Thembi and the Singing Tree: A Tale of Friendship, Discovery, and New Glasses
থেম্বি আৰু গান গোৱা গছজোপা
ৰঙামাটিৰ বাটটোৰে কিছূদূৰ খোজকাঢ়ি গ’লেই বগা ৰঙৰ সৰু গীৰ্জাঘৰ এটা আছে।সেই গীর্জাঘৰটো পাৰ হ’লেই এটি নীলা ৰঙৰ ঘৰ আছে, ঘৰটোৰ মূধছখন ৰঙা আৰু সেউজীয়া ৰঙৰ দৰজা লগোৱা।
Thank you for reading this post, don't forget to subscribe!সেই ঘৰটোতে থাকে থেম্বি, তাইৰ ককায়েক বংগাই আৰু সিহঁতৰ গ’গ’ অর্থাৎ আইতাক।
*জুলু ভাষাত গ’গ’ মানে আইতা।জুলু দক্ষিণ আফ্রিকাৰ এক চৰকাৰী ভাষা।
আইতাকে পাকঘৰত কাম কৰি থকাৰ মাজতে খিড়িকীৰে বংগাই আৰু তাৰ সমনীয়াহঁতে ফুটবল খেলি থকা দেখা পাইছে। কিন্তু থেম্বি ক’লৈ গ’ল?
আইতাকে থেম্বিক বিচাৰি যাবলৈ ওলাল। তেওঁ নিজৰ এপ্রন খন সোলকালে আৰু থেম্বিক বিচাৰি গ’ল।
আইতাকে থেম্বিক ঘৰৰ পিছফালৰ বৰ গছজোপাৰ তলতে বহি থকা দেখা পালে।তাই নিজৰ মৰমৰ পুতলাটোৰ সৈতে খেলি আছিল।
আইতাকে থেম্বিক সুধিলে,” মাজনী তই ইয়াত অকলশৰে কিয় বহি আছ?”
থেম্বিয়ে ক’লে,” গ’গ’,বাকী ল’ৰা-ছোৱালীবোৰে মোৰ লগত খেলিবলৈ ভাল নাপায়।”
“তই তোৰ বান্ধৱী চিজানীৰ লগত লগত নেখেল কিয়?’ আইতাকে সুধিলে।
“চিজানীৰ মোৰ ওপৰত খং উঠি আছে।মই হেনো তাইক যোৱা সপ্তাহত মাতা নাছিলো”থেম্বিয়ে ক’লে।
“গ’গ’, মই সঁচাই তাইক দেখা পোৱা নাছিলো।”
“তেন্তে তই বংগানীৰ লগত খেল আকৌ।”আইতাকে ক’লে।
“সিও মোৰ লগত খেলি ভাল নাপায়।” থেম্বিয়ে হুমুনিয়াহ কাঢ়িলে।
“সি কয় মই হেনো খেলিব নাজানো,সি মোলৈ বুলি মাৰি পঠিওৱা বলটো মই বাৰে বাৰে ভালকৈ ধৰিবই নোৱাৰো ।”
“তেন্তে তোৰ অকলশৰীয়া যেন লগা নাই নে?” আইতাকে সুধিলে।
“নাই তো,একেবাৰেই লগা নাই।” থেম্বিয়ে ক’লে।
“মই ইয়াত বহি গছজোপাই গোৱা ধুনীয়া গানবোৰ শুনি ভাল পাওঁ।”
“শুনচোন তইও, শুনা পাইছনে?”
আইতাকে কাণ পাতি শুনিলে আৰু গছজোপাৰ ওপৰলৈ চালে। তাত এটি ধুনীয়া মাছৰোকা, এটা কুলি আৰু এটা ৰবিন চৰাই বহি গান গাই আছিল।
আইতাকৰ মনত পৰিল যে থেম্বিৰ স্কুলৰ বাইদেৱে এবাৰ তেওঁক কৈছিল যে শ্রেণীত তাইৰ ব’র্ডত লিখি দিয়া আখৰবোৰ দেখাত কিছু অসুবিধা হয়।
পিছদিনাই ৰাতিপুৱা সোনকালে আইতাকে থেম্বিক ওচৰৰ স্বাস্থ্যকেন্দ্রলৈ লৈ গ’ল।
তাত গৈ সিহঁতে শ্রীযুত নাতুলিক লগ পালে।তেখেতে থেম্বিক তাইৰ এটা চকু হাতেৰে ঢাকিবলৈ দিলে আৰু সন্মুখৰ বেৰখনলৈ চাবলৈ দিলে।লগতে তাই কি দেখা পাইছে তেখেতক জনাবলৈ ক’লে।
থেম্বিয়ে মনোযোগেৰে বেৰখনলৈ চালে আৰু ক’লে,”মই কিবা এটা দেখা পাইছো,কিন্তু সেইটো কি ধৰিব পৰা নাই।”
শ্রীযুত নাতুলিয়ে ধাতুৰ এটা ফ্রেম তাইৰ নাকৰ ওপৰত বহুৱাই দিলে।তাৰপিছত তেখেতে এখন গোলাকৃতিৰ কাঁচ সেই ফ্রেমটোত ভৰাই দিলে।তেখেতে আকৌ থেম্বিক সুধিলে, ” এতিয়া কোৱাছোন; তুমি কি দেখা পাইছা?”

‘মই সকলো দেখা পাইছো!” আনন্দতে থেম্বিয়ে চিঞৰি দিলে।
“মই E, F আৰু P আখৰ কেইটা দেখা পাইছো।লগতে সৰু সৰু আখৰ কেইটাও দেখা পাইছো।”
“বঢ়িয়া” শ্রীযুত নাতুলিয়ে ক’লে।
“তোমাক কেৱল এখন চশমাৰ প্রয়োজন।তাৰপিছত তুমি সকলো দেখা পাবা।”শ্রীযুত নাতুলিয়ে ক’লে।
নার্ছগৰাকীয়ে থেম্বি আৰু আইতাকক আন এটা ৰুমলৈ লৈ গ’ল।সেই ৰুমটোত বিভিন্ন ধৰণৰ চশমাৰ ফ্রেম সজাই থোৱা আছিল।
থেম্বিয়ে তাৰ মাজৰ পৰা এটা ৰঙা ৰঙৰ উজ্বল ফ্রেম বাছি ল’লে।
আইতাকে ক’লে, “বাঃ বঢ়িয়া লাগিছে।”
এসপ্তাহৰ পিছত থেম্বি আৰু আইতাক আকৌ শ্রীযুত নাতুলিৰ ওচৰলৈ গ’ল।থেম্বিয়ে নিজৰ নতুন চশমাযোৰ পিন্ধি চালে।
শ্রীযুত নাতুলিয়ে থেম্বিক খিড়িকীৰে বাহিৰৰ পিনে চাবলৈ ক’লে আৰু তাই কি দেখা পাইছে তেওঁক ক’বলৈ দিলে।
“অহ, মই মানুহবোৰ দেখা পাইছো।তাত এটা কুকুৰ আছে আৰু সৌ ঘৰটোৰ মূধচত এটা ক’লা চৰাই বহি আছে।” থেম্বিয়ে উৎসাহেৰে ক’লে।
শ্রীযুত নাতুলিয়ে ক’লে,” থেম্বি, মোক কথা দিয়া যে তুমি তোমাৰ চশমাযোৰ সদায় পিন্ধিবা।”
“নিশ্চয়” থেম্বিয়ে ক’লে।
“মই কথা দিছো।মই মোৰ চশমাযোৰ বৰ ভাল পাইছো।লগতে মই দেখা পোৱা সকলো মনোৰম বস্তুকে মই বৰ ভালপাওঁ।”
থেম্বি আৰু আইতাকে উভতি আহি থাকোতে বাটৰ সিপাৰে চিজানিক দেখা পালে।
“ভালে আছানে চিজানি?” থেম্বিয়ে চিঞৰি সুধিলে আৰু নিজৰ হাতখন জোকাৰিলে।
চিজানিয়েও ইফালৰ পৰা হাঁহি মাৰি তাইলৈ চাই হাত জোকাৰিলে।
সিহঁতে ঘৰ পোৱাৰ আগতে থেম্বিৰ স্কুলৰ কেইজনমান বন্ধুক লগ পালে।
“থেম্বি,তোমাৰ নতুন চশমাযোৰ ইমান ধুনীয়া লাগিছে।”তাৰে মাজৰ ছোৱালী এজনীয়ে ক’লে।
“চশমাযোৰেৰে তোমাক বৰ শুৱাইছে।” ল’ৰা এটাই ক’লে
হঠাতে বল এটা ঘুৰি ঘূৰি থেম্বিৰ ফালে আহি থকা তাই দেখা পালে।তাই দেখিলে যে সেইটো বংগানীয়ে তাইৰ ফালে দিছে।তাই লগেলগে বলটো তাৰফালে ভৰিৰে মাৰি পঠালে।
“তই মোৰ লগত খেলিবি নেকি?” বংগানীয়ে সুধিলে।
“উমমম খেলিম।” থেম্বিয়ে ক’লে। “কিন্তু তাৰ আগতে মই এটা জৰুৰী কাম কৰি আহো।”
থেম্বি সিহঁতৰ ঘৰৰ পিছফালে গ’ল আৰু বৰ গছজোপাৰ তলত বহিল। তাই ওপৰলৈ চোৱাত মাছৰোকা, কুলি আৰু ৰবিন চৰাই কেইটা দেখা পালে।
তাই গছজোপাক সাৱটি ধৰি ক’লে.” ধন্যবাদ মোৰ মৰমৰ গছজোপা, মোক সদায় ইমান ধুনীয়া গানবোৰ শুনোৱাৰ বাবে।





