Magic Letters

The Magic Letters of Friendship

Magic Letters for Kids story and easy invisible ink experiment using lemon juice at home with simple steps.

যাদুৰ আখৰ

ইজাজ হাৰিয়ানাত থাকে আৰু বিক্রম থাকে হায়দৰাবাদত । ইমান দূৰত থকাৰ পিছতো দুয়ো বৰ ভাল বন্ধু ।

Thank you for reading this post, don't forget to subscribe!

 অলপ দিনৰ আগলৈকে ইজাজ আৰু বিক্রম প্রতিৱেশী  আছিল । 

 সিহঁত দুয়ো ক্রিকেট খেলিবলৈ, সাথৰ ভাঙিবলৈ আৰু বিৰিয়ানী খাবলৈ ভাল পাইছিল ।

 জন্মদিন আৰু বিভিন্ন উৎসৱ আদি সিহঁত দুয়ো একেলগে পালন কৰিছিল ।

 ইজাজে তাৰ প্রিয় বন্ধু  অন্য ঠাইলৈ গুচি যোৱাৰ কাৰণে বৰ দুখ পাইছিল, কিন্তু  বিক্রমৰ  পৰা চিঠি আহিলে তাৰ মনটো আনন্দৰে

ভৰি পৰে ।

 বিক্রমে পঠিওৱা সাথৰৰ উত্তৰ উলিয়াবলৈ সি ভাল পাই ।

 ঈদৰ দিনা বিক্রমৰ পৰা এটা লেফাফা আহিল । লেফাফাটো খুলি বিক্রমে এটা কাৰ্ড উলিয়ালে ।

 “ঈদ মোবাৰক, ইজাজ! তোমাৰ কাৰণে এটা চমক আছে । চিঠিখন পঢ়া ।‘‘

ইজাজে চিঠিখন খুলিলে ।  বিক্রমে কি পঠাইছে দেখি ইজাজ আচৰিত হ‘ল ।  যোৱাবাৰ বিক্রমে কিছুমান সাঁথৰ পঠাইছিল ।

কিন্তু ৰ‘বা । এইবাৰ কাগজখন খালি  । সি পাহৰিলে নেকি ?

 সি কাগজখন  ভাজ দি চাব লাগিব নেকি ?

ইজাজে কাগজখন ভাঁজ কৰি চালে যদিও ইয়াৰ পৰা কোনো উত্তৰ নোলাল ।

ইজাজে কাগজখন পোহৰৰ সন্মুখত দি চালে । 

কাগজখন ঘূৰণীয়া কৰি ফুটাটোৰে চালে ।

সি তাৰ আঙুলি কেইটা কাগজৰ ওপৰত ফুৰাই দিলে, কিন্তু একো নহ‘ল ।

ইজাজে কাৰ্ডটো আকৌ এবাৰ চালে ।

তেতিয়া সি কাগজত থকা কমলা আৰু হালধীয়া ৰঙৰ পোহৰ দেখিবলৈ পালে ।

এই ৰং বিক্রমে কৰিছে নেকি ?

কিন্তু, বিক্রমে ৰং কৰিবলৈ ভাল নাপায় !

  ইজাজ দৌৰি ৰান্ধনি ঘৰলৈ গ‘ল । “আম্মী, মোক গৰম কিবা এটা দিয়াচোন !‘‘

  আম্মীয়ে তেওঁৰ হাতটো গামোচাত মচি মচি ক‘লে,“বিৰিয়ানী হোৱা নাই ইজাজ, তুমি অলপ সময় ৰ‘ব লাগিব । 

“মই বিৰিয়ানী নাখাওঁ !‘‘ ইজাজে ক‘লে, সি চিঠিখন গৰম কৰিবলৈ বিচাৰিছে ।

স্ট‘ভৰ পৰা মমবাটি জ্বলাবলৈ আম্মীয়ে তাক সহায় কৰি দিলে । ইজাজে  কাগজখন মোমবাটিৰ সন্মুখত ডাঙি ধৰিলে ।

“তুমি কাগজখনৰ ওচৰত মোমবাটিডাল ধৰিলে কাগজখন পুৰি যাব‘‘, আম্মীয়ে তাক ক‘লে ।

সি কাগজখন মোমবাটিৰ পৰা অলপ দূৰত ধৰি  অশান্তভাৱে তাৰ ভৰি কেইটা লৰাবলৈ ধৰিলে । কি হ‘ব ?

অকণমান সময়ৰ পিছতে কাগজখনত মূগা ৰঙৰ লাইন কেইটামান যাদুৰ বলত যেন দেখা দিলে ।

“বাহ ! আম্মী, শব্দ কেইটা চোৱাচোন !‘‘ ইজাজে চিঞৰিলে ।

 আম্মীয়ে ইজাজৰ লগত শব্দ কেইটা পঢ়িলে ।

 “আমি মাৰ্বল ক‘ত খেলোঁ ।‘‘

 শব্দ কেইটা পঢ়ি আম্মী দোমোজাত পৰিল, কিন্তু ইজাজ জাঁপ মাৰি উঠিল ।

“ক‘লৈ যাব লাগিব মই জানো ।‘‘ ইজাজে চিঞৰি উঠিল । সি ছিৰিৰ তলত থকা পাৰ্কিং ৰ ঠাইখিনি পাৰ হৈ দৌৰি গৈ বেঞ্চ এখনৰ ওচৰত বহিলগৈ ।

কিন্তু তাত একো নাছিল । তাত অন্য কিবা এটা ইঙ্গিত আছে বুলি ইজাজ নিশ্চিত হ‘ল ।

সি চাৰিওফালে চাই  ফোপাবলৈ ধৰিলে ।

“বিক্রম!, তুমি ইয়াত কি কৰিছা ?‘‘

The Magic Letters

 ইজাজে তাৰ চকুক বিশ্বাস কৰিব নোৱাৰিলে । এইটো সঁচাকৈয়ে এটা সুন্দ ৰ চমক!

“তুমি ভাবিব পৰা নাছিলানে ?‘‘ বিক্রমে হাঁহি মাৰিলে ।

 “মই আহিলোঁ, কাৰণ তোমাৰ আম্মীৰ বিৰীয়ানীলৈ মোৰ বৰ মনত পৰিছিল ।‘‘ ইজাজে হাঁহি মাৰি তাক সাবটি ধৰিলে ।

 সেই সময়তে আম্মীয়ে ইজাজক মাতিলে, “বিৰিয়ানী হ‘ল, খাবা আঁহা !‘‘

 গোপন আখৰ তৈয়াৰ কৰিবৰ কাৰণে  তলত দিয়া বস্তু কেইটা তোমাক প্রয়োজন হ‘ব ।

 নেমু

 চৰিয়া

 খালি কাগজ 

ৰং দিয়া ব্রাছ এডাল

 পানী

পদ্ধতি

১। এটা বাটিত নেমু এটাৰ আধা ভাগ চেপি ৰস উলিয়াই ল‘ব লাগে ।

২। এতিয়া নেমুৰ ৰসত কেইটোপালমান পানী দি ভালদৰে লৰাই লোৱা ।

৩। ৰঙ কৰা ব্রাছডাল এই নেমু পানীখিনিত ডুবাই কথাখিনি খালি কাগজখনত লিখা ।

৪। এতিয়া শুকাবলৈ দিয়া ।

৫। শেষত গোপন কথাখিনি তোমাৰ বন্ধু্লৈ পঠিয়াই দিয়া । কাগজখন এডাল মোমবাটি বা কিবা গৰম বস্তুৰ   সন্মুখত ডাঙি ধৰিলেই কথাখিনি স্পষ্ট হৈ ওলাই পৰিব ।

    এইদৰে কৰি আনন্দ উপভোগ কৰা ।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story