Angry Farmer Learned to Laugh

Angry Farmer Learned to Laugh – A Powerful Moral Story

Angry Farmer Learned to Laugh is a heartwarming moral story about anger, mistakes, and discovering the true power of laughter and happiness.

শ্রীনেগ্রী শ্রীনিবাসনে হাঁহিবলৈ শিকিলে

     শ্রীনেগ্রী শ্রীনিবাসন ভাল খেতিয়ক আছিল ।

Thank you for reading this post, don't forget to subscribe!

     সি সকলোতকৈ ভাল কল উৎপাদন কৰে ।

     তাৰ পথাৰত হোৱা কলৰ পৰা সকলোতকৈ উৎকৃষ্ট হালোৱা তৈয়াৰ হয় ।

   কিন্তু তাৰ খং পৃথিৱীৰ সকলোতকৈ ভয়ানক ।

   তাৰ খং উঠিলে কপালখন গভীৰ ৰেখাৰে ভৰি পৰে ।

     শ্রীনেগ্রী শ্রীনিবাসৰ খং উঠিলে তাৰ কাষৰ পৰা সকলো পলাই যায়।

     তাৰ পত্নী, তাৰ ল‘ৰা-ছোৱালী আৰু তাৰ বন্ধুবোৰেও তাৰ পৰা লুকাই থাকিবলৈ বিচাৰে ।

     তাৰ গৰু আৰু কুকুৰটোও তাৰ খং দেখি এবাৰ পলাই গৈছিল ।

     শ্রীনেগ্রী শ্রীনিবাসৰ খং উঠিলে আনকি গছত থকা কাউৰীও উৰি পলাই যায় ।

       শ্রীনেগ্রী  শ্রীনিবাসৰ প্রায়েই খং উঠে । তাৰ খেতি ভাল নহ‘লে খং উঠে । 

      নাপিতে তাৰ চুলি কাটিবলৈ সময় নাপালে খং উঠে ।

      তাৰ টি ভিটো ভালদৰে নচলিলে –

      ইত্যাদি ইত্যাদি ।

      এদিন শ্রীনেগ্রী শ্রীনিবাসনে তাৰ কলৰ খেতি চাবলৈ পথাৰলৈ গৈছিল ।

      তাৰ মনটো সেইদিনা বেয়া আছিল ।

      কোনেও নাজানে, কিয় ?

 সি লৰালৰিকৈ তাৰ সকলোতকৈ ডাঙৰ কলৰ গছজোপাৰ কাষলৈ গ‘ল ।

 তাত ডাঙৰ ডাঙৰ সুন্দৰ কল লাগি আছিল ।

সি লৰালৰিকৈ তাৰ কলৰ বিখ্যাত হালোৱা তৈয়াৰ কৰিবলৈ ধৰিলে । 

 হালোৱা কৰা হোৱাৰ পিছত তাৰ খং হাঁহিলৈ সলনি হৈ গ‘ল ।

    ঠিক তেতিয়াই বান্দৰৰ দল এটাই কাষত থকা গছৰ পৰা ওলমি ওলমি আহি তাত উপস্থিত হ‘লহি ।

    পিছফালেটো জুইৰ দৰে ৰঙা, সকলোতকৈ ডাঙৰ বান্দৰটোৱে কাষৰে এজোপা গছৰ পৰা আহি  শ্রীনেগ্রী 

    শ্রীনিৱাসনে গৌৰৱৰে চাই থকা কল গছজোপাৰ ওপৰত জঁপিয়াই পৰিল ।

   এই কামে তাক আকৌ এবাৰ খং উঠালে । তাৰ খং ক্রমান্বয়ে বাঢ়ি গৈ থাকিল ।  ইমান দিনৰ ভিতৰত   

শ্রীনিবাসনৰ এইবাৰেই সকলোতকৈ বেচি খং উঠিছিল । এই খং তাৰ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে বিয়পি পৰিল।

   খং দেখি দুষ্ট মনৰ বান্দৰো সেইদিনা আচৰিত হৈছিল । এনেদৰে খং উঠা মানুহ সি আগতে কেতিয়াও দেখা নাছিল । এইবাৰ সিও আধা বাকলি গুচুৱা কল এটা ওপৰৰ পৰা মাটিত পেলাই দিলে । এটাৰ পিছত এটাকৈ বান্দৰটোৱে আৰু কেবাটাও কল পেলালে । তাৰপিছত সি লৰালৰিকৈ অন্য এজোপা গছলৈ জাঁপ মাৰি , তাৰ পিছত আন এজোপালৈ জাঁপ মাৰি লৰালৰিকৈ সেই ঠাইৰ পৰা দূৰলৈ গৈ এই খঙাল মানুহটোৰ পৰা আঁতৰ হৈ গ‘ল ।

  শ্রীনেগ্রী  শ্রীনিবাসনে বান্দৰটো ইজোপা গছৰ পৰা সিজোপা গছলৈ জঁপিয়াই থকা দেখা পালে । 

  সেয়েহে সি বান্দৰটোক খেদিবলৈ ধৰিলে ।

  সি বান্দৰটোক এটা শিক্ষা দিয়াৰ কথা ভাবিছিল ।

    বান্দৰটোক খেদি গৈ থাকোতে সি কলৰ বাকলি এটাত পিছল খাই পৰি গ‘ল ।

     ধপ্ , সি তললৈ পৰি গ‘ল আৰু তাৰ চেন্দেলযোৰ বোকাত লাগি ধৰিলে ।

   শ্রীনেগ্রী শ্রীনিবাসন পৰাৰ পৰা উঠি বহি আকৌ বান্দৰটোক খেদিবলৈ ধৰিলে ।

   ধপ্ ! সি আকৌ পৰি গ‘ল । এইবাৰ সি তাৰ মুখখন তললৈ দি পৰিল ।

    যেনেতেনে সি আকৌ এবাৰ উঠি বহিল । 

    তাৰ মুখখন ঘাঁহ, বন জাবৰি আৰু বোকাৰে ভৰি গ‘ল ।

    সি ওপৰলৈ চাওঁতে বান্দৰটো ইতিমধ্যে তাৰ পৰা পলায়ন কৰিছে ।

   শ্রীনেগ্রী শ্রীনিবাসনে নিজৰ গাৰ ফালে  চালে ।  তাৰ ধুনীয়া চোলাটো মটিয়া ৰং ধৰিলে । 

   হাত কেইটাও লেতেৰা হোৱাৰ লগতে আঁচোৰো খালে ।

   আনকি সি নিজৰ ভৰি কেইটাকে বিচাৰি পোৱা নাছিল । 

   ভৰি কেইটা মাটিত লুতুৰি পুতুৰি হৈ গৈছিল ।

    হঠাৎ সি অনুভৱ কৰিলে যে তাক বহুৱা যেন লাগিছে । শ্রীনেগ্রী  শ্রীনিবাসন হ‘ল নাম থকা খেতিয়ক ।

    এতিয়া সি এসোপামান বোকা, ঘাঁহ, বন, জংঘল আৰু কলৰ মাজত বহি আছে । তাক কেনে বহুৱা যেন   

     লাগিছে ?  শ্রীনেগ্রী শ্রীনিবাসনে কথাটো ভাবি হাঁহিবলৈ ধৰিলে । 

    প্রথমতে তেওঁ অলপমানহে হাঁহিছিল , হিঁ, হিঁ, হিঁ ।

    তাৰ পিছত হাঁহিটো ডাঙৰ হ‘ল ।

Angry Farmer Learned to Laugh

     হাঁ – আ – আ-  হাঁ – আ – আ  !

 সি যিমানেই হাঁহিলে, সিমানেই আৰু বেচি হাঁহিবলৈ মন গ‘ল ।

  হাঁহি আৰু ডাঙৰ হ‘ল, হাঁ,  হাঁ,  হাঁ ,  আৰু ডাঙৰ !

 অলপ পিছতেই সি তাৰ পেটত খামুচি ধৰি বোকাত বাগৰি পৰিল ।

  হাঁ আ আ !  হাঁ আ  আ !

  তাৰ চকুৰ পানী বাগৰি আহিল ।

   হাঁহিটো ইমান সুৰীয়া আছিল যে কাষত থকা চৰাইবোৰো শুনিবলৈ আহিল । হাঁহিটো ইমান ডাঙৰ  

  আছিল যে বান্দৰবোৰ উভতি আহিল,  ইমান ভাল লগা আছিল যে শিশুহঁতো আগবাঢ়ি আহিল ।

  হাঁহিটো ইমান নতুন, যে শুনি গোটেই পৰিয়ালটোৱেই বাহিৰ পালেহি ।

শ্রীনেগ্রী শ্রীনিবাসনে ইমান বেচিকৈ হাঁহিবলৈ ধৰিলে, যে তাক দেখি বাকী সকলোৱেও হাঁহিবলৈ ধৰিলে ।

চৰাইবোৰেও মাতিবলৈ আৰম্ভ কৰিলে । কাউৰীয়ে ৰমলীয়ালেে । বান্দৰবোৰে চিঁ চিঁয়াবলৈ ল‘লে ।

শিশুহঁতে খিক্ খিকাই হাঁহি উঠিল ।  কলৰ গছবোৰ বাঢ়িবলৈ ধৰিলে । নাপিতে তাৰ দোকানতে মিচিকিয়াই হাঁহি মাৰিলে । দৰ্জীয়েও আনন্দত উৎফুল্লিত হৈ পৰিল । আনকি বহুত দূৰত গুহাত শুই থকা বাঘটোৱেও তাৰ দাঢ়িৰ মাজেৰে হাঁহিবলৈ ধৰিলে ।

হঠাৎ শ্রীনেগ্রী শ্রীনিবাসনে হাঁহি বন্ধ হ‘ল  । 

তাৰ চাৰিওফালে থকা সকলোবোৰেই সুখী হ‘ল । সি নিজেও সুখী হ‘ল ।

 “আহা, ঘৰলৈ যাওঁ ব‘লা” , সি তাৰ হাত দুখন ল‘ৰা-ছোৱালী কেইটাৰ ফালে আগবঢ়াই  দি ক‘লে ।শ্রীনেগ্রী  শ্রীনিবাসনৰ এতিয়াও কেতিয়াবা খং উঠে, কিন্তু আজিকালি সি হাঁহিবলৈকো ভাল পায় ।

আজিকালি নগৰত সকলোতকৈ বেচিকৈ  হাঁহে শ্রীনিবাসনে ।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story