Underwater Adventure with Exotic Marine Life: A Journey Beneath the Waves
ডুব মাৰি চাওঁ আহা!
নীলা আকাশ আৰু প্রশান্ত সাগৰ – সাগৰৰ পানীত ডুব মাৰিবলৈ ইয়াতকৈ আৰু উপযুক্ত দিন কোনটো হ’ব পাৰে! এটা সাংঘাতিক ৰোমাঞ্চকৰ অভিযানৰ বাবে সৰু নাও এখনত বহি আমি ৰাওনা হ’লো।
Thank you for reading this post, don't forget to subscribe!যেতিয়া আমি সেই বিশেষ ডুব মৰা ঠাইখিনি গৈ পালো, আমি আমাৰ সৰঞ্জামখিনি ঠিকে আছেনে নাই ভালদৰে চাই ল’লো আৰু তাৰ লগতে মাছৰ ফুল সদৃশ ভৰিত পিন্ধা ফিন নামৰ বস্তু এবিধ আৰু পানীৰ তলত পিন্ধা মুখাকে আদি কৰি সকলোখিনি ভালদৰে পিন্ধি ল’লো।
পানীৰ তললৈ প্ৰৱেশ কৰাৰ লগে লগে আমাক এজাক হালধীয়া পিঠিৰ ফুছিলিয়াৰ মাছে আদৰণি জনালে।
সমুদ্ৰপৃষ্ঠৰ এই বিশাল প্ৰবাল স্তুপৰ চাৰিওফালে প্ৰাচ্যৰ চুইটলিপচ, পেৰটফিশ্ব, বেটফিশ্ব, ধুনীয়াকৈ আঁচ থকা নুডিব্ৰাঞ্চ আদিৰ দৰে ঢেৰ প্ৰাণী দেখিবলৈ পোৱা গৈছিল।
দেখিবলৈ পেঁপাৰ নিচিনা লগা এই ট্ৰাম্পেট ফিশ্বটোৱে য়েল’ টেং নামৰ মাছৰ জাকটোৰ লগত মিলি যাবলৈ নিজৰ ৰং সলনি কৰে ।
সিংহৰ ডিঙিৰ নোমবোৰৰ দৰে কাঁইট থকা লায়ন ফিশ্বটোক নিৰাপদ দূৰত্বৰ পৰা চাই আমি ভালেই কৰিলো। তাৰ পিঠিৰ এই দীঘল দীঘল কাঁইটকেইডাল বৰ বিষাক্ত!
এই ক্লাউন ফিশ্ব কেইটাই সিহঁতৰ ঘৰ সাগৰীয় বনফুলবোৰক পহৰা দি থাকোতেই মই কেইখনমান ফটো ল’লো।
তাৰ পিছত আমি হানিক’ম্ব ম’ৰে ইল এটাই ক্লিনাৰ ৰেচ নামৰ মাছৰ দ্বাৰা নিজৰ দাঁত চাফা কৰি থকা দেখিবলৈ পালো, আন এযোৰ মাছে আনকি আমাকো বাচন মাজাৰ দৰে মাজিবলৈ আগুৱাই আহিছিল।
আমি ট্ৰিগাৰ ফিশ্ব আৰু চি আৰচিন বোলা মাছ দুবিধো দেখিলো।
আনকি এটা কৰেল গ্ৰুপাৰ আৰু এটা ৰীফ অক্টোপাছক লুকা-ভাকু খেলি থকাও আমি দেখিবলৈ পালো।
খেলখনত পিছে অক্টোপাছটোৱেই জয়ী হ’ল। ভেশ সলোৱাত সিহঁত ওস্তাদ।
পাইপফিশ্ববোৰো কিন্তু ভেশ ধৰাত কম নহয়। এই ছবিখনত ঘ’ষ্ট পাইপফিশ্ব দুটাক বিচাৰি উলিয়াব পাৰানে চোৱাচোন।
আমি তলিৰফালে কেইটামান হোৱাইট-টিপ ৰীফ শ্বাৰ্ককো জিৰণি লৈ থকা পালো।
সিহঁতৰ পৰা ভয় কম, সেয়ে আমি সিহঁতক ওচৰৰ পৰা চাম বুলি সাঁতুৰি আগুৱাই গ’লো।

এই হক্সবিল টাৰ্টলটোৰ পিছে পিছে গৈ আমি সি প্ৰবালৰ আশে-পাশে বিচাৰি উলিওৱা এটা বঢ়িয়া সাগৰীয় স্পঞ্জ দুপৰীয়াৰ আহাৰ হিচাপে গ্ৰহণ কৰা দেখিবলৈ পালো।
নাওলৈ বুলি ঘূৰি আহি থাকোতে মাণ্টা ৰে’ এটা দেখি আমি দুয়ো শিহৰিত হৈ উঠিলো। তাৰ লগে লগে দুটা ৰেম’ৰা মাছক লৈ ই পানীৰ মাজে মাজে ‘উৰি’ গৈ আছিল।
কেতিয়াও পাহৰিব নোৱাৰা এই অভিজ্ঞতাক সামৰো বুলি ভাবোতেই আমি হঠাৎ ডুগং এটাক সাগৰীয় ঘাঁহ খাই থকা দেখি আত্মহাৰা হৈ গ’লো।
কি যে এক অবিশ্বাস্য অনুভৱ! আৰু যে কেতিয়া ডুব মাৰিবলৈ পাম!
প্ৰবাল(Corals) বোৰক আমি উদ্ভিদ নতুবা জন্তু দুয়োটা নামেৰে মাতিব পাৰো। প্ৰবালবোৰৰ ভিতৰত হাজাৰ-বিজাৰ ক্ষুদ্র জলজ উদ্ভিদ বাস কৰে আৰু সিহঁতে ইয়াক বিকাশ হ’বলৈ শক্তি প্ৰদান কৰে। সিহঁতৰ বাহিৰৰ খোলাটো টান আৰু ডাঙৰ হ’লে সিহঁত বিভিন্ন আকৃতিৰ হয়।
বহুতো সাগৰীয় প্ৰাণীৰ বাবে প্লেংকটনবোৰেই(Plankton) খাদ্যৰ প্রধান উৎস। সিহঁতবোৰ জলজ উদ্ভিদ, বেক্টেৰিয়া, সৰু সৰু প্রাণী আৰু সোঁতত ওপঙি থকা ডাঙৰ প্রাণীবোৰৰ অণ্ড আৰু ডিম্বকৰ সংমিশ্ৰণ।
ফেদাৰ ষ্টাৰবোৰ(Feather stars) দেখিবলৈ উদ্ভিদৰ দৰে হ’লেও আচলতে সিহঁত এক ধৰণৰ প্রাণী। ওপঙি থকা প্লেংকটনৰ কনিকাবোৰ ধৰি ধৰি খাবলৈ সিহঁতে পাখি সদৃশ হাতবোৰ ব্যৱহাৰ কৰে।
পেৰটফিশ্ব (Parrotfish)ৰ শক্তিশালী দাঁতবোৰে ভাটৌৰ ঠোঁটৰ দৰে আকাৰ ধাৰণ কৰে, যাৰ সহায়ত সিহঁতে কঠিন প্ৰবালৰ পৰা জলজ-উদ্ভিদ আঁচুৰি উলিয়ায়। ইহঁতৰ কিছুমানে প্ৰবালৰ কণিকাও ভক্ষণ কৰে যাৰ ফলত সিহঁতে মিহি ধূলিকণা সদৃশ মল ত্যাগ কৰে, আৰু সেইবোৰেই পাৰলৈ উটি আহি ধুনীয়া বগা তৰপ থকা উপকূল বনায়।
ক্লাউন ফিশ্ব(Clownfish) আৰু সাগৰীয় বনফুলবোৰ (Sea anemones) সদায় একেলগে থাকে আৰু পৰস্পৰে পৰস্পৰক সহায় কৰে। ক্লাউন ফিশ্ববোৰে বনফুলবোৰৰ শুংবোৰ পৰিষ্কাৰ কৰি অন্য মাছবোৰক আকৰ্ষণ কৰে আৰু সিহঁতে তাকেই ভক্ষণ কৰে। তাৰ বিনিময়ত বনফুলবোৰে ক্লাউন ফিশ্ববোৰক বিষাক্ত শুংবোৰৰ মাজত আঘাত নোপোৱাকৈ আত্মগোপন কৰাত সহায় কৰে।
ক্লিনাৰ ৰেচ(Cleaner wrasses) নামৰ সৰু মাছবোৰে ডাঙৰ মাছৰ দেহত থকা পৰজীৱি আৰু মৰা ছালবোৰ ভক্ষণ কৰি ডাঙৰ মাছবোৰক পৰিষ্কাৰ কৰি ৰাখে। ডাঙৰ মাছে ক্লিনাৰ ৰেচৰ ৰং আৰু নৃত্য ভংগীমা দেখি সিহঁতক বিচাৰি পায়।
ৰীফ অক্টোপাছে(Reef Octopus) ইয়াৰ ৰং আৰু ৰূপ সলনি কৰি লুকাই থাকিব পাৰে। ই প্ৰবাল প্ৰাচীৰত গাঁত বনাই ঘৰ সাজে নতুবা কেতিয়াবা ধূলিৰ তলত লুকাই থাকে।
ঘ’ষ্ট পাইপফিশ্ব(Ghost Pipefish)বোৰক সাধাৰণতে যোৰ পাতি থকা দেখা যায়। সিহঁতে কেতিয়াবা মূৰটো তল কৰি ওপঙি থাকে নতুবা কেতিয়াবা সাগৰীয় ঘাঁহ, প্ৰবাল আৰু ফেদাৰ ষ্টাৰৰ মাজত লুকাই থাকে। ৰীফ অক্টোপাছৰ দৰেই সিহঁতে ৰং সলনি কৰি আনৰ লগত সহজে মিলি যাব পাৰে।
হুৱাইট-টিপ ৰীফ শ্বাৰ্ক(Whitetip Reef Shark)বোৰ দেখিবলৈ ক্ষীণ, মূৰটো পিছে ডাঙৰ আৰু পিঠিৰ আৰু নেজৰ ফালৰ ফুলবোৰৰ আগভাগ হ’ল বগা। দিনৰ বেছিভাগ সময়ত সিহঁতে শুই থাকে আৰু ৰাতি চিকাৰত ওলাই যায়।
হক্সবিল টাৰ্টলৰ(Hawksbill Turtle ) দেহটো চেপেটা, খোলাটো অসমান আৰু মুখখন শেন চৰাইৰ ঠোঁটৰ দৰে বেঁকা।
মাণ্টা ৰে’(Manta Rays) নামৰ বিশালকায় মাছবিধৰ শৰীৰৰ দুয়োফালে ডেউকাৰ দৰে ফুল থাকে। এই ফুলবোৰৰ সহায়ত সিহঁতে পানীত ধুনীয়াকৈ সাঁতোৰে। কিছুমান মাণ্টা ৰে’ৰ এখন ফুলৰ মূৰৰ পৰা আনখনৰ মূৰলৈ দূৰত্ব ২৩ ফুট পৰ্যন্ত হয়!
ডুগং(Dugong )হ’ল তৃণভোজী সাগৰীয় স্তন্যপায়ী প্ৰাণী। বিশেষভাৱে গঠিত নাকৰ সহায়ত ই নিজৰ প্ৰিয় খাদ্য সাগৰীয় ঘাঁহ খায়। ডুগংবোৰক সাগৰীয় গৰুও বোলা হয়।





