The Little Mountain Bird: Meera’s Heartwarming Adventure in the Himalayas
ডাঙৰ পৰ্বতৰ সৰু চৰাইটো
মীৰা এখন সৰু গাঁৱত থাকে। তাইৰ গাঁওখন আছে হিমাচল প্রদেশৰ পৰ্বত এখনৰ ওপৰত। তাইৰ পাকঘৰৰ খিড়িকীখনৰ পৰা বৰফেৰে ঢাক খাই থকা পৰ্বতখন দেখা পোৱা যায়। ডাঙৰ সোণালী পাখিৰ ঈগলবোৰে প্রায়ে সিহঁতৰ ঘৰৰ ওপৰেৰে উৰে।
Thank you for reading this post, don't forget to subscribe!মীৰাৰ ইচ্ছা ডাঙৰ হ’লে এদিন তাই পৰ্বতৰ একেবাৰে ওপৰলৈ যাব আৰু পৰ্বতৰ আনফালে তললৈ কিনো আছে চাব।
কিন্তু আজি মীৰা, তাইৰ ভায়েক ৰাজেশ আৰু মাক খোজ কাঢ়ি পাহাৰৰ তললৈহে গৈ আছে। সিহঁতে নতুন জোতা কিনিবলৈ বজাৰলৈ গৈছে। নগৰখন দূৰত যদিও মীৰাই খোজকাঢ়ি বজাৰলৈ যাবলৈ বেয়া নাপায়, কিয়নো তাই সদায় বিদ্যালয়লৈ যাবলৈ এঘণ্টা খোজ কাঢ়েই।
সিহঁত সূৰ্য্য উদয় হোৱাৰ আগতেই ওলাল। ঘাইপথটো পাবলৈ দুঘণ্টা খোজ কাঢ়িব লাগিব। তাৰপিছত সিহঁত বাছত যাব।
গৈ থাকোঁতে কেতিয়াবা ৰাস্তাটো নোহোৱা হৈ যায় আৰু সিহঁতে শিলেৰে চোঁচৰি যাবলগা হয়। “হুই ” বুলি কৈ সিহঁতে শিলৰ ওপৰেৰে জঁপিয়াই দিয়ে।
শুকান পাত আৰু ডালবোৰ সিহঁতৰ ভৰিৰ তলত পৰিলে মচমচকৈ শব্দ হয়। “ক্রী!…ক্ৰৰ্…কৰ্.!” এটা সৰু সেউজীয়া হেটুলুকাই জোপোহাৰ পৰা
মাত দিয়ে। এজাক লংগুৰে সিহঁতক সৰল গছৰ পৰা মনে-মনে চাই থাকে।
মীৰাই শিল আৰু ঢেঁকীয়াবোৰে ঢাকি ৰখা নিজৰা এটাৰ পৰা পানী খাবলৈ ৰ’ল। হঠাৎ তাই এটা সৰু চৰাই দেখিলে। চৰাইটো ঢেঁকীয়াৰ ওপৰত পৰি আছে।
“বেচেৰা! সি তাৰ পাখীত আঘাত পাইছে।”
মাকে ক’লে। তাই লাহেকৈ চৰাইটো তুলি ল’লে ।
“আমি চৰাইটো লগত লৈ যাম নেকি?” মীৰাই সুধিলে।
এইটো দহিকতৰা চৰাই। চৰাইটোয়ে নিজৰ সৰু চকুকেইটাৰে সিহঁতলৈ চালে। সি বৰ ভয় খাই আছে। “ভয় নাখাবা,” মীৰাই তাক লাহেকৈ ক’লে।
মাকে ক’লে, “প্রথমে চৰাইটোৰ পাখিখন ভাল কৰিব লাগিব।” সিহঁতে অলপ ভিজা মাটি পাখিখনত লগাই দিলে আৰু ডাঙৰ পাত এটাত চৰাইটোক মেৰিয়াই থ’লে। মীৰাই তাইৰ কাপোৰৰ মোনাখনত চৰাইটো আলফুলকৈ থ’লে।
বাছখন আহি মূলপথত ৰ’লহি। বাছখনত বহি থাকোঁতে মীৰাই চৰাইটো মোনাখনত লৰ-চৰ কৰি থকা যেন পালে। মাকে ক’লে, “তাৰ কিজানি ভোক লাগিছে।” ৰাজেশে ক’লে, “মোৰো ভোক লাগিছে।” সিহঁতে অলপ ভজা বুট খালে।
মীৰাই কেইটামান ভাঙি চৰাইটোকো খাবলৈ দিলে।
পুৰণি বাছখন একা-বেঁকা পাহাৰীয়া পথেৰে আগবাঢ়ি গ’ল।
নগৰখন হুলস্থুলীয়া আৰু মানুহেৰে ভৰা।
“মীৰা আৰু ৰাজেশ, তোমালোক মোৰ ওচৰতে থাকিবা!” মাকে ক’লে। সিহঁত দুয়ো ভালকৈ মাকৰ হাতত ধৰি থাকিল।
বজাৰত সিহঁতে মীৰাৰ বাবে জোতা এযোৰ কিনিলে। মাকে সিহঁতৰ বাবে মিঠাইৰ দোকানৰপৰা গৰম জেলেপীও কিনিলে।
মীৰাই চৰাইটোক জেলেপীৰ সৰু টুকুৰা এটা দিলে, কিন্তু সি সেইটো ভাল নাপালে। তাৰে পৰিবৰ্তে চৰাইটোৱে মীৰাৰ কাপোৰৰ মোনাখনত নিজৰ ঠোঁটেৰে খুটিবলৈ ধৰিলে।
ঘৰলৈ উভতি যাবলৈ মীৰাহঁত আকৌ বাছত উঠিল। বাছখন ইফালৰ পৰা সিফালে হালি যোৱাৰ সময়ত, মীৰাই তাইৰ মোনাখনত চৰাইটোৱে মাতা শুনিলে।

“আমি অতি সোনকালে নিজৰাটো পাম দেই।” মীৰাই লাহেকৈ চৰাইটোক ক’লে। যেতিয়া সিহঁতে নিজৰাটো গৈ পালে, মীৰাই তাক বাহিৰলৈ উলিয়াই দিলে। সি সামান্য জঁপিয়াই, অলপ পানী খালে আৰু তাৰপিছত পুনৰ মীৰাৰ ভৰিত আহি বহিল। চৰাইটোৱেও যেন তাইৰ নতুন জোতাযোৰ ভাল পাইছে!
সিহঁতে ঘৰ পোৱা লৈ প্রায় আন্ধাৰ হৈ আহিল। মীৰাই চৰাইটোৰ বাবে খেৰেৰে এখন কোমল বিচনা কৰিলে। চৰাইটো নিজৰ নতুন বিচনাখনত টোপনি গ’ল।
মীৰা আৰু চৰাইটো এতিয়া ভাল বন্ধু। মীৰাই তাক খাবলৈ অকণ অকণ চাউল আৰু দাইল দিয়ে। এসপ্তাহৰ পিছত এদিন হঠাৎ চৰাইটো উৰি গুচি গ’ল।
আজিকালি মীৰাই যেতিয়াই পাহাৰৰ তললৈ যায়, তাই এটা ক’লা-বগা আৰু দীঘল নেজৰ চৰাই দেখা পায়।
চৰাইটোয়ে সদায় মূৰ দুপিয়ায় আৰু তাইক মাত দিয়ে। তুমি কি ভাবা, এইটো সেই চৰাইটোৱেইনে বাৰু?





