The Math Learning Fair

The Math Learning Fair – A Fun Story on Counting and Learning for Children

A joyful Assamese story about students learning math through fun fair rides, teamwork, and clever counting.

অংক শিকাৰ মেলা – গণনাৰ মাজত লুকাই থকা মজাৰ কাহিনী

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত লিলু মেলালৈ গৈছে। 

Thank you for reading this post, don't forget to subscribe!

তেওঁলোক মুঠতে ৩৬ জন ছাত্ৰ ছাত্ৰী।

ছাৰে ক’লে: ‘কোনে কোনে পুতলা ৰেলগাড়ীত উঠিবা, হাত ডাঙা।’

সকলোৱে একেমুখে চিঞৰি উঠিল: ‘মই, ছাৰ… মই!’

         ছাৰে এফালৰ পৰা হাতকেইখন গণিবলৈ ধৰিলে।

 তেওঁ সম্পূৰ্ণ ৩৬ খন হাত গণনা কৰি শেষ কৰালৈকে পুতলা ৰেলগাড়ীখন ভৰ্তি হৈ গ’ল। 

ৰেলখনে দীঘলীয়াকৈ এটা উকি মাৰিলে আৰু চলিবলৈ ধৰিলে। ছাত্ৰ ছাত্ৰী সকল পিছৰ বাৰ যাবলৈ ৰ’ব লগীয়া হ’ল।

এইবাৰ সকলো বিয়াগোম চকৰীটোৰ ফালে আগবাঢ়িল। চকৰীটোৰ প্ৰতিটো বাকছত দুখনকৈ আসন আছে। লিলুৱে লক্ষ্য কৰিলে যে এটা টিকটত দুজনকৈ ব্যক্তি চকৰীটোত বহিব পাৰিব।

ছাৰে এজন এজনকৈ গণনা কৰাৰ আগতেই লিলুৱে দুজনকৈ গণনা কৰিলে:

“২, ৪, ৬, ৮, ১০, ১২, ১৪,…. ৩৬।”

টিকট সংগ্ৰাহকে সুধিলে:“কেইটা টিকট লাগিব?”লিলুৱে তপৰাই উত্তৰ দিলে, “১৮।”

The Math Learning Fair

মেৰী গ’ ৰাউণ্ডৰ প্ৰতিটো ঘোঁৰাতে তিনিখনকৈ আসন আছে।

এইবাৰ বিট্টুৱে সহপাঠী সকলৰ আগত নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব বিচাৰিলে আৰু তিনিজনকৈ ছাত্ৰক একেলগে ধৰি গণনা কৰিলে:

“৩, ৬, ৯,…. ৩৬!”ছাৰে সুধিলে: “আমাক কেইটা ঘোঁৰা লাগিব?”বিট্টুৱে গৌৰৱেৰে উত্তৰ দিলে: “১২টা ।”

লাহে লাহে দিনটো শেষ হৈ আহিছিল। সকলোবোৰ ছাত্ৰ ছাত্ৰী ভাগৰুৱা হৈ পৰিছিল। সকলোবোৰ ছাত্ৰ ছাত্ৰী ঠিকে ঠাকে বাছলৈ ঘূৰি আহিল নে নাই ছাৰে সেইটো নিশ্চিত কৰিব বিচাৰিলে। এইবাৰ দিদুৱে গণনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তাই দেখিলে যে বাছখনৰ প্ৰতিটো শাৰীতে চাৰিখনকৈ আসন আছে। সেয়েহে তাই চিঞৰি চিঞৰি চাৰিজনকৈ গণনা কৰিবলৈ ধৰিলে:

“৪, ৮, ১২, ১৬, ২০, ২৪, ২৮, ৩২”

৩৬ টো কোৱাৰ আগত তাই অলপ পৰ ৰৈ দিলে।

“ছাৰ দুজন ছাত্ৰ ইয়াত নাই।” তাই ক’লে। বাছখনৰ চালক, দিদু আৰু ছাৰে মিলি ভাগৰুৱা ছাত্ৰ ছাত্ৰী সকলক  পুনৰ গণিবলৈ ধৰিলে।  

  কোন বাকী ৰৈ গ’ল?

“ অ’হ ! এইফালে আহক, চাওক ইয়াত আছে এজন” 

বাছৰ চালকজনে বাছখনৰ পিছফালৰ পৰা ৰিঙিয়ালে। 

বাছৰ শেষৰ আসনত টুপনিত লালকাল হৈ নাক বজাই মন্টু শুই আছিল।

কিন্তু তথাপিও তেতিয়ালৈকে ৩৫ জন ছাত্ৰ ছাত্ৰীহে গোট খাইছিল। 

বাকী ৰৈ যোৱা ছাত্ৰ জনক বিচাৰি যাবলৈ ছাৰে বাছৰ পৰা নামিবলৈ লওঁতেই দিদুৱে মাত লগালে,

“ছাৰ, অনুগ্ৰহ কৰি ঘূৰি আহক। আমি তাইক বিচাৰি পালো।”

“কোন সেই উৎপতীয়া ছোৱালীজনী?” ছাৰে সুধিলে ।

“মই ছাৰ।” দিদুৱে নিজৰ ফালে আঙুলি টোৱাই ক’লে,

“মই নিজকে গণনা কৰিবলৈ পাহৰি গৈছিলোঁ!”

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story