Fun Math Shapes and Data Learning

Fun Math Shapes and Data Learning: Engaging Activities with Sandhya and Sumit

Explore fun math shapes and data learning with Sandhya and Sumit through cricket, rangoli, and statistics activities.

আনন্দময় গণিত : আকৃতি আৰু তথ্য

সন্ধ্যা আৰু সুমিতে সিহঁতৰ গণিতৰ শ্ৰেণীত বহুতো কথা শিকিছে৷ 

Thank you for reading this post, don't forget to subscribe!

আহা আমিও সিহঁতৰ গণিতৰ বিষয়ে নতুন নতুন কথা আৱিষ্কাৰ কৰোঁ৷ 

শূণ্য আৰু এক সন্ধ্যা আৰু সুমিতৰ বন্ধু৷ 

এই কিতাপখনত সন্ধ্যা আৰু সুমিতে বিভিন্ন আকৃতিৰ বৈশিষ্টবোৰৰ কথা শিকিছে। তদুপৰি সিহঁতে গোটোৱা তথ্যবোৰৰ অৰ্থও বুজিবলৈ চেষ্টা কৰিছে।

সন্ধ্যাই ৰছীৰে জঁপিওৱা খেলটো খেলি খুব ভাল পায়৷ যোৱাবাৰ তাইৰ ভায়েক সুমিতে হিচাপ কৰোঁতে তাই ৫ মিনিটত ১১০ বাৰ জঁপিয়াইছিল! 

সুমিতেও চেষ্টা নকৰা নহয়, কিন্তু ৩০ জাঁপ মাৰিয়েই… উজুতি খাই সি বাগৰি পৰিল৷ কেতিয়াবা গণনা কৰিয়েই ভাল লাগে৷ সংখ্যাবোৰ গণিতৰ এটা অংশহে মাথো৷ 

গণিতৰ লগত কেনেকৈনো খেলিব পাৰা এইখন কিতাপৰ জৰিয়তে সেয়া জানিবলৈ পাবা৷তুমি দেখিবা যে এনেকৈ খেলি বৰ আমোদ পোৱা যায়।

আমোদজনক ক্ৰিকেটৰ খেলপথাৰ

নমস্কাৰ! মোৰ নাম শূণ্য, আৰু এইয়া মোৰ বন্ধু এক৷ আমি দুয়োজনে তোমাৰ লগত এই কিতাপখন পঢ়িম৷ তুমি নিজৰ ব্ন্ধুসকলকো মাতিব পাৰা৷ আমি এটা ক্ৰিকেট, বা হকী দল বনাব পাৰিম, নহ’লে দৰ্শকেৰে পৰিপূৰ্ণ এখন ফুটবল ষ্টেডিয়ামেই বনাব পাৰিম৷ অ’হ’! পাহৰিছিলোৱেই, মই আৰ্যনগৰ বনাম ভাস্কৰগ্ৰামৰ মাজত হ’বলগীয়া ক্ৰিকেট খেলখনত থাকিব লাগিব৷ মই খেলখনৰ আম্পায়াৰ, জানা। গণনা কৰাত তুমি মোক সহায় কৰিব লাগিব দেই।

আৰ্যনগৰৰ ক্ৰিকেট খেলপথাৰখন ডাঙৰ৷ 

ইমানেই বিশাল যে ইয়াৰ সীমাই ধৰিব নোৱাৰি৷ 

কেতিয়াবা ল’ৰাবোৰে চাৰিওফালে সমান দূৰত্বত খুটি পুতি লয়৷ 

আৰু তাত ৰছী লগাই লয়৷ 

ৰছীবোৰে সীমাৰ কাম কৰে৷ 

ভালকৈ ৰছীবোৰ লগালে আমি এটা বৃত্তৰ আকৃতি দেখিবলৈ পাওঁ৷

কেতিয়াবা কোনোবা এজন ল’ৰাই যদি এলাহতে দুটা খুটিৰ মাজৰ দূৰত্ব সাৱধানে জুখি নলয়, তেতিয়া ইয়াৰ আকৃতি বেলেগ হৈ যায়৷ খেলখন আমনিদায়ক হ’লে দৰ্শকবোৰ দূৰে দূৰে থাকে৷

কিন্তু আমোদজনক খেল হ’লে, দৰ্শকবোৰ ওচৰলৈ আহি – আহি একেবাৰে পিটছ পায়হি৷ তেতিয়াও সীমাৰ আকৃতি বেলেগ ধৰণৰ হয়৷

ব্যৱসায়িক ক্ৰিকেটৰ খেলপথাৰ ডিম্বাকৃতিৰ হয় আৰু ষ্টাম্পৰ পৰা সীমাৰ পৰিধি ৬৫ মিটাৰ হ’ব লাগে৷ ক্ৰিকেট খেলপথাৰবোৰ সাধাৰণতে ৯০ মিটাৰৰ পৰা ১৫০ মিটাৰ বহল হয়৷

আৰ্যনগৰত কিন্তু খেলৰ নিয়ম সলনি হৈ থাকে৷ 

আৰ্যনগৰৰ সকলোতকৈ ওখ ল’ৰা অশ্বিনে বৰ্গাকৃতিৰ খেলপথাৰ বিচাৰে৷ 

অকনমানি মিনুৱে আকৌ সৰু ঘূৰণীয়াকৈ বিচাৰে৷ 

আৰ্যনগৰৰ সকলোতকৈ শক্তিশালী ল’ৰা সমীৰে আকৌ ডাঙৰ পঞ্চভুজ আকৃতিৰ খেলপথাৰহে বিচাৰে

১। বিভিন্ন আকৃতিৰ ক্ৰিকেট খেলপথাৰ আঁকা৷ এই সকলোবোৰ আকৃতিৰ নাম আছেনে?

২। যদি তুমি সৰলৰেখাৰে ক্ৰিকেট খেলপথাৰৰ সীমাবোৰ আঁকিব লাগে, তেনেহ’লে তোমাক কমেও কিমানডাল সৰলৰেখা লাগিব? 

৩। এজন বেটছমেনে বাউণ্ডেৰীত বল কোবালে চাৰি ৰাণ পায়৷ তুমি যদি এজন বেটছমেন হ’লাহেঁতেন, তেনেহ’লে তুমি কেনেকুৱা আকৃতিৰ সীমা বিচাৰিবা? কিয়? 

৪৷ এখন ঘূৰণীয়া খেলপথাৰৰ ষ্টাম্পৰ পৰা সীমাৰ দূৰত্ব ৬৫ মিটাৰ৷ পিটছ খন ২০ মিটাৰ দীঘল৷ এতিয়া কোৱাচোন সীমাৰ ৰছীডাল কিমান দীঘল হ’ব লাগিব?

Fun Math Shapes and Data Learning

কৰি চোৱাঁ:

এটা বৃত্তৰ O বিন্দুটো সকলো ফালৰ পৰা সমান

পিটচৰ  দৈর্ঘ্য = ২০ মিটাৰ

বৃত্তৰ ব্যাসাৰ্ধ= ১০+৬৫= ৭৫ মিটাৰ

বৃত্তৰ পৰিধি জুখিবলৈ ব্যৱহাৰ কৰা সূত্রটো হ’ল

পৰিধি=২πr

π মানে কি?

পাই হ’ল এটা মান৷ 

যেতিয়া বৃত্তৰ পৰিধি তাৰ ব্যাসেৰে বিভক্ত কৰা হয়৷ তুমি সদায়

২২/৭ পাবা৷

 যিকোনো বৃত্ত এটা লোঁৱা৷ তাৰ পৰিধিৰ আৰু ব্যাসৰ জোখ লোঁৱা৷

এতিয়া পৰিধিক ব্যাসেৰে হৰণ কৰা৷ উত্তৰ পাবা = ২২/৭

যদি ডাঙৰ বৃত্ত এটা লওঁ?

নিজে কৰি চোৱা, সৰু বা ডাঙৰ যিয়ে নোলোৱা উত্তৰ একেই পাবা৷

মজিয়া ডিজাইন

সন্ধ্যাই মজিয়াত ৰংগোলী বনাই আছিল৷ সুমিতৰ পছন্দ হোৱা নাছিল৷

“বাইদেউ, তুমি সদায় জেলেপীৰ নিচিনা ৰংগোলী কিয় বনোৱা? চোৱা মই আজি নতুন ৰংগোলী বনাম৷” 

সুমিতে মাটিৰ মজিয়াখনত কিছুমান সৰলৰেখা আঁকিলে৷ সন্ধ্যাই খুকখুকাই হাঁহি ক’লে, “তোমাৰ ৰংগোলী দেখাত বহুত ইটাৰ দৰে হৈছে৷ মোৰ ভাল লগা নাই।”

আম গছজোপা চাই সুমিতে বৰ্গ এটা আঁকিলে৷ 

সন্ধ্যাই গছজোপাৰ ভেঁটিটো দেখুৱাবলৈ তাৰ ভিতৰত আৰু এটা বৰ্গ আঁকিলে৷

সুমিতে ৰংগোলীটো সজাবলৈ ফুলনিৰ পৰা ডাঙৰ ফুলৰ থোপা এটা আনিলে৷ 

সন্ধ্যাই ভিতৰৰ বৰ্গটোত ফুলবোৰ থ’বলৈ আৰম্ভ কৰিলে৷ 

কাষৰ ফালে চাৰি পাহ আৰু মাজত এপাহ ফুল ভিতৰৰ বৰ্গটোৰ একাষে খাপ খাই পৰিল৷

ফুলবোৰ দিয়াৰ পিছত, তাই তাৰ ওপৰত আৰু ফুল জাঁপিবলৈ ধৰিলে৷

এনেকুৱাকৈ তাই চাৰিবাৰ কৰিলে৷ এতিয়া ৰংগোলীটো এটা স্তম্ভৰ নিচিনা হৈ পৰিল৷ 

সন্ধ্যাই অলপ বগা পাউদাৰ ল’লে আৰু গুনগুনাবলৈ ধৰিলে। পাউদাৰবোৰ ধুনীয়াকৈ লাহে লাহে মজিয়াত ছটিয়াই দিলে৷ আৰু এটা কেইবাটাও ভাঁজ থকা ধুনীয়া আকৃতি দেখিবলৈ পোৱা গ’ল যাৰ এটাও জোঙা কোণ নাছিল৷ 

“বাইদেউ, তুমি এগৰাকী শিল্পী!” সুমিতে ক’লে৷

১। তুমি আন একো সঁজুলি ব্যৱহাৰ নকৰাকৈ কেৱল হাতেৰে ছবি আঁকি ভাল পোৱানে? তলত দিয়া আকৃতিটো এবাৰতে আঁকিব পাৰিবানে?

২। সন্ধ্যা আৰু সুমিতে অঁকা ৰংগোলীটো আঁকা আৰু তাৰ পাছত ফুলেৰে সজোৱা৷ 

৩। এই ৰংগোলীটোত কেইটা জোঙা কোণ আছে? 

৪। সন্ধ্যাই ৰংগোলীটো সজাবলৈ কেইপাহ ফুল ব্যৱহাৰ কৰিছিল? 

৫। চাৰি পাহ ফুল নিদি যদি সন্ধ্যাই ১০ পাহ ফুল ভিতৰৰ বৰ্গটোৰ প্ৰত্যেক লাইনৰ কাষে কাষে দিলে হয়, তেতিয়া ১০ খলপীয়া স্তম্ভ এটা হ’বলৈ কিমান পাহ ফুলৰ দৰকাৰ হ’ব?

শূণ্যৰ কথা

শূণ্য ভাই, তুমি দ্বি-মাত্ৰিক আৰু ত্ৰি-মাত্ৰিক কি বস্তু জানানে?

নীলা আৰু সুৰেশে পঢ়া শ্ৰেণীৰ কথা কৈছা নেকি?

নহয় নহয়, দ্বি-মাত্ৰিক মানে 

দুটা মাত্ৰা৷ আৰু ত্ৰি-মাত্ৰিক মানে তিনিটা মাত্ৰা৷ দীঘ, প্ৰস্থ, আৰু উচ্চতাই হ’ল মাত্ৰা৷ আমি এইবোৰ কোনো বস্তুৰ মাপ ল’বলৈ ব্যৱহাৰ কৰোঁ৷

ত্ৰি-মাত্ৰিক মানে তিনিটা মাত্ৰা???

ঠিক ধৰিছা বন্ধু!

ইমানবোৰ তথ্য!

“আজিৰ বতৰৰ বতৰা- আজিৰ দিনটো গৰম আৰু ফৰকাল হৈ থাকিব, আবেলিলৈ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা৷”

এক নিৰ্দিষ্ট শৈলীৰে দূৰদৰ্শনৰ বাতৰি পঢ়োতাগৰাকীয়ে ক’লে৷

আম্মাই (মায়ে) সাৱধানবাণী শুনালে, “আজি ছাতিতো লৈ যাবা দেই, সন্ধ্যা!”

দেউতাই ক’লে, “ভাবিছো কাইলৈহে বাৰিৰ পিছফালৰ ঘাঁহবোৰ কাটিম৷”

সুমিতে নাচি নাচি ক’লে, “মই কাগজেৰে বিভিন্ন ধৰণৰ নাওঁ সাজিম। এ… হেহেহে!”

তথ্য

তথ্য আচলতে কিছুমান বাৰ্তাৰ সমষ্টি৷ 

আমি মতামত লওঁতে, কিবা আয়োজন কৰোতে, থান-থিত লগাওঁতে আৰু আনক বাৰ্তা দিওঁতে তথ্যৰ ব্যৱহাৰ কৰোঁ৷ 

সন্ধ্যা আৰু তাইৰ পৰিয়ালে বাতৰিত দিয়া তথ্য অনুযায়ী তেওঁলোকৰ সময়বোৰ থান-থিত লগাই ল’লে৷ 

আমি গাণিতিক তথ্য বা পৰিসংখ্যাৰ ব্যৱহাৰ বিভিন্ন ধৰণে কৰোঁ৷

তথ্যৰ বিভিন্ন ৰূপ

দূৰদৰ্শনত

বাতৰি কাকতত

চিত্রতালিকা আৰু

পৰিসংখ্যা

গড় কি হয়?

সন্ধ্যাই পৰীক্ষাত লিখি খুব ভাল পায়৷ তাই পোৱা নম্বৰবোৰে বুজায় তাই পাঠবোৰ ভালদৰে বুজিছেনে নাই।

‘গড়তকৈ অধিক’ নম্বৰ পালে তাই সুখী হয়। 

কিন্তু গড় মানেনো কি? চাওঁ আহা- এয়া হ’ল যোৱা গণিতৰ পৰীক্ষাত সন্ধ্যা আৰু তাইৰ ১৯ গৰাকী

সহপাঠীয়ে ১০০ ৰ ভিতৰত আহৰণ কৰা নম্বৰ৷ ৭৪,৬৫,৩৫,৫৭,৫৯,৪৪,৮৮,৯৭,৩৩,৮৬,৮৮,৮৮,৪৫,৬১,৭৯,৮৮,৫৭,৬৭৷ 

এতিয়া নম্বৰবোৰ যোগ কৰোঁ আঁহা৷ ৭৪+৬৫+৩৫+৫৭+৫৯+৪৪+৮৮+৯৭+৩৩+৮৬+৮৮+৮৮+৪৫+৬১+৭৯+৮৮+৫৭+৬৭=১৩২০ এই যোগফলটোক ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰে হৰণ কৰিলে যি পোৱা যায় তাকেই গড় বোলা হয়৷ ১৩২০ ক ২০ৰে হৰণ কৰিলে = ৬৬

গতিকে গণিতত সন্ধ্যাৰ শ্রেণীটোৰ গড় নম্বৰ হ’ল ৬৬৷ এই নম্বৰৰ ওচৰে পাজৰে পোৱা সকলোৱে গড় নম্বৰ পাইছে। ইয়াতকৈ বেছি নম্বৰ পোৱাসকলে গড়তকৈ বেছি নম্বৰ পাইছে। আৰু গড়তকৈ বহুত কম নম্বৰ পোৱাসকলে পৰৱৰ্তী পৰীক্ষাত ইয়াতকৈ ভাল প্রদৰ্শন কৰাৰ প্রয়োজন আছে!

সন্ধ্যাৰ শ্রেণীত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে কিমান নম্বৰ লাভ কৰিছে?

বহুলক

নম্বৰবোৰ আমি উৰ্ধক্ৰমত (সৰুৰ পৰা ডাঙৰলৈ) সজাই লওঁ৷ 

তালিকা খনত বেছিকৈ ওলোৱা সংখ্যাটোৱেই হৈছে বহুলক। 

ইয়াত বহুলক হ’ল ৮৮৷

উৰ্ধক্ৰমত বা নিম্নক্রমত সজোৱাৰ পিছত তালিকাৰ একেবাৰে মাজত থকা নম্বৰটোৱেই হৈছে মধ্যমা৷

২০টা নম্বৰৰ গোটটোত ১০ম আৰু ১১শ স্থানত থকা নম্বৰ দুটা মাজত আছে৷ এই দুটা নম্বৰৰ, অর্থাত ইয়াত ৬১ আৰু ৬৫ৰ মাজৰ মানটোৱেই হৈছে মধ্যমা৷ 

ইয়াত মধ্যমা হ’ল ৬৩৷ ((৬১+৬৫)/২=১২৬/২=৬৩)

মধ্যমা

সন্ধ্যা বিমোৰত পৰিল

“মেট্ৰিক পৰীক্ষাত ৫০% ছাত্ৰ-ছাত্ৰী উত্তীর্ণ হৈছে৷ তাৰে ১০% হ’ল নগৰত থকা কেন্দ্ৰৰ৷ উত্তীর্ণ হোৱা

ছোৱালীৰ ৮০% ই প্ৰথম বিভাগ পাইছে৷ আনহাতে ল’ৰাৰ ৭০% ইহে প্ৰথম বিভাগত উত্তীর্ণ হৈছে৷….”

সন্ধ্যাই বাতৰি কাকতত পঢ়িলে৷

“বাতৰি কাকতবোৰে এদিনতে ইমান বাৰ্তা কেনেকৈ পায়? আৰ্যনগৰলৈ দেখোন কোনো অহাই নাই৷ তেতিয়াহ’লে তেওঁলোকে আমাৰ বিদ্যালয়ৰ ল’ৰাই আৰু ছোৱালীয়ে পৰীক্ষাত কেনে ফল প্রদৰ্শন কৰিছে কেনেকৈ গম পায়?” বিমোৰত পৰি সন্ধ্যাই সুধিলে৷

“বাদ দিয়া সেয়া, মাজনী। এইফালে আহাচোন মোক এই উত্তৰবহীকেইখন সজোৱাত সহায় কৰাহি৷”

আম্মাই (মাকে) ক’লে৷

‘পাৰচেন্ট’ শব্দটো লেটিন শব্দ পাৰ চেন্টামৰ পৰা আহিছে৷ চেন্টাম মানে হ’ল ১০০৷ পাৰচেন্টেজ মানে হ’ল ‘১০০ৰ ভিতৰত’ পাৰচেন্টেজৰ চিহ্ন হ’ল % এইটো৷ ৫০% মানে ১০০ৰ ভিতৰত ৫০৷

সন্ধ্যাৰ মাক আৰ্যনগৰ বিদ্যামন্দিৰৰ ভূগোল বিষয়ৰ শিক্ষয়িত্ৰী৷ 

“পঞ্চম শ্রেণীৰ বহীবোৰ সেইফালে থোৱা, চতুৰ্থ শ্রেণীৰ বহীবোৰ সেই দ’মটোত আৰু ষষ্ঠ শ্রেণীৰ বহীবোৰ

এইফালে দিয়া৷” 

মাক-জীয়েকে প্ৰত্যেকটো শ্রেণীৰ উত্তৰবহীবোৰ গণনা কৰিলে৷ সন্ধ্যাই গোটেই দিনটো মাকক নাম, নম্বৰ আৰু মন্তব্য ৰেজিষ্টাৰত ভৰোৱাত সহায় কৰিলে৷ 

দিনটোৰ শেষত সন্ধ্যাই কেইটামান কথা ভালকৈ ধৰিব পাৰিলে: 

– চতুৰ্থ শ্ৰেণীত পঞ্চম শ্ৰেণীতকৈ বেছি ছাত্ৰ-ছাত্ৰী আছে৷ 

– চতুৰ্থ শ্রেণীৰ বহীতকৈ ষষ্ঠ শ্ৰেণীৰ বহীবোৰ বেছি শকত৷ 

– ষষ্ঠ শ্ৰেণীত ল’ৰাতকৈ ছোৱালীৰ উত্তীৰ্ণৰ হাৰ বেছি৷ 

– চতুৰ্থ শ্ৰেণীত উত্তীৰ্ণ হোৱা ল’ৰা ছোৱালীৰ সংখ্যা সমান৷

এতিয়া বাতৰি কাকতখনৰ কথালৈ উভতি যাওঁ৷

বিদ্যালয়বোৰে ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকাবোৰ কেন্দ্ৰীয় পৰিষদলৈ পঠিয়াই দিয়ে৷ বহীবোৰ চোৱাৰ পিছত,

কেন্দ্ৰীয় পৰিষদে এখন তালিকা প্ৰস্তুত কৰে য’ত ছাত্ৰ-ছাত্ৰীসকলৰ নাম আৰু প্ৰাপ্ত নম্বৰবোৰ লিখা থাকে৷

পৰিসংখ্যাবিদসকলে এই তথ্যখিনি পঢ়ি বুজি লৈ এখন তালিকা প্ৰস্তুত কৰে য’ত আমি তথ্যবোৰ সৰলভাৱে

দেখা পাওঁ৷

সেই তালিকাখন বাতৰি কাকত, দূৰদৰ্শনৰ চেনেল, আৰু বিদ্যালয়সমূহক লগে লগে দিয়া হয়৷

৬,০০,০০০তকৈও বেছিসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ২০০৬ চনত চি.বি.এছ.ই পৰিষদৰ পৰা দশম শ্রেণীৰ পৰীক্ষাত বহিছিল৷

“বেলেগ পৰিষদতো নিশ্চয় এনেদৰে লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে দশম শ্রেণীৰ পৰীক্ষাত বহিছে৷ নহয় জানো?”

সন্ধ্যাই সুধিলে৷

“হয় সন্ধ্যা। এতিয়া সুমিতক মাতি দিয়াগৈ। মই তোমালোকক ৰুটি বনাবলৈ শিকাম৷”

সন্ধ্যাৰ ৰুটিখন দেখাত এনেকুৱা হ’ল (আয়তাকাৰ)

মাৰ ৰুটিখন এনেকুৱা৷ (বৃত্তাকাৰ)

আৰু সুমিতৰখন (আকাৰহীন)

১। যদি সম্পূৰ্ণ ৰুটিখনে চিবিএছই ৰ পৰা দশম শ্রেণীৰ পৰীক্ষা দিয়া ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীক বুজাইছে, তেনেহ’লে ৰুটিখনৰ কোনখিনি অংশই উত্তীৰ্ণৰ হাৰক বুজাব? 

২। গাওঁ আৰু চহৰ দুয়ো অঞ্চলৰ কেন্দ্ৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত বহে৷ ৰুটিখনৰ কোনখিনি অংশই গাওঁ অঞ্চলৰ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ হাৰক বুজাব? 

৩। বেলেগ এখন ৰুটি লোৱাঁ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ল’ৰাৰ শতাংশ তাত দেখুওৱা৷

তালিকা কেইবাধৰণৰো হ’ব পাৰে৷ 

ই হ’ল সহজ ভাৱে বুজিব পৰাকৈ কৰা তথ্যৰ উপস্থাপন। 

গণিতত তালিকাই বহুত সহায় কৰে৷ ইয়াত দিয়া তালিকাখন চোৱাঁ৷ উলম্ব ৰেখাডালত এটা শ্রেণীয়ে লাভ কৰা নম্বৰৰ গড় দিয়া আছে, ০ ৰপৰা ১০০লৈ৷ গড়= ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰক মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ হৰণফল৷ 

– যদি ৪০ জন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰৰ যোগফল ২৮০০ হয়, তেনেহ’লে শ্রেণীটোৰ গড় নম্বৰ হ’ব ৭০৷ 

– ৰং কৰা ঘৰবোৰে প্ৰত্যেকটো শ্রেণীয়ে লাভ কৰা তিনিমহীয়া পৰীক্ষাৰ নম্বৰক বুজাইছে৷ 

– কেৱল ছবিখন চাই তোমালোকে তিনিওটা শ্রেণীৰ বিষয়ে কি কি কথা জানিব পাৰিছা?

১। কোনটো শ্ৰেণীয়ে আটাইতকৈ বেছি অগ্রগতি প্রদৰ্শন কৰিছে? 

২। চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অগ্ৰগতি কৰিছেনে?

৩। পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে কি ক’বা? 

তোমাৰ চকুৰ আগত থকা বিভিন্ন ধৰণৰ আকৃতিবোৰ ভালদৰে মন কৰিবা, আৰু তাত কিবা বিশেষত্ব আছে নেকি লক্ষ্য কৰিবা৷ 

আৰু নিজৰ পৰ্যবেক্ষণ চিত্রতালিকাৰ ৰূপত উপস্থাপন কৰিব পাৰা৷

বিভিন্ন ধৰণৰ তালিকা সমূহ

পাই চিত্ৰ

বিভাজিত দণ্ড চিত্ৰ

ৰেখা চিত্ৰ

দণ্ড চিত্ৰ

সন্ধ্যা আৰু সুমিতে এতিয়া বাতৰি কাকত পঢ়ি ভাল পোৱা হ’ল! 

সিহঁতে তাত থকা বিভিন্ন বাতৰিবোৰক চিত্ৰ আৰু তালিকালৈ 

ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰে। 

তুমিও কৰিব পাৰা!

বৃত্ত

সামন্তৰিক চতুৰ্ভুজ

আয়ত

বৰ্গ

ত্ৰিভুজ

উত্তৰাৱলী: 

‘আমোদজনক ক্ৰিকেটৰ খেলপথাৰ’ 

১। কিছুমান আকৃতিৰ নাম নাথাকে৷ গণিতৰ এটা বিভাগৰ নাম জ্যামিতি৷ ইয়াত আমি ত্ৰিভুজ, বৰ্গ, আয়ত, সামন্তৰিক চতুৰ্ভুজ, বৃত্ত আৰু বহুতো আকৃতিৰ বিষয়ে জানিবলৈ পাওঁ৷

২। তিনিডাল চিধা ৰেখা লগ হৈ ত্ৰিভুজৰ সৃষ্টি কৰে৷ গতিকে আমাক খেলপথাৰখনৰ সীমাৰ বাবে অতি কমেও তিনি ডাল ৰেখা লাগিব ৷ৰেখাবোৰ বঢ়াই গৈ থাকিলে কি কি ধৰণৰ আকৃতি পাবা চোৱাচোঁন৷ (বৰ্গ, পঞ্চভুজ, ষড়ভুজ… আৰু শেষত এটা বৃত্ত৷ এটা বৃত্তৰ বাবে এডাল বক্রৰেখাই যথেষ্ট৷

বহুৰ্ভুজ

বিছ টা বাহু

ষড়ভুজ

ছয়টা বাহু

পঞ্চভুজ

পাঁচটা বাহু

বৰ্গ

চাৰিটা বাহু

ত্ৰিভুজ

তিনিটা বাহু

৩। শূণ্যই এখন বৃত্তাকাৰ পথাৰত খেলিব বিচাৰিছে য’ত সীমাটোৰ প্রত্যেকটো বিন্দু তেওঁৰ পৰা সমান দূৰত থাকিব৷

৪। পিটচৰ দৈৰ্ঘ্য= ২০ মি:, কেন্দ্ৰ বিন্দু= ২০/২=১০মি:৷ ব্যাসাৰ্ধ=১০+৬৫মি:=৭৫ 

বৃত্তৰ পৰিধি=২ x π x r য’ত π = ২২/৭, r = ব্যাসাৰ্ধ, পৰিধি= ২ x ২২/৭ x ৭৫=৪৭১ মিটাৰ (প্ৰায়)

উত্তৰাৱলী: মজিয়া ডিজাইন 

১। এই ৰংগোলী বনোৱাৰ ৩টা পৰ্যায় আছে৷

স্তৰ ৩

স্তৰ ২

স্তৰ ১

২. আঁকি ভাল পাইছা নে? এতিয়া ফুলেৰে সজোৱা৷

৩। ৮টা চুক৷ জ্যামিতিত ইয়াক কোণ বোলা হয়৷

৪। ১৬৷ তাই এটা শাৰীত চাৰিপাহকৈ ফুল সজাই দিলে৷ বৰ্গৰ সকলো কাষেই সমান৷ গতিকে এটা শাৰীত চাৰিপাহ ফুল থকা মানে এটা স্তম্ভতো চাৰিপাহেই থাকিব৷ ৪+৪+৪+৪= ১৬৷ পূৰণ কৰিলে অতি সহজে উত্তৰটো ওলায়৷ ৪ x ৪= ১৬ 

৫। ১০০০ ফুল।

২। ৯ ০%

১। ৰুটিখনৰ আধা

উত্তৰাৱলী: ‘সন্ধ্যা বিমোৰত পৰিল’ (পৃষ্ঠা ৩৬)

৩। ৭০%৷ বাকী ৩০% প্ৰথম বিভাগত উত্তীৰ্ণ নোহোৱাসকল৷

উত্তৰাৱলী: ‘চিত্ৰ অধ্যয়ন’ 

১। তৃতীয় শ্ৰেণীয়ে তিনিওটা শ্ৰেণীৰ ভিতৰত ভাল ফল দেখুৱাইছে। তেওঁলোকৰ গড় নম্বৰ ৪০ ৰপৰা ৮০ৰো ওপৰলৈ উঠিল৷

২। গড়ে ৪২ ৰ পৰা ৭০ৰ ওপৰত নম্বৰ পাই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে উন্নত ফল দেখুৱাইছে৷

৩। পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে চূড়ান্ত পৰীক্ষাত আগৰ সমান ভাল ফল দেখুৱাব নোৱাৰিলে৷

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Ethics and Human Interface: Meaning, Dimensions and Role in Human Actions

Attitude: Content, Structure and Function

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Psychology of Motivation: What Drives Human Behavior?