Rainbow After Rain

Rainbow After Rain: A Child’s Wonderful Discovery

A heartwarming children’s story about Rainbow After Rain, curiosity, nature, and a child’s joyful discovery of colors.

ৰামধেনুৰ ৰং

একেৰাহে তিনিদিন ধৰি বৰষুণ দি আছিল,

Thank you for reading this post, don't forget to subscribe!

পৰী বাহিৰলৈ ওলাই যাব পৰা নাছিল । তাই বৰষুণ এৰাৰ অপেক্ষাত আছিল ।

মাকে পাকঘৰত কিবা কিবি কৰি আছিল ।

পৰীয়ে মাকক সুধিলে,

“মা বৰষুণ কেতিয়া এৰিব?”

মাকে ক’লে “এৰিব ৰ’বা সোনকালে এৰিব “

মাকে পৰীক ক’লে “পৰী আহাচোন মোক পাকঘৰত অলপ সহায় কৰা ।”

পৰীৰ একেবাৰে মন নাছিল । তাই সদায় মাকক পাকঘৰত সহায় কৰে ।

আজি তাইৰ মন নাই । তাইৰ পুতলাৰ লগত খেলিব মন নাই আৰু TV ত তাই ভালপোৱা কাৰ্টুন ও চাবলৈও মন নাই ।

তাইৰ বাহিৰলৈ ওলাই যাব মন গৈছে ।

পৰীয়ে খঙতে বাৰাণ্ডালৈ ওলাই আহি মজিয়া খনতে বহি ল’লে ।

তাই ডাঙৰকৈ চিঞৰি উঠিল ” বৰষুণ কেতিয়া এৰিব ?”

অলপ সময়ৰ পাছত বৰষুণ এৰিলে ।

পৰী আনন্দতে বাহিৰলৈ ওলাই আহিল ।

তাই গৈ গৈ সিহঁতৰ ফুলনিৰ মাজত সোমাই পৰিল ।

তাত নানা ৰঙৰ ফুল ফুলি আছিল ।

ৰং বিৰঙৰ ফুলবোৰ বতাহত হালি জালি নাচি আছিল ।

পৰীয়ে ফুলবোৰৰ লগত বহুত কথা পাতিলে ।

মাকে পাকঘৰৰ পৰা খিৰিকীৰে সকলো চাই আছিল ।

পৰীয়ে হঠাতে মা …….মা …..বুলি চিঞৰিলে ।

মাকে বাহিৰলৈ ওলাই আহিল ।

Rainbow After Rain

তাই আকাশ খন মাকক দেখুৱাই সুধিলে

“মা সৌৱা আকাশত কি? ইমান ধুনীয়া ধেনুৰ দৰে

ইমান ৰঙীন এই ফুল বিলাকৰ দৰে….”

মাকে ক’লে “পৰী, সেয়া ৰামধেনু

ৰামধেনু হ’ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগা ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰং দেখা পাওঁ । সূৰ্যৰ পোহৰ সাতটা ৰঙৰ সমষ্টি। সেইকেইটা হ’ল-বেঙুনীয়া, ঘন নীলা,নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা । ডাঙৰ হলে ভালকৈ জানিব পাৰিবা” ।পৰীয়ে ক’লে “বা:…. মা কি ধুনীয়া এই ৰামধেনু খন”।

মাকৰ কথাখিনিত পৰীৰ কোমল মনটোত বহুত প্ৰশ্ন ৰৈ গ’ল ।

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story