Spring Season Festival Celebration – New Beginnings of Nature
সকলোবোৰ নতুন যেন লাগিছে
আজি বসন্ত পঞ্চমী । মোৰ মা-দেউতাই কৈছে, এইটো বসন্তৰ প্রথম দিন । শীত আৰু গ্রীস্ম কালৰ মাজৰ কালটোক বসন্ত কাল বুলি কোৱা হয় । সংস্কৃতত ইয়াক বসন্ত ঋতু বুলি কয় ।
Thank you for reading this post, don't forget to subscribe!ভাৰতবৰ্ষৰ বহুতো অঞ্চলত মানুহে বিদ্যা, সংগীত আৰু কলাৰ অধিস্ত্রাত্রী দেৱীক পূজা কৰে । মোৰ ঘৰৰ ওচৰত বহুতো চৰাই আছে । মই ভাবো, সিহঁতে মোক শুনাবৰ কাৰণেই গান গায় ।
গছৰ নতুন পাতবোৰ চিকমিকাই আছে, মোৰ নতুন চোলাটোৰ দৰে । মোৰ মায়েও এখন হালধীয়া শাৰী পিন্ধিছে – বাসন্তী ৰঙৰ – ৰঙটো ধুনীয়া আৰু ৰঙৰ নামটোও ধুনীয়া ।
ককাদেউতাই মোক এজোপা গছ ৰুবলৈ কৈছে ।
মই সুধিলো,“কিন্তু কিয় ?‘‘
তেওঁ ক’লে,“ যাতে বন্ধু হিচাবে এজোপা গছো
তোমাৰ লগতে ডাঙৰ হ’ব পাৰে, মিনু ।’’
বসন্ত কালত নতুন যিকোনো এটা কাম আৰম্ভ কৰিবৰ কাৰণে শুভ সময় ।’’
মই আৰু ককাদেউতা বাগানলৈ গ’লো । আমি
দুয়ো এটা গাত খান্দি তাত গছ পুলি এটা ৰুলো । মই ককাদেউতাক প্রশ্ন কৰিলো,“ই কিমান ওখ হ’ব ?’’
“মিনু, অপেক্ষা কৰা, নিজেই গম পাবা !‘‘

কেৰ্কেটুৱাবোৰে ইটোৱে সিটোৱে খেদা খেদি কৰি আছে । টিংগু নামৰ মেকুৰীয়টোৱেও এটা কেৰ্কেটুৱা খেদি আছে, আৰু মই টিংগুক খেদিবলৈ বিচাৰিছো ।
বাগিছাখন ফুলৰে ভৰি আছে ।
মই হালধীয়া গোলাপ ফুল বৰ ভাল পাওঁ, আৰু ককাদেউতাই খৰিকা জাঁই ফুল ভাল পায় ।
বাগিছাখনৰ কোনো কোনো গছৰ তলত পাতৰ দলিচা পৰাৰ দৰে হৈ আছে ।
বহুতো গছত ফুল ফুলে ।
মই বসন্তকাল ভাল পাওঁ !
বসন্ত কালত সকলোবোৰ বৰ সুন্দৰ লাগে !
কালিলৈ ফাকুৱা । পাঠশালা দুদিনৰ কাৰণে বন্ধ । আমি কাঠ আৰু খেৰৰে বৰ ডাঙৰ এটা মেজি সাজিছো ।
আমি কেইজনমান জংঘললৈ গৈ কাঠ আৰু পলাশৰ ফুল বুটলি আনিলো । মানুৱে ফুলবোৰ এটা পানীৰ ড্রামত থ’লে । এইবাৰ পানীখিনি কমলা ৰঙৰ হৈ পৰিল ।
কালিলৈ আমি কমলা ৰঙৰ পানীৰে ফাকু খেলিম । আমি গুজিয়া আৰু লুচিও খাম ।
বসন্ত কালটো ইমান সুন্দৰ । ই ঠাণ্ডাও নহয়, গৰমো নহয়, সেমেকাও নহয় ।





