Seed Collection Story for Children: Learning How Plants Grow
গুটি বুটলোগৈ বʼলা!
টুকা আৰু পৈয়ে বস্তু সংগ্রহ কৰিবলৈ ভাল পায় । নদীৰপৰা মিহি শিলগুটি, জংঘলৰ পৰা ফাৰ্ণ, স্কুল ইউনিফৰ্মৰ পৰা ছিগিপৰা উজ্বল বিভিন্ন ৰঙৰ বুটাম আদি টুকা আৰু পৈয়ে বুটলে । সদায় স্কুলৰ পাছত সিহঁত আহি বেঁকা নাৰিকল গছ জোপাৰ কাষত প্রিয় বন্ধুৰ কাৰণে অপেক্ষা কৰে ।
Thank you for reading this post, don't forget to subscribe!ঘড়ীত পাঁচ বাজিলেই সেহাই ফোপাই এখন পুৰণা বাছৰ দৰে ইঞ্জি আহি পায় । চকলেট ৰঙৰ চকু আৰু সকলো সময়তে লৰাই থকা নেজডালৰে ইঞ্জি সঁচাকৈয়ে সিহঁতৰ বন্ধু।
টুকা, পৈ আৰু ইঞ্জিয়ে তলমু কৰি তলৰ ঘাঁহ আৰু শেলুৱৈয়ে ঢাকি ৰখা শিলবোৰ চায় ।
সিহঁতে বুটলিবলৈ ভাল পোৱা প্রিয় বস্তু হ‘ল গছৰ বীজ ।
গুবৰুৱাৰ নিচিনাকৈ জিলিকি থকা বীজ আৰু কাপোৰত লাগি ধৰা হুল থকা বীজ টুকা আৰু পৈয়ে গোটাই ভাল পায় । ডাঙৰ ডাঙৰ মাহৰ আকাৰৰ ৰাধাচূড়া গছৰ গুটি আদিও সিহঁতে সংগ্ৰহ কৰে ।
টুকা আৰু পৈয়ে গছজোপা লৰাই দিয়াত ৰাধাচূড়াৰ গুটিবোৰে চা চা কৰি এটা সুন্দৰ শব্দ কৰিলে । পৈয়ে গুটি বুটলি থাকোতে গুটিবোৰৰ পৰা হোৱা শব্দৰ লগত মিলাই ধেমেলীয়া গান ৰচিবলৈ ভাল পায় ।
ইঞ্জি বৰ ভাল কুকুৰ । তাই ডাঙৰ ফুল আৰু সৰু ভেকূলী ভাল পায় ।
চৰাই, গছৰগুটি, পৰুৱা আৰু শামুকো তাইৰ প্ৰিয় । কিন্তু তাই সকলোতকৈ বেচি ভাল পায় নিজৰ নেজডাল !
পৈয়ে বাৰে বাৰে তাই ৰচনা কৰা গানবোৰ গায় আৰু শুনি টুকাই হাঁহিবলৈ ধৰে আৰু ইঞ্জিয়ে আনন্দতে ভূকিবলৈ আৰম্ভ কৰে ।
ইঞ্জি, টুকা আৰু পৈ তেতেলী গছজোপাৰ তলত বহি আছিল । এই গছজোপাৰ মঙহাল বীজবোৰ টুকাৰ বৰ প্ৰিয় ।
সি ভিতৰৰ মূগা ৰঙৰ গুটিটো নোপোৱালৈকে ওপৰত থকা টেঙা মঙহখিনি চেলেকি চেলেকি খাবলৈ বৰ ভাল পায় । ই টুকাৰ মুখত হাঁহি বিৰিঙাই আৰু তাৰ পাছফালৰ চুলিখিনি থিয় হৈ যায় ।
হঠাৎ সিহঁতে এটা সৰু মাতেৰে কোনোবাই মতা শুনিলে, “হেৰা ।‘‘
টুকা আৰু পৈয়ে ইটোৱে সিটোলৈ চালে । সিহঁতে কাকো নেদেখি চিন্তাত পৰিল ।
“মই ইয়াত, ওপৰত !‘‘ সিহঁতে আকৌ কোনোবাই কথা কোৱা শুনিলে । টুকা আৰু পৈয়ে আকৌ তল ওপৰ আৰু সকলোফালে চালে, কিন্তু কাকো নেদেখিলে ।
“মই, পাচা । মই হ‘লোঁ তেতেলী গছ ।ʼʼ ইঞ্জীয়ে ভুকি ভুকি সদায় লৰোৱাতকৈ খৰকৈ নেজডাল লৰাই আগলৈ-পাছলৈ গৈ ভুক ভুক- কৰিলে ।
পাচাই কʼলে,“কিয় ইঞ্জী, তোমাক মই কেবাদিনো দেখা নাই যে !‘‘ টুকা আৰু পৈ মূৰ্তিৰ দৰে থিয় হৈ ৰ‘ল । সিহঁতৰ চকুকেইটা ডাঙৰ ডাঙৰ হৈ গ‘ল আৰু মুখ মেল খাই থাকিল ।
অৱশেষত পৈয়ে হাঁহি মাৰি ক‘লে, “হেৰা তেতেলীগছ, পাচা । মই হʼলোঁ পৈ । তোমাক লগ পাই ভাল লাগিল ।‘‘ তাৰ পাছত তাই গছজোপাক সাবটি ধৰিলে ।
পাচাই হাঁহিলে ।“ইয়াৰ আগতে কোনো সৰু ছোৱালীয়ে মোক এনেকৈ সাবটি ধৰা নাছিল । মোৰ গাটো সুৰসুৰ কৰিছে !ʼʼ
“আমিও আগতে কোনো কথা কোৱা গছক লগ পোৱা নাছিলোঁ !ʼʼ টুকাই স্ফূ্ৰ্তিৰে ক‘লে । গতিকে আমাৰ কাৰণে এইটো এটা অপূৰ্ব অনুভৱ। কথা শুনি পাচাই গছৰ পাতবোৰক আৰু সজীৱ কৰি জিলিকাই ডাঙৰকৈ হাঁহিলে ।
তোমালোক আজি কি কৰিবা ?‘‘ পাচাই সুধিলে।
টুকা আৰু পৈয়ে ক‘লে, “আজি আমি বিভিন্ন ধৰণৰ বস্তু বুটলিবলৈ আহিছোঁ‘‘!
টুকা আৰু পৈয়ে পাচাক সিহঁতে সংগ্রহ কৰি মোনাত ভৰাই অনা ফুল, শিলগুটি আৰু তেতেলী দেখুৱালে ।
“বীজ বুটলি তোমালোকে বৰ ভাল কাম কৰিছা !‘‘ পাচাই ক‘লে । “মই এনেকুৱা এটা সৰু তেতেলী গুটিৰ পৰাই গজিছোঁ, কথাটো জানানে ? এতিয়া মোলৈ চোৱা, ইমানবোৰ ডাল পাতৰে মই এজোপা ডাঙৰ গছ । ঘৰচিৰিকা কেৰ্কেটুৱা, কাউৰী আদিক লৈ এতিয়া মোৰ এটা বৰ ডাঙৰ পৰিয়াল আছে । ‘‘
টুকাই সুধিলে, ‘‘কি কৈছা ?ʼʼইঞ্জিয়ে ভুক ভুক কৈ ভুকিলে কিন্তু টুকাৰ এনে লাগিল যেন সি কৈছে কেনেকৈ ?কেনেকৈ?
“তোমালোকে সংগ্রহ কৰা প্ৰতিটো গুটিয়েই এজোপা এজোপা শিশু গছ ।‘‘ পাচাই ক‘লে ।
“শিশু গছ ?‘‘ পৈয়ে তাইৰ চকু কেইটা ধেনুভিৰিয়া কৰি ডাঙৰ কৰি সুধিলে ।
সকলো গুটিৰ পৰাই তেতেলী গছ হয় নেকি ?‘‘ পৈয়ে ঘৰত কিমান গুটি আছে সেই কথা ভাবিবলৈ চেষ্টা কৰি সুধিলে । “নহয়!‘‘ পাচাই উত্তৰ দিলে, “যি গছৰ গুটি লোৱা হয় সেই গছৰ নিচিনা গছ গজে ।‘‘

তোমালোকৰ বেগত কিবা ফল আছে নেকি ?‘‘ পাচাই সুধিলে । টুকাই মূৰ লৰাই এটা সৰু ৰঙা আপেল আৰু কল উলিয়ালে ।
“ঠিক আছে !ʼʼ পাচাই কʼলে । এতিয়া আপেলৰ মাজৰ অংশ নোপোৱালৈকে খোৱা । মাজৰ অংশত তোমালোকে সৰু সৰু গুটি দেখিবলৈ পাবা । সেইবোৰ জিলিকি থকা সৰু পোকৰ নিচিনা ।ʼʼ পৈয়ে কʼলে ।
“সেইবোৰ ধুনীয়া নহয় নে ? ʼʼ পাচাই সুধিলে ।
“সেই সৰু গুটিবোৰৰ পৰা আপেলৰ গছ গজিব ।ʼʼ
এইবাৰ কলটো ভাঙি তাৰ ভিতৰত কি পোৱা চোৱাচোন ?ʼʼ পাচাই কʼলে ।
টুকা উত্তেজিত হৈ কʼলে,“মই গুটিবোৰ দেখিছোঁ । সেইবোৰ শুইথকা মিলিপেডৰ নিচিনা !ʼʼ
“গুটিবোৰ বিভিন্ন ধৰণৰ আৰু বিভিন্ন আকাৰৰ !ʼʼ পাচাই কʼলে । তেতিয়ালৈ ইঞ্জিয়ে বাকী আপেলখিনি খপ খপকৈ খাই পেলালে । “সেইবোৰ চব গছৰ পুলি নেকি ?ʼʼ পৈয়ে সুধিলে ।
পাচাই কʼলে, “সকলো গুটিৰ মাজত সৰু সৰু গছ পুলি থাকে । সিহঁতে বাহিৰলৈ আহি পৃথিৱীখন চাবলৈ অপেক্ষা কৰি থাকে ।ʼʼ
সেইদিনা টুকা, পৈ আৰু ইঞ্জি ঘৰলৈ ঘূৰি আহোতে বাটত পোৱা গছবোৰ ভালদৰে লক্ষ্য কৰিলে ।
নাৰিকল গছৰ পাতবোৰ কিমান ধুনীয়া । এনে লাগে যেন সিহঁতে বতাহত নাচিহে আছে । ৰঙা গুলমোহৰ ফুলবোৰ উজ্জল নীলা আকাশত কিমান ধুনীয়া লাগে । আম গছৰ বাকলিত হাত দিলে আমি খহতা যেন অনুভৱ কৰো । ইমান ডাঙৰ আৰু উপকাৰী গছ এজোপা ইমান কণমানি গুটিৰপৰা আৰম্ভ হোৱাতো আচৰিত কথা নহয়নে ।
টুকা পৈ আৰু ইঞ্জি সদাই স্কুল ছুটীৰ পাছত লগ হয় । এতিয়া সিহঁতে সংগ্ৰহ কৰা গুটিবোৰ ৰুবৰ কাৰণে পাত্ৰ সংগ্ৰহ কৰিছে । পুৰণা জোতা, খালী নাৰিকলৰ খোলা, আনকি ব্যৱহাৰ কৰা প্লাষ্টিক বটলো । এইবোৰ সকলোতে সিহঁতে গুটি ৰোৱে ।
সিহঁতে প্ৰায়েই পাচাৰ লগত কথা পাতিবলৈ গছ জোপাৰ তললৈ আহে ।
পাচাৰ বীজৰ তালিকা
“হেৰা ! মই পাচা । তেতেলী গছ । কিন্তু সকলোৱে মোক বেলেগ বেলেগ নামেৰে মাতে । হিন্দীত মোক ইমলী বুলি কয় । তামিলত ʼপুলিʼ বুলি কয় । বেংগলীত মোৰ নাম তেতুল । মোৰ বৈজ্ঞানীক নাম হʼল, ʼতামাৰিনদাচ ইণ্ডিকা । মোৰ কিছুমান গুটিবন্ধুক চিনাকী কৰাই দিওঁ আহা । তোমালোকে নিশ্চয় খোৱা টেবুলত ইহঁতক দেখিছা ।ʼʼ
মলগো ( জলকীয়া) – বৈজ্ঞানিকে মোক কেপচিকাম অন্নাম বুলি কয় ।
জলকীয়া সকলো আকাৰৰ আৰু পৃথিৱীৰ সকলো ঠাইতে পায় । ইয়াৰ গুটি সৰু, ঘুৰণীয়া আৰু বহল । ই দাইল আৰু ভাজিত জ্বলা স্বাদ আনে । ইযাক হাতেৰে চুলে তোমাৰ হাত জ্বলিব পাৰে । সাবধান ।
কাপি (কফি ) – বৈজ্ঞানিকে মোক কফিয়া আৰবিকা বুলি কয় । তোমালোকৰ মা-দেউতাই ৰাতিপুৱা কফি খোৱা দেখিছা নিশচয় । কফি গুটিৰ পৰা ইয়াক তৈয়াৰ কৰে। গুটিবোৰ শুকুৱাই ভাজি লৈ গুড়ি কৰিলে কফি হয়। ই দক্ষিণ ভাৰতৰ পাহাৰীয়া ঠাইত বেচিকৈ উৎপন্ন হয় ।
চক্কা (কঠাল) বৈজ্ঞানিক নাম আৰটকৰপাচ হেতেৰফিলাচ।
বগৰী, আপেল, কল, তৰমুজ আৰু কঠাল – ইয়াৰ সকলোৰে ভিতৰত গুটি আছে । আমৰ গুটিৰ দৰে কিছুমান গুটি আমি খাব নোৱাৰো । কঠাল আৰু অন্য কিছুমানৰ গুটিৰ তৰকাৰী আমি খাওঁ ।
নাৰিকল – বৈজ্ঞানিক নাম হʼল- ককচ নুচিফেৰা ।
ইয়াৰ টান মূগা বৰণৰ প্ৰতিটো অংশই আমাৰ কামত আহে । বাহিৰৰ টান চুলিৰ নিচিনা অংশৰে ৰছী তৈয়াৰ কৰা হয় । ভিতৰৰ কোমল অংশটো খাদ্য আৰু মাজৰ অংশত থকা পানী বিশেষকৈ গৰমত বৰ উপাদেয় পানীয় হিচাবে ব্যৱহাৰ হয় । তোমালোকে মূৰত চুলিত ঘঁহা তেলো নাৰিকলৰ পৰা তৈয়াৰ কৰা হয় ।
কাপ্পালান্দি (বাদাম ) বৈজ্ঞানিক নাম আৰাচিছ হাইপগাইয়া ।
সকলো গছে মাটি ভাল পায় । কিন্তু বাদামে মাটি ইমান ভাল পায় যে ই মাটিৰ তলতহে হয় । সেয়েহে ইয়াক গ্ৰাউণ্ড নাট বুলিও কোনো কোনোৱে কয় । ইয়াক কেঁচাই, সিজাই বা ভাজি খালে বৰ ভাল লাগে আৰু ই বৰ উপকাৰীও ।
চেৰু – ধান – বৈজ্ঞানিক নাম অৰিঝা চেটিভা ।
ধান বহুত লোকৰ প্ৰধান আৰু প্ৰিয় খাদ্য । ভাৰতৰ বেচি ভাগ মানুহেই অন্য খাদ্যতকৈ ইয়াক বেচি খায় । ধানৰ ওপৰত চোলাৰ নিচিনা এটা মূগা খহটা ঢাকনী থাকে । ই ভিতৰৰ গুটিটো সুৰক্ষিত আৰু সুস্থ কৰি ৰাখে ।
চকলেট – বৈজ্ঞানিক নাম থেঅবৰমা কাকাও(ভগৱানৰ খাদ্য)
ধান সকলোতকৈ প্ৰিয় হʼলেও কোকোও সকলোতকৈ বেচি ভালপোৱা খোৱাবস্তু । বিশেষকৈ টুকা আৰু পৈৰ কাৰণে । কোকো গুটিৰ পৰা চকলেট তৈয়াৰ কৰা হয় । এটা কোকো গুটিত ৩০-৪০টামান বীজ থাকে । তাক ভাজি গুড়ি কৰি গাখীৰ আৰু চেনী মিলাই সুস্বাদু চকলেট তৈয়াৰ কৰা হয় ।





