Song of Sunshine and Rain: A Magical Forest Wedding Story
ৰ’দ-বৰষুণৰ গান
“তোমাৰ বিয়াৰ কথাবোৰ মোক আকৌ এবাৰ কোৱাচোন,” সৰু শিয়ালটোৱে মাকক ক’লে।
Thank you for reading this post, don't forget to subscribe!“অৰণ্যৰ সংগীত, ৰ’দ-বৰষুণ আৰু গান গোৱা চৰাইবোৰৰ কথা কোৱাচোন।”
“মোৰ অকণমানিটো, সেইদিনাৰ ৰাতিপুৱাৰ কথা মোৰ এতিয়াও মনত আছে। তোমাৰ দেউতাৰা আৰু মই অৰণ্যৰ গভীৰত থিয় হৈ আছিলো, বতৰটো সলনি হোৱাৰ কাৰণে প্রার্থনা জনাই আছিলো।
আকাশখন সোণালী, ক’লা আৰু ৰূপালী-নীলা আঁচবোৰেৰে দেখিবলৈ বৰ ধুনীয়া হৈ অছিল। বতাহজাক শীতল আৰু সেমেকা আছিল। অতিথিসকল বিভিন্ন ধৰণৰ শব্দৰ উপহাৰ লৈ বিয়ালৈ আহি আছিল।”
“আমাৰ বিয়াৰ কথাটো প্রথমতে ডাঙৰ – ডাঙৰ কাণৰ হাতীবোৰে শুনিছিল।
সিহঁত যেতিয়া বিয়াৰ মণ্ডপলৈ হুৰমূৰকৈ আহি আছিল গোটেই অৰণ্যখন কঁপি উঠিছিল।
“সিহঁতৰ প্রকাণ্ড ভৰিকেইখনৰ খোজত পৃথিৱীখন কঁপি উঠা যেন
অনুভৱ হৈছিল আৰু সিহঁতে দীঘল দীঘল শুৰেৰে চিঞৰ মাৰি অছিল :
ধুম- ধাম-ধুম-ধাম-হৱাৰনন!
ধুম-ধাম-ধুম-ধাম-হৱাৰনন!”
“হুলস্থূলত বান্দৰবোৰ টোপনিৰ পৰা সাৰ পাই উঠিল আৰু সিহঁতে চাৰিওফালে জঁপিয়াবলৈ ধৰিলে। গছৰ এটা ডালৰ পৰা আনটো ডাললৈ জঁপিয়াই থাকোতে ডালবোৰৰ পৰা কাৰাক কুৰুক আৰু পাতবোৰৰ খৰখৰনিৰ শব্দ ওলাইছিল:
খছ-খছ-খচ-ক্ৰেক!
খছ-খছ-খছ-খচ-হায়েহ!”
“বাঢ়ৈটোকা আৰু কের্কেটুৱাবোৰ
শব্দবোৰ শুনি আচৰিত হৈ নিজৰ নিজৰ বাঁহৰ পৰা ওলাই আহিছিল। সিহঁতে বিব্ৰত হৈ
গছৰ ডালত খটখটাব আৰু কামুৰিব ধৰিছিল:
খত-খত-খত-খত
খচক-খচক-খচক-কৰৰ-
কৰৰ-খচক খচক!”
“আৰু বাকীবোৰ চৰাই?”
“ৰ’বা, এতিয়াও শেষ হোৱা নাই ৰ’বা।”
“তাৰ পিছত ডাঙৰ খুৰা ভালুক তেওঁৰ ফোপোলা সুঁহুৰি বজোৱা লাঠিডাল লৈ আহি ওলাল। বাঁহীডাল যেতিয়া খুৰাই বতাহত ইফাল-সিফাল কৰিছিল তেতিয়া বৰ মধুৰ ধ্বনি ওলাইছিল: টি-দি-দু-দি!
টু-দাহ-দি-দাহ-দি-দি!”
“হাঃ হাঃ হাঃ, মই ভালুক খুৰাক বৰ ভাল পাওঁ।
আৰু তাৰ পিছত কোন আহিলনো? গানগোৱা চৰাইবোৰ নে?”
“নাই অ’, চৰাইবোৰ তেতিয়ালৈকে পর্ব্বতৰ ওপৰতে উৰি আছিল। এইবাৰ হৰিণাবোৰ আহিল। সিঁহতৰ শিঙত ইকৰাবোৰ ৰৈ গৈছিল। য়েতিয়া হৰিণাবোৰৰ শিংকেইটা ফুলৰ জোপোহাৰ মাজত সোমাই যায়, তেতিয়া কাঁইটবোৰ ইকৰাত লাগি এটা বৰ বিচিত্র শব্দ ওলায়:
টোৱাং-টোৱাং-টোইং-
টোইং-টোৱাং-টং!”
“আৰু তাৰ পিছত,” তাই ক’লে, “চৰাইবোৰ আহি পালে।”
“একেবাৰে শেষত!”
“ক’লা চৰাই, নীলা চৰাই, ৰঙা আৰু হালধীয়া চৰাই। ডাঙৰ- সৰু প্রত্যেক ধৰণৰ।
সিহঁতে আমাৰ চাৰিওফালে ফূৰ্তিত উৰিবলৈ ধৰাত সিহঁতৰ পাখিবোৰ আমাৰ ওপৰত ফুলৰ দৰে পৰিল। সিঁহতে গান গোৱা আৰম্ভ কৰিলে! বাঃ কেনেকৈ যে গাইছিল!”
“সিহঁতে বলি থকা বতাহৰ গান গাইছিল, দোকমোকালিৰ ৰ’দৰ গান গাইছিল আৰু বৰষুণৰ গান গাইছিল।
তাৰপিছত সিঁহতে এটাৰ পিচত আনটো গান খাপ খুৱাই আটাইবোৰ গান একেলগ কৰি গাবলৈ ধৰিলে আৰু এনেদৰেই এক শান্ত-উমাল সাংগীতিক মূৰ্চ্ছনাৰ সৃষ্টি হ’ল।
“ৰ’দ-বৰষুণৰ গান!”
“হয়, মোৰ অকণমানিটো ।”
“যেতিয়া চৰাইবোৰে গান গোৱা বন্ধ কৰিলে, তেতিয়াই উঁইচিৰিঙা, ফৰিং আৰু জিলীবোৰ বোকাৰ মাজৰ পৰা হাতচাপৰি মাৰি, হুমুনিয়াহ এৰি, চিঞৰি জঁপিয়াই ওলাই আহিল :
টৰ-ক্রি-কি-টৰ-ফৰ-কি-ৰৰ!”
“ভেকুলীবোৰেও ইটোৰ ওপৰত সিটোৱে জপিয়াবলৈ ধৰিলে আৰু এটাই আনটোক ওলট – পালট কৰিবলৈ ধৰিলে আৰু সিঁহতৰ টোৰ টোৰনিৰে আমাৰ বিয়াখনত সন্মতি জনালে:
টৰ-টৰ-টৰ-টৰ! টৰ- টৰ-টৰ-টৰ!
গানটোৰ অর্থ আটাইবোৰে জানিছিল – জহকালিৰ প্রথমজাক বৰষুণ আহি অছে।”

“গানটো শেষ হোৱা বেছি সময় হোৱাই নাছিল, আকাশত গাজনি উঠিল,
কলা মেঘেৰে আকাশখন ভৰি গ’ল আৰু বৰষুণো পৰিব ধৰিলে।
সেই বৰষুণৰ টোপালবোৰৰ মাজেৰে যেতিয়া সূৰ্য্যৰ কিৰণ পাৰ হৈ গৈছিল,
তেতিয়া মনোৰম উজ্বল ৰঙবোৰেৰে ৰামধেনুখন ওলাই পৰিছিল আৰু এনে
লাগিছিল যেন ৰামধেনুখন আমাৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল।”
“উফ!”
“আৰু তেনেদৰেই তোমাৰ দেউতাৰা আৰু মোৰ বিয়াখন হৈ গৈছিল।”
“মা, মোৰ বিয়াতো চৰাইবোৰ আহিব নে?
ৰ’দ-বৰষুণ একেলগে ওলাব নে?
আকাশখন ৰঙেৰে ভৰি পৰিব নে?”
“আমি সোনকালেই এয়া জানিম ৰ’বা” “বুঢ়া শিয়ালটোৱে ক’লে।”
“আহাচোন, এতিয়া বাহিৰলৈ যাওঁ। তোমাৰ প্রথম আলহী আহি পালেই হবলা।”





