Welcome to the Forest

Welcome to the Forest: Tulsa’s Journey into the Kanha Tiger Reserve

Welcome to the Forest — a heartwarming journey where Tulsa discovers wildlife, nature’s sounds, and the magic of Kanha Tiger Reserve.

অৰণ্যলৈ আদৰণি

তুলসাই অৰণ্যলৈ যাব বিচাৰে। তাইৰ শিক্ষকে শ্রেণীকোঠাত বাঘৰ কাহিনী শুনায়। তাই অৰণ্য আৰু জীৱ-জন্তুৰ বিষয়ে শুনি ভাল পায়।

Thank you for reading this post, don't forget to subscribe!

এদিন তাইৰ মনৰ আশা পূৰণ হ’ল। খাড়ে খুৰা নামৰ এজন জ্যেষ্ঠ বন বিষয়াই তুলসা আৰু তাইৰ বান্ধৱীসকলক ‘কান্হা ব্যাঘ্ৰ প্ৰকল্প ভ্রমণ কৰিবলৈ নিমন্ত্রণ জনালে। তুলসা আৰু তাইৰ বান্ধৱীকেইজনী ফূৰ্তিতে ৰ’ব নোৱাৰা হ’ল। সিহঁতে অৰণ্যত এদিন – এনিশা কটাব পাৰিব!

বিদ্যালয়ৰপৰা অৰণ্যলৈ বাছেৰে গ’লে চাৰি ঘণ্টা সময় লাগে। বাছৰপৰা নমাৰ লগে লগে এজন ব্যক্তিয়ে তুলসাৰ হাতত ধৰি সম্ভাষণ জনালে আৰু তাইৰ চুলিকোছা জোকাৰি ক’লে, “কান্হালৈ স্বাগতম!”

সেই ব্যক্তিজনেই হ’ল খাড়ে খুৰা।

তুলসা আৰু তাইৰ বান্ধৱী ৰাণী, মিঠু আৰু দিপ্তী ইজনী সিজনীৰ ওচৰতে থাকে। মিঠুৱে ক’লে, “বতাহখিনি শুঙি চোৱাচোন, একেবাৰে গছ আৰু পাতৰ দৰে গোন্ধাইছে।”

“বতাহখিনি ইমান পৰিষ্কাৰ যেন ইয়াক চাবোনেৰেহে ধোৱা হৈছে।” ৰাণীয়ে যোগ দিলে।

বেলি মাৰ যোৱাৰ সময় হ’ল। খাড়ে খুৰা আৰু আন আন বন বিষয়াসকলে সিহঁতক পিছদিনাখন চাবলগীয়া অৰণ্যখনৰ বিষয়ে কিছু কথা ক’লে। ছোৱালীকেইজনীক বিভিন্ন জন্তু আৰু চৰাইৰ মাত শুনোৱা হ’ল, যাতে সিহঁতে মাতবোৰ শুনিলে চিনি পায়।

পিয়াওঁ-পিয়াওঁ;

“এইটো ময়ুৰৰ মাত!”

উও-উও;

“জানো, জানো, এইটো সুগৰী পহুৰ মাত!”

কী-কী;

“সেইটো উইচিৰিঙাৰ মাত!”

পিছদিনা তুলসা ৰাতিপুৱা ৫ বজাতে সাৰ পালে। ও হো হো! আজি ঠাণ্ডা পৰিছে! সকলোৱে গৰম কাপোৰ পিন্ধি সাজু হ’ল। এজন এজনকৈ তেওঁলোক বাছত উঠিলে।বন নিৰ্দেশক ৰণবীৰ খুৰাই সিহঁতক ক’লে, “আমাৰ চাৰিওফালে ঘন কুঁৱলীৰে ঢাক খাই থকা ওখ ঘাঁহ আছে।”

তুলসাই নিজৰ মুখত শীতল আৰু পৰিষ্কাৰ বতাহ অনুভৱ কৰিছে। এই বতাহৰ সোৱাদ পদিনাৰ দৰে।

“ছুপ!” ৰণবীৰ খুৰাই ফুচফুচাই ক’লে। “আমাৰ বাছৰ কাষতে দুটা শিয়াল আছে।” সকলোৱে সাৱধান হ’ল । সিহঁতে ওখ ঘাঁহবোৰ লৰচৰ হোৱাৰ শব্দ শুনিলে। শিয়ালকেইটাই যেতিয়া ঘন অৰণ্যলৈ দৌৰি গ’ল, তেতিয়া শুকান পাতবোৰ শিয়ালৰ ভৰিৰ তলত পৰি চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল।

ৰণবীৰ খুৰাই আকৌ এবাৰ লাহেকৈ ক’লে, “ৰাস্তাটোৰ বাওঁফালে 

এটা ডাঙৰ হৰিণা থিয় হৈ আছে যাক শৰপহু বোলা হয়। হৰিণাটো 

মটীয়া ৰঙৰ আৰু তাৰ মূৰত ডাঙৰ ঠানিৰ দৰে শিং আছে যিটোক শৰপহুৰ ফেৰেঙনি বুলি কোৱা হয়।” সকলোৱে নিজৰ বাওঁফালে মনোযোগ দিয়ে।

হঙ্ক-হঙ্ক! শৰপহুটো দৌৰি যায়। তুলসাই কয়, “ইয়াৰ মাতটো ডাঙৰ পেঁপাৰ নিচিনা!” তাইৰ কথাত বাকী ছোৱালীকেইজনীয়েও হাঁহে।

সোনকালে বতাহজাক আৰু অধিক শীতল হ’বলৈ ধৰে। ৰণবীৰ খুৰাই কয়, “আমি এতিয়া এখন নদীৰ কাষত আছোঁ।” তুলসাই পানীৰ কুল-কুল শব্দ শুনে। গছৰ পৰা বহুতো চৰায়ে মাতি আছে।

ফ্ৱি-ফ্ৱি!

ৰশ্মিয়ে ক’লে, “সেই চৰাইটোৱে সুহুৰি মাৰি আছে!”

ৰণবীৰ খুৰাই ক’লে, “হয় ৰশ্মি, এইটো মাটি কতৰা চৰাইৰ মাত।”

কিচ্-কিচ্!

“আৰু সেই কুৰুলি দিয়া মাতটো যে শুনিছা, সেইয়া হ’ল সাত ভনী চৰাইৰ মাত।”

ওপৰৰপৰা কোমল পাতবোৰ সৰি পৰিছে। বান্দৰৰ পোৱালিকেইটাই সিহঁতৰ ওপৰত পাতৰ বৰষুণ নমাই আনিছে। তুলসাই তাইৰ গাত পৰা পাত এটা উঠালে। অৰণ্যখনৰ দৰেই ইয়াৰ গোন্ধো সজীৱ আৰু বিশুদ্ধ।

বাছখন পাহাৰলৈ উঠিবলৈ আৰম্ভ কৰিলে।

“এই লতাডাল ধৰা। দেখিছা নে, ইয়াক এডাল শক্তিশালী ৰছী যেন নালাগেনে? পাতবোৰ কপাহৰ দৰে!” সকলোৱে পাল-পাতি লতাডাল ধৰি চালে।

ৰণবীৰ খুৰাই ক’লে, “এইডালেই মহুৱা।” “ইয়াৰে পাতবোৰ সৰু-সৰু বাতি বনাবলৈ ব্যৱহাৰ কৰা হয়।”

পিয়াওঁ-পিয়াওঁ!

ৰণবীৰ খুৰাই উত্তেজিত হৈ ক’লে, “তোমালোকৰ সোঁ দিশে সেয়া ময়ুৰ।”

তুলসাই সুধিলে, “ময়ুৰটোৱে নাচি আছে নেকি?”

“হয়!” খুৰাই ক’লে। “জাৰকালিৰ ৰ’দত তাৰ পাখিবোৰ ৰত্ন পাথৰৰ দৰে জিলিকি আছে।”

তুলসাই ক’লে, “সুন্দৰ!”

ইতিমধ্যে সিহঁত সকলোৰে ভোক লাগিছিল। সিহঁতে বন শিবিৰত পুৱাৰ আহাৰ খাবলৈ ৰ’ল। খাড়ে খুৰাই তাতেই এটা ঘোষণা কৰিলে, “শিবিৰৰ হাতীকেইটামান ইয়াতেই আছে। সিহঁতক লাহেকৈ চুই চালে সিহঁতে বেয়া নাপায়।” সকলোৱে ফূৰ্তিতে চিঞৰ মাৰি উঠিল। তুলসাক তাৰা নামৰ হাতীটোৰ ওচৰলৈ লৈ যোৱা হ’ল।

নিৰ্দেশকগৰাকীয়ে তাৰাৰ কাঁইটযুক্ত পেটত তাইৰ হাতখন থ’লে। হোম্প! তুলসাই তাৰাৰ ভৰি দুখন লৰাৰ শব্দ শুনিলে। তুলসাই নিজৰ হাতৰ তলত শক্তিশালী মাংসপেশী অনুভৱ কৰিলে। তাৰাই খাদ্য বিচাৰি লাহেকৈ তাইৰ শুড়ডাল তুলসাৰ হাতত তুলি দিলে। তুলসাই তিতি থকা শুড়ডাল চুই তাইৰ হাঁহি উঠি গল। এতিয়া ঘূৰি যোৱাৰ সময় আহি পৰিল।

ঘূৰি গৈ থাকোঁতে সিহঁতে এটা গঁড় পাৰ কৰি গ’ল। ৰণবীৰ খুৰাই ক’লে, “গঁড়টোয়ে ঘাঁহ খাই আছে। গঁড়ৰ গা টো ক’লা, কিন্তু ভৰিৰ তলখন বগা। দেখাত এনেকুৱা লাগে যেন গঁড়টোৱে মোজা পিন্ধি আছে।” ৰণবীৰ খুৰাৰ কথাত সকলোৱে হাঁহিলে। হঠাৎ বতাহখিনি যেন এটা গভীৰ আৰু ডাঙৰ মাতত দুভাগ হৈ পৰিল।

Welcome to the Forest

আওঁ! আকৌ এবাৰ মাতটো আহিল।

ৰণবীৰ খুৰাই ক’লে, “বাঘটো বহু দূৰত আছে। কিন্তু বাঘটোৱে চাগে তোমালোকক দেখিছে আৰু সি সেই কথাটো তোমালোকক জনাব বিচাৰিছে।”

সুখৰ হুমুনিয়াহ কাঢ়ি তুলসা আৰু তাইৰ বান্ধৱীসকল উদ্যানখনৰ বাহিৰলৈ ওলাই আহিল। অৰণ্যৰ অভিজ্ঞতা আহৰণ কৰাৰ বহুতো উপায় আছে। সিহঁত কন্হা ব্যাঘ্র সংৰক্ষিত অঞ্চললৈ পুনৰ যাবলৈ ব্যগ্ৰ হৈ পৰিছে।

এইটো এটা সঁচা ঘটনা 

২০১৭ চনৰ জানুৱাৰী মাহত, লাষ্ট ৱাইল্ডাৰনেছ ফাউণ্ডেছন নামৰ সন্থা এটাই কান্হা ব্যাঘ্র সংৰক্ষিত অঞ্চলৰ লগত মিলি জবলপুৰৰ অনন্য মানব চাই সমিতিৰ পৰা ২৩ জনীয়া এটা দৃষ্টিশক্তিহীন ছাত্র-ছাত্রীৰ দলৰ বাবে শিবিৰৰ আয়োজন কৰিছিল।

ছাত্র-ছাত্রীসকলক অৰণ্যৰ সৌন্দৰ্য্য নিজৰ ইন্দ্রিয় অনুভূতিৰে উপভোগ কৰিবলৈ চাফাৰিত লৈ যোৱা হৈছিল।

লাষ্ট ৱাইল্ডাৰনেছ ফাউণ্ডেছনৰ বিষয়ে :

লাষ্ট ৱাইল্ডাৰনেছ ফাউণ্ডেছন হ’ল এটা বেচৰকাৰী সংস্থা যিয়ে চহৰ আৰু গাঁৱৰ ল’ৰা-ছোৱালীৰ মাজত বন্যজীৱ আৰু জৈৱ-বৈচিত্ৰৰ প্রতি সজাগতা অনাৰ চেষ্টা কৰে আৰু লগতে তেওঁলোকক সংৰক্ষণ আৰু পৰিৱেশৰ প্রতি সংবেদনশীল কৰি তোলাৰ চেষ্টা কৰে।

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story