The Night the Moon Went Missing
জোনবাইজনী হেৰোৱা নিশাটো
তেতিয়া দোভাগ নিশা। আম্মা আৰু আচান ঘোৰ টোপনিত। মাইচাই তাইৰ পানীৰ তলত পিন্ধা চশমাযোৰ লৈ কোনেও নেদেখাকৈ ঘৰৰ পৰা সংগোপনে বাহিৰলৈ ওলাই আহিল।
Thank you for reading this post, don't forget to subscribe!মাইচাই ৰাতি সাগৰৰ পাৰলৈ আহি খুব ভাল পায়, তাতে সাগৰত তাইৰ প্ৰিয় বন্ধু এজনো থাকে।
মাইচাই সচৰাচৰ তাক লগ কৰা ঠাইখিনিলৈ গ’ল আৰু মাত লগালে,
“উচলি, তুমি ক’ত?”
তাই ইয়াত ঘণ্টা ঘণ্টা ধৰি বহি উচলি পানীত জঁপিওৱা চাই থাকিব পাৰে। উচলি হ’ল এটা উৰণীয়া মাছ, সি তাৰ উৰণৰ কৌশলবোৰ দেখুৱাই বৰ আমোদ পায়।
আজি পিছে উচলিক বৰ চিন্তিত দেখা গৈছে।
“কি হ’ল উচলি?” মাইচাই সুধিলে, “তোমাৰ মনটো আজি বেয়া নেকি?”
“চোৱাচোন চোৱা!” সি ক’লে, “জোনবাইজনী চোন আজি নাই!”
জোনবাই! উচলিয়ে ঠিকেই কৈছে – সিহঁতৰ মৰমৰ বান্ধৱীজনী আজি ৰাতি আকাশত নাই। আনকি তাই থকা ঠাইখিনিত ডাঙৰ খালী ফুটা এটাহে আছে।
“কালি ৰাতি তাইক আমি দেখিছিলোঁহে,” মাইচাই চিঞৰি উঠিল, “তাই চোন পানীৰ তলৰ পৰা আমাৰ চকুৰ আগতেই ওলাইছিল…তাই পানীৰ ভিতৰতেই ক’ৰবাত হেৰাই থাকিল নেকি বাৰু?”
“আমি তাইক বিচাৰি উলিয়াব লাগিব,” উচলিয়ে ক’লে।
“কিন্তু, জোনৰ পোহৰ নোহোৱাকৈ আমি কিবা দেখিম জানো?” মাইচাই ক’লে।
ঠিক তেনেতে উচলিয়ে পানীত কিবা এটা লক্ষ্য কৰিলে।
সাগৰৰ ঢৌবোৰৰ লগে লগে দূৰৈত কিবা এটা পোহৰ এই জ্বলে এই নুমায়।
“মাইচা!” উত্তেজনাত সি চিঞৰি উঠিল, “মই এটা বুদ্ধি পাইছোঁ! তুমি মোৰ পিঠিত উঠাচোন, আমি সেই ঢৌবোৰৰ ওচৰলৈ যাওঁ।”
সিহঁতে যেতিয়া সেই পোহৰখিনিৰ ওচৰ গৈ পালে, মাইচাই দীঘলকৈ উশাহ লৈ উচলিক জোৰেৰে সাৱটি ধৰিলে আৰু…
মাইচা আচৰিত হৈ গ’ল। তাইৰ এনেকুৱা লাগিল যেন তাই তৰা ভৰা আকাশখনতহে ওপঙি আছে! অজস্ৰ সৰু সৰু প্ৰাণী তাইৰ চাৰিওফালে জিলিকি আছে।

“বা: সিহঁত কোন বাৰু?” তাই ফুচফুচাই উচলিক সুধিলে।
“সিহঁত হ’ল প্লেংকটন। সিহঁতে নিজৰ পোহৰেৰে আমাক সাগৰৰ তলত ৰাস্তা দেখুৱাব পাৰিব চাগে!” উচলিয়ে ক’লে।
“তোমালোকে আমাক অলপ পোহৰ দিবা নেকি?” মাইচাই সিহঁতৰ ভিতৰৰে এটাক সুধিলে, “জোনবাইজনী হেৰাইছে আৰু তাইক বিচাৰিবলৈ আমাক অলপ পোহৰ লাগে।”
প্লেংকটনটোৱে ক’লে, “অকল মোৰ পোহৰেৰে যথেষ্ট নহ’ব। ৰ’বা, মই মোৰ বন্ধু কেইজনকো সহায় কৰিব পাৰে নেকি সোধোঁ।”
অলপ পৰ পিছতেই এজাক প্লেংকটনে সিহঁতৰ ঢিমিক-ঢামাককৈ জ্বলা পোহৰৰ স’তে মাইচা আৰু উচলিক লগ দিলে।
“জোনবাইজনী ক’ত থাকিব পাৰে বাৰু?” মাইচাই ভাবিলে।
“মই তোমালোকক সহায় কৰিব পাৰো” মাইচাৰ কাণৰ ওচৰত কাৰোবাৰ গম্ভীৰ মাত এটা বাজি উঠিল।
তাই পিছফালে ঘূৰি চালে আৰু দেখিলে যে আঠখন ভৰি থকা জোনাকী স্কুইড এটাই গোটেইখন পোহৰাই তুলিছে। তাৰ গোটেই দেহটো নিয়ন-নীলা পোহৰেৰে জিলিকি আছিল।
“এই অলপ সময় আগতেই মই জোনবাইজনীক এইফালেৰে যোৱা দেখিছোঁ।”
মাইচাই তাৰ দীঘল দীঘল শুঙৰ দৰে ঠেংকেইখন দেখি প্ৰথমতে খুব ভয় খালে, কিন্তু তাই জানিছিল যে জোনাকী স্কুইডটোৰ পোহৰে সিহঁতক সাগৰৰ তলত ৰাস্তা দেখুওৱাত ভালেখিনি সহায় কৰিব পাৰে।
“আমাক তালৈ লৈ ব’লাচোন!” তাই ক’লে।
স্কুইডটোৱে তাৰ এখন ঠেঙেৰে মাইচাৰ আঙুলি এটাত মেৰিয়াই ধৰিলে আৰু ক’লে, “ভালকৈ ধৰিবা দেই!”
মাইচা, উচলি, জিলিকি থকা প্লেংকটনৰ জাকটো আৰু জোনাকী স্কুইড-ইহঁত সকলোৱে সাগৰৰ তলৰ ফাললৈ বুলি সাঁতুৰিবলৈ ল’লে।
আটাইকেইটা মিলি সাগৰৰ তলৰ, বহুত তলৰ একেবাৰে অন্ধকাৰ ঠাই ডোখৰ পায়গৈ। কিন্তু, প্লেংকটনৰ পোহৰ অধিক উজ্জ্বল হৈ পৰিল আৰু স্কুইডটোৱে তাৰ পোহৰ তীব্ৰভাৱে ছটিয়াই দিলে।
কিন্তু, জোনবাইজনীহে ক’তো দেখিবলৈ নাই।
তেনেতে সিহঁতে চিকাৰলৈ বুলি ওলাই অহা মূৰত বৰশীৰ দৰে কাঁইট থকা এংগলাৰ মাছ এজনীক লগ পালে। তাইৰ জোঙা জোঙা দাঁতকেইটা দেখিও এইবাৰ মাইচাই পিছে ভয় নাখালে।
“শুনাচোন” তাই ক’লে, “আমি আকাশৰ জোনবাইজনীক বিচাৰি এইখিনি পালোহি। তুমি তাইক ক’ৰ’বাত দেখিছা নেকি?”
“অ’, দেখিছো” এংগলাৰ মাছজনীয়ে ক’লে, “মই তাইক কেইঘণ্টামান আগতে কেইটামান জোন মাছৰ লগত এইফালেৰে সাঁতুৰি যোৱা দেখিছো। মোৰ পিছে পিছে আহা।”
মাইচা, উচলি, স্কুইডটো আৰু প্লেংকটনৰ জাকটোৱে এংগলাৰ মাছজনীৰ সেউজীয়া পোহৰেৰে জিলিকি থকা টোপটোক অনুসৰণ কৰিলে।
সকলোৰে জিলিকি থকা পোহৰে অন্ধকাৰ সমুদ্ৰ পৃষ্ঠখন স্পটলাইটৰ দৰে উজ্বলাই তুলিলে।
হঠাতে, মাইচাই শিল এটাৰ তলত কিবা উজ্জ্বল বস্তু এটা দেখিলে।
এইজনী জোনবাই দেখোন!
“মোক সহায় কৰা,”
জোনবাইজনী চিঞৰি উঠিল,
“মই ইয়াৰ পৰা ওলাব পৰা নাই!”
স্কুইডটোৱে তাৰ এখন ঠেঙেৰে শিলটো উঠাই দিলে।
“হুৰে!” সকলোৱে আনন্দতে চিঞৰি উঠিল আৰু শেঁতা পৰা জোনবাইজনী বাহিৰলৈ ওলাই আহিল।
“তুমি ইয়াত কিদৰে সোমালা?” উচলিয়ে সুধিলে।
“মই মোৰ জোন মাছ ভাই-ভনীহঁতক লগ কৰিবলৈ ইয়ালৈ আহিছিলো। যেতিয়া মই ঘূৰি গৈ আছিলো মোৰ পোহৰ কম হৈ আহিল আৰু মই ৰাস্তা হেৰুৱাই পেলালো। তেতিয়াই মই এই শিলটোৰ তলত সোমাই গ’লো। মোক বিচাৰি অহাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।”, জোনবাইজনীয়ে ক’লে।
“তাৰমানে আকাশত নাথাকিলে তুমি ইয়াতেই থাকা!” মাইচাই সুধিলে।
জোনবাইজনীয়ে মিচিকিয়াই হাঁহিলে আৰু সাগৰৰ ওপৰলৈ বুলি ওপঙি ওপঙি বাট বুলিলে।
অৱশেষত, তাই আকাশলৈ জপিয়াই দিলে।
উচলি আৰু মাইচাই সিহঁতৰ নতুন লগৰীয়াবোৰৰ পৰা বিদায় লৈ জোনবাইৰ পোহৰত সাগৰৰ পাৰৰ ফালে সাঁতুৰি আহিল।
সাগৰৰ তলৰ তৰাবোৰ গোটেই ৰাতি একেদৰেই জিলিকি থাকিল।





