Water Filter Game Story

Water Filter Game Story: A Child’s Simple Game That Saved a Village

Water Filter Game Story about a child’s game that creates clean water and brings hope during a village flood crisis.

বস্তু বিচৰাৰ খেল

কোচি নদীৰ পাৰত থকা এখন গাঁৱত লজ্জোৱে বাস কৰে৷ বৰষুণ তাই খুব ভাল পায়৷

Thank you for reading this post, don't forget to subscribe!

কিন্তু এইবাৰ বৰষুণ জোখতকৈ বেছি৷

বৰষুণ কমাৰ লগে লগে লজ্জো আনন্দিত হ’ল৷

কিন্তু হঠাৎ নদীৰ পানী মথাউৰি ভাঙি গাওঁখনলৈ সোমাই আহিল আৰু বানপানীৰে গোটেইখন ওপচাই পেলালে৷ 

লজ্জোৱে বৰ ভয় খালে৷

দেউতাকে চিঞৰিলে “ব’লা, সকলো ওলোৱা এতিয়াই! লজ্জো তুমিও আহাঁ, আমি অতি সোনকালে ওখ বিপদমুক্ত ঠাইত গৈ আশ্ৰয় ল’ব লাগিব৷”

বানপানীত খোজকঢ়াটো বৰ কঠিন কাম, লজ্জো আৰু তাইৰ পৰিয়ালে কষ্টেৰে আগবাঢ়িল৷ কিছুমান সৈনিকৰ সহায়ত তেওঁলোক এটা ওখ টিলা পালেগৈ য’লৈ তেওঁলোকৰ ওচৰ-চুবুৰীয়া মানুহবোৰো আহিছিল৷

লজ্জোৱে কান্দি কান্দি ক’লে, “মই পুতলাটো এৰি থৈ আহিলোঁ ৷”

তাই পুতলাটো এৰি ক’তোৱেই নাযায়! কিন্তু দেউতাকে ক’লে যে পৰিস্থিতি ভাল নোহোৱালৈকে সিহঁত ঘুৰি যাব নোৱাৰে৷

পিছদিনা ৰাতিপুৱা, তাই পুতলাটো আনিবলৈ যাব পাৰিবনে নাই বুলি 

আকৌ সুধিলে৷

এইবাৰ মাকে খঙতে চিঞৰি ক’লে “লজ্জো, আমাৰ ঘৰ এতিয়া পাঁচ ফুট পানীৰ তলত৷ আমাৰ হাতত খাবলৈ পানী এটোপা নাই আৰু তুমি এটা সাধাৰণ পুতলাক লৈ হাঁহাকাৰ কৰি আছা৷”

“চিন্তা নকৰিবা লজ্জো, তোমাৰ পুতলাটো ঠিকেই আছে৷” ককাকে ক’লে৷ “আহাঁ, আমি এটা খেল খেলোঁ৷”

“খেল!” লজ্জোৰ মৰহি যোৱা মুখখন আনন্দত উজলি উঠিল৷

“এই খেলটোৰ নাম বস্তু বিচৰাৰ খেল৷ তুমি এই কাগজখনত লিখি থোৱা বস্তুবোৰ বিভিন্ন ঠাইৰ পৰা গোটাব লাগিব৷ বস্তুবোৰ গোটোৱাৰ লগে লগে মই তোমাক এটা আচৰিত বস্তু দেখুৱাম৷”

লজ্জোৱে ককাকে দিয়া বস্তুৰ তালিকাখন পঢ়িলে৷

তাই আনন্দত জঁপিয়াই জঁপিয়াই ক’লে, “মই এতিয়াই বিচৰাত লাগি যাম৷”

১. এটা বাল্টি

২. এটুকুৰা কপাহী কাপোৰ

৩. সৰু শিলগুটি

৪. বালি

৫. এটা হাঁতুৰী

৬. এটা বটালী

লজ্জো প্ৰথমে মাকৰ ওচৰলৈ দৌৰিলে৷

মাকে ভাগৰে-জুগৰে ক’লে, “কি হ’ল লজ্জো? পিয়াহ লাগিছে নেকি? আমাৰ লগত খোৱাপানী একেবাৰেই নাই৷”

“নহয় মা, দেউতাই মোক পানী এঘোট খাবলৈ দিলে৷ মোক এটুকুৰা কপাহী কাপোৰহে লাগে, তোমাৰ লগত আছে নেকি?”

মাকৰ হাতত অতিৰিক্ত কাপোৰ নাছিল, সেইবাবে নিজৰ কপাহী শাৰীখনৰ পৰা এটুকুৰা কাপোৰ কাটি লজ্জোক দি ক’লে “এয়া লোৱা৷”

লজ্জোৱে আনন্দতে মাকক সাৱটি ধৰিলে৷

দেউতাকে তাইক বাল্টি এটা বিচাৰি দিয়াত সহায় কৰিলে৷

“বাহ বাহ! মই তালিকাখনত থকা তিনিটা বস্তু গোটালোৱেই!”

“লজ্জো, মোৰ বৰ পিয়াহ লাগিছে৷ তোমাৰ লগত খোৱা পানী আছে নেকি?” তাইৰ বন্ধু প্ৰতীকে সুধিলে৷

“নাই ভাই, আমাৰ গোটেইখিনি পানী শেষ হ’ল৷”

“ঠিক আছে৷” সি ক’লে৷ “তুমি কিবা বিচাৰি আছা নেকি?”

“মই সৰু সৰু শিলগুটি বিচাৰি আছোঁ,” 

তাই ক’লে৷ “সৌ তাতে আছে, সেইখিনি লোৱা৷”

এতিয়া মাত্ৰ দুটা বস্তুহে বিচাৰিবলৈ বাকী আছিল!

লজ্জো গাৱঁৰ কাঠমিস্ত্ৰীজনৰ ওচৰলৈ গ’ল৷ “মিস্ত্ৰী খুৰা, মিস্ত্ৰী খুৰা, তোমাৰ হাঁতুৰী আৰু বটালীটো মই অলপ সময়ৰ বাবে নিব পাৰোঁনে?”

“হাতুঁৰী-বটালী আকৌ তোমাক কিয় লাগে লজ্জো?”

তাই ক’লে “ককাৰ লগত খেল এটা খেলি আছোঁ৷ ”

“খেল? গোটেই গাঁওখনৰ মানুহৰ পিয়াহত অন্ঠ-কন্ঠ শুকাই আছে আৰু তুমি খেলাৰ বাবে সময় পাইছা?”

তেওঁ অলপ ভোৰ-ভোৰাইছিল যদিও সঁজুলিখিনি তাইক দি পঠালে৷

Water Filter Game Story

লজ্জোৱে ককাকৰ আগত তাই জমা কৰা বস্তুবোৰ পেলাই দিলে আৰু গৌৰৱেৰে ক’লে “হৈ গ’ল”৷

ককাকে হাঁহি এটা মাৰি বাল্টিটো ল’লে আৰু ওলোটা কৰি হাঁতুৰী আৰু বটালীৰে তল ফালে এটা ফুটা কৰিলে৷

ককাকে কপাহী কাপোৰডোখৰ বাল্টিটোৰ তলত পাৰি দিয়া দৃশ্য লজ্জোৱে বৰ আগ্ৰহেৰে চাই আছিল৷

তাৰ পিছত তেওঁ তাত অলপ বালি ঢালি দিলে৷

“লজ্জো, সৰু সৰু শিলবোৰ বাল্টিটোত দি দিয়াচোন!” ককাকে ক’লে৷

লজ্জোৱে শিলগুটিবোৰ বাল্টিত ভৰাই ককাকক সহায় কৰিলে৷ তাৰ পিছত তেওঁলোকে ডাঙৰ শিলবোৰ তাত দি দিলে৷

ককাকে এটা বটলেৰে নদীৰ বোকা পানী অলপ লৈ বাল্টিটোত ভৰাই দিলে৷

লজ্জোৱে কৌতূহলেৰে সুধিলে, “তুমি কিয় এনেকুৱা কৰিলা?”

ককাকে হাঁহিলে৷ অতি কম সময়ৰ ভিতৰতে পানীখিনি পৰিষ্কাৰ হৈ বাল্টিটোৰ তলৰ ফুটাৰে টোপ-টোপ কৈ পৰিবলৈ ধৰিলে৷ 

তেওঁ পানীখিনি এটা গিলাচত ভৰালে৷

“লজ্জোৱে বোকাপানীখিনি পৰিষ্কাৰ কৰিবলৈ এটা ফিল্টাৰ বনালে,” ককাকে ক’লে৷ “যোৱা, এগিলাচ পানী মা আৰু দেউতাক দি আহাঁ৷”

মাক আৰু দেউতাক নথৈ আনন্দিত হ’ল! তেওঁলোকে পানীখিনি উতলাই খালে৷ অতি সোনকালে প্ৰতীক, মিস্ত্ৰী খুৰা, মাক, আৰু দেউতাকে বাল্টিটো আগুৰি ধৰি ক’লে, “সুন্দৰ কাম কৰিলা লজ্জো!” তেওঁলোক উল্লাসিত হ’ল৷

পিছদিনা সৈনিকসকল নাঁৱত সিহঁতৰ দৰে বানপীড়িতসকলৰ বাবে সাহায্য লৈ উপস্থিত হ’ল৷ লজ্জোৰ পৰিয়ালটোৱেও সকাহ পালে৷

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story