Virtual Reality

Lazy Uncle and the Magic of Virtual Reality

Explore how Lazy Uncle introduces kids to Virtual Reality, blending fun adventures with learning safely.

এলেহুৱা মামা

টক্‌ টক্‌!

Thank you for reading this post, don't forget to subscribe!

মাকে দুৱাৰখন খুলিলে।

“ৰঘু মামা!” আমিচ আৰু চোনিয়ে

তেখেতক সাৱটি ধৰি চিঞৰি উঠিল।

ৰঘু মামা সিহঁতৰ মাকৰ একমাত্র ভায়েক আছিল।

তেওঁ সদায় সিহঁতক ভাল ভাল কাহিনী শুনাইছিল আৰু

সিহঁতৰ কাৰণে খুব আমোদজনক উপহাৰ আনিছিল। 

কিন্তু ৰঘু মামাৰ লগত এটাই সমস্যা আছিল।

ৰঘু মামা ইমানেই এলেহুৱা আছিল যে তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিজৰ চকীখনত বহি পঢ়ি বা টি.ভি. চাই থাকিব পাৰিছিল। নাইবা শুই থাকিব পাৰিছিল। 

তেওঁ ঘৰৰ একোৱে কাম নকৰিছিল আৰু আনকি গেলামাল কিনিবলৈ বজাৰলৈও নগৈছিল। বায়েকে তেওঁৰ এলেহুৱামি দেখি বিৰক্ত হৈ পৰিছিল।

মাকে ক’লে, “তেনেহ’লে ৰঘু, এইবাৰো সদায়ৰ নিচিনা তোমাৰ বন্ধৰ দিনকেইটা নিজৰ প্রিয় চকীখনতে কটাম বুলি ভাবিছা নে?”

ৰঘু মামাকে ক’লে, “নাই, নহয়! এইবাৰ মই পানীৰ তলৰ গুহা চাম, ওখ পৰ্বত বগাম আৰু হাবিত বাঘ চিকাৰ কৰিম।

“ক’ত, ক’ত?” আমিচ আৰু চোনিয়ে হঠাৎ চিঞৰি উঠিল।

“আমিও যাম!”

“হাঁ!” মাকে ক’লে। “তোমাৰো যে ধেমালি আৰু দেই!” 

ৰঘু মামাকে এটা ৰহস্যময় হাঁহি মাৰিলে।

তাৰ পিছদিনা, যেতিয়া ৰঘু মামা তেওঁৰ কোঠাত আছিল, আমিচ আৰু চোনিয়ে তেওঁক কাৰোবাৰ সৈতে কথা পাতি থকা শুনিলে। 

“বাহ!” তেওঁ কৈ আছিল। 

তাৰ পিছত, “অতি সুন্দৰ!” 

তাৰে অলপ পিছত, “আহ হা!” 

অকণমানি ল’ৰা-ছোৱালী দুটা কোঠাৰ

ভিতৰলৈ দৌৰি গ’ল। “কি হ’ল, ৰঘু মামা?”

ৰঘু মামা এযোৰ ডাঙৰ ক’লা চশমা পিন্ধি নিজৰ প্রিয় চকীখনত বহি আছিল। কোঠাটোত আন কোনো ব্যক্তি নাছিল! চোনি আৰু আমিচে আচৰিত হৈ ইজনে-সিজনৰ ফালে চালে। 

আমিচে মামাকৰ প্ৰায় গোটেই মুখখন ঢাকি ধৰা ক’লা চশমাযোৰলৈ লক্ষ্য কৰি তেওঁক সুধিলে, “সকলো ঠিকে আছে নে মামা?” 

ৰঘুৱে হাঁহিলে আৰু চশমাযোৰ খুলি চোনিক ক’লে, “লোৱা, এইযোৰ পিন্ধি চোৱাচোন।” 

“এয়া কি?” চোনিয়ে সুধিলে। চশমাযোৰ ইমানেই গধূৰ আছিল যে তাই দুইখন হাতেৰে চশমাযোৰ ধৰিব লগা হ’ল।

ৰঘু মামাই সাৱধানে চশমাযোৰ চনিক পিন্ধাই দিলে। চশমাযোৰ এন্ধাৰ হৈ আছিল, সেইবাবে তাই প্রথমে একো দেখা নাছিল। তাৰে পিছত মামাই এটা বুটাম টিপি দিলে। হঠাৎ চনি সাগৰত আছিল!

চাৰিওপাশে ৰঙীণ মাছ আছে। তাই বাওঁ ফালে মুখখন ঘূৰাই দেখিলে যে এটা ডাঙৰ কাছ তাইৰ কাষতে সাতুৰি আছে। কাছটো ইমানেই কাষত আছিল যে তাই ভাবিলে তাই কাছটো চুব পাৰিব।

তাৰে পিছত তাই আনফালে মুখখন ঘূৰালে… 

“ইহ!” এটা ডাঙৰ হাংগৰ তাইৰ কাষতে সাতুৰি থকা দেখি তাই চিঞৰি উঠিলে।

আচৰিত হৈ থকা চনিৰ পৰা চশমাযোৰ লব খুজি অমিচে কলে, “মোকো চাবলৈ দিয়া! মোকো চাবলৈ দিয়া!” 

ৰঘু মামাই কলে, “ইয়াৰ পিছত তোমাৰে পাল। তোমাৰ বাবে আন এটা কাহিনী আছে।” অমিচে চশমাযোৰ পিন্ধাৰ পিছত মামাই আন এটা বুটাম টিপি দিলে।

Virtual Reality

“আহ, মই এজাক ফুটুকী হৰিণ আৰু লংগুৰ দেখা পাইছো!”

অমিচ গছেৰে ভৰা এখন ঘন অৰণ্যত আছিল। সি বিভিন্ন চৰাইৰ মাত শুনিবলৈ পালে। ওপৰলৈ চোৱাত সি এজাক ৰাজহাঁহ V-আকাৰত গোটেই আকাশত উৰি থকা দেখিলে।

চোনিয়ে কলে,“এইয়া ইমান সঁচা যেন অনুভৱ হয়। মই যেতিয়া চশমাযোৰ পিন্ধিছিলো, এনেকুৱা লাগিছিল যেন মই পানীৰ তলত সাঁতুৰি আছিলো।” 

ৰঘু মামাকে কলে, “হয়! সেইবাবে চাগে ইয়াক ‘ভাৰ্চুৱেল ৰিয়েলিটি’ বোলা হয়।” চোনি বিভ্রান্ত হৈ পৰিল। 

“কিন্তু ভাৰ্চুৱেল মানে অসত্য নহয় জানো?’, তাই সুধিলে, ‘তেনেহলে অসত্যতাত সত্যতা কেনেকৈ থাকিব পাৰে?” 

ৰঘু মামাকে কলে, “এইটো অতি বুধিয়কৰ প্রশ্ন সুধিছা। ইয়াক ভাৰ্চুৱেল ৰিয়েলিটি বা ভি আৰ বোলা হয় কাৰণ ই তোমাক অনুভৱ কৰায় যে, যি তুমি দেখি আছা সেয়া সত্য। সেইবাবে এয়া প্রায় সত্য।” 

“মোক সহায় কৰা! বাঘ এটাই মোক খাব ওলাইছে।” আমিচে চিঞৰি উঠিল। ৰঘু মামাকে হাঁহিলে। তেওঁ আমিচক ক’লে, “চিন্তা নকৰিবা, তুমি একেবাৰে নিৰাপদে আছা!” 

চোনিয়ে উৎসাহিত হৈ ক’লে, “ই চিনেমা চোৱাৰ দৰে লাগে, কিন্তু তাৰে তুলনাত বেছি ভাল।” 

মামাকে ক’লে, “ঠিক কৈছা! যেতিয়া আমি ছবি ঘৰত চিনেমা চাওঁ, স্ক্রীনখন কেৱল আমাৰ সন্মুখত থাকে। কিন্তু যেতিয়া আমি ভি আৰ চশমাযোৰ পিন্ধি লওঁ, এনেকুৱা লাগে যেন চিনেমাখন আমাৰ চৌপাশে চলি আছে।”

ৰঘু মামাকে সুধিলে, “তেনেহ’লে মোৰ দৰে তোমালোকেও নিজৰ গৰমৰ বন্ধটো ভাৰ্চুৱেল ৰিয়েলিটিৰ অনুসন্ধান কৰি কটাব খোজা নে?” 

আমিচে চশমাযোৰ খুলি অলপ সময় ভাবিলে আৰু তাৰ পিছত ক’লে, “মই ভাবো যে মই আচল সত্যতাহে পছন্দ কৰোঁ।”

“কিন্তু কিয়?” ৰঘু মামাকে আচৰিত হৈ সুধিলে। আমিচে ক’লে, “মই অৰণ্যত এটা ৰসাল আম দেখিছিলো। এতিয়া মোৰ আম খাব মন গৈছে। কিন্তু ভাৰ্চুৱেল ৰিয়েলিটিত মই আম খাব নোৱাৰো।” চোনিয়ে ক’লে, “ময়ো খাম আম!” দুয়ো পাকঘৰলৈ দৌৰি গ’ল। “মোৰ বাবে ৰোৱাচোন!” ৰঘু মামাকে ক’লে আৰু সিহঁতৰ পিছে পিছে গ’ল। অৱশেষত ৰঘু মামাক নিজৰ প্রিয় চকীখনৰ পৰা উঠিল।

ভাৰ্চুৱেল ৰিয়েলিটি বাইট 

১. “ভাৰ্চুৱেল ৰিয়েলিটি” নামটো প্রথমবাৰৰ বাবে ১৯৮৩ চনত ডেমিয়েন ব্রোদৰিকৰ ‘দ্যা জুদাছ মন্‌দালা’ নামৰ বিজ্ঞানভিত্তিক উপন্যাসখনত ব্যৱহাৰ হৈছিল।

২. ভি আৰ খুব শক্তিশালী কম্পিউটাৰেৰে বনোৱা হয়। ত্রিমাত্রিক বিশ্বৰ সৃষ্টি কৰিবলৈ চশমাযোৰৰ ভিতৰত সৰু স্ক্রীন ব্যৱহাৰ কৰা হয় যাতে ইয়াক আচল পৃথিৱীৰ দৰে চাব আৰু অনুভৱ কৰিব পাৰি। 

ভাৰ্চুৱেল ৰিয়েলিটি বাইট 

৩. ভি আৰ চশমাত সংবেদক থাকে, যিয়ে আমাৰ চকু কোন দিশে ঘূৰিছে ধৰা পেলাব পাৰে। উদাহৰণস্বৰূপে, যদি তুমি ওপৰৰ দিশে চোৱা, চশমাযোৰৰ ছবিখিনিও সলনি হয়। তুমি আচল জীৱনত যি দেখিলাহেঁতেন, চশমাযোৰেও সেয়া দেখুৱায়। সেইবাবে যদি তুমি আমিচৰ দৰে অৰণ্যত থাকা আৰু ওপৰৰ ফালে চোৱা, তেনেহ’লে তুমি অৰণ্যৰ সলনি আকাশ দেখিবা।

৪. ভাৰ্চুৱেল ৰিয়েলিটি কেৱল খেল খেলাৰ বাবে বা নতুন পৃথিৱীৰ অনুসন্ধান কৰিবলৈ ব্যৱহাৰ কৰা নহয়। ইয়াক কঠিন কামত মানুহক প্রশিক্ষণ দিবলৈও ব্যৱহাৰ কৰিব পাৰি। অগ্নিনিৰ্বাপনকাৰীয়ে ভি আৰৰ সহায়ত জ্বলি থকা বিল্ডিঙৰ পৰা মানুহ উদ্ধাৰ কৰাৰ অনুশীলন কৰিব পাৰে। মহাকাশচাৰীসকলে মহাকাশত থকাৰ আৰু নতুন পৃথিৱীৰ অনুসন্ধান কৰাৰ অনুশীলন কৰিব পাৰে। ভাৱি চোৱাচোন, মহাকাশযানত ভৰি দিয়াৰ আগতে মংগল গ্রহত খোজ কঢ়াৰ অনুভৱ কৰিব পাৰিলে কেনেকুৱা লাগিব! 

৫. ভি আৰ চশমা শিশুসকলৰ ব্যৱহাৰৰ বাবে সুৰক্ষিত নে? বিজ্ঞানীসকলে বিশ্বাস কৰে যে মোবাইল ফোনৰ দৰে সৰু স্ক্রীনত কিবা চোৱা আৰু ভি আৰত কিবা চোৱাৰ পৰিণতি একে। সেইবাবে আমি কিমান সময় আৰু কিমান সঘনে ইয়াক ব্যৱহাৰ কৰো, সেইবিষয়ে সাৱধান হোৱা উচিত।

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story