Dipa Karmakar Gymnastics Journey: From Agartala to Olympic Glory
দীপা কৰ্মকাৰ – এক নিখুঁঁট সন্তুলন
দীপাই জঁপিয়াবলৈ ভাল পাইছিল ।
Thank you for reading this post, don't forget to subscribe!তাই গছত উঠিবলৈকো ভাল পাইছিল ।
তাতকৈয়ো বেচি ভাল পাইছিল তাইৰ পূজা বাইদেউৰ লগত খেলিবলৈ ।
দীপা ত্রিপুৰাৰ ৰাজধানী আগৰতলাত থাকে ।
আগৰতলা অগৰ গছৰে সেউজীয়া এখন ধুনীয়া চহৰ ।
ইয়াত আনাৰস, কমলা আৰু লেচুৰ বাগানো আছে ।
তাইৰ দেউতাক এজন জাতীয় স্তৰৰ ভাৰ উত্তোলক আছিল । বেচি ভাগ দিনেই তাই দেউতাকৰ লগত ব্যায়ামশালালৈ যায় । তাত তাইৰ দেউতাকে এজন প্রশিক্ষক হিচাবে কাম কৰিছিল ।
মাক আৰু দেউতাক দুয়ো তেওঁলোকৰ ছোৱালীয়ে খেলত অংশ লোৱাতো আশা কৰিছিল ।
সেয়েহে পাঁচবছৰ বয়সৰ পৰা দীপাই প্রশিক্ষণ ল‘বলৈ আৰম্ভ কৰে ।
জিমনাষ্টিক বহুতখিনি এক্রবেটিক্স আৰু এৰবিক্সৰ নিচিনা ।
ক্ষীপ্র অঙ্গ সঞ্চালন , লুটি বাগৰ খোৱা , জঁপিওৱা , শৰীৰটো পাক খুৱাই খুৱাই ঘূৰোৱা ।
গৰমৰ দিনত শ্বাসৰুদ্ধ পৰিৱেশত ঠেক দীঘলীয়া কাঠ, লাঠি, অসমান বহল কাঠৰ দীঘল টুকুৰাৰ ওপৰত কৰা অনুশীলন !
জিমনাষ্টসকলৰ শাৰিৰীক ভাৰসাম্য আৰু মানসিক উদ্যম, মাংসপেশীৰ নিয়ন্ত্রণ কৰিব পৰা ক্ষমতা থকা দৰৰ্কাৰ । মাত্র এটা ভুল পদক্ষেপৰ কাৰণে পৰি যাবও পাৰে । তাৰ অৰ্থ ভগা ভৰিয়েই নহয়, কেতিয়াবা ডিঙিটো আঘাত পাব পাৰে !
দীপাই প্রশিক্ষণ ল‘বলৈ আৰম্ভ কৰিলে ।
কিন্তু তাই পৰি যাব বুলি বৰ ভয় কৰিছিল । আনকি বিমডালৰ
ওপৰত এটা খোজো দিব নোৱাৰিব বুলি তাই ভাবিছিল ।
তাই বৰ খং উঠিছিল আৰু বৰকৈ আপত্তি কৰিছিল ।
দেউতাকে তাই ভয়ক জয় কৰিব পাৰিব বুলি বিশ্বাস কৰিছিল, আৰু তেওঁ ঠিকেই ভাবিছিল !
অ‘, দীপাই নিজে নিজেই ঘূৰিব পাৰিছে ।
অ‘স্ ! তাই বতাহত উৰি গৈছে ।
দেখি দেউতাক আৰু তাইৰ প্রশিক্ষক সোমা নন্দী বৰ আনন্দিত হৈছিল ।

দীপা ন-বছৰ বয়সত উত্তৰ-পূবৰ্বাঞ্চলৰ খেল প্রতিযোগিতাত ২০০২ চনত বিমৰ ওপৰত সন্তুলন ৰক্ষা কৰা শৃংখলাত অংশ গ্রহণ কৰিছিল । ইয়াৰ ফলাফল অনুমান কৰাচোন ? দীপাই স্বৰ্ণ মেডেল লাভ কৰিছিল !
সেই মুহূৰ্তখিনি তাইৰ কাৰণে কেনে স্বৰ্ণীল আছিল এবাৰ অনুভৱ কৰাচোন ।
পুৰস্কাৰ লাভ কৰা কথাটোৱে তাই আৰু দেউতাকৰ কাৰণে বহুত অৰ্থ বহন কৰিছিল । এতিয়া অনুশীলন কৰোতে অনিচ্ছাৰ ভাব তাইৰ মনলৈ নাহে ।
এতিয়াও দীপাই বহুত পৰিশ্রম কৰিব লাগিব । তাইৰ ভৰিখন বহল আছিল। ইয়াৰ অৰ্থ হ‘ল তাইৰ ভৰিৰ গোৰোহা সাধাৰণতে অন্য লোকৰ ভৰিৰ গোৰোহাৰ দৰে বেঁকা নহয় । এনে ভৰিয়ে জিমনাষ্টে দৌৰা আৰু জাঁপ মাৰি তলত পৰাৰ সময়ত অসুবিধাৰ সৃষ্টি কৰে ।
কিন্তু ইতিমধ্যে দীপা বহুত আগবাঢ়ি গ‘ল । সেয়ে তাই খেলিবলৈ এৰি দিয়াৰ কথা নাভাবিলে ।
প্রশিক্ষক সোমা নন্দীয়ে তাইক তেওঁৰ গুৰুজী বিশ্বেশ্বৰ নন্দীৰ ওচৰলৈ লৈ গ‘ল । তেওঁ সোমাক প্রশিক্ষণ দিছিল ।
লগে লগে তাইক এক বিশেষ ব্যায়াম কৰিবলৈ শিকালে আৰু এই ব্যায়াম কৰাৰ পাছত তাইৰ ভৰিত থাকিবলগীয়া বেঁকা অংশটো গঠন হ‘ল । ভৰিৰ সমস্যা শেষ হ‘ল ।
জিমনাষ্টিক ভাৰতত বেচি জনপ্রিয় নাছিল ।
ই জনপ্রিয় নহ‘লেও দীপাক বাধা দিব নোৱাৰিলে । প্রয়োজনীয় পৰিকাঠামো নোহোৱাৰ পিছতো তাই আগবাঢ়ি যোৱাত কোনো অসুবিধা নহ‘ল ।
গুৰুজীয়ে স্কুটাৰৰ অংশবোৰক স্প্রীং বৰ্ড হিচাবে ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা কৰি দিলে ।
এখনৰ পাছত আন এখন অদৰ্কাৰী তুলি পাৰি দি তাইৰ ভলটিং প্লেটফৰ্ম তৈয়াৰ কৰি দিলে । পুৰণা গাড়ীৰ চিট পাৰি তাইক অৱতৰণৰ ঠাই ঠিক কৰি দিলে ।
দীপাৰ দিনবোৰ বৰ ব্যস্ততাৰে যাবলৈ ধৰিলে । দীপাই দৌৰে, দীপাই জঁপিয়াই আৰু ঘূৰে । তাই দিনে আঠ ঘন্টা অনুশীলন কৰে ।
অভ্যাস কৰাৰ পাছত তাইৰ হাড় আৰু মাংসপেশীবোৰত বৰ বিষ অনুভৱ হয় ।
তাই খামখেয়ালি স্বভাৱৰ ছোৱালী । বহুত বেচিকৈ অনুশীলন কৰাৰ কাৰণে তাইৰ বৰ ভোকো লাগে, ভাগৰো লাগে ।
প্রায়বোৰ ল‘ৰা-ছোৱালীৰ দৰে দীপাই আইচক্রীম ভাল পাইছিল ।
কিন্তু তাইৰ খাদ্য বস্তুৰ তালিকাখনত এইবোৰ বস্তু অন্তৰ্ভুক্ত নাছিল ।
কেতিয়াবা কেতিয়াবা তাই ক্রীয়া প্রশিক্ষণ ল‘বৰ কাৰণে ঘৰৰ পৰা বহুত দূৰত ক্রীয়া কেন্দ্রৰ হোষ্টেলত থাকিবলগীয়া হৈছিল । ইয়াৰ বাহিৰেও তাইৰ স্কুলৰ পৰীক্ষাও আছিল ।
ইমান বেচি কষ্ট কৰিবলৈ তাই বেয়া পাইছিল নেকি ? নাই তাই অকণো বেয়া পোৱা নাছিল
কেৱল তাই পুৰস্কাৰ জিকিবলৈ ইচ্ছা কৰিছিল । সকলোতকৈ শ্রেষ্ঠ হ‘বলৈ বিচাৰিছিল ।
সময় পাৰ হোৱাৰ লগে লগে দীপাই জুনিয়ৰ আৰু নেচনেল প্রতিযোগিতাত উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্ত তাই ২০১০ চনৰ কমনওৱেলথ গেমছত কোনো পুৰস্কাৰ লাভ কৰিব নোৱাৰিলে ।
সেই শৃংখলাত বিজয়ী হোৱাৰ গৌৰৱ লাভ কৰা প্রথমজন ভাৰতীয় আছিল আশীষ কুমাৰ ।
এই জয়ে দীপাক উৎসাহিত কৰিছিল ।
তাই নিজৰ প্রদৰ্শন আৰু বেছি ভাল কৰিবলৈ দৃঢ় প্রতিজ্ঞ হ‘ল ।
ইয়াৰ চাৰি বছৰৰ পাছত দীপাই ২০১৪ চনত গ্লাচগোৰ কমন ওৱেল্থ খেলাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । আৰু ২০১৫ চনত হিৰোচিমা এচিয়ান গেমছত চেম্পিয়ন হৈছিল ।
পডিয়ামত থিয় হোৱাৰ অনুভৱ যে কিমান ৰোমাঞ্চকৰ অভিজ্ঞতা !
এতিয়ালৈকে দীপাই সাতসত্তৰটা পুৰস্কাৰ লাভ কৰিছে ।
কিন্তু গুৰুজীয়ে তাইক আন্তৰাষ্ট্রীয় ক্ষেত্রখনত কিবা এটা নাম কৰা বিচাৰিছিল । বেচি ভাগ জিমনাষ্টে চেষ্টা নকৰা কিবা এটা শৃংখলাত তাই কুশলী হ‘ব লাগিব ।
কিবা এটা সাহসী আৰু বিপদজনকো ।
গুৰুজীয়ে তাইক প্রুডুনভা ভল্টৰ প্রশিক্ষণ দিলে । প্রডুনভাৰ নামটো এই শৃংখলাত অংশ লোৱা প্রথম গৰাকী খেলুৱৈৰ নাম অনুসৰি নামাকৰণ কৰা হৈছিল – এলিনা চেৰগেভেনা প্রডুনভা ।
এই শৃংখলাত পৃথিৱীৰ ভিতৰত কেৱল চাৰিগৰাকী খেলুৱৈয়েহে এই অতি ভয়ানক পৰিকল্পনাক কাৰ্যকৰী কৰাত সাৰ্থক হৈছিল ।
২০১৬ চনত দীপা তেইশ বছৰীয়া হ‘ল । তাই ৰিঅ‘ অলিম্পিকত নিজৰ কলা কৌশল দেখুৱাবলৈ প্রস্তুত হৈছিল । দেশে তাই এটা পুৰস্কাৰ লাভ কৰা প্রত্যক্ষ কৰিবলৈ আগ্ৰহৰে অপেক্ষা কৰি আছিল ।
কিন্তু অৱশেষত তাই মাত্ৰ ০. ১৫ পইন্টৰ কাৰণে পুৰস্কাৰ নাপালে ।
কিন্তু তাইৰ প্রদৰ্শনে সকলোকে অবাক কৰি দিলে ।
দীপাই ইয়াৰ পাছৰ অলিম্পিকত অংশ গ্ৰহণ কৰিবৰ কাৰণে সাজু হ‘বলৈ প্রশিক্ষণ লৈছিল, ইয়াৰ লগে লগে তাই নতুন পৰিকল্পনা এটাও কৰিছিল । এটা নতুন জিমনাষ্টিক শৃংখলা গঢ়ি তুলিবলৈ বিচাৰিছিল ।
ৰোমানিয়ান জিমনাষ্ট নাডিয়া কমানেচিয়ে তাই লগ কৰোতে কৈছিল, “ ভাৰতৰ কাৰণে দীপা কৰ্মকাৰ এক আদৰ্শ । মই ভাবো ল‘ৰা-ছোৱালীহঁতে তাইৰ ফালে আগ্রহৰে বাট চাই আছে, কাৰণ এনেদৰেই নতুন কিবা এটা আৰম্ভ হয় ।‘‘
দীপাই ভাৰতক গৌৰৱান্বিত কৰি থাকিল ।
দীপা কৰ্মকাৰ ১৯৯৩ চনৰ ৯ আগষ্টত আগৰতলাত জন্ম গ্ৰহণ কৰে । অলিম্পিকত অংশ গ্রহণ কৰা প্ৰথম জিমনাষ্ট দীপাই ২০১৬ চনত ৰিঅ‘ত হোৱা অলিম্পিকত অংশ গ্রহণ কৰিছিল আৰু বিপদজনক প্ৰডুনভা ভলটত কৃতকাৰ্য হোৱা পাঁচগৰাকীৰ মাজৰ এগৰাকী আছিল । তাইৰ দেউতাক দুলাল কৰ্মকাৰে তাইক প্ৰথম প্ৰশিক্ষণ দিছিল ।
সোমা নন্দী দীপাৰ প্ৰথম প্ৰশিক্ষক আছিল আৰু পাছত এজন জাতীয় জিমনাষ্টিক চেম্পিয়ন বিশ্বেশ্বৰ নন্দীয়ে তাইক প্ৰশিক্ষণ দিয়ে । দীপাই খেল ৰত্ন পুৰস্কাৰ আৰু পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰাৰ গৌৰৱৰে গৌৰৱান্বিত ।





