Aworjonar Cloud story: How Chiku Learned to Keep Her World Clean
আৱৰ্জনাৰ এটুকুৰা মেঘ
নিজৰ লগৰ বন্ধু-বান্ধৱীবোৰৰ ভিতৰত আটাইতকৈ অসুখী ছোৱালীজনীয়ে আছিল চিকু।
Thank you for reading this post, don't forget to subscribe!গোটেই শ্রেণীটোৰ ভিতৰতে তাই আছিল অসুখী ছোৱালী।
তাই চাগে গোটেই পৃথিৱীখনৰ ভিতৰতে আটাইতকৈ অসুখী ছোৱালী।
চিকুৰ কোনো বন্ধু-বান্ধৱী নাছিল।
তাইৰ লগত কোনেও খেলিবলৈ নিবিচাৰিছিল।
কিয়নো তাইৰ মূৰৰ ওপৰত সদায় এটুকুৰা ডাঙৰ মেঘ ওলমি আছিল।
আৱর্জনাৰ মেঘ
কমলাৰ বাকলি, বিস্কুটৰ ঠোঙা, ভঙা পুতলা, পেঞ্চিল জোঙা কৰোঁতে হোৱা তাৰ এৰাখিনিকে ধৰি একাঁ-বেঁকা ভাজ লগা প্লাষ্টিকৰ বটল আৰু বহুতো ৰং-বিৰঙৰ প্লাষ্টিকৰ মোনা,.. সকলোবোৰ ভেন-ভেনাই থকা এজাক মাখিয়ে আগুৰি আছিল।
মূৰৰ ওপৰত আৱর্জনাৰ এটুকুৰা মেঘ ওলোমাই ৰখা ছোৱালী এজনীৰ লগত কোনেও খেলিব বিচৰা নাছিল।
তোমাৰ মূৰত যদি গেলা কলৰ বাকলি পৰে কেনে লাগিব?
ছি:!
মূৰৰ ওপৰত ওলমি থকা মেঘটুকুৰাৰ বাবে তাই আনকি লুকা-ভাকুও খেলিব পৰা নাছিল
তাই সোণাক ক’লে, “ব’লা অমি একেলগে খোজকাঢ়ি স্কুললৈ যাওঁ।” কিন্তু তাইক দেখি সোণা ওলোটা ফালেহে দৌৰ মাৰি গুচি গ’ল।
তাই বান্ধৱী চুইটীক সুধিলে, “তোমাৰ পেঞ্চিল জোঙা কৰা সঁজুলিটো ল’ব পাৰিম নে বাৰু?”
কিন্ত চুইটীয়ে মুখখন ফুলাই তাই বহা ঠাইৰপৰা উঠি আশাৰ ওচৰত বহিলগৈ।
চিকুৱে আনকি দুপৰীয়াৰ আহাৰো অকলে খাবলগীয়া হ’ল।
চিকুৱে ভাবিলে তাই মাকৰ কথা শুনা হ’লেই ভাল আছিল। তাইৰ মাকে য’ত-ত’ত বস্তু পেলাই লেতেৰা পৰিবেশ এটা সৃষ্টি নকৰিবলৈ সদায় তাইক কৈ আহিছিল।
“কলৰ বাকলিটো ৰাস্তাত নেপেলাবা!”
“খালি বিস্কুটৰ পেকেটটো সদায় ডাষ্টবিনত পেলাবা।”
কিন্তু চিকুৱে মাকৰ কথা কেতিয়াও নুশুনিলে। তাই কেৱল হাঁহিছিল আৰু ৰাস্তাটো লেতেৰা কৰি গৈছিল।
এদিনাখন চিকুৰ মাকৰ তাইৰ ওপৰত বৰ খং উঠিল আৰু খঙতে ক’লে, “চাই থাকা, এদিন এই আৱর্জনাবোৰে তোমাক পিছে পিছে খেদি ফুৰিব।”
মাকৰ কথা শুনি চিকুৱে হাঁহি দিলে। তাৰ পিছদিনাখন ৰাতিপুৱা চিকুৱে শুই উঠি দেখিলে যে তাইৰ চৌপাশে এটা গেলা গোন্ধ আৰু এজাক ভেনভেনাই থকা মাখি। তাইৰ মূৰত আৱর্জনাৰ এটুকুৰা মেঘ৷
মাকে কোৱা কথাই সচাঁ হ’ল! তাকে দেখি চিকুৰ মুখৰ হাঁহি নাইকিয়া হ’ল।
চিকুৱে দৌৰি পলাই যাবলৈ চেষ্টা কৰে,
কিন্তু মেঘটুকুৰাই তাইৰ পিছ নেৰে৷
তাই বাঢ়নী এডালেৰে আৱর্জনাৰ মেঘটুকুৰা সাৰি পেলোৱাৰ চেষ্টাও কৰিছিল। কিন্তু আৱৰ্জনাখিনি সাৰিলেও আতঁৰি নোযোৱা হ’ল।
চিকুৱে সকলো ধৰণে মেঘটুকুৰা আঁতৰাবলৈ চেষ্টা কৰিলে।
তাই চিঞৰি-চিঞৰি মেঘটুকুৰাক আঁতৰি যাবলৈ ক’লে। আনকি তাই মেঘটুকুৰাক ডাষ্টবিনত পেলাবলৈও চেষ্টা কৰিলে।
কিন্তু আৱৰ্জনাৰ মেঘটুকুৰা আতঁৰি নাযায়হে নাযায়! তাইৰ শান্তি নোহোৱা হ’ল।
তেনেতে, হঠাৎ কিবা এটা হ’ল।
চিকুৱে বালাক ৰাস্তাত কলৰ বাকলি পেলাই থকা দেখিলে।
তাকে দেখি চিকুৰ বৰ খং উঠিল। সি তাইৰ মূৰৰ ওপৰত উৰি থকা আৱর্জনাৰ মেঘটুকুৰা দেখা নাই নেকি বাৰু?
তাই চিঞৰিলে, “ঐ দুষ্ট ল’ৰা!” “ৰাস্তাত কলৰ বাকলি নেপেলাবি, কোনোবা পিছলি পৰিব!” বালাই, আৱর্জনাৰ মেঘটুকুৰা দেখি ভয়তে, কলৰ বাকলিটো ডাষ্টবিনত পেলাই দিলে।
তাৰ পিছদিনা, মেঘটুকুৰাৰ আকাৰ অলপ সৰু হ’ল!
চিকু অলপ আচৰিত হ’ল, “এয়া কেনেকৈ হ’ল বাৰু?”
তেনেতে তাই ৰীমাৰ খুড়ীয়েকক এটা প্লাষ্টিকৰ মোনা পেলোৱা দেখিলে।
তাকে দেখি তাই খুড়ীয়েকক ক’লে, “খুড়ী, আপুনি সেই প্লাষ্টিকৰ মোনাটো পুনৰ ব্যৱহাৰ কৰিব পাৰিব, আপুনি সেইটো পেলাই নিদিব, উঠাই লওক”।
খুড়ীয়েকে মোনাটো উঠাই লৈ ঘৰলৈ গুচি গ’ল। পিছদিনাখন চিকুৱে শুই উঠি দেখিলে যে তাইৰ মূৰৰ ওপৰৰ মেঘটুকুৰা আগতকৈ বহুত সৰু হৈ গৈছে। চিকুৱে মিচিকিয়াই হাঁহিলে।
তাই গম পালে তাই কি কৰা উচিত।
যেতিয়াই কোনোবাই বিস্কুটৰ পেকেট বা পেঞ্চিল জোঙা কৰোঁতে হোৱা আৱর্জনাবোৰ দলিয়াই পেলাব খোজে, তাই মানা কৰে। তাই পৰি থকা ভাঁজ লগা প্লাষ্টিকৰ বটলবোৰ বুটলি ডাষ্টবিনত পেলাই দিয়ে।
তাইৰ গাওঁখন দিনক দিনে বহুত চাফ-চিকুণ হৈ পৰিল আৰু চিকুৰ মূৰৰ ওপৰত থকা আৱর্জনাৰ মেঘটুকুৰা দিনক দিনে ক্ৰমে সৰু হৈ গৈ থাকিল।
আৰু তেনেদৰেই এদিন গোটেইটুকুৰা মেঘ নাইকিয়া হৈ গ’ল।

চিকু এই পৃথিৱীৰ এতিয়া আটাইতকৈ সুখী ছোৱালীজনী হৈ পৰিল।
চিকুৱে এতিয়া আৰু আৱৰ্জনাৰ সৃষ্টি নকৰে।
মনে মনে ক’বলৈ হ’লে, তাই এতিয়া চাফ-চিকুণ গাঁৱত থাকি বেছি ভাল পায়।
হয়তো তাই ভয় কৰে, কেতিয়াবা সেই আৱর্জনাৰ
মেঘটুকুৰা যদি আকৌ ঘূৰি আহে!
কোনে জানে!
আৱর্জনাৰ বিষয়ে কথা পাতোঁ আহাঁ!
কেতিয়াবা ভাবিছানে তুমি দলিয়াই দিয়া আৱর্জনাবোৰৰ কি হয়? নাই, ই তোমাৰ মূৰৰ ওপৰত মেঘ হৈ নাযায়। এই আৱর্জনাবোৰে তোমাৰ ঘৰৰ ওচৰত এটা জাবৰৰ দমৰ সৃষ্টি কৰে।
তুমি য’তে-ত’তে বস্তু পেলালে ৰাস্তাৰ কাষত এইবোৰ জমা হয়। এইবোৰৰ কিছুমান তোমাৰ ঘৰৰ ওচৰত লেতেৰা পানী যোৱা নর্দমাত জমা হয়। ই নর্দমাটো বন্ধ কৰি পেলায় আৰু মাখিবোৰক মাতি আনে৷ সিহঁতে চাৰিওফালে বেয়া বেমাৰ বিয়পায়। উস! কোনোবাই জানো এটা লেতেৰা পৰিৱেশত থাকি ভাল পায়! চিকুকেই সোধাচোন এইবিষয়ে!
আৱর্জনাৰ মেঘ সৃষ্টি নকৰিবলৈ
কি কৰিব লাগে?
আমি আমাৰ চাৰিওফালে য’তে-ত’তে বস্তু পেলাব নালাগে।
– সদায় পেলনীয়া বস্তু ডাষ্টবিনত পেলাব লাগে।
– তোমাৰ একেবাৰে ওচৰত থকা ডাষ্টবিনটো বিচাৰি উলিওৱা।
– কল খাই উঠি , বাকলিবোৰ ৰাস্তাত য’ত – ত’ত নেপেলাবা। ডাষ্টবিন বিচাৰি নোপোৱালৈকে সৰু বেগ বা মোনাত ভৰাই ৰাখিবা।
– আমাৰ আশে-পাশে পৰি থকা সকলোবোৰ বস্তু অলাগতিয়াল নহ’বও পাৰে। ধৰি লোৱা কলৰ বাকলি ভৰাই ৰখা মোনাখন বা বেগটো। গতিকে কলৰ বাকলিটোৰ সৈতে বেগটো পেলাই নিদিবা। ঘৰলৈ লৈ যাবা আৰু তাক পুনৰ ব্যৱহাৰ কৰিবা।
– সদায় ডাষ্টবিনবোৰ ঢাকি ৰখা উচিত যাতে তাৰ ভিতৰত মাখি বা আন পোক সোমাব নোৱাৰে।





