Anna Mani’s Weather Research Journey: The Story of India’s Pioneering Meteorologist
আন্নাৰ বতৰ পৰীক্ষা
“ফুঃ! ফুঃ!” আন্না মানিয়ে তাইৰ জন্মদিনৰ কেকটোৰ ওপৰত থকা আঠোডাল ম’ম নুমুৱাই দিলে।
Thank you for reading this post, don't forget to subscribe!“শুভ জন্মদিন, আন্না!” তাইৰ ভায়েক আৰু ভনীয়েকহঁতে চিঞৰি উঠিল।
আন্না তাইৰ ডাঙৰ পৰিয়ালটোৰ সৈতে পাহাৰৰ ওপৰত ডাঙৰ ঘৰ এটাত বাস কৰিছিল।
কিন্তু তাইৰ জন্মদিনৰ দিনাখন তাইৰ এটাই মাথোঁ সৰু ইচ্ছা আছিল।
আন্নাই তাইৰ জন্মদিনত পোৱা উপহাৰৰ পেকেট খুলি তাত কিবা এটা উজ্জ্বল বস্তু দেখা পালে।
“হীৰাৰ কাণফুলি? ওহোঁ!”
এহ্, তাই হীৰাৰ কাণফুলি বিচৰা নাছিল। ইমান দামী বস্তু, সদায় পিন্ধিবও নোৱাৰি।
তুমি জানা নে আন্নাই কি বিচাৰিছিল?
কিতাপ, কিতাপ…বহুত কিতাপ!
“আমাৰ ঘৰতে কিতাপ আছে!” তাইৰ ভায়েকে কৈছিল। পিছে আন্নাই সেইবোৰ আগতেই পঢ়িলে।
“পুথিভঁৰালত বহুতো কিতাপ আছে,” তাইৰ ককাদেউতাকে দেখুৱাই দিছিল। কিন্তু আন্নাই সেইবোৰ পঢ়িও শেষ কৰি থৈছিল।
তাই খোজ কাঢ়ি কাঢ়ি তাইৰ কোঠাটো পালে, “উফ্!”
সেইদিনাখন দেৰিকে আন্নাৰ দুৱাৰত কোনোবাই টুকুৰিয়ালে। কিন্তু বাহিৰত কোনো মানুহ নাছিল!
মাথো চিৰিত এটা ডাঙৰ বাকচহে দেখিবলৈ পোৱা গ’ল।
“এইটো অলংকাৰেৰে ভৰ্তি নহ’লেহে ৰক্ষা!” তাই ক’লে। কিন্তু এইটো অলংকাৰৰ বাকচ নাছিল, তাত কেইটামান খণ্ডৰ বিশ্বকোষ এখনহে আছিল ।
“ইমানবোৰ কিতাপ! বাঃ বাঃ!” আন্নাই তাইৰ ঘৰৰ চাৰিওফালে দৌৰি ফুৰিবলৈ ধৰিলে, আৰু এফালৰ পৰা সকলোকে সাৱটি ধৰিলে।
বহুত বছৰ ধৰি নানা ধৰণৰ কিতাপ পঢ়াৰ পিছত আন্নাই এজন বিখ্যাত বৈজ্ঞানিকৰ গৱেষণাগাৰত এটা চাকৰি পালে।
আন্নাই সুধিলে,“মই ইয়াত কি কৰিব লাগিব?” বৈজ্ঞানিকজনে এটা বাকচৰ ফালে আঙুলিয়াই দিলে।
তাই তাত কি বিচাৰি পালে জানানে?
“হীৰা? বাঃ!” আন্নাই আচৰিত হৈ ক’লে।
এইবাৰ পিছে হীৰাবোৰ পিন্ধাৰ কাৰণে নহয়, পৰীক্ষা কৰাৰ বাবেহে আছিল।
হীৰাৰ চমকি থকাৰ কাৰণ কি সেয়া আন্নাই অনুসন্ধান কৰি উলিওৱাটো বৈজ্ঞানিকজনে বিচাৰিছিল? গতিকে তাই হীৰাৰ বিষয়ে কিতাপ পঢ়িবলৈ ধৰিলে।
কিতাপ, আৰু… কিতাপ!
এজন বৈজ্ঞানিক হোৱাটো আটাইতকৈ ভাল লগা কথা। আন্নাই যি বিচাৰে তাকে পঢ়িব পাৰিছিল। তাই উজ্বলি থকা বস্তুবোৰ ভাল পাইছিল। তাইৰ মনত প্ৰশ্ন হৈছিল হীৰাতকৈও উজ্জ্বল বস্তু কি থাকিব পাৰে? সূৰ্য্য!
গতিকে আন্নাই সূৰ্য্য, সূৰ্য্যৰ পোহৰ আৰু বতৰৰ বিষয়ে কিতাপ পঢ়িছিল।
কিতাপ আৰু কিতাপ!
আন্নাই কিমান বিষয়ে যে গৱেষণা কৰিছিল!
তাই কোনো এখন ঠাইৰ বতৰ সম্পৰ্কে জোখ-মাখ ল’বলৈ বিভিন্ন সঁজুলি তৈয়াৰ কৰি উলিয়াইছিল।
মুম্বাইত সূৰ্য্যৰ তাপ কেনেকুৱা?
আন্নাই সেয়া জুখিবলৈ সঁজুলি তৈয়াৰ কৰি উলিয়াইছিল।
মাদ্ৰাজৰ বতাহজাকৰ বেগ কেনেকুৱা?
আন্নাই তাৰ বাবেও সঁজুলি তৈয়াৰ কৰি উলিয়াইছিল।
তেওঁৰ প্ৰিয় সঁজুলিটো সাজি উলিয়াবলৈ তেওঁক বহুমাহ সময় লাগিছিল।
এইটো এটা বিশেষ ধৰণৰ বেলুন আছিল যাৰ নাম অ’জনচন্দে। এইটোৰ লগত এটা সৰু যন্ত্ৰ সংযোগ কৰা থাকে। আৰু এই যন্ত্ৰটোৱে বায়ুত থকা অ’জন গেছৰ পৰিমাণ জোখে।
অ’জনচন্দেবোৰ বহুত ওপৰলৈ উঠিব পাৰে।
চোৱা, এয়া আন্নাই বনোৱা অ’জনচন্দে।
তুমি ভাবি চোৱাচোন আন্না মানিয়ে কিমান প্রকাৰৰ সঁজুলি সাজি উলিয়াইছিল? প্ৰায় এশটামান বতৰ জোখা সঁজুলি!
এই সঁজুলিবোৰ সাজিবলৈ আনকি তেওঁৰ নিজৰ এটা কাৰখানাও আছিল। এনেকুৱা লাগিছিল যেন তেওঁ যিকোনো বস্তুকেই সাঁজি উলিয়াব পাৰিলেহেঁতেন!
আন্না মানি ভাৰতবৰ্ষৰ এগৰাকী সুদক্ষ বতৰ বিজ্ঞানী আছিল।
আনকি তেওঁৰ বয়স হৈ যোৱাৰ পিছতো আৰু সকলোৰে মাজত জনাজাত হৈ যোৱাৰ পিছতো তেওঁৰ প্ৰিয় বন্ধুবোৰ কিন্তু একেই আছিল।
কিতাপ, কিতাপ আৰু বহুত কিতাপ!

আন্নাৰ জীৱন আৰু কৰ্মৰাজি:
উল্লেখযোগ্য ঘটনাৱলী
২৩ আগষ্ট, ১৯১৮-আন্না মানিয়ে কেৰালাৰ পিৰমেদুত জন্মগ্ৰহণ কৰিছিল।
১৯৪0-তেখেতে চি.ভি ৰমনৰ বাংগালোৰত থকা গৱেষণাগাৰত কাম কৰাৰ বাবে বৃত্তি পাইছিল।
১৯৪৫-তেখেত বতৰ বিজ্ঞান অধ্যয়ন কৰিবলৈ ইংলেণ্ডলৈ গৈছিল।
১৯৪৮-তেখেতে ঘূৰি আহি পুনেৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগত যোগদান কৰিছিল।
১৯৬২-তেখেতে অ’জনচন্দে প্ৰজেক্টত কাম কৰিবলৈ আৰম্ভ কৰে।
১৯৭৬-ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পৰা উপ- সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে।
১৯৮0 (আনুমানিক)-তেখেতে নিজৰ সঁজুলি তৈয়াৰ কৰিবলৈ নিজৰ এটা কোম্পানী আৰম্ভ কৰে।
১৬ আগষ্ট, ২00১-আন্না মানিৰ কেৰালাত মৃত্যু হয়।
বতৰৰ লগত জড়িত সুন্দৰ শব্দবোৰ
বতৰ বৈজ্ঞানিক: বতৰ বৈজ্ঞানিক (মেটিয়ৰলজিষ্ট) হ’ল এজন বিজ্ঞানী যিয়ে এটা অঞ্চলৰ বতৰ আৰু জলবায়ু সম্পৰ্কে অধ্যয়ন কৰে। আন্না মানি, সেই সময়ৰ বিখ্যাত বতৰ বিজ্ঞানীসকলৰ ভিতৰৰ এগৰাকী আছিল।
অ’জনচন্দে :- অ’জনচন্দে হ’ল আকাশৰ বহু উচ্চতালৈ উৰিব পৰা বেলুন। অ’জনচন্দেত কিছুমান সঁজুলি সংযোগ কৰা থাকে যিবোৰে বায়ুত থকা অ’জন গেছৰ পৰিমাণ জোখে। অ’জন গেছ অতি আৱশ্যকীয় গেছ যিয়ে সূৰ্য্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা প্ৰদান কৰে। আকাশত অ’জনৰ মাত্ৰা কমিলে আমাৰ পৃথিৱী বিপদসংকুল হৈ পৰিব।





