The Story of the Hundred-Thirty-Seventh Leg: A Heartwarming Tale of Care and Friendship
এশ‘ সাতত্রিশ নম্বৰৰ ভৰিটো
এটা নতুন দিন ।
Thank you for reading this post, don't forget to subscribe!জংঘলত কোমল ৰ‘দ পৰিছে ।
চৰাইবোৰে সাৰ পাইছে ।
কেৰেলুৱা এটাই
মূগা ৰঙৰ ডাঙৰ পাত এখিলাৰ তলত মেৰ খাই পৰি আছিল ।
চৰাইবোৰে মাতি মাতি তাইক জগাই দিলে ।
“ইয়াৰ পৰা যোৱা ! মোক শুবলৈ দিয়া !”
তাই গোজোৰা মাৰি ক‘লে ।
“এতিয়া ৰাতিপুৱা হৈছে বুলি মই জানো ।”
” প্রতি দিনে এই একে কথাকে বাৰে বাৰে মোক ক‘ব নালাগে ।”
তাই চৰাইবোৰক ক‘লে ।
কেৰেলুৱাটো পাতৰ তলৰ পৰা বগাই বগাই ওলাই আহিল ।
তাই তাইৰ প্রথম পোন্ধৰযোৰা ঠেং পোনাই ল‘লে ।
তাৰ পিছত এটা বৰ ডাঙৰ হামি মাৰিলে ।
“মোৰ ভোক লাগিছে !”কেৰেলুৱাজনীয়ে ক‘লে,
আৰু আহাৰৰ সন্ধানত ওলাই গ‘ল ।

লৰালৰি কৰোতে তাই এটা শিলত খুন্দা খালে ।
অস , মোৰ ভৰিটো ! হে ভগৱান !”
“মোৰ ভৰি এটা ভাগিল !” তাই ক‘লে ।
সৰু ঘৰ-চিৰিকা এটাই কাষতে খাবলৈ কিবা গুটি বিচাৰি আছিল ।
“তোমাৰ এটা ভৰি ভাগিল,
মোৰ বহুত ভৰি থকাহ‘লে এটা ভাঙি দিলোহেঁতেন !
মোলৈ চোৱা ! মোৰ মাত্র দুটা ভৰিহে আছে ।
এটাই আনটোক অনুসৰণ কৰে, কোনো অসুবিধা নাই ! সহজ কথা !”
তাই আনন্দ মনেৰে ক‘লে, “আৰু তোমাৰ নো ইমান লৰালৰি কিয় ? “
“অনুগ্রহ কৰি তুমি মোক সহায় কৰিব পাৰিবা নে ?”
কেৰেলুৱাই সুধিলে ।
“ইমান ৰাতিপুৱাতে ? ‘‘
“নাই বাইদেউ, মই দুখিত, মোৰ বহুত কাম আছে ।”
ঘৰ-চিৰিকাটোৱে ক‘লে ।
কেৰেলুৱাটোৱে সহায় কৰিবৰ কাৰণে মৌ মাখিক অনুৰোধ কৰিলে ।
কিন্তু সিহঁত ফুলৰ পৰা মৌ গোটোৱাত ব্যস্ত ।
জিঞাজনীয়েও আনকি তাইক ঘূৰি নাচাই ভোঁ ভোঁ কৰি উৰি গুচি গ‘ল ।
“পখিলাই ক‘লে, তোমাৰ ইমানবোৰ ভৰি আছে !
তাৰ মাজৰে এটা ভৰি ভাগোতেনো তুমি কিয় চিন্তা কৰিছা ?
এই নাটক বন্ধ কৰা !”
শামুকে উপদেশ দিলে, “তুমি ইমান অসাবধান ।
তুমি মোৰদৰে লা-হে – লা-হে খোজ কাঢ়িবলৈ শিকা উচিত ।”
এইবাৰ কেৰেলুৱাটোৱে মনত বৰ দুখ পালে ।
” হু ! হু ! কোনেও মোক সহায় কৰিবলৈ নিবিচাৰে !
মই আকৌ ভালদৰে খোজকাঢ়িবলৈ বিচাৰো ।”
তাই উচুপি উঠিল ।
মকৰা এটাই আনন্দ মনেৰে তাৰ জালত দুলি আছিল ।
সি কেৰেলুৱাটোৱে কান্দি থকা দেখিলে ।
” অ‘ মোৰ কণমানি বন্ধু !
“ইমান ৰাতিপুৱাতে তুমি কি কাৰণে কান্দিছা ?” সি সুধিলে ।
“মোৰ ভৰি এটা ভাগিছে, আৰু মই বৰ কষ্ট পাইছো ।
তুমি মোক সহায় কৰিব পাৰিবা নে ?”
কেৰেলুৱাই সুধিলে ।
” নিশ্চয়, মই তোমাক সহায় কৰিব পাৰিম;
কিন্তু মই তোমাৰ ইমানবোৰ ভৰিৰ মাজত ভগা ভৰিটো কেনেকৈ বিচাৰি পাম ?
“মই মাত্র আঠলৈকে হে গণিব জানো ।” মকৰাটোৱে ক‘লে ।
“ঠিক আছে, মোৰ লগত গণি যোৱা”, কেৰেলুৱাটোৱে ক‘লে ।
“এক… সাত… তেইশ… আঠাৱন্ন …
বিৰানব্বৈ… এশ‘ পোন্ধৰ আৰু উস্ ! সেইটোৱেই !
মোৰ এশ‘ সাতত্রিশ নম্বৰৰ ভৰিটো !”
মকৰাটো কেৰেলুৱাৰ ওচৰলৈ দুলি দুলি নামি গ‘ল ।
সি ভৰিটোৰ চাৰিওফালে ঘূৰি ঘূৰি
তাৰ জালৰ চিল্কৰ সূতাৰে ভৰিটো মেৰাই দিলে ।
সি সুধিলে, এতিয়া অলপ ভাল পাইছা নে ?
কেৰেলুৱাটোৱে আনন্দ মনেৰে এটা হাঁহি মাৰিলে ।
“মোৰ মৰমৰ মকৰা, তোমাক ধন্যবাদ ।
তুমি নোহোৱাহ‘লে মই যে কি কৰিলোহেঁতেন ক‘ব নোৱাৰো ।”
“ কণমানি কেৰেলুৱাজনী, এতিয়াৰ পৰা সাবধান হ‘বা ।
আকৌ চিন্তা নকৰাকৈ কোনো কাম নকৰিবা ।
বিদায় !” কণমানিজনী ।





