Aajo Aita’s Real Age

The Fascinating Journey to Discover Aajo Aita’s Real Age

Puttā and Putti uncover Aajo Aita’s Real Age through clues from history, weaving a fun, heartwarming adventure across time and memories.

আজো আইতাৰ বয়স

পুট্টা আৰু পুট্টি বিছনাৰ পৰা জপিয়াই উঠি আহিলে।

Thank you for reading this post, don't forget to subscribe!

আজি আজো আইতাৰ ওপজাদিন আৰু আজো আইতাৰ ঘৰলৈ যাবলৈ তেওঁলোকে এখন ট্ৰেইন ধৰিবগৈ লাগিব।

আজো আইতা হ’ল যমজ ভাতৃ-ভগ্নীদ্বয়ৰ মাকৰ মাকৰ মাক, আৰু তেওঁ মহীশূৰত থকা আইতা অৰ্থাৎ তেওঁলোক দুজনৰ মাকৰ মাকৰ লগত থাকে। আজো আইতাৰ জন্মদিন আচলতে কোনদিনা সেই কথা কোনেও নাজানে। আইতাই সদায় মকৰ সংক্ৰান্তিৰ দিনাই আজো আইতাৰ জন্মদিন উদ্‌যাপন কৰে।

“মা, তাত বাৰু আজি কেক খাবলৈ পাম নে?”, পুট্টিয়ে সুধিলে। “গোলপীয়া আইচিং আৰু ওপৰত এপাহ গোলাপ ফুলৰ সৈতে এটা ডাঙৰ, কোমল কেক?”

“ধেৎ, বুঢ়া মানুহৰ জন্মদিনত কেক নাকাটে,” পুট্টাই ক’লে। “আৰু ২০০ ডাল মমবাটি কোনো কেকতে নুজুৰিব।”

“আজো আইতাৰ বয়স ২০০ বছৰ হোৱা নাই, বুৰ্বক,”পুট্টিয়ে ক’লে। “আজো আইতাৰ বয়স কিমান হৈছে মা?”

মাকে মিচিকিয়াই উত্তৰ দিলে, “তালৈ যাওঁতে তোমালোকে

নিজেই নোসোধা কিয়?”

মহীশূৰত আইতাকৰ পুৰণি, সেউজীয়া বৰণৰ ঘৰটোত উপস্থিত হৈয়ে দুয়ো আজো আইতাৰ কোঠালৈ ঢপলিয়াই গ’ল।

“শুভ জন্মদিন, আজো আইতা! আজি আপুনি কিমান বছৰীয়া হ’ল?”

আজো আইতাই দুয়োকে সাৱতি ধৰিলে। “মই কিমান বয়সীয়া? কোনে জানে! জানি কৰিমেই নো কি?”

“কিন্তু, জনাটো জৰুৰী!” পুট্টা আৰু পুট্টিয়ে সমস্বৰে চিঞৰি উঠিল।

“ঠিক আছে তেনেহ’লে, শুনা, “মিচিকীয়া হাঁহি মাৰি আজো আইতাই ক’লে, “মই জনামতে, মোৰ জন্মৰ প্ৰায় পাঁচ বছৰ আগতে আমাৰ মহাৰাজ, দিল্লীত মহাৰাজ আৰু মহাৰাণীসকলৰ বাবে আয়োজিত এক বিশেষ ভোজমেললৈ গৈছিল। এহাল বৃটিছ মহাৰাজ আৰু মহাৰাণীও তালৈ আহিছিল আৰু তাত আমাৰ মহাৰাজে সোণৰ পদক লাভ কৰিছিল।”

“ৱাহ্‌! ভোজমেল! তাত নিশচয় বহুত কেক আছিল!” পুট্টিয়ে ক’লে। “কোন আছিল এই মহাৰাজ আজো আইতা? যদি আপুনি জানে, আমি তেওঁ কেতিয়া আহিছিল সেইটো বিচাৰি উলিয়াব পাৰিম। আৰু তাৰ লগত পাঁচ বছৰ যোগ কৰি দিলেই আমি আপোনাৰ জন্মৰ চনটো গম পাম!”

আজো আইতাই মূৰটো জোকাৰি ক’লে, “মোৰ মনত নাই পুট্টা।”

পুট্টাৰ মূখখন জঁই পৰি আহিল।

“মোৰ আৰু কিবা মনত পৰে নেকি ভাবি চাওঁ ৰ’বা।” আজো আইতাই ক’লে। “আ…আ..! যেতিয়া মই তোমালোকৰ বয়সৰ আছিলো, ন বা দহ বছৰীয়া, মোৰ ব’ম্বেত থকা খুৰা আমাৰ ঘৰলৈ আহিছিল আৰু আমাক পৰিস্কাৰ ৰে’লগাড়ীৰ কথা কৈছিল।”

“পৰিস্কাৰ ৰে’লগাড়ী?”

“হয়!” আজো আইতাই উত্তেজিত স্বৰে ক’লে।”সেইবছৰৰ পৰা ব’ম্বেত সেই ৰে’লগাড়ীবোৰ চলিবলৈ আৰম্ভ কৰিছিল। সেই ৰে’লগাড়ীত গ’লে তুমি লেতেৰা নোহোৱা।”

ৰে’লগাড়ীত গ’লে আকৌ কোনোবা লেতেৰা হ’ব কিয়? দুয়ো আচৰিত হ’ল।

“তাৰ কেইবছৰৰমান পিছতে মোৰ বিয়া হৈছিল। তেতিয়াৰ আইন অনুসৰি বিয়াৰ আগতে ছোৱালী এগৰাকীৰ বয়স ন্যূনতম ১৫ বছৰ হ’ব লাগে আৰু মোৰ দেউতাই কেতিয়াও আইন ভংগ কৰা নাছিল। গতিকে, মই তেতিয়া অন্ততঃ ১৬ বছৰীয়া আছিলো। বিয়াৰ পিছতেই তোমালোকৰ আজো ককাই ব’ম্বেত এটা নতুন চাকৰি পালে আৰু আমি মহীশূৰৰ পৰা তালৈ গ’লো।”

“আজো ককাৰ লগত আপোনাৰ বিয়া হোৱা বছৰটোত কিবা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল নেকি?” পুট্টাই সুধিলে।

“হয়,” আজো আইতাই দুখ মনেৰে ক’লে। “সেইবছৰ দশেৰাৰ সময়ত আমাৰ মহাৰাজে আমাৰ ডাঙৰ নদীবান্ধটো আৰু তাৰ কাষতে থকা ধুনীয়া উদ্যানখনৰ উন্মোচন কৰিছিল। কিন্তু সেইসময়ত মই ব’ম্বেত থকা বাবে উন্মোচনী অনুষ্ঠানলৈ যাব নোৱাৰিলো।”

“ডাঙৰ নদীবান্ধ?” পুট্টা বহাৰ পৰা উঠি দিলে। “সেইটো এতিয়াও তাতে আছেনে?”

আজো আইতাই হাঁহি হাঁহি উত্তৰ দিলে, “নিশ্চয়! একেবাৰে নজহা নপমা হৈ আছে। এই বান্ধে কাবেৰী নদীক এনেদৰে নিয়ন্ত্ৰণ কৰি আছে যাতে বাৰিষা অত্যাধিক বানো নাহে আৰু গ্ৰীষ্মকালত খেতি পথাৰবোৰত পৰ্যাপ্ত পানী থাকে।”

Aajo Aita’s Real Age

আইতাই দুৱাৰেদি মূৰটো সোমোৱাই সুধিলে, “আপুনি কে আৰ এছৰ কথা কৈছে নেকি মা?”

“অ… কে আৰ এছ,” আইতালৈ মৰমেৰে চাই আজো আইতাই ক’লে। “তোমালোকৰ আইতা মোৰ পঞ্চম সন্তান, একেবাৰে সৰু, কিন্তু সকলোতকৈ বুধিয়ক। তোমালোকে জানানে, মোৰ সন্তানসকল এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জন্ম হৈছিল, দুটা বাৰিষাৰ মূৰে মূৰে এজন এজনকৈ। তোমালোকৰ আইতাৰা জন্ম হোৱাৰ দিনা তোমালোকৰ আজো ককা ঘৰত নাছিলে। পিছত তেওঁ আমাক কৈছিলে যে তেওঁ গোৱালীয়া টেংক ময়দানত গান্ধীজীৰ ভাষণ শুনিবলৈ গৈছিলে। তেওঁ বহুত উত্তেজিত হৈ পৰিছিল আৰু গোটেই দিনটো ‘ভাৰত ত্যাগ’ বুলি চিঞঁৰি কেচুৱাকনক আমনি কৰিছিল।”

“ভাৰত ত্যাগ!” উত্তেজনাত পুট্টিৰ চকু ডাঙৰ হৈ গ’ল। “আমি এই বিষয়ে বুৰঞ্জীত পঢ়িছো, পুট্টা! এই আন্দোলন ১৯৪২ চনত আৰম্ভ হৈছিল! তাৰমানে, ১৯৪২ চনতে…”

“…আইতাৰ জন্ম হৈছিল।” পুট্টাই মুখ বিকটাই ক’লে। “আজো আইতাৰ নহয়।”

“এইটো এটা আৰম্ভণি!” পুট্টিয়ে ক’লে। “আপোনাৰ কোন চনত জন্ম হৈছিলে আইতা?”

“এইবছৰ মোৰ বয়স ৭৪ বছৰ হ’ব,” আইতাই ক’লে। “গতিকে মোৰ জন্ম কেতিয়া?”

পুট্টিয়ে লৰালৰিকৈ গণনা কৰি ক’ল, “১৯৪২!” আইতাই মূৰ দুপিয়ালে।

“আইতা হ’ল আজো আইতাৰ পঞ্চম সন্তান আৰু তেওঁৰ সন্তানসকল 

দুবছৰৰ ব্যৱধানত জন্ম হৈছিল। গতিকে, যদি আইতাৰ জন্ম

 ১৯৪২ চনত হৈছিল…”

“তেওঁৰ চতুৰ্থ সন্তানৰ জন্ম হৈছিল ১৯৪২-২=১৯৪০ চনত, তৃতীয়জনৰ  ১৯৪০-২=১৯৩৮ চনত, দ্বিতীয়জনৰ ১৯৩৮-২=১৯৩৬ চনত, আৰু প্ৰথমজন সন্তানৰ জন্ম হৈছিল ১৯৩৬-২=১৯৩৪ চনত।”

“গতিকে আজো আইতাৰ বিয়া হৈছিল ১৯৩২ চনত!” পুট্টিয়ে চিঞঁৰি উঠিল।

“নহ’বও পাৰে,” পুট্টাই ক’লে। “আজো আইতাই এই কথা কোৱা নাই যে তেওঁৰ প্ৰথম সন্তানটো তেওঁৰ বিয়াৰ দুবছৰ পিছত জন্ম হৈছিল। তেওঁ মাত্ৰ কৈছে যে তেওঁৰ বিয়াৰ বছৰেই মহীশূৰত এটা বান্ধ সাজিছিলে।” 

হাতত আজো আইতাৰ প্ৰিয় মিষ্টান্ন চেৱৈঁৰ পায়সৰ পাত্ৰ এটা লৈ আইতা কোঠালৈ সোমাই আহিল। “হয়তো ই তোমালোকক সহায় কৰিব,” তেওঁ ক’লে। “কে ৰ এছ হ’ল কৃষ্ঞৰাজাসাগৰ বান্ধ। ইয়াৰ গা-তে লাগি থকা উদ্যানখন হ’ল বৃন্দাবন উদ্যান। যোৱাবছৰ আমি সংগীতময় ফোঁৱাৰা চাবলৈ তালৈ গৈছিলো, মনত আছেনে?”

দুয়ো সন্মতিসূচকভাৱে মূৰ দুপিয়ালে। “ম্‌ম্‌ম্‌! আপুনি ৰন্ধা পায়সৰ সোৱাদ সকলোতকৈ উত্তম আইতা!” পুট্টিয়ে ক’লে।

“কে আৰ এছ কেতিয়া বান্ধিছিলে, আপুনি জানে নেকি, আইতা?”

আইতাই তেওঁৰ মূৰটো লৰাই উত্তৰ দিলে,”মই সঠিককৈ নাজানো। কিন্তু দুপৰীয়াৰ আহাৰৰ পাছত দুয়ো তোমালোকৰ ককাৰ লগত কেন্দ্ৰীয় পুথিভৰাললৈ যাব পাৰা আৰু তাতে বিচাৰি ল’বা।”

পুথিভৰালত পুট্টিয়ে মহীশূৰৰ বুৰঞ্জী সম্বন্ধীয় এখন কিতাপ পালে।

“এয়া চোৱা!” তাই ফুচফুচাই ক’লে। “মহীশূৰৰ দুখন অতি প্ৰসিদ্ধ পৰিব্ৰজন থলী, কে আৰ এছ বান্ধ আৰু তাৰ নিকটৱৰ্তী বৃন্দাবন উদ্যান ১৯৩২ চনত সাৰ্বজনীনভাৱে উদ্বোধন কৰা হয়।”

দুয়ো মিচিকিয়াই ক’লে, “অৰ্থাৎ আজো আইতাৰ প্ৰকৃততে বিয়া হৈছিল ১৯৩২ চনত. আজিৰ পৰা প্ৰায় ৮৪ বছৰ আগতে!”

“আজো আইতাৰ মতে তেওঁলোকৰ বিয়াৰ সময়ত তেওঁৰ বয়স আছিল ১৬ বছৰ,” পুট্টিয় ক’লে। “কিন্তু তেতিয়া তেওঁৰ বয়স ১৫ বা ১৭ অথবা ১৮ ও হ’ব পাৰে।”

“তেওঁ কোৱামতে তেওঁৰ ব’ম্বেত থকা খুৰাকে তেওঁক পৰিষ্কাৰ ৰে’লগাড়ীৰ বিষয়ে কওঁতে তেওঁ ন নে দহ বছৰীয়া,” পুট্টাই ক’লে। “পৰিষ্কাৰ ৰে’লগাড়ীৰ বিষয়ে ককায়ে জানিব পাৰে।”

ককা পঢ়া কোঠাত আছিলে।

“ককা,” পুট্টিয়ে সৰুকৈ মাতিলে। “পুৰণি কালত ৰে’লযাত্ৰা কৰিলে যাত্ৰীবোৰ লেতেৰা হৈছিল নেকি?”

ককাই সন্মতিসূচকভাৱে মূৰ দুপিয়ালে। “তেতিয়া ভাপ ইঞ্জিনৰ প্ৰচলন আছিল। এই ইঞ্জিনবোৰ বিদ্যুতৰ সহায়ত নহয়, বৰঞ্চ কয়লাৰ সহায়ত চলিছিল। চিমনিৰ পৰা কয়লাৰ গুৰি উৰি আহিছিল আৰু সকলোৰে গায়ে-মূখে আৰু সকলো বস্তুতে পৰিছিল। ভয়ংকৰ!” ককাই ক’লে।

“এতিয়া বুজি পালো!” পুট্টাই ক’লে। “বৈদ্যুতিক

ৰে’লগাড়ী বোৰেই হ’ল পৰিষ্কাৰ ৰে’লগাড়ী!”

সি ভাৰতীয় ৰে’লপথ সম্বন্ধীয় এখন কিতাপ উলিয়াই আনিলে। “ইয়াত লিখা আছে,” সি আঙুলিয়াই দেখুৱালে, “যে ভাৰতৰ প্ৰথম বৈদ্যুতিক ৰে’লগাড়ী ১৯২৫ চনত ব’ম্বেলৈ আহিছিল!”

“আৰু আইতাৰ মতে তেতিয়া তেওঁ ন বছৰীয়া,” পুট্টাই ক’লে। “যদি তেওঁ শুদ্ধকৈ কৈছে তেন্তে তেওঁৰ জন্ম হৈছিল ১৯১৬ চনত।”

“কিন্তু তেওঁ ভূলকৈও ক’ব পাৰে,” ভ্ৰু কোঁচাই পুট্টিয়ে ক’লে।

“গম পোৱাৰ এটা উপায় আছে,” পুট্টাই ক’লে। “আমি এইটো বিচাৰি ঊলিয়াব লাগিব যে তেওঁ কোৱা সেই তেওঁৰ জন্মৰ পাঁচ বছৰ আগেয়ে দিল্লীত ৰজা ৰাণীসকলৰ বাবে আয়োজিত বিশাল ভোজ-মেল ১৯১১ চনত হৈছিল নেকি!”

দুয়ো ঢপলিয়াই গৈ ককাৰ ওচৰ পালেগৈ।

“ককা, ১৯১১ চনৰ আশে পাশে ভাৰতলৈ অহা কোনো বিদেশী ৰজাৰ অভ্যৰ্থনাৰ বাবে কিবা ভোজমেলৰ আয়োজন কৰা হৈছিল নেকি? “

ভুৰু কোঁচাই ককাই সুধিলে, “১৯১১? সেই চনটোৰ বিষয়ে কিয় ইমান শুনা শুনা যেন লাগিছে? অ’ হয়! সেইবছৰেই ব’ম্বেত ‘গেটৱে’ অৱ ইণ্ডিয়া’ সজা হৈছিলে। আৰু সেয়া সজা হেছিলে বৃটিছ শাসিত ভাৰতৰ শাসক পঞ্চম জ’ৰ্জক আদৰণি জনাবলৈ। তেতিয়া সম্ভব কেৱল এখন নহয়, একেৰাহে কেইবাখনো ভোজ-মেলৰ আয়োজন কৰা হৈছিল।”

ককাই তেখেতৰ কপাল চপৰিয়াই কৈ উঠিল, “ইমান বয়সতো মগজুৱে ঠিকেই কাম কৰি আছে, নহয়নে?”

                                          “অলপো বেয়া নহয়!” দুয়ো ক’লে।

                                          “ধন্যবাদ, ককা!” আজো আইতাৰ সঠিক বয়স                                                  কিমান  হৈছে তেওঁলোকে গম পলে!

পাঁচ মিনিট পিছত তেওঁলোক গৈ ঘৰ পালেগৈ। 

“আজো আইতা,” ঘৰত উপস্থিত হৈয়ে আজো আইতাকৰ কোঠাৰ দিশে হুৰমূৰাই লৱৰি গৈ দুয়ো সুধিলেগৈ, “মহীশূৰৰ মহাৰাজে সোনৰ মোহৰ পঞ্চম জ’ৰ্জৰ পৰা গ্ৰহণ কৰিছিল নেকি?”

“আ.আ.আ!” আজো আইতাই আনন্দিত হৈ ক’লে। “হয়। জ’ৰ্জ! তোমালোক দুয়ো যে কি বুধিয়ক ল’ৰা-ছোৱালী!”

“তাৰ মানে, আজো আইতা আপুনি ১৯১৬ চনত জন্ম লাভ কৰিছিল! আপুনি আজি সম্পূৰ্ণ ১০০ বছৰীয়া হ’ল!”

“দুয়ো অতি গুৰুত্বপূৰ্ণ তথ্য অনুসন্ধান কৰি উলিয়ালা!” মায়ে হাঁহি মাৰি ক’লে। “মই ভাবো তোমালোক দুয়ো আৰু আজো আইতাৰা বিশেষ খাদ্য খাবলৈ পোৱাৰ যোগ্য। গোলপীয়া আইচিং আৰু ওপৰত এপাহ গোলাপ ফুলৰ সৈতে এটা ডাঙৰ, কোমল কে’ক।”

“হুৰ্‌..ৰ্‌..ৰে!” দুয়ো আনন্দতে কিৰিলিয়াই উঠিল।

মহাৰজা মহাৰাণীৰ মহা সমাৰোহ (ইয়াৰ উপৰিও ভাৰত বুৰঞ্জীত লিপিবদ্ধ অন্যান্য আমোদজনক কাহিনী)

আজো আইতাই কোৱা বুৰঞ্জীপ্ৰসিদ্ধ ঘটনাবোৰ মনত আছেনে? সেই সকলোবোৰ ঘটনা বাস্তৱিকতে সংঘতিত হৈছিল! এইখিনিতে সেইবোৰৰ বিষয়ে আৰু অলপ তথ্য আগবঢ়োৱা হ’ল।

মহাৰজা – মহাৰাণীৰ মহাসমাৰোহ (১৯১১) –  যেতিয়া বৃটিছ শাসক পঞ্চম জ’ৰ্জ আৰু তেওঁৰ পত্নী ৰাণী মেৰী প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল, তেওঁলোকে ভাৰতৰ প্ৰায় ৪০০ ৰজা – ৰাণীৰ বাবে এক বিশাল ভোজমেলৰ আয়োজন কৰিছিল। এয়া দিল্লী – দৰবাৰ নামেৰে প্ৰসিদ্ধ। ২০০,০০০ জন অভ্যাগতৰ বাবে বেকাৰীবোৰে দিনৌ প্ৰায় ২০০০০ পাউৰুটি প্ৰস্তুত কৰিছিল আৰু প্ৰতি সাজ আহাৰৰ বাবে ১০০০ তকৈও অধিক ছাগলী আৰু ভেৰা বধ কৰা হৈছিল! মহীশূৰৰ ৰজা চতুৰ্থ কৃষ্ঞৰাজা উদেয়াৰৰ লগতে বহুতো ভাৰতীয় শাসকে এই মহা সমাৰোহত সোনৰ পদক লাভ কৰিছিল।

পৰিষ্কাৰ ৰে’লগাড়ী (১৯২৫) – ১৯২৫ চনৰ ৩ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰথম বৈদ্যুতিক ট্ৰেইন বোম্বেৰ ভিক্ট’ৰিয়া স্টেশ্যনৰ পৰা  কাৰ্লালৈ যাত্ৰা কৰিছিল। ইয়াৰ জৰিয়তে ভাৰতে ৰেলপথ বৈদ্যুতিকিকৰণত এছিয়াৰ ভিতৰত তৃতীয় আৰু সমগ্ৰ বিশ্বতে ২৪ তম দেশলৈ পৰিগণিত হয়।

কাবেৰী নদীৰ বান্ধ – কাবেৰী নদী কৰ্ণাটকৰ দক্ষিণ অংশ আৰু তামিলনাডুৰ মাজেৰে বৈ গৈছে। মহীশূৰৰ ভূমি উৰ্বৰা কৰি ৰখা এই নদী, নৈপৰীয়া লোকসকলৰ বাবে সদায় আশীৰ্বাদস্বৰূপ। কিন্তু অন্য নদীৰ দৰে এই নৈয়ো বাৰিষা বানে উপচি পৰে আৰু খৰালি শুকাই যায়। যেতিয়া এই নৈৰ ওপৰত বান্ধ বন্ধা হ’ল আৰু কৃষ্ঞৰাজাসাগৰ জলাধাৰ নিৰ্মাণ কৰা হ’ল তেতিয়াৰ পৰা হে এই সমস্যাৰ অন্ত পৰিল। আজিও বাংগালোৰু চহৰৰ খোৱাপানীৰ সৰহ অংশ এই জলাধাৰে যোগান ধৰে।  

গান্ধীজীৰ বক্তৃতানুষ্ঠান (১৯৪২) – ‘ভাৰত ত্যাগ বক্তৃতা’ গান্ধীজীয়ে ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে বোম্বেৰ গোৱালীয়া টেংক উদ্যানত প্ৰদান কৰিছিল। তেওঁ জনসাধাৰণক কেৱল অহিংসাৰে নহয়, বৰঞ্চ আইন অমান্য কৰিও বৃটিছ চৰকাৰৰ বিৰূদ্ধে আন্দোলন কৰিবলৈ আহ্বান কৰিছিল। প্ৰায় পাঁচ বছৰ পিছত, গান্ধীজীয়ে আশা কৰাৰ দৰেই অহিংস আন্দোলনৰ সুফল প্ৰাপ্ত হৈছিল – বৃটিছসকল ভাৰতৰ পৰা গ’ল আৰু ভাৰত স্বাধীন হ’ল। বৰ্তমান গোৱালা টেংক উদ্যানক আগষ্ট ক্ৰান্তি উদ্যান নামেৰে জনা যায়।

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story