Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo
সুন্দৰী ক’ত?
সুন্দৰী নিখোজ হোৱাৰ পিছদিনাই ৰাতিপুৱাৰ সময়ত এৰুমন্নুৰ পুলিচ ষ্টেচনত হাঁহিৰ কলৰৱ উঠিল।
Thank you for reading this post, don't forget to subscribe!হা: হা: হা:!!! বাপৰে বাপ!
“ম’হৰ নাম বাৰু কোনোবাই সুন্দৰী ৰাখেনে!”
মাত্ৰ দুগৰাকী মানুহে এই কথাটোত কোনো ধৰণৰ হাস্যৰস বিচাৰি পোৱা নাছিল
ম’হজনীৰ গৰাকী তেচাম্মা আৰু এৰুমন্নুৰ পুলিচ ষ্টেচনৰ নতুন কনিষ্টবল জিন্সি ৰ’জ…
যিয়ে খবৰটো শুনাৰ লগে লগে সুন্দৰীক বিচৰাত লাগি গ’ল।
“মোক সুন্দৰীৰ বিষয়ে অলপ কওকচোন!”, জিন্সিয়ে ক’লে।
তেচাম্মাই উত্তৰ দিলে, “সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, তাই সঁচাকৈয়েই সুন্দৰী।“
পিপ্! পিপ্!
“তাইৰ কাৰণে গাড়ী-মটৰ সকলো ৰৈ যায়।
পুৱতি নিশা মই তাইৰ গাখীৰ খীৰোৱাৰ সময়ত ৰেডিঅ’ত তাইৰ বাবে পাশ্চাত্যৰ ধ্ৰুপদী সংগীতহে বজাবলগীয়া হয়।
“আৰু এইফালে ঘাঁহ খোৱাৰ সময়ত তাইক লাগে বলিউডৰ হিন্দী সংগীত।
“যেতিয়া তাই পুখুৰীত গা ধুবলৈ নামে, সেইখিনি যেন তাইৰ সৌন্দৰ্য্য চৰ্চাৰ সময়; সেইখিনি সময়ত তাইক লাগে ৰোমাণ্টিক মালায়ালম গান।
“আৰু ৰাতি শুৱাৰ সময়ত তাই সদায় মৃদু বাদ্যযন্ত্ৰৰ সংগীত শুনিহে শোৱে।”
“আহ্! কি সুন্দৰ সংগীতৰ ৰুচী!”, জিন্সিয়ে মনতে ভাবিলে।
জিন্সিয়ে গাঁৱত এপাক মাৰি মানুহবোৰক সুন্দৰীৰ কথা সোধ-পোছ কৰাৰ সিদ্ধান্ত ল’লে।
তেওঁ থম্মাচানৰ ওচৰলৈ লৰ মাৰিলে, কিন্তু তেওঁ পিছে সুন্দৰীক দেখা নাছিল।
“মই কোনো সুন্দৰী বুলি ম’হক ইয়াত দেখা নাই দেই আৰু সঁচা ক’বলৈ গ’লে মই ম’হ ভালো নাপাওঁ। মই মাত্ৰ মোৰ চন্দনকুট্টী নামৰ গাইজনীকহে ভাল পাওঁ, তাই ম’হবোৰৰ দৰে বোকাত লেটি-পেটি হ’বলৈও নাযায়।“
তাৰ পিছত তেওঁ গাঁৱৰে পুখুৰীটোৰ পৰা ঘূৰি আহি থকা ৰমণী আৰু সাবিত্ৰীক লগ পাই একে প্ৰশ্ন কৰিলে। সিহঁতেও সুন্দৰীক দেখা নাছিল।
“মই যে তেচাম্মাক কিমান বাৰ বুজাইছোঁ যে সুন্দৰীক তেনেকৈ মুকলিকৈ এৰি দিব নালাগে!”, ৰমণীয়ে ক’লে, “তাইকনো দুই-এচাট লগালে কি যায়? কিন্তু, সুন্দৰীৰ ছালখন হেনো খুব কোমল। যিয়েই নহওক, সেই কাম নোহোৱা ম’হজনীকনো কোনে চুৰ কৰিব?”
সাবিত্ৰীয়ে হাঁহিত ৰ’ব নোৱাৰি ক’লে, “হা: হা:, তাই যদি এজনী ধুনীয়া গাই গৰু হলহেঁতেন, ময়েই চুৰ কৰিলোঁহেঁতেন।“
অলপ আগুৱাই গৈ জিন্সিয়ে এজন ট্ৰাক চালকক তেওঁৰ ট্ৰাকখন ঠিক কৰি থকা অৱস্থাত পালে, লগত তেওঁৰ সজোৰে বাজি থকা সংগীত।
জিন্সিয়ে চিঞৰি চিঞৰি ক’লে, “অলপ মাত লগাবচোন! আপুনি এইখিনিতে এজনী ক’লা ৰঙৰ ম’হ ঘূৰি ফুৰা দেখিছিল নেকি?”
“আপুনি মোকহে সুধিবলৈ পালেনে? মই এই ঠাইখিনি ভালদৰে নাজানোৱেই। মোৰ ট্ৰাকখন কঠালেৰে ভৰ্তি। তাতেই ম’হবোৰে ঘূৰি-ফুৰি ভাল পায়। তাই নিশ্চয় ক’ৰ’বাত কোনোবা বন্ধু-বান্ধৱীৰ লগত খেলি আছে। যাওক, ৰেডিঅ’ত গান শুনা ম’হ মইনো ক’ত দেখিবলৈ পাম? আজি কিন্তু বৰষুণ আহিব পাৰে দেই। আপুনি কি ভাবে, আহিবনে বৰষুণ আজি? মোৰ পিছে আহিব যেনেই লাগিছে।“
জিন্সি আগুৱাই গ’ল।
জিন্সিয়ে প্ৰায় গোটেই এৰুমন্নুৰখনেই ঘূৰিলে, পিছে সুন্দৰীক ক’তো বিচাৰিহে নাপালে।
“নাই, মই কোনো ধৰণৰ ম’হ দেখা নাই।“
“মাজৰাতিৰ পৰাই নাই নেকি? তাইক ইতিমধ্যে কোনোবাই মাংসৰ বজাৰত বিকিয়েই দিলে ছাগে।“
“তাই নিজেই ক’ৰ’বালৈ পলাই গুচি গ’ল হবলা।“
“সুন্দৰী? মোৰ ছোৱালীজনীৰ নামো সুন্দৰী।“
“ম’হবোৰৰ মাজত একেলগে লগ লাগি থাকিলে ক’তনো পাৰ্থক্য বিচাৰি পাবাহে?”
দালকাৰ দাদাইও সুন্দৰীক কেতিয়াও দেখা নাছিল যদিও, তেওঁ জিন্সিক নিজৰ চাহৰ দোকানখনত সুন্দৰীক বিচাৰিবলৈ বনোৱা পোষ্টাৰখন লগাব দিলে।
গোটেইখন ঘূৰি ঘূৰি জিন্সিৰনো কম ভাগৰ ধৰিছিলনে!
চেৰৰৰ… চেৰৰৰ…
ঠিক তেতিয়াই…
ধাম!!!
ফটকৰে জিন্সিয়ে কিবা এটা ভাবিলে।
জিন্সি সুন্দৰীয়ে বাস কৰা গোহালিটোলৈ দৌৰ মাৰিলে।
সুন্দৰীৰ গোহালিৰ পৰা অকল সুন্দৰীয়েই নহয়, আন এবিধ বস্তুও নাইকিয়া হৈছিল।
সেই নিশায়েই জিন্সিয়ে কিবা এটা অনুসন্ধান কৰিবলৈ বুলি ওলাই গ’ল।
ৰাতিৰ আন্ধাৰত জোনাকী পৰুৱাবোৰৰ বাহিৰেও আৰু কিবা এযোৰ জিলিকি আছিল।
চেউউউউ…

জিন্সিয়ে সুন্দৰীক বিচাৰি উলিয়ালে।
সুন্দৰীৰ অপহৰণকাৰী সাজী কুট্টপ্পনক ততালিকে পুলিচ থানালৈ লৈ যোৱা হ’ল।
তেচাম্মাই সুধিলে, “তুমিনো কিদৰে তাক ধৰা পেলালা, জিন্সি?”
“তাক ধৰাটো একেবাৰেই উজু আছিল। সাজীয়ে মোক কৈছিল যে সি এনেকুৱা কোনো ম’হ দেখা নাই যিয়ে ৰেডিঅ’ শুনে কিন্তু মইতো তাক কেতিয়াও সুন্দৰীয়ে ৰেডিঅ’ শুনা কথা কোৱাই নাছিলো। সাজীয়ে সুন্দৰীক লৈ গৈ আন এখন গাঁৱৰ মাংস বেপাৰীৰ ওচৰত বিকি দিয়াৰ পৰিকল্পনা কৰি আছিল, কিন্তু তাৰ পৰিকল্পনা তাতেই ৰৈ গ’ল।“
সাজীয়ে সুন্দৰীক গোহালিৰ পৰা উলিয়াই নিয়াৰ আপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু সুন্দৰীক সি লৰচৰো কৰাব পৰা নাছিল।
ঠিক তেতিয়াই সি ৰেডিঅ’টো লৈ যোৱাৰ বুদ্ধিটো পালে।তেতিয়াই সি দেখিলে যে সুন্দৰীয়ে ৰেডিঅ’টো নোহোৱাকৈ থাকিবই নোৱাৰে।তাই তাৰ পিছে পিছে দৌৰি সাজীৰ আত্মগোপন কৰা ঠাইখিনি পালে —সেইয়া হ’ল তাৰ মেৰামতি হৈ থকা ট্ৰাকখন।
বুকুৰ টুকুৰা সুন্দৰীক ঘূৰাই পাই তেচাম্মাৰ আনন্দই পাৰ নধৰা হ’ল।
“সুন্দৰী সঁচাকৈয়ে বেচ সুন্দৰ দেই, ক’ব লাগিব কিন্তু!”, গোপী নামৰ ইন্সপেক্টৰজনে ক’লে।
ম’হবোৰ হ’ল বন্ধুত্বসুলভ প্ৰাণী। সিহঁতে নিজৰ প্ৰজাতিৰ জন্তুবোৰৰ লগত সময় অতিবাহিত কৰি খুব ভাল পায়। সিহঁতবোৰক প্ৰায়ভাগ বোকাত লুতুৰি-পুতুৰি হৈ খেলি থকা বা নিজৰ সংবেদনশীল ছালক ৰ’দৰ উত্তাপ আৰু কীট-পতংগৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ বালিত খেলি থকা দেখা যায়। সিহঁতে ঘাঁহনিত বা খোলা ঠাইত থাকি বৰ ভাল পায়। বহুতো গৱেষণা কৰি গম পোৱা গৈছে যে ম’হবোৰে মৃদু সংগীত খুব পছন্দ কৰে। ইয়াৰ সহায়ত সিহঁত মানসিক চাপ আদিৰ পৰা মুক্ত হয়।





