Baideyu’s Colorful Basket Story

Baideyu’s Colorful Basket Story – A Heartwarming Children’s Story About Learning and Hope

Baideyu’s Colorful Basket Story shows how books, care, and kindness change poor children’s lives through learning.

বাইদেউৰ ৰঙীণ টোপোলা

এখন ডাঙৰ চহৰৰ কাষত কেইজনমান শিশুৱে বাস কৰিছিল । সিহতঁৰ ঘৰৰ নিচেই ওচৰতে এখন ডাঙৰ পথাৰ আছিল । পথাৰখন আচৰিত ধৰণৰ আছিল । তাত চাৰিওফালে মাথো আছিল জাবৰ-যোথৰ গছ-গছনি দেখিবলৈ নাছিল । পথাৰখন গোটেই চহৰৰ পেলনীয়া আৰু লেতেৰা বস্তুৰে ভৰি আছিল ।

Thank you for reading this post, don't forget to subscribe!

সেই শিশুবোৰে পঢ়াশালিলৈ যোৱা নাছিল ।

গোটেই দিনটো পথাৰত সিহঁতে প্লাষ্টিকৰ বটল ,কাপোৰৰ টুকুৰা আদি বিচাৰি ফুৰিছিল ।

পেলনীয়া বস্তুৰ বিষয়ে সিহঁতৰ বহুত জ্ঞান আছিল ।

এদিনাখন সেই লেতেৰা ঠাইখনলৈ এগৰাকী বাইদেউ আহিল ।

তেওঁ ডিঙিত এখন ৰঙা ওৰণি মেৰিয়াই আছিল ।

সেই ঘূৰি ফুৰা শিশুসকলৰ পিনে চাই তেওঁ এখন ঠাইত বহি ললে ।

নিজৰ টোপোলাটোৰ পৰা কিবাকিবি উলিয়াই চাবলৈ ধৰিলে ।

শিশুসকলৰ মনত কৌতুহল জাগিল । প্ৰথমতে শিশুবোৰে দূৰৰ পৰাই চাই আছিল ।

তাৰ পিছত কিছু ওচৰলৈ আহি চাবলৈ ধৰিলে ।

বাইদেউৰ লগত বহুত কিতাপ আছিল ।

ডাঙৰ , সৰু নানা ৰঙীন সাধুকথা আৰু কাহিনীৰ কিতাপেৰে ভৰি আছিল ।

শিশুবোৰে আৰু ওচৰ চাপি আহিবলৈ ধৰিলে ।

বাইদেউ নিতৌ আহিবলৈ ললে ।

বাইদেউ অহা দেখি শিশুবোৰেও পথাৰখনত ঘুৰি ফুৰিব এৰি বাইদেউৰ ওচৰলৈ অহা হল ।

সিহঁতে বাইদেউৰ পৰা বিভিন্ন কাহিনী সাধুকথা শুনিবলৈ পালে ।

কিছুদিনৰ ভিতৰতে সিহঁতে বৰ্ণ আৰু শব্দ পঢ়িব পৰা হল ।

লাহে লাহে সিহঁতে কাহিনীও কবলৈ ধৰিলে ।

এদিন এজনে কলে ” আহা বাইদেউৰ ঠাইখিনি সুন্দৰকৈ সজাওঁ ।”

এনেদৰে শিশুবোৰে বাইদেউৰ সাধু কোৱা ঠাইখিনি ধুনীয়া কৰিবলৈ মন কৰিলে ।

শিশুবোৰে পেলনীয়া বস্তুবিলাকৰ মাজৰ পৰা বাচি বাচি চকী, মেজ , ঢাৰি , পৰ্দা আদিৰে ঠাইখিনি ধুনীয়াকৈ সজাই ললে ।

এদিন বাইদেউ নাহিল ।

তাৰ পিছৰ দিনাও বাইদেউ নাহিল ।

শিশুবোৰে দিনৰ দিনটো বাইদেউৰ অপেক্ষাত ৰৈ থাকিল ।

সিহঁতে কথাই কথাই নিজে কিতাপবোৰ পঢ়াৰ উপৰিও আনকো পঢ়ালে ।

এনেদৰে সিহঁতে পঢ়ি থাকোতে এদিন কিতাপত বাইদেউৰ ঠিকনা বিচাৰি পালে । সেইসময়তে সিহঁতে বাইদেউক বিচাৰি ওলাই গ’ল । লগত সিহঁতে কিতাপৰ টোপোলাটো নিবলৈ নাপাহঁৰিলে ।

শিশুবোৰে বাছৰ নাম পঢ়িব পাৰিছিল ।

সিহঁতে বাইদেউৰ ঘৰৰ পথৰ নাম্বাৰ মনত ৰাখি ললে ।

কিয়নো সিহঁতক এইখিনি বাইদেৱে শিকাইছিল ।

সিহঁতে ভাবিবলৈ ধৰিলে বাইদেউৰ ঘৰ ক’ত ?

এইফালে নে সেইফালে ?বিচাৰি বিচাৰি সিহঁত ভাগৰি পৰিল ।

দূখমনে উভটিব ললে , এনেতে এজনে খিৰিকীৰ কাষৰ ৰচী এডালত এখন ৰঙা ওৰণি ওলমি থকা দেখা পালে ।

এজনে চিঞৰি উঠিল “সৌৱা চোৱা বাইদেউ বিচনাত শুই আছে “

সিহঁতে দেখিলে তেখেত বৰ দূৰ্বল আৰু ভাগৰুৱা হৈ আছে ।

অইন দিনাৰ দৰে তেওঁ হাঁহি থকা নাছিল ।

চিকিৎসকে বাইদেউক ঔষধ দিছিল যদিও আৰোগ্য হোৱা নাছিল ।

শিশুবোৰে বাইদেউৰ ওচৰলৈ দৌৰি আহিলে ।

Baideyu’s Colorful Basket Story

সিহঁতে বাইদেউক সাবটি ধৰি চুমা খালে । বাইদেউ উঠি বহিল ।

সিহঁতে বাইদেউক কিতাপৰ টোপোলাটো দেখালে আৰু কাহিনী পঢ়ি শুনালে ।

বাইদেউৰ মুখত পূনৰ হাঁহি বিৰিঙিল ।

তেওঁৰ চকু চলচলীয়া হ’ল ।

আকৌ আগৰদৰেই বাইদেউ আহিবলৈ ললে ।

শিশুবোৰো একগোট হ’ল ।

সদায় আবেলি একেলগে সিহঁতে বাইদেউৰ পৰা নতুন নতুন সাধুকথা , কাহিনী শুনিবলৈ ধৰিলে ।

এনেদৰে শিশুবোৰে খেলধেমালীৰ মাজেৰে কিতাপবোৰৰ সৈতে দিন কটালে ।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story