Water Crisis and Water Conservation

Water Crisis and Water Conservation: A Village’s Fight for Survival

A powerful story on water crisis and water conservation showing how awareness and action saved a dying village.

পানীৰ সমস্য়া

পানীপুৰ নামৰ এখন অতি ৰঙিয়াল গাওঁ আছিল | ইয়াৰ বাসিন্দাসকলে খেতি-বাতি কৰি, বোৱা-কটা কৰি আৰু প্ৰকৃতিৰ বুকুত আনন্দৰে থাকি জীৱন কটাইছিল | গধূলিৰ সময়ত গাঁৱৰ সকলোকে গীত গাই নাচি ৰং-ৰহইচ কৰা দেখিবলৈ পোৱা গৈছিল |

Thank you for reading this post, don't forget to subscribe!

সীতানন নামেৰে পানীপুৰত এজন বৰ ধনী কৃষক আছিল | তেওঁ নিজৰ একমাত্ৰ পুত্ৰ শ্বেৰগাক উচ্চ শিক্ষাৰ বাবে চহৰলৈ পঠাইছিল | তেওঁ বিচাৰিছিল যাতে শ্বেৰগাও ভৱিষ্য়তে অতি ধনী আৰু প্ৰসিদ্ধ হওঁক |

যিদিনা শ্বেৰগা চহৰলৈ যাব ওলাইছিল সিদিনা মাক মৈত্ৰীয়ে পুত্ৰৰ প্ৰিয় ব্য়ঞ্জন ৰান্ধি খুৱাইছিল | গাঁৱৰ সকলো ব্ৰাক্ষণক মাতি ভোজ-ভাতৰ ব্য়ৱস্থা কৰা হৈছিল | পুত্ৰই চহৰত পঢ়ি শুনি ডিগ্ৰী লৈ অহাৰ কথাটোৱে পিতৃক গৰ্বিত কৰিছিল |

দিন বাঢ়ি যোৱাৰ লগে লগে এদিন মৈত্ৰীয়ে অনুভৱ কৰিলে যে গাঁৱত পানীৰ নাটনি আৰম্ভ হৈছে | এক কলহ পানী সংগ্ৰহ কৰিবৰ বাবে বহু দূৰ দূৰণিলৈ যাব লগা হৈছিল | গাঁৱৰ আন মহিলাসকলেও পানী অনাৰ বাবে বহুত সময় লগা কথাটোত অসন্তুষ্ট হৈছিল |

গাঁৱত পানীৰ পৰিমাণ ইমানেই কমি গৈছিল যে সকলোৱে ভয় খাইছিল আৰু দুৰ্ভিক্ষ হোৱাৰ আশংকা কৰিছিল | সেয়েহে কথাবোৰ আলোচনা কৰিবৰ বাবে এদিন গধূলি সকলো গাঁওবাসী একত্ৰিত হৈছিল |

এদিন মৈত্ৰীৰ ভতিজাজন সেইখন গাঁৱলৈ আহিল | সি লগত এটা বাল্টি আনিছিল | সিহঁতৰ গাঁৱতো পানীৰ বৰ আকাল হৈছিল আৰু সেইবাবে সি ধাৰলৈ এবাল্টি পানী নিবৰ বাবে মৈত্ৰীহঁতৰ গাঁৱলৈ আহিছিল |

কিছুদিন পিছত দেখা গ’ল যে গাঁৱত মেকুৰীবোৰ লাহে লাহে পানীৰ অভাৱত দুৰ্বল হৈ পৰিছিল আৰু এন্দুৰৰ উপদ্ৰৱ বৃদ্ধি পাইছিল |

এজন এজনকৈ গাঁৱৰ মানুহবোৰে পানীৰ অভাৱত জুৰুলা হৈ পানী পোৱা ঠাইৰ সন্ধানত গাঁও এৰি গুচি গৈছিল | মৈত্ৰীৰ চিন্তাৰ তৰণি নাছিল কিয়নো খাবলৈ খুদকণৰ অভাৱে দেখা দিছিল, তাহানিৰ নদন বদন খেতি-বাতি পানীৰ অভাৱত মৰি গৈছিল | লাহে লাহে মানুহবোৰে ইঘৰে আনঘৰত ভিক্ষা খুজিবলৈ যাবলৈ লৈছিল |

মৈত্ৰীয়ে আগৰ দিনবোৰৰ কথা মনত পেলালে … যেতিয়া তাই নদীৰ পাৰত গা ধুবলৈ গৈছিল, জামু গছৰপৰা জামু পাৰি খাইছিল , নদীৰ পাৰত বিভিন্ন পৰ্ব উদযাপন কৰিছিল, নদীৰ পাৰত সকলোৱে শীতল বা ল’বৰ বাবে গৈছিল |

আজিকালি হালৰ বলদ গৰুবোৰো দুৰ্বল হৈ আহিছিল , সিঁহতৰ মুখত ভোকৰ চিন স্পষ্ট আছিল | কুকুৰৰ গৰাকীবোৰে গাওঁ এৰি যাওঁতে কুকুৰবোৰো লৈ গৈছিল |গাঁৱত মাথোঁ বাঢ়ি গৈছিল এন্দুৰবোৰ |

চহৰত পঢ়িবলৈ যোৱা শ্বেৰগাই এদিন নিজৰ গাওঁ পানীপুৰৰ বিপত্তিৰ কথা বাতৰিযোগে জানিব পাৰিলে | সি গম পালে যে পানী আৰু আহাৰৰ অভাৱত গাওঁবাসীয়ে আন আন ঠাইলৈ গুচি যাবলগীয়া হৈছে | গোটেই গাওঁ দুৰ্ভিক্ষৰ গৰাহত |

শ্বেৰগাৰ পঢ়াত আৰু মন নবহা হ’ল | হঠাতে পানীপুৰৰ এনে অৱস্থা কি কাৰণে হ’বলৈ পালে তাকে লৈ সি চিন্তা চৰ্চা কৰিবলৈ লাগিল | তাৰ শিক্ষানুষ্ঠানৰ শিক্ষকমণ্ডলৰ সৈতে আলোচনা কৰিলে এই বিষয়ে | তেওঁলোকে কথাবোৰ গভীৰভাৱে চিন্তা কৰি সমাধান উলিয়াবৰ বাবে বিজ্ঞানৰ পুথিত থকা বৰ্ষা-জল-সঞ্চয়ন আৰু ড্ৰিপ জলসিঞ্চন ব্য়ৱস্থাৰ বিষয়ে পঢ়িবলৈ পৰামৰ্শ দিলে |

পিছৰ সপ্তাহত শ্বেৰগা নিজৰ গাওঁ পালেগৈ | মাক-দেউতাক আৰু মৰমৰ বন্ধুবৰ্গক লগ পাবলৈ সি অধীৰ আগ্ৰহেৰে ৰৈ আছিল | কিন্তু গাঁৱত উপস্থিত হয়েই দেখা পোৱা তাৰ মৰমৰ গাইজনীক দেখি তাৰ অন্তৰ দুখত ভাগি পৰিল , সি ভাবিবলৈ ধৰিলে ” গাঁৱত সকলো জীয়াই আছেনে !! “

শৈশৱৰ দিনবোৰলৈ শ্বেৰগাৰ মনত পৰিল | গাঁৱৰ চিৰ বিনন্দীয়া ৰূপ কিদৰে নোহোৱা হৈ আজি এই অৱস্থা হ’বলৈ পালে সি ভাবি পোৱা নাছিল |

তাৰ পিছদিনা শ্বেৰগাই ঢোল বজাই বজাই গাঁওবাসীক কিছু কথা ক’বৰ বাবে একত্ৰিত কৰিব খুজিছিল… কিন্তু গাঁৱত তেতিয়ালৈ কেইজনমানহে মানুহ বাকী আছিলগৈ |

Water Crisis and Water Conservation

তাৰ ভিতৰত আছিল মাথোঁ তিনিজন বয়সস্থ আৰু এটি সৰু শিশু | শ্বেৰগাই তথাপি মনোবল অটুট ৰাখিলে আৰু লোকসকলক পানীৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন উপায়ৰ বিষয়ে বুজাব ধৰিলে | বৰ্ষা ঋতুৰ কালছোৱাতেই বৰষুণৰ পানী জলাধাৰত জমা কৰি থোৱাৰ বিষয়ে ক’লে |

শ্বেৰগাই দিন ৰাতি একাকাৰ কৰি নিজৰ গাঁৱখনক আগৰ দৰে সেউজীয়া কৰি তুলিবৰ বাবে কৰি থকা প্ৰচেষ্টাৰ কথা জানিব পাৰি গাঁও এৰি গুচি যোৱা মানুহবোৰো এজন এজনকৈ নিজ গাঁৱলৈ ঘূৰি আহিল | পানীপুৰত লাহেকৈ মানুহৰ আগমন ঘটিল !!

এনেদৰে অশেষ কষ্ট আৰু বিলৈৰ মূৰত প্ৰায় দুবছৰ মানৰ পিছত লাহেকৈ পানীপুৰ গাঁৱৰ অৱস্থা আগৰ দৰে হৈ পৰিল | এতিয়া আৰু তাত দুৰ্ভিক্ষ নাই | পানীৰ অভাৱ গুচাবলৈ সকলোৱে একগোট হৈ পৰিস্থিতিৰ সৈতে যুঁজ দিছিল |

বৰ্ষা ঋতুত প্ৰচুৰ বৰষুণ হৈছিল আৰু সকলোৱে পানী সংৰক্ষণত লাগি গৈছিল |

এতিয়া পানীপুৰৰ চৌপাশে কেৱল সেউজীয়া | গাওঁবাসীৰ মাজত আনন্দৰ লহৰ |

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story