Gad Povaleer Joy: Rangman the Brave Rhino Calf Learns to Speak His Name
গঁড় পোৱালিৰ জয়
সেউজীয়া ঘাহনীৰে ভৰা ৰাষ্ট্রীয় উদ্যান কাজিৰঙা।তাত ৰংমন নামৰ এটা সৰু গঁড় পোৱালি আছিল।ৰংমন বৰ বলী আছিল আৰু সি তাৰ মাক দেউতাকৰ সতে বাস কৰিছিল। তাৰ ধোৱাবৰনীয়া নোমবিহীন ছালখন আছিল গাঁঠিৰে ভৰা। এশিঙিয়া খড়গটোৰ বাবে সিহতি বৰ গৌৰব অনুভব কৰে। ৰংমন কাজিৰঙাৰ মাজেৰে বৈ অহা ব্রহ্মপুত্রৰ পাৰৰ বোকাত লুতুৰি-পুতুৰি হৈ বৰ ভাল পাইছিল।
Thank you for reading this post, don't forget to subscribe!গৰমৰ দিনৰ এটি আবেলি। ৰংমনে নদীলৈ পানী খাবলৈ আহিছিল। এই ঠাইখনলৈ অহা এজাক জীৱ- জন্তুৰ লগ হোৱা তাক বহুতে দেখিছিল।তাত আছিল গজৰাজ হাতী, দুষ্ট বান্দৰ, হিমু নামৰ হৰিণ, কলীয়া কাউৰী, নেলু নামৰ ষাঁড়গৰু, ক’লা দীঘল ডিঙিৰ হৰিণী, সাৰেং পক্ষী , হৰি আৰু ভানু নামৰ দুটা ভেকুলী।
গজৰাজেই প্রথমে মাত লগাইছিল- “মই গজৰাজ আৰু এইবিলাক মোৰ বন্ধু“। ৰংমনে বৰ লাজ লাজ কৈ সকলোলৈকে চাইছিল। “তোমাৰ নাম কি?” দুষ্ট বান্দৰে সুধিলে । ৰংমনে ঘূৰি চাই আৰু এখোজ পিচুৱাই আহিছিল।
“মই ৰং –ৰং…” ঠিক সেই সময়তে এটা মাখিয়ে তাৰ নাকৰ ওপৰত বহি দিয়াত ৰংমনে হাঁচিয়াইছিল।
দুষ্ট বান্দৰ টোৱে খিল্ খিলাই হাঁহি পানীলৈ হাউলি অহা গছৰ ডাল এটিলৈ জাপ মাৰিলে “হিঃ, হিঃ, হিঃ, ৰং ৰং …” সিহত সকলোৱে ভাবিছিল যে সি মাত্র ৰং। হিমু নাম হৰিণ টোৱে তালৈ চালে। আৰু নাকটো ঘুৰাই তললৈ হাউলি পানী খালে । ভানু আৰু হৰিয়ে দ পানীত সাতুৰি অনবৰতে পানীত ডুবিয়াইছিল। হৰিণীয়ে ৰংমনলৈ ঘূৰি চোৱা নাছিল।
কলীয়া কাউৰীয়ে জোৰে চিঞৰিছিল। “অ’ তুমি ৰং – কি আচৰিত নাম”
ৰংমনে সিহঁতলৈ ঘুৰি চাইছিল। “ৰং-ৰং, হিঃ হিঃ হিঃ” দুষ্ট বান্দৰ টোৱে বাৰে বাৰে চিঞৰিছিল। ৰংমনে, পিছুৱাই আহিছিল আৰু চোঁচা লৈছিল। তাৰ মূৰটো হলাই, নাকেৰে জোৰেৰে বতাহ উলিয়াইছিল। তাৰ ছুটি শকত ঠেংকেইখনেৰে বৰ জোৰে দৌৰ দিলে।
সি অলপো ৰোৱা নাছিল। তাৰ বৰ খং উঠিছিল। কিয় তাক ইমান লাজে আগুৰি ধৰিছিল যে সি তাৰ নামটোকে কব নোৱাৰিলে। নদীৰ পাৰৰ ওখ ঘাঁহনিৰ মাজেৰে সি দৌৰিব ধৰিছিল। পথাৰৰ নিগনি, বনৰীয়া শহা আৰু ঈগল চৰাই সকলোকে সি পিছ পেলাই আহিছিল। হঠাতে সি নিজকে ৰাষ্ট্রীয় উদ্যানৰ কাষেৰে যোৱা ৰাজ আলিত উপস্থিত হোৱা বুলি গম পালে। সি ৰাজ আলিৰ মাজতে ৰৈ দিলে।
“কিয় মই ইমান লাজ কৰিলো ।মই নামটোকে কব নোৱাৰিলো । মই কঠোৰ পৰিশ্রম কৰিবই লাগিব।” সি বাৰে বাৰে জোৰকৈ নাকেৰে গোৰগোৰাবলৈ ধৰিলে। “ৰাইন ৰাইন ৰাইন সি পুনৰ গোৰগোৰাবলৈ ধৰিলে। “এনেদৰে নহ’ব” সি নিজে নিজে কৈছিল। “ৰাইন… ৰাইন” হঠাতে কোনোবাই হর্ণ বজাইছিল। বাছ,কাৰ ,আৰু ট্রাকবোৰ ৰৈ গৈছিল। ৰাজ আলিৰ মাজতে গঁড় পোৱালি টোৱে কি কৰিছে?
“পি- পি- পি …পি- পি- পি” ৰংমনে ভয় খাইছিল। সি এপাক ঘূৰি তলৰ মুকলি ঠাইলৈ দৌৰ দিলে । সি তাৰ ঠেঙেৰে যিমান পাৰে সিমান দৌৰিছিল।
ওখ ঘাঁহনি দৰা নোপোৱালৈকে সি দৌৰিয়ে থাকিল। “ৰা-ই-ন ৰা-ই-ন , ৰা-ইন-ৰা-ই-ন” আকাশৰ ওপৰৰ পৰাই ঈগল চৰাইটোৱে তাৰ ঘূৰনীয়া আৰু তীক্ষ্ণ চকু দুটিৰে তললৈ চাইছিল। সি দেখিছিল যে ৰংমনে বৰ জোৰেৰে আৰু স্পষ্টকৈ তাৰ নামটো কবলৈ অভ্যাস কৰি আছিল। পথাৰৰ মাজত থকা নিগনিটোৱেও লক্ষ্য কৰিছিল। শহাটোৱেও । সিহঁতে হাঁহিব পৰা নাছিল। “ৰা-ই-ন- ৰং-ৰাইনচৰচ- মই গঁড় , মই ৰংমন, মই গঁড়।”

অৱশেষত ৰংমনে লাজ নকৰা হ’ল। সি পথাৰৰ নিগনিটোলৈ চাই কৈছিল, “মই ৰংমন, মই গঁড়”।সি আগৰ সেই ঠাইলৈ ঘূৰি গৈছিল। যত সকলো জন্তুৱে ব্রহ্মপুত্রৰ শীতল পানী খাইহি। তেনেতে তালৈ গজৰাজ আহিল। পিছে পিছে নেলু, হিমু, দুষ্ট বান্দৰ কলীয়া আৰু হৰিণী। ভানু আৰু হৰি ইতিমধ্যে তাত আছিল।
পথৰুৱা নিগনি, বনৰীয়া শহা আৰু ঈগলেও তাত যোগ দিছিল। ৰংমনে সকলোলৈকে চাইছিল। লাহে লাহে আৰু সাহসেৰে সি স্পষ্টকৈ কৈছিল, “মই ৰংমন, গঁড় ৰংমন,” সি কল্পনাই কৰিব পৰা নাছিল যে সি ইমান স্পষ্টকৈ তাৰ নামটো ক’ব পাৰিব।
জৰাজে কৈছিল, “হেৰা ৰংমন গঁড়” ঈগলে মাত দিছিল, “সি নিজৰ নামটো
ক’বলৈ বৰ পৰিশ্রম কৰিছে । আমি আনক ঠাট্টা কৰা উচিত নহয়।” ঘূৰি চাইছিল। “ঠাট্টা নকৰিবা।”
দুষ্ট বান্দৰে কৈছিল, “আহা আমি বন্ধু হওঁ । ৰংমন গঁড়।”
“এই ৰাষ্ট্রীয় উদ্যান সকলোৰে বাবে ,” গজৰাজে শুঁৰদাঙি চিঞৰি কৈছিল।
“আমি মিলি জুলি থাকিব লাগে। আনক হাঁহিব নালাগে।”
আন জন্তুবোৰেও কৈছিল, “হেল্ল ৰংমন গঁড়” । ৰংমন বৰ সুখী হৈছিল। সি তাৰ নামটো ক’বলৈ শিকিছিল। লাজকুৰীয়া স্বভাব এৰি ৰংমনে বহুতো নতুন বন্ধু পাতিলে।





