Raja Meets Emperor Akbar

Raja Meets Emperor Akbar

Raja Meets Emperor Akbar is a heartwarming story of courage, creativity, and royal fashion in Mughal India.

ৰাজাই মহাৰাজক লগ কৰিছিল

আজিৰ এই বিশেষ দিনটোত ৰাজাই তাৰ সকলোতকৈ ভাল কাপোৰযোৰ পিন্ধিছে । আজি সি এজন বিশেষ লোকক লগ কৰিবলৈ যাব – তেওঁ হ‘ল মহান মোগল সম্রাট জালালউদ্দীন আকবৰ!

Thank you for reading this post, don't forget to subscribe!

ৰাজাৰ দেউতাক ৰহমান খানো এজন বিশেষ ব্যক্তি । ৰহমান খান হ‘ল বাদশ্বাহৰ দৰ্জী আৰু সি বাদশ্বাহৰ চুৰীদ্দাৰ পায়জামাৰ ওপৰত পিন্ধা অঙ্গৰক্ষা – ঢিলা কোট চিলায় ।

ৰাতিপুৱা সিহঁতে ফটেহপুৰ চিক্ৰীৰ ৰাজমহললৈ গৈছিল। যাওঁতে বাদশ্বাহে গৰমত পিন্ধিবৰ কাৰণে চিলাবলৈ দিয়া অঙ্গৰক্ষাযোৰ লৈ গৈছিল। বাদশ্বাহে তেওঁ সাজ-পোছাকৰ ওপৰত অত্যধিক মনোযোগ দিছিল । পোছাক চিলাই তেওঁক সন্তুষ্ট কৰা বৰ টান কাম ।   

  কাপোৰ কাটি অঙ্গৰক্ষা প্রস্তুত কৰিবৰ কাৰণে বহুত ৰাতিলৈকে কাম কৰি ৰহমান খানে বৰ কষ্ট কৰিছিল । ৰাজায়ো দেউতাকক সহায় কৰিছিল । চিলাবৰ কাৰণে সিহঁতে সৰু বেজী আৰু সকলোতকৈ ভাল ৰেচমী সূতা ব্যৱহাৰ কৰিছিল।  

বসন্ত কালৰ বেলি বৰ উজ্বল হৈ ওলাইছে। সিহঁত ফটেহপুৰ চিক্রীৰ ৰাজমহললৈ সোমাই যাওঁতে ফুলবোৰে হাঁহি থকা আৰু পাৰবোৰে আনন্দত কুৰুলিয়াই  থকা দেখিলে। দুটা ৰখীয়াই হাতত যাঠি লৈ দুৱাৰ মুখত পহৰা দি আছিল ।

“মই হ‘লো ৰহমান খান,‘‘ৰাজাৰ দেউতাকে ক‘লে। “মই বাদশ্বাহৰ অঙ্গৰক্ষা চিলোৱা দৰ্জী । মই তেওঁৰ কাৰণে নতুন কাপোৰ চিলাই আনিছোঁ।‘‘

 “মহাৰাজৰ পৰা অনুমতি লৈছিলা জানো ?‘‘ ডাঙৰ মোছ থকা ৰখীয়াটোৱে সুধিলে ।

 “হয়, হজুৰ । তেওঁ নিজেই পোছাকৰ আৰ্হি পচন্দ কৰি দিছিল।‘‘  তেতিয়াহ‘লে অলপ অপেক্ষা কৰা ।‘‘ কৈ ৰখীয়াটোৱে ভিতৰলৈ যাবলৈ ধৰি ঘূৰি লৈ ক‘লে, “মই ৰজাৰ তত্বাবধায়ক জনক মাতি দিওঁ।‘‘

অলপ পিছত ৰখীয়াটো আন এটা মানুহৰ লগত ঘূৰি আহিল । ৰহমানে সেই মানুহটোক আঁঠু কাঢ়ি সন্মান জনাই ক‘লে, “মই বাদশ্বাহৰ গৰমত পিন্ধা পোছাক আনিছোঁ, ধনীজী।“

“ঠিক আছে ! মোৰ লগত আহা। মহাৰাজ এতিয়াও তেওঁৰ শোৱনি কোঠাতে আছে । ৰাজসভালৈ যোৱাৰ আগতে তেওঁ তোমালোকক দেখা কৰিব।‘‘

সিহঁত সোমাই যাওতে ৰাজাই সৰু সৰুকৈ সুধিলে,“তেওঁনো কোন আব্বু ?‘‘

 “ধনী সিং। সি খোৱাবাগত কাম কৰে।‘‘

 “খোৱাবাগ ?‘‘

 “খোৱাবাগত ৰজাৰ নিজৰ প্রাসাদ আছে। ইয়াত তেওঁৰ কাৰণে বহাকোঠা আৰু শোৱনিকোঠা আছে।‘‘

 ৰাজপ্রাসাদলৈ বহুত দূৰ খোজ কাঢ়ি সোমাই যাব লাগে । ৰাজাই চাৰিওফালে ঘূৰি ঘূৰি চালে । দেখি তাৰ চকু কেইটা ডাঙৰ হৈ গ‘ল । মোগল ৰাজপ্রাসাদবোৰ ইমান ধুনীয়া ! সকলোবোৰ ৰঙা মাৰ্বলৰে তৈয়াৰী। ইমান সুন্দৰ সুন্দৰ কাৰুকাৰ্য কৰা আছে।

ৰাজপ্রাসাদৰ উদ্যানত থকা পুখুৰীত সুন্দৰকৈ পদুমফুলবোৰ ফুলি আছে। তাৰ উপৰি ইয়াত থকা পানীৰ ফোৱাৰাবোৰো চিকমিকাই আছিল। ৰাজাৰ এনে লাগিছিল যেন সি স্বৰ্গলৈহে আহিছে ।

সিহঁতে মহাৰাজৰ শোৱনিকোঠাৰ দুৱাৰৰ সন্মুখত অপেক্ষা কৰি থকা সময়ত ৰাজাই ধনী সিংক লক্ষ্য কৰি আছিল । দৰ্জীৰ ল‘ৰা হোৱাৰ কাৰণে সি প্রথমতে ধনী সিংৰ পোছাক যোৰ নিৰীক্ষণ কৰিছিল।

ধনী সিঙে বগা চুৰীদ্দাৰৰ ওপৰত ৰঙা আৰু বগা ফুল থকা কপাহী অঙ্গৰক্ষা পিন্ধিছিল । তাৰ নাগৰা জোতাযোৰৰ মূৰটো জোঙা হৈ ভিতৰফালে সোমাই যোৱা আছিল।

 ৰঙা ৰঙৰ ওপৰত বগা আৰু হালধীয়া ৰঙৰে ফুট ফুটীয়া আৰু চাৰিকোণীয়া কাৰুকাৰ্য কৰা উজ্বল পাগুৰিটো ৰাজাৰ বৰ ভাল লাগিল । 

সি ক‘লে,“তোমাৰ পাগুড়িটো বৰ ভাল লাগিছে ধনী জী।  সঁচাকৈয়ে সুন্দৰ !‘‘

“ধন্যবাদ ! মই ৰাজপুতৰ দেশৰ পৰা আহিছোঁ, আৰু কাপোৰৰ ওপৰৰ এই কাৰুকাৰ্য মোৰ গাঁৱৰ লোকে কৰে । ইয়াক বান্ধনী বুলি কয়।‘‘

 মহাৰাজৰ শোৱনিকোঠাত সোমাই তাৰ বুকুখন ধপ্ ধপাবলৈ লাগিল। দুৱাৰৰ ধেনুভিৰীয়া অংশৰে বেঁকাকৈ ৰ‘দৰ পোহৰ সোমাই মুক্তাৰ ৰঙৰ ৰেচমৰ কাৰ্পেটখনৰ ওপৰত পৰি জিলিকাই তুলিছিল।  কোঠালিটো সুন্দৰ পালেং আৰু ধুনীয়া চকীৰে সজোৱা। তাত সোনালী ৰঙৰ ৰেচমী কুচন লগোৱা আছিল। আনকি পৰ্দাবোৰো ৰেচমী কাপোৰৰে তৈয়াৰী ।

ৰাজাই প্রণাম কৰি মহাৰজাৰ ফালে চালে । আকবৰে  তেওঁৰ সন্মুখত লগুৱা এটাই আগুৱাই দিয়া গহনাৰ বাকচৰ পৰা অলঙ্কাৰ বিচাৰি আছিল।

Raja Meets Emperor Akbar

তেওঁ বেচি ওখ নাছিল, কিন্তু তেওঁৰ কান্ধটো তৰোৱাল চলোৱা সৈনিকৰ কান্ধৰ দৰে বহল আছিল। চকু দুটা ডাঙৰ বৈ পৰা, তললৈ পাকখোৱা মোছ আৰু ওঁঠৰ ওপৰত এটা সৰু তিল আছে।

সিহঁত অহাৰ কথা শুনি আকবৰে ঘূৰি চাই হাঁহি মাৰি ক‘লে, “অ ৰহমান ! তুমি মোৰ অঙ্গৰক্ষা আনিছা ? তোমাৰ লগত অহা এই ল‘ৰাটোনো কোন ?‘‘

“হজুৰ, মোৰ ল‘ৰা । নাম ৰাজা ।‘‘

“ৰাজা, তুমিও কাপোৰ চিলাব জানা নেকি ?‘‘

“মই শিকি আছোঁ হজুৰ‘‘ ৰাজাই ভয়ে ভয়ে উত্তৰ দিলে। কিন্তু মই এতিয়াও ভালদৰে কাপোৰ কাটিব নোৱাৰোঁ।

‘‘তোমাৰ আব্বাই শিকাই দিব আৰু তুমি শিকি ল‘বা ।‘‘ আকবৰে মৰমৰে ক‘লে।

ৰহমানে টোপোলাটা খুলি অঙ্গৰক্ষাযোৰ বিছনাত পাৰি দিলে ।

সেয়া অতি কোমল মচলিন কাপোৰৰে তৈয়াৰী আৰু তাৰ ওপৰত সুন্দৰ কাৰুকাৰ্য কৰা।  মাখন ৰং, পাতল হালধীয়া, পাতল নীলা, সেউজীয়া আৰু চিকমিকাই থকা বগা – সকলোবোৰ ৰঙেই অতি কোমল । বাদশ্বাহৰ প্রিয় ৰং বগা বুলি ৰাজাই জানিছিল।

ৰহমতে বগা অঙ্গৰক্ষা যোৰ পিন্ধিবলৈ আকবৰক সহায় কৰি দিলে। তেনেতে ধনী সিঙে এখন বৰ ডাঙৰ আইনা আনি মহাৰাজৰ সন্মুখত ডাঙি ধৰিলে।

“মই এই চিলাইৰ কাৰুকাৰ্য বিলাক ভাল পাইছোঁ …  আৰু ই ভালদৰে খাপ খাই পৰিছে। সন্তুষ্ট মুখেৰে আকবৰে ক‘লে। এতিয়া কমৰবন্ধ এডাল বান্ধি দিয়া, কেনে দেখে চাও।‘‘

ৰহমানে কেইডালমান কমৰবন্ধ আনি তাৰ মাজৰ পৰা এডাল নীলা কমৰবন্ধ বাদশ্বাহৰ কঁকালত বান্ধি দিলে। তাৰ আগটো ওলমি থাকিল।

“নাই…, এইডাল বৰ পাতল ৰঙৰ । মই উজ্জ্বল কিবা এটা বিচাৰিছোঁ। আকবৰে হতাশ হৈ ক‘লে।

  তেতিয়া ৰাজা আৰু তাৰ দেউতাকে এডালৰ পিছত আন এডাল হালধীয়া, সেউজীয়া, কমলা, আৰু বেঙুণীয়া ৰঙৰ কমৰবন্ধ উলিয়াই দিলে, কিন্তু আকবৰ সন্তুষ্ট নহ‘ল।

ৰহমান, এইবোৰ ৰং মই ভাল নাপাও! আকবৰে ধৈৰ্য হেৰুৱাৰ দৰে ক‘লে।  ৰাজাই তাৰ দেউতাকক চিন্তিত হোৱা দেখিবলৈ পালে। অস, নাই ! যদি মহাৰাজৰ এই ৰঙ ভাল লগা নাই, তেওঁৰ সকলো কাপোৰ ওভটাই দিব নেকি ? মই সোনকালে ইয়াৰ কিবা এটা উপায় কৰিব লাগিব !‘‘ ৰাজাই ভাবিলে।

সি চাৰিওফালে চাই হঠাৎ ক‘লে, “মহাৰাজ, আপুনি উজ্জ্বল ৰঙা ৰঙৰ ওপৰত বগা আৰু হালধীয়া ফুল থকা কমৰবন্ধ এডাল বান্ধি চাব নে ?‘‘

“কেনেকুৱা ৰঙা ?‘‘ আকবৰে মুখেৰে এটা শব্দ  কৰি ক‘লে,“মোক দেখুৱাচোন !‘‘

ৰাজাই ধনী সিঙৰ পাগুৰিটোলৈ দেখুৱাই ক‘লে, তেনেকুৱা ৰঙৰ ?‘‘

“হুঁ…‘‘ আকবৰে চিন্তিত মুখেৰে ধনী সিংৰ পাগুৰি আৰু মোছলৈ চাই ক‘লে, “মোক এবাৰ চেষ্টা কৰি চাবলৈ দিয়া ।‘‘

 হঠাৎ ৰাজাই ধনী সিংৰ পাগুৰিটো লৈ আকবৰৰ কঁকালত বান্ধি দিলে । এইবাৰ ৰাজাই উশাহ বন্ধ কৰি আকবৰে নিজকে আইনাত নিৰীক্ষণ কৰা চাই থাকিল। ধনী সিঙে ডাঙৰকৈ মুখখন মেলি হঁহাও সি  লক্ষ্য কৰিলে – ধনী সিঙে নিশচয় ভাবিছে, মহাৰাজে তাৰ পাগুৰিটো কমৰবন্ধ হিচাবে বান্ধিছে ! 

 “অস ! মোৰ ৰাজপুত ৰাণী যোধাবাইৰ দৰে !‘‘ আকবৰে হাঁহি মাৰি ক‘লে, “ধনী, ৰহমানক অঙ্গৰক্ষা আৰু কমৰবন্ধৰ দাম দি দিয়া। মই গোটেইবোৰ ল‘ম !‘‘

 “হয় হজুৰ,‘‘ ৰাজাই সাবধানে উত্তৰ দিলে, “ধনীজীক এটা পাগুৰি লাগিব । তেওঁ পিন্ধি থকা পাগুৰিটো আমি লৈ ল‘লোঁ।

“ তেওঁক কমৰবন্ধ এডাল দি দিয়া !‘‘হাঁহি মাৰি আকবৰে ক‘লে। “মই তেওঁৰ পাগুৰিটো ল‘লোঁ। তেওঁক সেই ভাল নলগা পাতল নীলা ৰঙৰ কমৰবন্ধডাল দিয়া।‘‘

আকবৰৰ ৰাজত্ব কালত প্রায় ৪০০ বছৰ আগতে ৰাজাই বাস কৰিছিল । আকবৰ মোগল বংশৰ সকলোতকৈ মহান সম্রাট । তেওঁ যোদ্ধা হিচাবেও বিখ্যাত আছিল ।

 তেওঁ নতুন নতুন সুন্দৰ পোছাক পিন্ধিবলৈ ভাল পায় ।

 আম খাবলৈ আৰু চিলা উৰুৱাবলৈকো তেওঁ ভাল পাইছিল !

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story