Muttajir Age Story – A Fun Historical Puzzle for Kids
মুট্টাজীৰ বয়স
পুট্টা আৰু পুট্টি জাপ মাৰি বিচনাৰ পৰা নামিল।
Thank you for reading this post, don't forget to subscribe!আজি মুট্টাজীৰ জন্মদিন আৰু তেওঁৰ ওচৰলৈ সিহঁত ৰে’লেৰে যাব।
যমজ ল’ৰা-ছোৱালীহালৰ মাকৰ মাকৰ মাক মুট্টাজী ,আজ্জি (আইতাক)ৰ লগত মহীশূৰত বাস কৰিছিল। মুট্টাজীৰ জন্মদিন আচলতে কেতিয়া কোনেও নাজানিছিল, আজ্জিয়ে প্ৰতিবছৰে মকৰ সংক্ৰান্তিৰ বন্ধৰ সময়ত এয়া উদযাপন কৰিছিল।
“আম্মা, আজ্জিয়ে কেক আনিবনে? এটা ডাঙৰ আৰু কোমল কেক য’ত গুলপীয়া ৰঙৰ ক্ৰীমৰ প্ৰলেপ থাকিব আৰু ওপৰত গোলাপ ফুল এটাৰে সজাই দিব?” পুট্টীয়ে সুধিলে।
“নাই নাই” পুট্টাই ক’লে, “বুঢ়া মানুহৰ জন্মদিনৰ কেক নাথাকে নহয়। আৰু ২০০ ডাল কেণ্ডেল কোনো কেকতেই লগাব নোৱাৰি।”
“বুৰ্বক, মুট্টাজীৰ বয়স ২০০ বছৰ নহয় নহয়” পুট্টীয়ে ক’লে, “আম্মা, মুট্টাজীৰ বয়স কিমাননো?” মাকে হাঁহিলে আৰু ক’লে, “তোমালোকে আজি গৈ তেওঁকেই সুধিবা।”
মহীশূৰৰ সেই সেউজীয়া ৰঙৰ পুৰণি ঘৰটো পোৱাৰ লগে লগে দুয়ো লৰ মাৰি মুট্টাজীৰ কোঠালৈ গ’ল।
“শুভ জন্মদিন, মুট্টাজী! আজি তোমাৰ কিমান বয়স হ’ল?”
মুট্টাজীয়ে দুয়োকে মৰমতে সাৱটি ধৰি ক’লে, “মোৰ? জানো! জানিনো কৰিবা কি?”
“কিন্তু আমাৰ জানিবলৈ মন গৈছে” দুয়ো একেলগে ক’লে।
মুট্টাজীয়ে হাঁহি এটা মাৰি ক’লে, “বাৰু, মই এইটো জানো যে মই জন্ম হোৱাৰ পাঁচ বছৰ আগতে আমাৰ মহাৰাজে ৰজা-ৰাণীবোৰৰ কাৰণে খুব বিশালকৈ আয়োজিত হোৱা ভোজ এটা খাবলৈ দিল্লীলৈ গৈছিল। তালৈ ব্ৰিটিছৰ ৰজা আৰু ৰাণীও আহিছিল আৰু আমাৰ মহাৰাজে এটা স্বৰ্ণ পদক পাইছিল।”
“বা: ভোজ! তাত চাগে ঢেৰ কেক আছিল,” পুট্টীয়ে ক’লে, “ৰজাজন কোন আছিল মুট্টাজী? তুমি জানা যদি আমি ভাবি উলিয়াব পাৰিম। যিটো বছৰত তেওঁ আহিছিল, তাৰ লগত পাঁচটা বছৰ যোগ কৰি দিলেই হ’ল। আমি তোমাৰ জন্ম বছৰটো গম পাই যাম!”
মুট্টাজীয়ে ক’লে, “মই পাহৰি গ’লো নহয় পুট্টা।”
দুয়োৰো মন মৰি গ’ল।
“ৰ’বা ৰ’বা, মোৰ বেলেগ এটা কথা মনলৈ আহিছে” মুট্টাজীয়ে ক’লে, “আ…! মই যেতিয়া তোমালোকৰ সমান আছিলোঁ, এই ধৰা ন-দহ বছৰীয়া, বোম্বেৰ পৰা মোৰ খুড়া আমাৰ ঘৰলৈ আহিছিল আৰু চাফা ৰে’লগাড়ীৰ সাধু কৈছিল।”
“চাফা ৰে’লগাড়ী ?”
মুট্টাজীয়ে আনন্দমনেৰে ক’লে, “হয়, সেই বছৰতে নতুনকৈ কেইখনমান ৰে’ল চলা আৰম্ভ হৈছিল। তাত যাত্ৰা কৰিলে তুমি কেতিয়াও লেতেৰা নোহোৱা, ধূলি-মাকতি একোৱেই নাছিল।”
দুয়ো মুট্টাজীৰ ফালে ৰ লাগি চাই থাকিল, ৰে’লগাড়ীত উঠিলেও কোনোবা লেতেৰা হয়নে?
মুট্টাজীয়ে কৈ গ’ল, “কিছু বছৰ পিছত মোৰ বিয়া হ’ল, তেতিয়া ছোৱালীক বিয়া দিয়াৰ ন্যূনতম বয়স ১৫ হ’ব লাগিব বুলি এখন আইন ওলাইছিল, মোৰ দেউতা আইন ভঙা মানুহ একেবাৰেই নাছিল, তাৰ মানে তেতিয়া মোৰ বয়স নিশ্চয় ১৬ মান আছিল। আমাৰ বিয়াৰ পিছতেই তোমালোকৰ মুট্টাজাই বোম্বেত চাকৰি পাইছিল আৰু আমি মহীশূৰ এৰি গুচি গৈছিলোঁ।”
“তুমি বিয়া হোৱা বছৰটোত কিবা গুৰুত্বপূৰ্ণ ঘটনা হৈছিল নেকি মুট্টাজী?” পুট্টাই সুধিলে।
“হৈছিল, সেই বছৰ দছেৰা উৎসৱৰ সময়ত আমাৰ মহাৰাজে এটা ডাঙৰ বান্ধ আৰু তাৰ কাষতে এখন ধুনীয়া উদ্যান উদ্বোধন কৰিছিল। মই বোম্বেত থকা কাৰণে চাব নাপালোঁ।” মুট্টাজীয়ে দুখমনে ক’লে।
“এটা ডাঙৰ বান্ধ?” পুট্টাই ভালদৰে বহি ল’লে, “সেইটো এতিয়াও তাত আছেনে?”
মুট্টাজী হাঁহিত বাগৰি পৰিল আৰু ক’লে, “আছেতো! মজবুতকৈ থিয় দি আছে। সেই বান্ধটোৰ বাবেই কাবেৰী নদীৰ বানপানী নিয়ন্ত্ৰণত আছিল। বাৰিষা কালৰ বানপানীও নাছিল আৰু গ্ৰীষ্মকালত শস্যৰ বাবে উপযুক্ত পৰিমাণৰ পানী আছিল।” আজ্জিয়ে দৰ্জাখনেৰে মূৰটো সোমাই দি ক’লে, “মা, তুমি কে.আৰ.এচ.ৰ কথা কৈছানে?”
“ঠিক ধৰিছা, কে.আৰ.এচ.” মুট্টাজীয়ে আজ্জিৰ ফালে ৰংমনে চাই ক’লে, “তোমালোকৰ আজ্জি মোৰ পাঁচ নম্বৰ সন্তান আছিল, সকলোতকৈ সৰু আৰু সকলোতকৈ বুধিয়ক।তোমালোকে জানানে, মোৰ ল’ৰা-ছোৱালীবোৰ ঘড়ীৰ কাঁটা মিলাইহে যেন জন্ম হৈছিল, দুটা বাৰিষাৰ মূৰে মূৰে এটাকৈ। তোমালোকৰ আজ্জি যিদিনা জন্ম হৈছিল, মুট্টাজাক আমি বিচাৰিয়েই পোৱা নাছিলোঁ। পিছতহে তেওঁ আমাক ক’লে যে তেওঁ গান্ধীজীক চাবলৈ গোৱালীয়া টেংক ময়দানলৈ গৈছিল। তেওঁ বৰ উছাহত গোটেই দিনটো “ভাৰত ত্যাগ কৰক” বুলি চিঞৰি আছিল। সেই সৰু কেঁচুৱাটোক কম দিগদাৰি কৰিছিলনে!”
পুট্টীয়ে চকু দুটা ডাঙৰ কৰি সুধিলে, “ভাৰত ত্যাগ? পুট্টা, আমি বুৰঞ্জীত এইটো পঢ়িছোঁ নহয়! আন্দোলনটো ১৯৪২-ত আৰম্ভ হৈছিল তাৰমানে ১৯৪২ চনত…”
“আজ্জিৰ জন্ম হৈছিল”, পুট্টাই মুখ ভেঙুচাই ক’লে, “মুট্টাজী নহয় নহয়!”
“তেতিয়া আৰম্ভণি” পুট্টীয়ে ক’লে, “আজ্জি, তোমাৰ কেতিয়া জন্ম হৈছিল?”
“মোৰ বয়স ৭৪ বছৰ, তাৰমানে মোৰ জন্ম হৈছিল…?” আজ্জিয়ে ক’লে।
পুট্টীয়ে ঘপকৈ অংকটো কৰি ক’লে, “১৯৪২!!!*” আজ্জিয়ে মূৰ দুপিয়ালে।
*(২০১৬-৭৪=১৯৪২)
“আজ্জি হ’ল মুট্টাজীৰ পঞ্চম সন্তান, আৰু তেওঁৰ ল’ৰা-ছোৱালীবোৰ দুবছৰৰ মূৰে মূৰে জন্ম হৈছিল!” এইবাৰ পুট্টাই মাত লগালে, “যদি আজ্জিৰ ১৯৪২-ত জন্ম হৈছিল…”
“মুট্টাজীৰ চাৰি নম্বৰ সন্তানজন জন্মিছিল ১৯৪২-২=১৯৪০, তৃতীয়জন ১৯৪০-২=১৯৩৮, দ্বিতীয়জন ১৯৩৮-২=১৯৩৬ আৰু প্ৰথমজন ১৯৩৬-২=১৯৩৪, তাৰ মানে মুট্টাজীৰ ১৯৩২-ত বিয়া হৈছিল!” পুট্টীয়ে চিঞৰি ক’লে! পুট্টাই ক’লে, “নহ’বওতো পাৰে, মুট্টাজীয়ে তেওঁৰ প্ৰথম সন্তানটো তেওঁৰ বিয়াৰ দুবছৰ পিছত জন্ম হোৱা বুলি কোৱা নাই নহয়। তেওঁ মাত্ৰ কৈছে যে তেওঁৰ বিয়া হোৱা বছৰটোত মহীশূৰত বান্ধ এটা বন্ধা হৈছিল।
আজ্জিয়ে বাটিত মুট্টাজীৰ প্ৰিয় মিঠা খাদ্য চেৱৈ লৈ আহি ক’লে, “এইখিনিয়ে অংকত সহায় কৰিব, খোৱাচোন! কে.আৰ.এচ. মানে হ’ল কৃষ্ণৰাজ সাগৰ বান্ধ। তাৰ লগতে আছে বৃন্দাবন উদ্যান, আমি যে যোৱাবছৰ সাংগীতিক পানীৰ স্ৰোত চাবলৈ গৈছিলোঁ, মনত আছেনে?”
পুট্টীয়ে ক’লে, “উম্, তোমাৰ চেৱৈ সকলোতকৈ ভাল, আজ্জি!”
পুট্টাই সুধিলে, “কে.আৰ.এচ. কেতিয়া বনোৱা হৈছিল তুমি জানা নেকি?”
আজ্জিয়ে ক’লে, “মই ভালদৰে নাজানো, কিন্তু তোমালোকে ভাত খাই কেন্দ্ৰীয় পুথিভঁৰাললৈ গৈ চাই আহিব পাৰা।
পুট্টীয়ে পুথিভঁৰালত মহীশূৰৰ বুৰঞ্জীৰ ওপৰত লিখা কিতাপ এখন পালে।
“পাই গ’লো!” তাই ফুচফুচাই ক’লে, “পৰিব্ৰাজকে আটাইতকৈ বেছি গৈ ভালপোৱা মাইচোৰৰ দুখন ঠাই ক্ৰমে কে.আৰ.এচ. বান্ধ আৰু তাৰ লগতে লাগি থকা বৃন্দাবন উদ্যান ১৯৩২ চনত উদ্বোধন কৰা হৈছিল”
দুয়ো মিচিকিয়াই হাঁহিলে – তাৰমানে মুট্টাজীৰ বিয়া সঁচাকৈয়ে ১৯৩২-ত হৈছিল, ৮৪* বছৰ আগতে!
*(২০১৬-১৯৩২=৮৪)
“মুট্টাজীৰ মতে তেওঁৰ বিয়া হোৱা সময়ত তেওঁ ১৬ বছৰীয়া আছিল কিন্তু, তেওঁ ১৫, ১৭ বা ১৮ও হ’ব পাৰে।” পুট্টীয়ে ক’লে।
এইবাৰ পুট্টাই মাত লগালে “আৰু তেওঁ যে কৈছিল তেওঁৰ খুড়াকে বোম্বেৰ ‘চাফা’ ৰে’লগাড়ীৰ সাধু কওঁতে তেওঁৰ বয়স আছিল ন নাইবা দহ, আজ্জাই আমাক ভালদৰে বুজাব পাৰিব!”

আজ্জা অধ্যয়ন কক্ষত আছিল।
আজ্জা, আগতে ৰে’লগাড়ীত উঠিলে মানুহবোৰ লেতেৰা হৈ গৈছিল নেকি?” পুট্টীয়ে ফুচফুচাই সুধিলে।
আজ্জাই মূৰ দুপিয়াই ক’লে, “তেতিয়া ৰে’লগাড়ী বোৰত কয়লাৰে চলোৱা ভাপ ইঞ্জিন আছিল, বিদ্যুতেৰে নহয়। কয়লাৰ ক’লা ক’লা ছাইবোৰ উৰি আহি সকলোৰে গাত পৰি লেতেৰা কৰি পেলাইছিল। ভাবিলেই বেয়া লাগে।”
পুট্টাই ক’লে, “তাৰমানে পুট্টী, বৈদ্যুতিক ৰে’লগাড়ীবোৰেই ‘চাফা ৰে’লগাড়ী‘।”
তেওঁ ভাৰতীয় ৰে’লৱেৰ কিতাপ এখন উলিয়াই ক’লে, “চোৱা, ইয়াত লিখা আছে ভাৰতৰ প্ৰথম বৈদ্যুতিক ৰে’ল গাড়ীবোৰ বোম্বেলৈ ১৯২৫ চনত আহিছিল!”
“আৰু মুট্টাজীয়ে কৈছে তেতিয়া তেওঁৰ ন বছৰ আছিল”, পুট্টাই টপৰাই মাত লগালে, “যদি এইটো সঁচা হয়, মুট্টাজীৰ *১৯১৬-ত জন্ম হৈছিল।”
“কিন্তু তেওঁতো ভুলকৈও ক’ব পাৰে” পুট্টীয়ে ঘোপাকৈ চালে।
“এতিয়া এটায়েই ৰাস্তা আছে” পুট্টাই ক’লে, “সেই যে দিল্লীত ৰজা-ৰাণীৰ কাৰণে হোৱা ডাঙৰ ভোজটো, মুট্টাজীৰ জন্মৰ পাঁচ বছৰ আগতে হোৱা বুলি তেওঁ কৈছিল, সেয়া **১৯১১-ত হৈছিলনে নাই।”
সিহঁত আজ্জাৰ ওচৰলৈ ঘূৰি গ’ল।
*(১৯২৫-৯=১৯১৬): **(১৯১৬-৫=১৯১১)
“আজ্জা, ১৯১১ চনত ভাৰতলৈ অহা বিদেশী ৰজাসকলৰ কাৰণে কিবা ডাঙৰ ভোজ হৈছিল নেকি?”
আজ্জাই সিহঁতলৈ চাই ক’লে, “১৯১১? সেই বছৰটোৰ কথা ক’ৰবাত শুনা শুনা লাগিছে। অ, পালোঁ, সেইটো বছৰতে বোম্বেত গে’টৱে’ অৱ ইণ্ডিয়া সজা হৈছিল আৰু অ’, সেইখন ব্ৰিটিছ সম্ৰাট পঞ্চম জর্জক আদৰণি জনাবলৈ সজা হৈছিল। সেই বাবেই নিশ্চয় কেইবাটাও ভোজৰ আয়োজন কৰা হৈছিল।”
‘ডনেট এ বুক’ প্রথম বুকচৰ এক উল্লেখযোগ্য জনসহযোগ মঞ্চ য’ত বিভিন্ন সংস্থাই শিশুৰ পুথিভঁৰাল গঠন কৰিবৰ বাবে অনুদান আগবঢ়াই৷ আমি বিচাৰো যাতে সকলো শিশুৱে পঢ়াৰ আনন্দ পায়৷ আপুনিও শিশুৰ পুথিভঁৰাল আজ্জাই নিজৰ ওপৰত নিজে সন্তুষ্ট হৈ কপালত থপৰিয়াই ক’লে, “বুঢ়া হৈও একো পাহৰা নাই দেই।”
“একোৱেই পাহৰা নাই!” দুয়ো ফূর্তিতে মাত লগালে, “ধন্যবাদ, আজ্জা।” এতিয়া দুয়ো জানে মুট্টাজীৰ বয়স কিমান।
পাঁচ মিনিট পিছত দুয়ো ঘৰলৈ দৌৰি গ’ল।
“মুট্টাজী…” সিহঁতে ফোপাই-জোপাই তেওঁৰ কোঠালৈ দৌৰি গৈ ক’লে, “মহীশূৰৰ মহাৰাজজনে স্বৰ্ণ পদকটো সম্ৰাট পঞ্চম জর্জৰ পৰা পাইছিল নে?”
“আ… ঠিক কৈছা! জৰ্জ! তোমালোক ইমান বুধিয়ক নে!” মুট্টাজীয়ে আনন্দতে ক’লে।
দুয়ো ক’লে, ”তাৰ মানে মুট্টাজী, তোমাৰ জন্ম হৈছিল ১৯১৬ চনত আৰু আজি তোমাৰ পুৰাপুৰি ১০০* বছৰ হৈছে!”
*(২০১৬-১৯১৬=১০০)
“বা: তোমালোকেচোন আজি একদম চোৰাংচোৱাৰ দৰে কাম কৰিলা, বঢ়িয়া!” মাকে হাঁহি হাঁহি ক’লে, “মুট্টাজী আৰু তোমালোকক এতিয়া বিশেষ কিবা এটা দিবই লাগিব – এটা ডাঙৰ, কোমল, গুলপীয়া ক্ৰীমৰ প্ৰলেপেৰে ওপৰত গোলাপ থকা কেক!
“হুৰে!!!” দুয়ো আনন্দতে কিৰিলি পাৰিলে।





