Jadav Payeng Forest Conservation

Jadav Payeng Forest Conservation: From Barren Land to Lush Greenery

Jadav Payeng forest conservation turned barren land into a lush, thriving forest, inspiring wildlife and greenery across Assam.

যাদৱ আৰু তেওঁৰ অৰণ্য

যাদৱৰ সকলোতকৈ প্রিয় কাম  হ’ল গছপুলি ৰোৱা ।

Thank you for reading this post, don't forget to subscribe!

গছ-গছনি থকা ঠাই তেওঁৰ ভাল লাগে, কাৰণ সকলো সময়তে ই জীৱন্ত হৈ থাকে ।  

   গছ-গছনি নথকা ঠায়ে তেওঁক দুখী কৰি তোলে, কাৰণ তাত সকলোবোৰেই মৃত ।

বহু বছৰৰ আগতে এদিন যাদৱ মহাবাহু ব্রহ্মপুত্রৰ কাষেৰে গৈ আছিল । গৈ থাকোতে দেখিলে,  অঞ্চলবোৰ একেবাৰে খালি, এজোপাও গছ-গছনি নাই ।

       অঞ্চলটো বৰ গৰম আৰু শুকান । এই বালিয়ৰী ঠাইবোৰত দীঘল দীঘল ৰেখা টানি থোৱা আছে আৰু ইয়াৰ বালিবোৰ মিহি ।  

  বালিৰ ওপৰত ৰেখা আঁকি থোৱা আছে ? অকণো ভাল লগা নাই দেখিবলৈ ।

    কথাটোনো কি ভালদৰে চাবৰ কাৰণে যাদৱ কাষলৈ গ’ল ।

    অস,’ সেইবোৰ আঁকি থোৱা ৰেখা নহয় ! কিছুমান সাপহে,

বালিত পৰি ঠাইখন ঢাকি ৰাখিছে ।

 নিশ্চয় যোৱা ৰাতি পানীয়ে সাপবোৰক পাৰলৈ আনি পেলাই থৈ গৈছে, যাদৱে ভাবিলে ।   

      এই সাপবোৰে অন্য সুস্থ সাপৰ দৰে কেৰমেৰ কৰি থকা নাই, বগাই যোৱাও নাই, আৰু লৰা-চৰাও কৰি থকা নাই ।  যাদৱ ওচৰলৈ যোৱাত সিহঁতে ফোঁচ কৰি পলাই নগ’ল, আৰু খুঁটিয়াবলৈকো চেষ্টা নকৰিলে । পুৰণা ৰচি পৰি থকাৰ দৰে নিৰ্জীৱ হৈ পৰিয়েই থাকিল ।   

    “বেচেৰা সাপবোৰ ! এই গৰমত মৰি থাকিব ! সিহঁতে থাকিবলৈ অকণমান ছাঁ থকা ঠাই পোৱাহ’লে ! যদি এই গছ-গছনি নোহোৱা ঠাইখিনিত অলপ গছ থাকিলহেঁতেন !’’    

   সাপবোৰ এইদৰে মৰি যোৱা কথাটো যাদৱে সহ্য কৰিব নোৱাৰিলে । এই কথাই তেওঁক ইমান বেচিকৈ দুখ দিছিল, যে সেই ঠাইতে বহি তেওঁ কান্দিবলৈ ধৰিলে ।

কিন্তু লগে লগেই তেওঁ সচেতন হৈ উঠিল । “আৰু কন্দা-কটা নহয় । আজিৰ পৰা মাত্র চেষ্টা কৰিব লাগিব !’’

যাদৱ জাঁপ মাৰি থিয় হৈ দৌৰি দৌৰি গৈ গাওঁ পালেগৈ । গাঁৱলৈ গৈ তেওঁৰ মোনাটোত যিমান পাৰে বাঁহৰ গজালি ভৰাই ল’লে । “অন্য গছবোৰ ইমান গৰমত বাঢ়িব নোৱাৰে, কিন্তু বাঁহ গছ বাঢ়িব । বাঁহ গছবোৰ নমৰে!’

     যাদৱে বাঁহৰ গজালিবোৰ সেই গছ-গছনি নোহোৱা ঠাইলৈ লৈ গৈ ৰুবলৈ আৰম্ভ কৰিলে । কামটো কঠিন আছিল আৰু সম্পূৰ্ণ কৰোতে কেবাবছৰো লাগিল । 

     গৰমৰ দিনত নদীখনৰ পানী কমি যায়, আৰু তাৰ পিছতেই বানপানী আহে । কেতিয়াবা আগতকৈয়ো বেচি বালি কঢ়িয়াই আনে, কেতিয়াবা বালি লৈ যায় । বহুত বৰষুণ হয় আৰু বৰষুণ শেষো হয় । যিয়েই নহওক, যাদৱে গছ পুলি লগায়েই থাকিল ।

   এটা সময়ত বাঁহৰ শিপা ওলাই মাটিত খামুছি ধৰি গছবোৰ বাঢ়িবলৈ ধৰিলে । গছবোৰ বাঢ়ি অহাৰ লগে লগে ঠাইখনত ছাঁ পৰিবলৈ আৰম্ভ কৰিলে, আৰু এই ছাঁত থকাৰ সুবিধা পাই সেই ঠাইলৈ বিভিন্ন পোক-পতঙ্গ আহিল।

  এই পোক-পতঙ্গবোৰে মাটিত গাত খান্দি থাকিবলৈ ল’লে । এইদৰে মাটি খন্দা কাৰণে বাঁহ গছৰ তলৰ মাটিবোৰৰ প্রকৃতি লাহে লাহে সলনি হৈ গ‘ল । শুকান আৰু বগা বালিবোৰ সাৰুৱা আৰু মটীয়া ৰঙলৈ সলনি হৈ মৃত বালিবোৰ সাৰুৱা মাটি হৈ পৰিল ।

                       এতিয়া আৰু যাদৱ আগৰ দৰে দুখী নহয়; কিন্তু সুখীও নহয় ।

Jadav Payeng Forest Conservation

     যাদৱে বিভিন্ন প্রজাতিৰ গছৰ পুলি আৰু গুটি আনি সেই গছ-গছনি নোহোৱা অঞ্চল আৰু অলপ অলপ গছ থকা ঠাইবোৰত চাৰিওফালে ৰুবলৈ ধৰিলে ।

    এয়া বৰ কঠিন কাম আছিল , আৰু এই কাম কৰোতে কেবা বছৰো সময় লাগিল । এই কাম কৰোতে কৰোতে অৱশেষত যাদৱৰ কঁকালৰ বিষো আৰম্ভ হ‘ল ।    কমলা আৰু নীলা আকাশ, বেঙুণীয়া আৰু গুলপীয়া হ’ল । গাওঁ নগৰ হ’ল । বতাহ ধুলিৰে ভৰি পৰিল আৰু নদীয়ে  ছাঁই বৰণ ল‘লে । ইফালে যাদৱৰ পতঙ্গ বন্ধুবোৰে সেই অঞ্চলৰ মাটিখিনি খন্দাত সহায় কৰিলে । বাঁহ গছবোৰে ছাঁ দিয়াৰ লগতে বতাহো শীতল কৰি তুলিলে । ইয়াৰ পিছতো যাদৱে গছ ৰুয়েই থাকিল ।

অতি সোনকালেই তেওঁৰ অৰ্জুন, এজাৰ, কৃষ্ণচূড়া, কৰৈ, মজ আৰু শিমলুকে আদি কৰি আন আন পুলিবোৰৰ শিপা মাটিৰ গভীৰলৈ গৈছিল আৰু লাহে লাহে গছবোৰ ঠন ধৰি উঠিল।

গছবোৰ ডাঙৰ হোৱাৰ লগে-লগে নতুন নতুন বীজে পোখা মেলিলে। পোখাবোৰ ডালত পৰিণত হ’ল, ডালবোৰে ঠাল-ঠেঙুলি মেলি বৃহৎ আকাশলংঘী গছ একোডালৰ ৰূপ ল’লে।

এসময়ত এডালো গছ নথকা ঠাইডোখৰ চাওঁতে চাওঁতে সেউজীয়া গছ-গছনিৰে ভৰি পৰিল।

গছ থকা ঠাই এখনলৈ আকৌ বিবিধ প্ৰাণী নাহিবনে? এটাৰ পিছত এটাকৈ অজস্ৰ জীৱ-জন্তু তালৈ আহিবলৈ ধৰিলে।

প্ৰথমে আহিল চৰাইবোৰ।

সিহঁতে দূৰ-দূৰণিৰপৰা জাক পাতি আহি যাদৱৰ অৰণ্যখনত বাহ পাতিলে। চাৰিওপিনে শগুণ, ভেলা, বৰটোকোলা, হাঁহ, গায়কপক্ষী, ঢাপলিকা চৰাই, বালিমাহি আৰু কত চৰাইৰ মাতে হাবিখন ৰজনজনাই গ’ল!

তাৰ পিছত আহিল জন্তুবোৰ।

যাদৱৰ সেই অৰণ্যখনত ঘৰ পাতিবলৈ সিহঁতো ইফালে- সিফালে ঘূৰি, ডেও দি দি জঁপিয়াই আহি ওলালহি। ম’হ, হৰিণা, শহাপহু, গিবন, হাতী, বাঘ, গড় আৰু বহুতো!

অৱশেষত আহিল এসোপামান সাপ।

যাদৱে ৰোপণ কৰা গছকেইডালৰ তলত নিজৰ গা শাঁত পেলাবলৈ সিহঁতো বিভিন্ন ঠাইৰপৰা চুচৰি, একাঁ-বেঁকাকৈ বগুৱা বাই আহি ওলাল।

সাপকেইডাল দেখি যাদৱ বহি পৰিল আৰু আনন্দৰ চকুপানী টুকিলে। যাদৱ আনন্দত ইমানেই আত্মহাৰা হৈ পৰিল যে সাপে খুঁটিওৱাৰ ভয়ো তেওঁ পাহৰি গ’ল।

যাদৱৰ অৰণ্যখন চৰাই-চিৰিকটি, জীৱ-জন্তু, কীট-পতংগৰে ভৰি পৰিছিল।

তাত বোকাৰ দাগ আৰু পানীৰ ছিটিকনি আছিল, বিভিন্ন প্ৰাণী আছিল… চৌপাশ মাথোঁ সেউজীয়া আৰু সেউজীয়া।

বহুত চেষ্টাৰ মূৰত সেই দুই-এডাল গছ থকা ঠাইখিনি এখন ডাঠ হাবিত পৰিণত হ’ল। যাদৱৰ মনত কি ফূৰ্তি!

যাদৱৰ মনত আৰু এটা কথা খেলালে।

“এঠাইত ইমানবোৰ গছ কিমান ভাল লগা কথা,

কিন্তু সকলো ঠাইতে যদি ইমানবোৰ গছ হয় কিমান ভাল কথা হ’ব!”

সেয়ে, তেওঁ বীজেৰে ভৰা বেগটো পিঠিত লৈ গোটেই পৃথিৱী ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিলে।

আৰু এনেদৰে, যাদৱে য’তেই গছ নোহোৱা ঠাই দেখে, তাতেই গছ ৰোপণ কৰা আৰম্ভ কৰিলে।

তেওঁ গছ ৰোপণ কৰি গৈয়ে থাকিল।

কিন্তু পৃথিৱীত এনেকুৱা কিমান গছ নোহোৱা ঠাই আছে!

বৰং এতিয়া গছ থকা ঠাইতকৈ গছ নোহোৱা ঠাইহে বেছি।

বৰ দুখৰ কথা, কিন্তু এতিয়া আৰু যাদৱে কান্দি বহি নাথাকে ।

যাদৱে ৰোপণ কৰে।

ৰুয়েই যায়।

ৰুয়েই যায়।

আমি হেৰুওৱা আটাইবোৰ অৰণ্য ঘূৰাই অনাটো এতিয়া নিশ্চয় সহজ নহ’ব।

সমুদ্ৰ পৃষ্ঠ ওপৰলৈ উঠি অহা দেখা গৈছে, বতাহ বেছি শীতল হৈছে।

নগৰ মহানগৰ হৈছে৷ যাদৱৰো বয়স হৈ আহিছে।

কিন্তু, তেওঁ গছ ৰুয়ে আছে, ৰুয়ে আছে।

পৃথিৱীখন সেউজীয়া হৈ নপৰালৈ যাদৱে গছ ৰুয়ে থাকিব।

         যাদৱৰ জীৱন গাঠা ।

   যাদৱ ’মুলাই’ পায়েং, এজন প্রকৃতি সংৰক্ষণকাৰী আৰু পদ্মশ্রী সন্মানেৰে অলংকৃত লোক । এই সন্মান ভাৰতবৰ্ষৰ চৰকাৰে প্রদান কৰা এটা সকলোতকৈ ডাঙৰ সন্মান । তেওঁ অসমৰ মাজুলী নামৰ ঠাইখনৰ বাসিন্দা ।

          ষোল্ল বছৰ বয়সত ব্রহ্মপুত্র নদীৰ পাৰত চান্দবৰ নামৰ ঠাইত মৰি পৰি থকা সাপ দেখি দুখিত হৈ সেই ঠাইত যাদৱে গছ-গছনি ৰুবলৈ আৰম্ভ কৰে । বাঁহৰ পুলি ৰুই, অলপ অলপকৈ আৰম্ভ কৰি সম্পূৰ্ণ অৰণ্য এখন  গঢ়ি তোলা তেওঁৰ অতি কষ্টসাধ্য কাম । এয়া ১৯৭৯ চনৰ কথা ।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story