Princess Weightlifter Story – The Journey of a Warrior Princess to Victory
ভাৰোত্তোলনকাৰী ৰাজকুমাৰী
ৰাজকুমাৰী নীলা চিন্তিত হৈ পৰিল।
Thank you for reading this post, don't forget to subscribe!ৰাজ্যত অনুষ্ঠিত হ’বলৈ ওলোৱা বিখ্যাত সূৰ্য্য চেম্পিয়নশ্বিপ নামৰ ভাৰোত্তোলন প্রতিযোগিতাখনলৈ আৰু মাত্র এমাহহে সময় আছে।
আৰু নিয়ম অনুসৰি তাইৰ ওজন ৫৫
কিলোগ্রাম হ’ব লাগিব। কিন্তু তাইৰ
এতিয়াও ওজন মাত্ৰ ৫৩
কিলোগ্রাম আৰু তাই
২ কিলোগ্রাম ওজন
বঢ়াব লাগিব।
সূর্য্য চেম্পিয়নশ্বিপ পূব দিশৰ সাতোখন ৰাজ্যৰ ভিতৰত সর্বশ্রেষ্ঠ খেলুৱৈজনৰ নামেৰে নামকৰণ কৰা হৈছে।
নীলাই এই প্রতিযোগিতাখনত ভাগ ল’বলৈ তাইৰ গোটেই জীৱন অপেক্ষা কৰি আছে।
নীলাই সৰুৰেপৰা ওজন থকা বস্তুবোৰ দাঙি বৰ ভাল পায়।
কুকুৰ
চকী
মেজ
পেৰা (আলমিৰা)
আৰু আনকি মাজে সময়ে ৰজাকো দাঙিছিল।
এদিন ৰাণীয়ে নীলাক সুধিলে, “তোমাৰ অনুশীলন কেনে চলি আছে?” নীলাই তপৰাই উত্তৰ দিলে, “ভাল, কিন্তু মোৰ ওজন এতিয়াও ২ কিলো কমি আছে!”
ৰাণীয়ে তাইক এটা সিজোৱা কণী আগবঢ়াই দি ক’লে, “ভালদৰে খোৱা, তুমি তালৈ যাব লাগিব।”
খাই থাকোঁতে নীলাই চাৰি বছৰ আগতে হৈ যোৱা প্রতিযোগিতাখনলৈ মনত পেলালে। তাইৰ বয়স তেতিয়া মাত্র ১২ বছৰ আছিল।
নেথিল ৰাজ্যৰ ৰাজকুমাৰ বিক্রম সেই সময়ৰ বিজেতা আছিল। আন প্রতিযোগীসকলৰ তুলনাত তেওঁ বহুগুণে শক্তিশালী আছিল।
নীলাই জানে যে তাই বিবাহযোগ্য হৈ উঠিলে ৰজাই তাইৰ বিয়া ৰাজকুমাৰ বিক্রমৰ লগত অনুষ্ঠিত কৰাৰ কথা ভাবিছে।
কিন্তু নীলাই এক বেলেগ ধৰণৰ পৰিক্ল্পনা কৰিছে। নীলা বৰফে ঢাকি ৰখা ঠাইলৈ যাব বিচাৰে। এই ঠাইখনত সমগ্ৰ প্রদেশৰ সর্বশ্রেষ্ঠ ক্রীড়া বিদ্যালয়খন অৱস্থিত।
তাই ৰাণীক সুধিলে “মোক আৰু এটা সিজোৱা কণী দিবা নে?”
তাইৰ কথা শুনি ৰাণীয়ে হাঁহিলে। কিছু বছৰ আগতে ৰাণীয়েও নীলাৰ দৰে দৌৰিবলৈ, সাঁতুৰিবলৈ, ঘোঁৰাত উঠিবলৈ, আৰু প্রতিযোগিতাত বিজয়ী হ’বলৈ বিচাৰিছিল। কিন্তু সেইবোৰ এতিয়া বহু পুৰণি কথা।
দিন বাগৰাৰ লগে লগে, নীলা কঠোৰ অনুশীলনত ব্রতী হৈ পৰিল।
তাই পর্বত বগোৱাত লাগিল। তাই নদীত সাঁতুৰিবলৈ ল’লে। তাই ভাল ভাল খাদ্য বস্তুৰ লগতে মাংস, শাক-পাচলি আৰু ফলমূল খোৱা আৰম্ভ কৰিলে।
তাইৰ দেহটো অস্ত যাবলৈ ধৰা সূর্য্যটোৰ দৰে সোণালী-মুগা বৰণৰ হৈ পৰিল।
প্রতিযোগিতাৰ এসপ্তাহ আগত ভাৰ জোখা যন্ত্ৰৰ সহায়ত তাই নিজৰ ওজন জোখাৰ বাবে থিয় দিলে।
তাইৰ ওজন দেখি তাই উৎফুল্লিত হৈ পৰিল। অৱশেষত ৫৫ কিলো হ’ল!
তাই দাপোন খনৰ সন্মুখত গৈ বাহু ফুলাই নিজকে এবাৰ চাই মনৰ মাজতে ক’লে, “হয়, মই কৰি দেখুৱালোঁ।” এই কথাটো ভাবোঁতে তাই মুখৰ পৰা হাঁহি আঁতৰা নাছিল।
অৱশেষত প্রতিযোগিতাৰ দিন আহিল। নীলাই নিজকে সাজু কৰি ল’লে। এইবাৰৰ প্রতিযোগীতাসমূহ আগতকৈ অধিক কঠিন আছিল।
নীলাই শক্তিশালী ভাৰোত্তোলনকাৰীসকলক বাচি থৈছিল। সেই হালধীয়া পাগুৰি মৰা ল’ৰাজন, বেণী গোঁঠা ছোৱালীজনী আৰু নিশ্চিতভাৱেই, ৰাজকুমাৰ বিক্রম।
সময় অনুসৰি ভাৰোত্তোলন প্রতিযোগিতাৰ আৰম্ভণি হ’ল। তেওঁলোকে শিল দাঙিছে। তেওঁলোকে কাঠৰ ডাঙৰ টুকুৰা দাঙিছে। তেওঁলোকে মূল্যবান সামগ্ৰীৰ চন্দুক দাঙিছে। তেওঁলোকে কাঠৰ পেৰা দাঙিছে।
বিচাৰকে তেওঁলোকক ভালদৰে লক্ষ্য কৰিছে। সিহঁতৰ হাত কঁপিছে নেকি? সিহঁতৰ ভৰি স্থিৰ আছেনে? তেঁওলোকৰ দেহভংগীবোৰ ঠিকে আছেনে?
নীলাই তাইৰ দাঁতবোৰ চেপি ধৰিছে। তাইৰ দেহৰ প্ৰতিটো মাংসপেশী আৰু তাইৰ দেহৰ পৰা ওলোৱা প্রতিটোপাল ঘাম তাই অনুভৱ কৰিব পাৰিছে।
ৰাজকুমাৰ বিক্রম আগবাঢ়ি আছিল, কিন্তু নীলাও তেওঁৰ ঠিক পিছতে আছিল।
প্রতিযোগিতা আহি আহি শেষৰ পৰ্য্যায় পালে।শেষত তেওঁলোকক এখন প্ৰাচীন লোহাৰ সিংহাসন দাঙিবলৈ দিয়া হ’ল।

যদিও আন প্রতিযোগীসকলেও ভাল কৰিলে, কিন্তু নীলাই সকলোতকৈ ভাল কৰিলে।
তাই সিংহাসনখন উঠোৱাত দেহৰ সমগ্ৰ শক্তি প্রয়োগ কৰিলে। তাইৰ গোটেই দেহ বিষত জৰ্জৰিত হ’ল, তাইৰ ডিঙিৰপৰা শব্দ ওলাই আহিল। তাই ভাগৰি পৰি নিজৰ পৰাজয় মানি ল’ব খোজোঁতেই সূর্য্য কথা তাইৰ মনলৈ আহিল।
পিছ মুহূর্তত লোহাৰ সিংহাসনখন শূন্যত ওলমি ৰ’ল।
শেষত চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ল। ৰাজকুমাৰী নীলা বিজয়ী হ’ল।
ৰজাই বুকু ফুলাই ক’লে “তুমি এতিয়া এজন বিজয়ী বীৰৰ পত্নী হোৱাৰ যোগ্যতা অর্জন কৰিলা।”
ৰজাৰ কথা শুনি ৰাজকুমাৰী নীলাই মিচিকীয়া হাঁহি এটা মাৰি ক’লে,
“নহয়, মোৰ পৰিচয় এতিয়া এগৰাকী বিজয়ী বীৰাংগনাৰ হে।”





