little goat

The Little Goat Who Found a Friend

A heartwarming Assamese tale of Okonmani, a little goat who learns friendship, creativity, and courage at school.

অকণমানি ছাগলীৰ বন্ধু

অকণমানি ছাগলী বিদ্যালয় যাবলৈ সাজু হৈছে। তাৰ কোটটো ধুনীয়া আৰু চিকচিকীয়া।তাৰ চুলিখিনি তেল লগাই পৰিপাটিকৈ ফণীয়াই থোৱা আছে।

Thank you for reading this post, don't forget to subscribe!

বিদ্যালয় গৈ পাই সি দেউতাকৰ হাতখন টানকৈ ধৰিলে। 

“বিদ্যলয়খন ইমান ডাঙৰ! মই বাৰে বাৰে হেৰাইয়ে যাওঁ।” সি দেউতাকক ফুচফুচাই ক’লে। 

“চিন্তা নকৰিবা।” দেউতাকে কলে। “ইয়াতে তোমাৰ দৰে আৰু বহুতো আছে। তুমি ৰং-ধেমালি কৰিব পাৰিবা।” 

কিন্তু অকণমানি ছাগলী চিন্তিত ডাঙৰ কেঁকোৰা শিং থকা ছাগলীকেইটাক লৈ।

সি ভয়ে ভয়ে নিজৰ শ্রেণীলৈ খোজ কাঢ়ি গ’ল। বিল্লু বাইদেৱে ছাগলীবোৰক শাৰী পাতি থিয় হবলৈ কলে আৰু ছাগলীৰ গীতটো গাবলৈ দিলে। 

“আ আ আ….

ম বাঁ বাঁ বাঁ…..

হ অ অ অমিতা

নে নে নে….মু”

অকণমানি ছাগলীৰ গীতটো ভাল লাগে। কিন্তু তাৰ গানৰ শব্দকেইটা মনত নাথাকে, সেইবাবে সি নিজৰে এটা গীত বনাই লয়।

“মা মা মাম্মা

দে দে দেউতা

পা পা পাপা প প

পৰিপাটি আৰু পৰিষ্কাৰ”

অকণমানি ছাগলীয়ে ডাঙৰকৈ আৰু স্পষ্টকৈ গীতটো গায়। বাকীবোৰে ৰৈ গ’লেও সি গীতটো গাইয়ে থাকে। 

“নহয় নহয়! তুমি নিজৰ শব্দ লগাব নোৱাৰিবা! গান গোৱা বন্ধ কৰা!” বিল্লু বাইদেৱে তাক গালি পাৰিলে। 

তেখেতে তাক কোঠাটোৰ এটা কোণলৈ পঠিয়াই দিলে। 

“হি হি!” আন ছাগলীবোৰে তাক ঠাট্টা কৰিলে।

অকণমানি ছাগলী দুখী হৈ পৰিল। দুপৰীয়াৰ আহাৰৰ সময়ত তাৰ লগত কোনোৱে নবহে আৰু কথাও নাপাতে। 

টপক-টপক! চকুৰ পানীখিনি তাৰ দুপৰীয়াৰ আহাৰৰ বাবে কাটি দিয়া সতেজ সেউজীয়া ঘাঁহখিনিত পৰে আৰু ঘাঁহখিনি নিমখীয়া কৰি তোলে।

সেইদিনা গধূলি অকণমানি ছাগলীয়ে মাকক গান গোৱা আৰু খেলাৰ সময়ত হোৱা সকলো কথা ক’লে। মাকে অকণমানি ছাগলীক নিচুকালে। 

“তুমি বহুত সুৱলা গীত এটা ৰচিছিলা আৰু তুমি ইমান মনে মনে গাইছিলা!” 

তেখেতে তাক সাবতি ধৰিলে আৰু সি শুৱাৰ আগতে তাক এটা চুমা বেছিকৈ খালে।

পিছ দিনা, অকণমানি ছাগলীয়ে

গীতটো সাৱধানে আৰু শুদ্ধকৈ গালে।

খেলৰ পিৰিয়ডত সি জাপেই মাৰিলে

আৰু আঠু নাকাঢ়িলে।

এতিয়া ছবি অঁকাৰ সময়। “সৰলৰেখা আৰু বক্রৰেখা আঁকা।” দ’তি বাইদেৱে শ্রেণীটোক কলে। 

তেনেতে অকণমানি ছাগলীয়ে ৰঙা-ক’লা আঁচ থকা আৰু ফুটফুটিয়া পাখি থকা এটা ৰংচঙীয়া পখিলা দেখা পালে। 

little goat

সি সেই পখিলাটোকে আঁকি পেলালে। দ’তি বাইদেৱে ভাল পোৱা নাই। “অকণমানি ছাগলী, মই তোমাক মাত্র সৰলৰেখা আৰু বক্রৰেখাহে আঁকিবলৈ কৈছিলো!তুমি আকৌ পখিলা কিয় আঁকিলা?” তেখেতে তাক গালি পাৰিলে। 

“হি হি!” আন ছাগলীবোৰে তাক ঠাট্টা কৰিলে।

সেইদিনা দুপৰীয়াৰ আহাৰৰ সময়ত অকণমানি ছাগলীয়ে আকৌ অকলে বহি তিয়হ খাই আছিল। 

হঠাৎ কোনোবাই তাৰ কাষত সৰু মাতেৰে ক’লে, “তুমি মোক নাও কেনেকৈ আঁকে শিকাবা নেকি?”

সেয়া আছিল গাহৰিৰ শ্রেণীৰ এটা পোৱালি গাহৰি পিগি। তাই অকণমানি ছাগলীতকৈও সৰু।

অকণমানি ছাগলীয়ে ক’লে, “মই নাও আঁকিবলৈ নাজানো।”

“ওহ, কিন্তু সকলোৱে কৈ আছে যে তুমি আজি শ্রেণীকোঠাত নাও আঁকিছিলা।”

পিগিয়ে ঘোট ঘোট শব্দ কৰি ক’লে। অকণমানি ছাগলীয়ে তাইক কলে, “মই এটা পখিলা আঁকিছিলো।”

পিগিয়ে চকুকেইটা ডাঙৰ কৰি তালৈ এনেকৈ চালে যে সি ধূলিতেই আঁক-বাক কৰিবলৈ আৰম্ভ কৰিলে।

অকণমানি ছাগলীয়ে এটা পখিলা, এখন নাও আৰু এডাল গছ আকিলে। পিগিয়ে পৰি থকা 

পাত আৰু ফুল বুটলি ছবিখনত লগাই দিলে। 

পিগিয়ে কলে, “আমি বাগিছা এখনত আছো বুলি ধৰি লওঁ আহা।” 

“মই এটা নতুন গান জানো!” অকণমানি ছাগলীয়ে চিঞৰি উঠিলে। সিহঁতে এটা ছাগলী আৰু গাহৰিৰ গান গাই ইফালে-সিফালে জপিয়াই ফুৰিলে। 

ঘৰ গৈ পাই অকণমানি ছাগলীয়ে মাকক তাৰ নতুন বান্ধৱীজনীৰ বিষয়ে সকলো ক’লে। 

“কালি তুমি মোক পিগিৰ বাবে নিবলৈ অলপ বেছিকৈ আপেলৰ বাকলি দিবা নে?” অকণমানি ছাগলীয়ে মাকক খাটনি ধৰিলে। 

“নিশ্চয়!” মাকে কথা দিলে।

সেইদিনা ৰাতি অকণমানি ছাগলীয়ে ঘপহকৈ শুই গ’ল। সি তাৰ সপোনত দেখিলে যে, পিগি আৰু সকলো ডাঙৰ কেঁকোৰা শিঙৰ ছাগলীকেইটাই বাগিচাত নাচি আছে।

“জাম্প, হপ, স্কিপ, কিক্‌!

সকলোৱে ডাঙৰকৈ কোৱা

‘মা!’ জাম্প, হপ,স্কিপ,কিক্!

সকলোৱে লাহেকৈ কোৱা ‘বা!’

জাম্প, হপ, স্কিপ…”

সকলোতকৈ আগত থিয় দি, অকণমানি ছাগলীয়ে বাকীবোৰক এই নতুন নৃত্যত প্রতিনিধিত্ব কৰিছে। সি দীঘলকৈ উশাহ ল’লে আৰু ফূৰ্তিতে আৰু সপোন দেখিয়েই থাকিল।

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story