Children Friendship Story

Children Friendship Story – Benu’s New Friend and the Power of Inclusion

A touching children friendship story about kindness, inclusion, and understanding a special child through true friendship.

বেণুৰ নতুন বন্ধুজন

ৰাতিপুৱা সাৰ পায়েই বেণু বিছনাৰ পৰা জাঁপ মাৰি উঠিল। গৰমৰ বন্ধৰ পিছত আজি তাৰ স্কুলৰ প্রথম দিন। সি তাৰ বন্ধুবোৰ আৰু নতুন শ্রেণী শিক্ষয়িত্রী গৰাকীক লগ পাবলৈ অধীৰ হৈ আছিল।

Thank you for reading this post, don't forget to subscribe!

সি ততাতৈয়াকৈ নিজৰ স্কুলৰ ইউনিফর্ম আৰু জোতা পিন্ধি মাকে দিয়া ৰুটি-ভাজি খাই স্কুললৈ বুলি ওলাই গ’ল।

সিহঁতৰ শ্রেণীকোঠাটো বৰ ধুনীয়াকৈ সজাই থোৱা আছিল। সিহঁতৰ শ্রেণী শিক্ষয়িত্রী ৰাধা বাইদেৱে এটা ধুনীয়া হাঁহিৰে সকলোকে স্বাগতম জনালে। তেওঁ এগৰাকী বৰ উদাৰ মনৰ শিক্ষয়িত্রী আছিল।

সেই সময়তে বেণুৱে ৰাধা বাইদেউৰ কাষত এজন নতুন ল’ৰা দেখা পালে যাক চিন্তিত হৈ থকা যেন লাগিল। বাইদেৱে ক’লে,” এওঁ বিহান, তোমালোকৰ নতুন বন্ধু। যদিও তেওঁ বৰকৈ কথা নকয়, কিন্তু তেওঁৰ কিছু বিশেষ প্রতিভা আছে।”

বেণুৰ বিহানক কিবা এটা ভাল লাগিল। সি বিহানক তাৰ কাষত বহিবলৈ ক’লে। যদিও বিহানে তাৰ কথালৈ মন দিয়া যেন লগা নাছিল, কিন্তু সি আহি বেণুৰ কাষতে বহিল।

“এইটো এটা বৰ মজাৰ বছৰ হ’ব।” ,বেণুৱে নিজৰ নতুন বন্ধুক ক’লে। বিহান কিন্তু মনে মনে বহি থাকিল।

যদিও বেণুৱে বিহানৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে, বিহান অন্যমনস্ক হৈ থাকিল। হঠাতে বিহানে বহা ঠাইৰ পৰা উঠি ইফালে সিফালে জঁপিয়াবলৈ ধৰিলে। বিহানক দেখি বেণুৰ লগতে শ্রেণীৰ আন ল’ৰা-ছোৱালীবোৰো আচৰিত হ’ল।

ৰাধা বাইদেৱে মৰমেৰে বিহানৰ হাতত ধৰি তাক নিজৰ ঠাইত বহাই দিলে। “ছাত্র-ছাত্রীসকল! বিহান তোমালোকৰ দৰেই এজন প্রতিভাশালী ছাত্র। কেতিয়াবা তেওঁ এনে আচৰণ কৰিব পাৰে।আমি তেওঁক বুজিব লাগিব আৰু তেওঁৰ বন্ধু হ’ব লাগিব। আমি নোৱাৰিম জানো?” ৰাধা বাইদেৱে ক’লে। সকলো ছাত্র-ছাত্রীয়ে একেলগে মূৰ দুপিয়ালে।

দিন বাগৰাৰ লগে লগে বেণুৱে বিহানক ভালকৈ বুজি উঠিল। যদিও বিহানে বৰকৈ কথা নকৈছিল কিন্তু সি বেণুৰ কথা মন দি শুনিছিল।

Children Friendship Story

বিহান গণিতত বৰ ভাল আছিল আৰু বেণুকো জটিল অংকবোৰ কৰাত সহায় কৰিছিল। বিহান পঢ়া-শুনা আৰু ছৱি অঁকাত পাকৈত আছিল।

দুয়োটাৰে বন্ধুত্ব ইমানেই গভীৰ হ’ল যে সিহঁতে নিজৰ পেঞ্চিল, ৰবৰ, খোৱা বস্তুও ইটোৱে সিটোৰ লগত ভগাই লৈছিল।

ৰাধা বাইদেৱে মন কৰিছিল যে দুয়োটা ল’ৰাই  সদায় ইটোৱে সিটোৰ লগত থাকি সহায় কৰে।

বেণুৱে বিহানৰ কথা ঘৰত মাক-দেউতাকক বৰকৈ কৈছিল। কিছুদিনৰ পিছত বেণুৰ পৰিয়ালে  বিহানৰ পৰিয়ালক ভাত খাবলৈ মাতিলে। দুয়োটা পৰিয়ালে বৰ ফুর্তি কৰিলে, বিশেষকৈ বেণু আৰু বিহানে। কথাৰ মাজতে বিহানৰ মাক-দেউতাকে জনালে যে বিহান এজন বিশেষভাৱে সক্ষম শিশু। তাৰ বাবে আগৰ স্কুলত সি বৰ অসুবিধাও পাইছিল। সি বৰকৈ কথা নকয় বাবে তাৰ বন্ধু-বান্ধৱীও নাছিল। বিহানৰ মাকে দুখেৰে ক’লে।

বেণুৱে গোটেই কধাখিনি মন দি শুনি আছিল। সি ক’লে,” মই বিহানৰ আটাইতকৈ ভাল বন্ধুজন হ’ম।। কথাটো শুনি সকলোৱে বৰ আনন্দিত হ’ল। বিহানে লাহেকৈ বেণুৰ কাষলৈ গৈ তাক জোৰেৰে সাৱটি ধৰিলে।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story