঠাই বনাব নোৱাৰো?
যদি সকলোৱে মোৰ মিঠাই বেয়া পায়?”তাই ভাৱিলে।
তাই বৰ ভয় খালে।তাইৰ হাত ভৰি কঁপিবলৈ ধৰিলে।তাইৰ বুকুখনো ভয়তে ধিপধিপাবলৈ ধৰিলে।তাই ভালকৈ উশাহো ল’ব নোৱাৰা হ’ল।
এদিন ৰাতিপুৱা মেঘা বিছনাৰ পৰা উঠিব নোৱাৰা হ’ল।তাইৰ শৰীৰৰ অৱস্থা বহুত বেয়া হ’ল।তাইৰ আৰু বহুতো মিঠাই বনাবলৈ বাকী আছিল।তাই কি কৰিব ভাৱি নাপালে।
মেঘাৰ বায়েক বৰষা তাইৰ অৱস্থাৰ কথা গম পায় তাইক চাবলৈ আহিল।মেঘাই বায়েকক দেখি কান্দিবলৈ ধৰিলে।তাই বায়েকক সকলো কথা ক’লে।আচৰিতভাৱে তাইৰ লাহে লাহে ভাল লাগিবলৈ ধৰিলে।
“ঠিক আছে, আমি দুয়ো এতিয়া দীঘলকৈ উশাহ ল’ম।” বৰষাই ক’লে।
দুয়ো লাহে লাহে দহবাৰকৈ উশাহ নিশাহ ল’লে।
মেঘাৰ লাহে লাহে ভাল লাগিবলৈ ধৰিলে ।
“এতিয়া আমি অলপ ফুৰিবলৈ যাওঁ ব’লা।” বৰষাই ক’লে । সিহঁত দুয়োজনী ডাঙৰ ডাঙৰ শান্ত ডাৱৰবোৰৰ মাজে মাজে উৰিবলৈ ধৰিলে।
মেঘাই ধুনীয়া ধুনীয়া ডাৱৰবোৰৰ ধুনীয়া ধুনীয়া ৰংবোৰ চাই বৰ ভাল পালে।
তাইৰ বুকুৰ ধপধপনি লাহে লাহে কমি আহিল।তাইৰ হাতখনো ঘামি নহা হ’ল।
“আমি একেলগে মিলি মিঠাইবোৰ বনাম।” বৰষাই ক’লে।
“গোটেইবোৰ মিঠাই নবনালেও একো নহয়।”
“তুমি কি কৰিব বিচাৰিছা?” মেঘাই সুধিলে।
“আমি যাতে যিমান ভালকৈ পাৰো, সিমানখিনি কৰো।” বৰষাই ক’লে।

সিহঁতে মিঠাই বনোৱা আৰম্ভ কৰিলে।দুয়োজনী হোৱাৰ বাবে কামটো সহজ হৈ পৰিল।
মেঘাই চিন্তা কৰিবলৈ বাদ দি ধুনীয়া ধুনীয়া মিঠাই বনোৱাত মন দিলে।
তাই দীঘলকৈ উশাহ লৈ বৰষাৰ সৈতে কথা পাতে। তেনে কৰিলে তাইৰ ভাল লাগে।
পার্টিৰ দিনাখন মেঘাই মাত্র ৭০০ হে মিঠাই বনাব পাৰিলে।
তাইৰ অলপ বেজাৰো লাগিল।তাই অলপ ফুৰিবলৈ ওলাই গ’ল।
তাই লাহে লাহে দীঘলকৈ উশাহ ল’লে আৰু লাহে লাহে তাইৰ মনটো ভাল হৈ পৰিল।তাই নিজৰ কামৰ বাবে নিজেই গর্বিত আৰু সুখী অনুভৱ কৰিলে।তাই জানে যে তাই নিজৰ ফালৰ পৰা সম্পূর্ণ চেষ্টা কৰিলে।
পার্টিত সকলোৱে মেঘাৰ মিঠাই সমূহ খাই বৰ ভাল পালে।
মেঘাই মিঠাইৰ বাবে আৰু বহুত অর্ডাৰ পালে।
“আকৌ যেতিয়া মই মিঠাই বনাম তেতিয়া মই সহায় খুজিম।” মেঘাই হাঁহি মাৰি ক’লে।
তাই বহুত দিনৰ মূৰত হাঁহিছিল। মেঘা আকৌ মেঘৰ দেশৰ সকলোতকৈ সুখী মেঘজনী হৈ পৰিল।





