Angry Child Story: How Akku Learns to Calm Her Anger Through Art and Care
খঙাল অক্কু
স্কুল ছুটি হোৱাৰ লগে লগে, অক্কুত বাহিৰে বাকী ল’ৰা-ছোৱালীবোৰে আনন্দতে হাঁহি-ফূৰ্তি
কৰি কিৰিলি পাৰিবলৈ ধৰিলে। অক্কুৰ খং উঠি আছিল।
“অক্কু, অক্কু, সেই বেলি ফুলবোৰ চোৱাচোন! কিমান ধুনীয়া লাগিছে।”, দেউতাকে পথাৰৰ মাজেৰে গৈ থাকোঁতে তাইক ক’লে।
“ইমান বেছি হালধীয়া। মোৰ একো ভাল লগা নাই!” অক্কুৱে ক’লে।
“অক্কু! অক্কু! বান্দৰবোৰলৈ চোৱাচোন!!”, অক্কুৰ ঘৰৰ চালিখনৰফালে দেউতাকে আঙুলিয়াই দেখুৱালে।
“ছি:! ছি:! যা! যাহ! গুছি যা!” অক্কুৱে ক’লে।
“আইজনী খোৱাচোন, অলপ লাছি খোৱা।”, দেউতাকে ক’লে।
“লাছি খালে তোমাৰ খংটো কমিব।”
“উহু!” অক্কুৱে ক’লে, “নাই,মই নাখাওঁ।”
“অলপমান খোৱাচোন!”
“দিয়া! ঠিক আছে।” অক্কুৱে এক ঢোক মাৰিলে।
লাছিখিনি খাই তাই বেয়া নাপালে।
তাই আৰু অলপ খালে, এনেকৈ গিলাচটোত থকা গোটেইখিনি লাছি
তাই ততালিকে খাই শেষ কৰি পেলালে।
“বড়া খাবা নেকি?” দেউতাকে সুধিলে।
“ছি:!” অক্কুৱে ক’লে।
“এটা খাই চোৱা?”
“ঠিক আছে।”, অক্কুৱে ক’লে আৰু এটা খালে।
তাই আৰু এটা মুখত ভৰালে। আৰু তেনেকৈ চকুৰ পচাৰতে প্লেটখন খালী হৈ গল।
“ইমান ভাল ছোৱালী!”, দেউতাকে অক্কুক ক’লে। “এতিয়া কোৱাচোন, কিয় তোমাৰ ইমান খং উঠি আছে?”
“না!” অক্কুৱে ক’লে।
“মই কিবা কৰিলোঁ নেকি?”
“না!”
“মাৰাই কিবা কৰিলে নেকি?”
“না!”
“আজি স্কুলত কিবা হৈছে নেকি?”
“হ’বও পাৰে!”
“ওহোঁ!”
“আঁকি দিবা নেকি তেনেহ’লে?” দেউতাকে ক’লে। “এয়া চোৱা, কিমান সুন্দৰ কাগজ আৰু ৰং পেঞ্চিল।”
অক্কুৱে ক’লে, “ঠিক আছে।”
অক্কুৱে এটা ইটা আঁকিলে…
“ৰাতিপুৱা মই এই বেয়া ইটাটোৰ কাৰণে উজুটি খাই পৰিলোঁ”, অক্কুৱে ক’লে।
“হয়তো, ইমান বেয়া ইটা এইটো!”, দেউতাকে ক’লে।
তাৰপিছত অক্কুৱে এটা ল’ৰাৰ ছবি আঁকিলে….
“এইজন বিক্কু, বৰ বেয়া ল’ৰা! ই মই পৰাৰ কাৰণে বৰকৈ হাঁহি আছিল।” অক্কুৱে ক’লে।
“হয়নে!” দেউতাকে ক’লে। “সি তোমাক
হাঁহিব নালাগিছিল।”
তেনেকৈ অক্কুৱে এটা ইডলি আঁকিলে…
“এইটো মোৰ ইডলি,” অক্কুৱে ক’লে। “মই ইটাটোত উজটি খাই পৰি যাওঁতে এই ইডলিটো মোৰ টিফিনৰপৰা ওলাই পৰি গৈছিল!”
তাৰ পিছত অক্কুৱে এটা কাউৰী আঁকিলে…
“এই বেয়া কাউৰীটোৱে মোৰ ইডলিটো লৈ উৰি গুচি গ’ল”, অক্কুৱে ক’লে।
“বৰ ভোকত আছিল চাগে কাউৰীটো,” দেউতাকে ক’লে।
আৰু অক্কুৱে তাইৰ স্কুলৰ শিক্ষয়িত্রীগৰাকীক আঁকিলে…
“এইগৰাকী মোৰ শিক্ষয়িত্রী, অমলা বাইদেউ,” অক্কুৱে ক’লে. “মই পৰোঁতে অমলা বাইদেৱে মোক সহায় কৰিছিল, তেওঁ মোক সাৱটি ধৰিছিল।”
“তেখেত বৰ ভাল,” দেউতাকে ক’লে।
“আৰু তেখেতে মোৰ গালখনত চিকুটি দিছিল। কিন্তু কোনোবাই মোৰ গালখন চুলে মই বৰ বেয়া পাওঁ।”
“বহুত দুখ পাইছিলা চাগে তুমি?”
“অলপমান। এতিয়া ভাল।”
“তেনেহ’লে ঠিকেই আছে দিয়া।”
“বাহ! চোৱা কিমান ধুনীয়া ছবি আঁকিব জানা তুমি?” দেউতাকে ক’লে।
“তুমি বৰ ধুনীয়া চিত্রকৰ দেই! মাৰাৰ কাৰণে কিবা আঁকিবা নেকি?”

“অঁ আঁকিম!” অক্কুৱে ক’লে আৰু তাই কিবা কিবি আঁকিব ধৰিলে। “এইটো এটা বগা নিগনি…. এইখন নাও… আৰু এইডাল নাৰিকল গছ…”
“আৰু এইটো বেলিফুল…দেউতা, এইখন তোমাৰ চাইকেল… এইটো এটা কুকুৰ… এইটো এটা ভেকুলী…”
অতি কম সময়ৰ ভিতৰত অক্কুৱে সেই ইটাটোৰ কথা পাহৰি গল, তাইক জোকোৱা সেই হাঁহি থকা বেয়া ল’ৰাটোৰ কথাও পাহৰি গ’ল. আৰু ইডলিটো লৈ যোৱা কাউৰীটোৰ কথাও তাইৰ মনৰপৰা আঁতৰি গ’ল…
অক্কুৱে তাইৰ খংটোও পাহৰি গ’ল।
অক্কুৰ নিচিনা খুব খং উঠিলে তলৰ এই ১০টা কাম কৰিব লাগে:
১. হাতদুখন ওপৰৰ ফালে কৰি জোৰে জোৰে জঁপিয়াব লাগে!
২. লাহে লাহে উশাহ ল’ব লাগে।
৩. খং উঠিলে অলপমান পানী নাইবা অলপমান দৈ খাব লাগে!
৪. ফল নাইবা বড়া খাব লাগে!
৫. তুমি কি অনুভৱ কৰিছা ডাঙৰক
জনাব লাগে!
৬. তোমাৰ অনুভৱৰ বিষয়ে লিখিব লাগে!
৭. ছবি আঁকি বা তাত ৰং কৰি দেখুৱাব লাগে!
৮. মাটিৰ সৈতে খেলিব লাগে!
৯. খঙৰ বিষয়ে এটা গান গাব লাগে!
১০. বান্দৰৰ দৰে নাচিব লাগে!






