Ben Pin Shan Legend: The Tale of Three Free Buns and the Half Mountain
টাইৱানৰ এটা লোক কথা – তিনিটা বিনামূল্যত
দক্ষিণ টাৱাইনৰ খাওচিয়ংত বেন পিন ছান নামৰ এটা পৰ্বত আছে । বেন পিন ছানৰ অৰ্থ হৈছে ‘আধা’। এটা সাধাৰণ পৰ্বতৰ কাৰণে এই নামটো আচৰিত বুলি নিশ্চয় তুমি ভাবিছা।
Thank you for reading this post, don't forget to subscribe!কিন্তু এবাৰ পৰ্বতটোলৈ চালেই তুমি কথাটো বুজিব পাৰিবা। দেখিলে এনে লাগে যেন পাহাৰটোৰ ওপৰৰ আধা অংশ ডাঙৰ চোকা তৰোৱাল এখনৰে কোনোবাই কাটি পেলাইছে । পৰ্বতটোৱে এই নামটো কেনেকৈ পালে, সেই কথা ভাবি আচৰিত হোৱাৰ আগতে মই তোমালোকক এটা কাহিনী কওঁ।
বহুত দিনৰ আগতে বেন পিন ছান এটা সম্পূৰ্ণ পৰ্বত আছিল। সেই সময়ত ইয়াৰ কাষতে এখন গাওঁ আছিল । এদিন এটা বুঢ়া মানুহে মূৰত এটা বৰ ডাঙৰ টেকেলী লৈ গাঁৱলৈ আহিছিল ।
তাৰ চুলি বিলাক বৰফৰ দৰে বগা । দাঢ়িখিনিও বগা । মুখখন বুঢ়া মানুহৰ মুখৰ দৰে সোতোৰা-সুতুৰী আৰু সি ফটা-ছিটা কাপোৰ পিন্ধিছিল । মানুহটোৱে গাঁৱৰ চাৰি আলিটোত টেকেলীটো মাটিত থৈ তাৰ ঢাকনীখন খুলিলে।
ম‘মৰ সতেজ মিঠা মিঠা গোন্ধে বতাহ ভৰাই তুলিছে ।
“গৰম গৰম ম‘ম! গৰম গৰম ম‘ম ! সি চিঞৰিলে। এটাৰ দাম এক চেন্ট, দুটাৰ দাম দুই চেন্ট আৰু তিনিটা বিনামূল্যত !”
কাষেদি পাৰ হৈ যোৱা গাঁৱৰ মানুহে উৎসুক হৈ মনভাল লগা সুন্দৰ ম‘ম দিয়া সেই মুৰ্খ মানুহটোৰ চাৰিওফালে গোট খালে ।
“এটাৰ দাম এক চেন্ট, দুটাৰ দাম দুই চেন্ট, তিনিটা বিনা মূল্যত” সি আকৌ চিঞৰিলে, “ৰঙা মাহ আৰু তিল দিয়া ম‘ম – তিনিটা বিনা পইছাত।‘‘
বুঢ়া মানুহটোৰ কাষত গোট খোৱা মানুহবোৰে ফুচ্ ফুচাই কথা পাতিবলৈ ধৰিলে। ‘‘নিশ্চয় কিবা বুদ্ধি হ‘ব লাগিব! তিনিটা ম‘ম বিনা পইছাত ? কেনেকৈ সম্ভৱ ?”
“বহুত সুস্বাদু, মহাশয় ।”\ডাঙৰ মূৰৰ ওৱাংক প্রথম ম‘মটো দি বৃদ্ধই ক‘লে।
এটা কণীৰ সমান ডাঙৰ । ডাঙৰ মূৰৰ ওৱাঙে তাৰ মুখৰ ভিতৰত ম‘মটো ভৰাই এটা শব্দ কৰিলে ওমমমম্… প্রত্যেকেই সি ম‘মটো উপভোগ কৰা লক্ষ্য কৰিলে ।
দ্বিতীয় ম‘মটো খোৱাৰ পিছত তাৰ ভোক গুচি গ‘ল । কিন্তু সি বুঢ়া মানুহটোৰ ফালে চাই ক‘লে, “মই তৃতীয়টো খালে পইছা দিব নালাগে বুলি মিছাকৈ কোৱা নাছিলা, নহয় নে ?‘‘ বুঢ়া মানুহটোৱে সেই কথা কোৱা বুলি ওৱাঙে নিশ্চিত কৰিবলৈ বিচাৰিছিল।
“তিনিটা বিনামূল্যত আৰু সেই কথা সঁচা “। বুঢ়া মানুহটোৱে ক‘লে । সি ডাঙৰ মূৰৰ ৱাংক তৃতীয় ম‘মটো দিলে আৰু ৱাঙে ম‘মটো তাৰ মুখত ভৰালে । সি এইটো খাব পাৰিলে এটা পইছাও দিব নালাগিব ।
বুঢ়া মানুহটোৱে তাৰ কথা ৰাখিলে আৰু ডাঙৰ মূৰীয়া ৱাং আনন্দ মনেৰে গুচি গ‘ল । তাৰ পেটটো ফাটি যাওঁ, ফাটি যাওঁ যেন লাগিছিল।
এইবাৰ সকলোৱেই তিনিটাকৈ ম‘ম খাবলৈ বিচাৰিলে ।এজনো গাওঁবাসীক এটা ম‘ম নালাগে। সকলোকে বিনা পইছাত তিনিটা ম‘ম লাগে । অলপ সময়ৰ পিছতে বুঢ়াৰ টেকেলী খালি হৈ গ‘ল । বুঢ়া মানুহটো যাবলৈ ধৰাত কোনো কোনো লোক নিৰাশ হ‘ল ।
“ তোমালোক সকলোৰে ভোক লগা নাই নে ?‘‘ মানুহটোৱে ক‘লে আৰু টেকেলীটো মূৰত উঠাই তাৰ পৰা গুচি গ‘ল।
হঠাৎ সেই মাত্র তিনিটা ম‘ম খোৱা ঈগলচকুৱা ছানে চিঞৰিবলৈ ধৰিলে ,“চোৱা, চোৱা ! পাহাৰৰ ওপৰৰ আধা অংশ নোহোৱা হৈ গৈছে !‘‘

“মিছাকথা !‘‘ গাওঁবাসীয়ে ক‘লে ।
‘‘কেবাটাও ম‘ম খাবলৈ মজা হ‘ব, নহয় নে !‘‘ গাওঁবাসী যোৱাৰ পিছতো একেথৰে পাহাৰটোলৈ চাই থকা ঈগলচকুৱা ছানলৈ চাই সকলোৱে হাঁহিবলৈ ধৰিলে ।
সেইদিনা আবেলি সকলোৱে সেই বুঢ়া মানুহ আৰু তাৰ ম‘মৰ কথা আলোচনা কৰিলে।“তিনটা ম‘ম বিনামূল্যত দিবলৈ সি নিশ্চয় এটা মূৰ্খ হ‘ব লাগিব !” সিহঁতে হাঁহি হাঁহি ক‘লে । ‘‘আশা কৰিছোঁ, সি যেন সদায় আহে ।”
পিছদিনা ৰাতিপুৱা আকৌ বুঢ়া মানুহটোৱে মূৰত টেকেলীটো লৈ গাঁৱৰ চাৰিআলিত আহি বহিলহি ।
“এটাৰ মূল্য এক চেন্ট, দুটাৰ দুই চেন্ট আৰু তিনটা বিনামূল্যত !‘‘ সি হাঁহি মাৰি ক‘লে । মটৰ আৰু তিল দিয়া ম‘ম, তিনটা বিনামূল্যে ।‘‘
আগৰ দিনাতকৈ আজি টেকেলীটো এঘন্টাৰ আগতে শেষ হ‘ল । প্রতিজন গাওঁবাসীয়ে তিনিটাকৈ ম‘ম খালে । বিনামূল্যত । এটা আচৰিত ধৰণৰ হাঁহি মাৰি বুঢ়া মানুহটোৱে মূৰত টেকেলীটো লৈ গুচি গ‘ল ।
তৃতীয়দিনা বুঢ়া মানুহটো আকৌ আহিল । এইবাৰ গাওঁবাসীয়ে সেই মুৰ্খ বুঢ়া মানুহটোৰ কাৰণে বাট চাই থাকিল । সিহঁতে যিমান পাৰে সিমান বিনামূলীয়া ম‘ম খাবলৈ ধৰিলে ।
হঠাৎ কোনোবাই ক‘লে,“মহাশয়, অনুগ্রহ কৰি মোক এটা ম‘ম দিব নে ?‘‘
সকলো থৰ হৈ পৰিল ! কোনেনো এই কথা কৈছে, চাবৰ কাৰণে চেষ্টা কৰাত মানুহবোৰৰ মুখ খোলা হৈ থাকি গ‘ল, কাৰবাৰ মুখৰ পৰা অলপ অলপ ম‘ম ওলায়ো পৰিল ।
তিনিটা ম‘ম বিনা পইছাত পালে কোন মূৰ্খই এটা ম‘মত এক চেন্ট দিব ?‘‘ মানুহবোৰৰ মাজত বেজী এটা পৰিলেও শব্দ হোৱাৰ দৰে নীৰৱতাই দেখা দিলে । এনেতে কমবয়সীয়া মানুহ এটা সিহঁতৰ মাজত থিয় হৈ থকা দেখিবলৈ পালে । তাৰ হাতত মাত্র এটা ম‘মৰ মূল্যহে আছে ।
বুঢ়া মানুহটোৱে ক‘লে, “ডেকা ল‘ৰা, মই কি কৈছোঁ তুমি শুনা নাই নে ? এটাত এক চেন্ট, দুটাত দুই চেন্ট আৰু তিনিটা বিনামূলীয়াকৈ !‘‘
“হয়, মই শুনিছিলোঁ ।‘‘ বিনীত মাতেৰে সেই ডেকা মানুহজনে ক‘লে । “কিন্তু মই দেখিছোঁ, তুমি ইমান ডাঙৰ টেকেলীটো দৈনিক মূৰত উঠাই আনি তিনিটাকৈ ম‘ম বিনামূল্যত দিছা ?‘‘
তুমি যোৱা কেইদিনত এটাও পইছা উপাৰ্জন কৰা নাই, সেয়েহে তোমাৰ কাৰণে মোৰ দুখ লাগিছে । মই তোমাক সহায় কৰিবলৈ বিচাৰিছোঁ, কিন্তু মোৰ হাতত মাত্র এটা ম‘মৰ কাৰণেহে পইছা আছে।‘‘
গাওঁৰ মানুহে সেই ডেকাল‘ৰাটোৰ কথা শুনি বৰ লজ্জা অনুভৱ কৰিলে । সিহঁতে নীৰৱে তলমু কৰি থাকিল ।
বৃদ্ধই ডেকা লৰাটোৰ ওচৰলৈ গৈ তাক সাবটি ধৰিলে । “অস্, অৱশেষত মই তোমাক বিচাৰি পালোঁ।‘‘ বুঢ়াই চিঞৰিলে, “ মই হ‘লো পৰ্বতৰ দেৱতা, আৰু তোমাক মোৰ প্রতিনিধি হিচাবে মই নিৰ্বাচিত কৰিলোঁ। মই জনা সকলো যাদু তোমাক মই শিকাই দিম।‘‘ এই কথা কৈ থাকোতে বৃদ্ধৰ সোতোৰা পৰা গালৰ ওপৰেদি চকু পানী বাগৰিবলৈ ধৰিলে।
গাঁৱৰ মানুহবোৰে বুজি পালে, পৰ্বতৰ দেৱতাই সিহঁতক পৰীক্ষা কৰিবলৈ আৰু এজন মৰমীয়াল লোকক বিচাৰিবলৈ সেই বুঢ়া মানুহটোৰ ৰূপ ধৰি দেখা দিছে ।
তেতিয়া পৰ্বতৰ ভগৱানে তাত থকা সকলোকে আচৰিত কৰি ক‘লে, “সিহঁতে খোৱা ম‘মবোৰ আচল ম‘ম নাছিল। তেওঁ
সেইবোৰ পৰ্বতটোৰ পৰা খান্দি অনা বোকা মাটিৰ পৰা তৈয়াৰ কৰিছিল ।
এই কথা শুনাৰ লগে লগে গাওঁবাসী বাকী থকা ম‘মখিনি চাবলৈ দৌৰ মাৰিলে । কিন্তু সিহঁতে গৈ দেখিলে, টেকেলীত মাত্র বোকা হে আছে । এইবাৰ সিহঁতে পৰ্বতটোলৈ ঘূৰি চাই নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা হ‘ল! ঈগল চকুৱা ছানে কোৱাৰ দৰে তাত মাত্র পৰ্বতটোৰ আধা অংশহে আছে ! কিন্তু সিহঁত ইমান লুভীয়া আছিল যে শুনিবলৈ …
লগে লগে পৰ্বতৰ দেৱতাই তেওঁৰ ডেকা শিষ্যক ভগৱানৰ যাদু শিকাবৰ কাৰণে পৰ্বতটোলৈ লৈ গ‘ল ।
গাঁৱৰ মানুহবোৰৰ অনুতাপ হ‘ল আৰু সিহঁতে লুভীয়া হোৱাৰ কাৰণে নিজকে অভিশাপ দিলে। এই দিনটোৰ লগত মিল ৰাখি সিহঁতে পাহাৰটোৰ নাম দিলে, বেন পিন ছান – লগতে সিহঁতে লোভ ত্যাগ কৰিবলৈ শপত খালে।





