Chipko Movement : How Dicchi and Villagers Protected the Forest
ডিচ্চিৰ কথাৰে
ধুম ধাড়াক্কা ! ধুম ধাড়়াক্কা ! ধুম ধাড়াক্কা ! ধুম গছজোপাৰ একেবাৰে ওপৰৰ ডাল এটাত বহি ডিচ্চিয়ে তাইৰ ঢোলটো বজাবলৈ ধৰিলে | তাইৰ মৰমৰ ভায়েক তিনিটায়ো এটা এটাকৈ গছজোপাৰ সেইটো ডাললৈকে উঠি আহিল… আৰু সিঁহতৰ মৰমৰ ভেঁড়াটোৱে তলৰ ঘাঁহনিতে চৰি ফুৰিল |”ডিচ্চি… !” চিৰ, পাইন, দেৱদাৰু আৰু এশ্ব্ গছবোৰৰ মাজেৰে দেউতাকৰ মাতটো প্ৰতিধ্বনিত হৈ অহা তাই শুনিবলৈ পালে… “আঁহা, আমি নৈৰ সিপাৰে থকা আইতাৰ ঘৰলৈ যাওঁ, ল’ৰাহঁত, তোমালোকে ভেঁড়াটিক ভালদৰে ঘৰলৈ লৈ যাবা দেই |”
Thank you for reading this post, don't forget to subscribe!“আমিও যাব নোৱাৰোঁ নে ?” , শ্য়ামে অনুনয় কৰি ক’লে | “পিছৰবাৰ”… দেউতাই দৃঢ়তাৰে ক’লে, ” ডিচ্চি তাতে কেইদিনমান থাকিব, আইতাক চোৱাচিতা কৰিব লাগিব, আইতাৰৰ বৰ অসুখ এতিয়া |”
নৈৰ পানীৰ মাজেৰে দেউতাই গাধটোক লগত লৈ আগে আগে গৈ থাকিল | ডিচ্চিয়েও নিমাখিত প্ৰাণী এটিৰ দৰে স্কাৰ্টটো আঁঠুলৈ দাঙি নৈৰ চেঁচা পানীৰ মাজেৰে আগবাঢ়িল | হঠাতে অহা এক প্ৰচণ্ড ঢৌত তাই বাগৰি পৰিল | “সাৱধানে যোৱা”, কাষতে মাছ মাৰি থকা খুড়াকে তাইক ক’লে | কিছু সময়ৰ ভিতৰতে নদীত পানী বাঢ়ি বানৰ সৃষ্টি কৰিলে | খুড়াই ডিচ্চিক কেনেবাকৈহে পানীত উটি নোযোৱাকৈ ধৰি ৰাখিব পাৰিলে |
তাইৰ বাওঁ ভৰিখন ডাঙৰ শিল এটাৰ তলত লাগি ধৰিলে | দেউতাকলৈ চালে তাই… পানীৰ শব্দৰ মাজত তেওঁৰ মাতটো ক’ৰবাত হেৰাই গৈছিল | গাধটোৰ পিঠিত থকা লামলাকটুবোৰ পানীত পৰি উটি গৈছিল | খুড়াকে তাইৰ ভৰিখন ডাঙৰ শিলটোৰ তলৰপৰা কিবাকৈ উলিয়াই আনিলে |
ডিচ্চিক মাকৰ কাষত থৈ খুড়াকে ডিচ্চিৰ দেউতাকক বিচাৰি গ’ল | কিন্তু কেইদিনমান পিছত তেওঁৰ প্ৰাণহীন দেহটোহে পোৱা গ’ল | ডিচ্চিয়ে দেউতাকক হেৰুৱাই বৰ দুখ পাইছিল | তাইৰ মনত পৰিছিল যে কিছুমান বহিৰাগত কোম্পানিয়ে সিহঁতৰ হাবিৰ গছবোৰ কাটি খেলৰ সঁজুলি যেনে ক্ৰিকেট বেট আদি বনাই বিক্ৰী কৰি ধন ঘটিছিল | ক্ষোভত তাই কৈ উঠিল , ” নাজানেনে সিহঁতে এনেকৈ গছ কাটি হাবি ধ্বংস কৰাৰ বাবেই কিমান মানুহে কষ্ট খাবলগীয়া হয়… তাই নিজৰ দেউতাকক হেৰুৱাব লগা হ’ল !!”
পাৰিবনে পাহৰিব ডিচ্চিয়ে সেই কথাবোৰ কেতিয়াবা ? কেতিয়াও নোৱাৰে!!
তাই নিজকে চম্ভালে | খুড়াকে কয় , ” সদায় ভাল কথা ভাবিবা, তেতিয়া সকলো ভাল হয় |” কথাষাৰ ভাবিয়ে তাইৰ মনলৈ এক নতুন সাহস আহে | তাইক মৰম কৰা মাক, ভায়েক, খুড়াক ,খুড়ীয়েকৰ কথাভাবে | তাই খুড়াকক দেউতাকৰ নিচিনাই ভাল পায়, কিন্তু মাকৰপৰা খুড়াকে নতুনকৈ জুৱাখেলত ধৰা কথা শুনিলে তাই দুখ পায়… “খুড়াইনো বেয়া কাম কৰিব পাৰে নে?” লাহে লাহে দিনবোৰ আগৰদৰে হৈ পৰে.. গতানুগতিক
ডিচ্চিয়ে তাইৰ মৰমৰ গছজোপাৰ ডাল এটাত বহি তলৰ ঘাঁহনিডৰালৈ চাই থাকে.. খুড়াকে বনাই দিয়া পেংদুডাল তাইৰ বৰ মৰমৰ | গছৰ ডালত থকা চৰাইৰ বাহ চাবলৈ তাই আৰু অলপ ওপৰলৈ বগাই গ’ল | মৰমৰ গছডালক কাণে কাণে তাই ক’লে , ” মই তোমাৰ দৰেই শক্তিশালী.. য়েটি আৰু য়াকৰ দৰে সাহসী “
তেনেতে ভায়েক শ্য়ামে আহি তাইক গাঁৱৰ সভালৈ যাবলৈ মাতি থৈ গ’ল | লৰালৰিকৈ গছৰ ওপৰৰপৰা নামি তাই ভায়েকৰ পিছে পিছে খোজ ল’লে | সভা আৰম্ভ হৈছিলেই | গাঁৱৰ মুখিয়াল গৌৰী বাইদেউক সকলোৱে বেৰি ধৰিছিল |
” আমি নিৰক্ষৰ হ’লেও অজ্ঞানী নহওঁ” , গৌৰী বাইদেৱে কৈছিল , ” আমি কেতিয়াও আমাৰ হাবিৰ গছ কাটিবলৈ নিদিওঁ | যেতিয়া চন্দ্ৰ ঠিকাদাৰে গছ কাটিবলৈ মানুহ আনিব, আমি প্ৰতিদনেই একোজোপা গছক জোৰকৈ সাৱতি ধৰি থাকিম | এয়াই হ’ব আমাৰ অহিংস প্ৰতিবাদ | ” সকলোৱে হয়ভৰ দিলে আৰু চিপকো শ্ল’গান দি সভা শেষ কৰি নাচি নাচি ঘৰমুৱা হ’ল | ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম
” হাবিৰপৰা আমি কি কি পাওঁ কোৱাচোন “, ডিচ্চিয়ে বাটে বাটে সকলোকে সুধি গৈ থাকিল | ” মাটি, পানী আৰু বিশুদ্ধ বায়ু পাওঁ ” — সকলোৱে সমস্বৰে কৈ উঠিল |
তেনেতে একে ৰঙৰ কাপোৰ পিন্ধা মানুহ কিছুমান কুঠাৰ লৈ সিহঁতৰ সন্মুখত ঠিয় হ’ল | চন্দ্ৰ ঠিকাদাৰে কোৱা ধৰণে সিহঁতবোৰে হাবিৰ কাটিবলগীয়া গছবোৰত X চিন দিবলৈ আহিছে | গাওঁবাসীয়ে খঙত জোৰকৈ জোৰকৈ ঢোল বজাই চিপকো শ্ল’গান দি সিহঁতক খেদি পঠালে আৰু নিজৰ মাজত একতাৰে এই কাৰ্যৰ বিৰুদ্ধে মোকাবিলা কৰাৰ পণ ল’লে
ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম
স্কুল ছুটীৰ পিছত ডিচ্চি আৰু তাইৰ ভায়েকহঁতে হাবিলৈ ভেঁড়াটোক চৰাবলৈ নিছিল | লগত আন সমনীয়াবোৰেও খেলিবলৈ গৈছিল | সকলোৱে গছবোৰক বহুত মৰম কৰিছিল , গছবোৰো সিহঁতৰ খেলাৰ লগৰী আছিল বুলিলেও ভুল নহয় | সন্ধিয়া হ’লে আটায়ে নাচি বাগি ঘৰলৈ আহিছিল | মূৰৰ ওপৰত জোনাকী পৰুৱাই নাচি নাচি পোহৰ বিলাইছিল | ডিচ্চিয়ে ভাৱত বুৰ গৈ কেতিয়াবা বহুত সময়লৈকে হাবিতে আছিল, মৰমৰ গছজোপাক তাই সাৱতি কিবাকিবি কথা পাতি থাকিছিল |
” কোনেও মোৰ গছজোপাক কাটি নোহোৱা কৰিব নোৱাৰে ! ” নিজকে দৃঢ়ভাৱে কৈ তাই ঘৰমুৱা হৈছিল |
কিন্তু হঠাতে এখন বাছ আহি পাহাৰৰ টিলাটোৰ সিমূৰে ৰ’ল | আন্ধাৰত তাই চকামকাকৈ দেখিলে সেয়া আন কোনো নহয়, হাতে হাতে কুঠাৰ লৈ অহা চন্দ্ৰ ঠিকাদাৰৰ মানুহ… নিশ্চয় হাবিৰ গছ কাটিবলৈ আহিছে !! ভয়তে তাই উধাতু খাই দৌৰিবলৈ ধৰিলে যাতে সোনকালে গাওঁবাসীক খবৰটো দি হাবিৰ গছবোৰ কটা যোৱাৰপৰা একেলগে বচাব পাৰে |

তেনেতে ঐক্য়সাজ পৰিধান কৰা এজুম মানুহ হাতে হাতে কুঠাৰ লৈ সিঁহতৰ সন্মুখ পালেহি | বাহুবলী চন্দ্ৰ ঠিকাদাৰে একেবাৰে আগত ঠিয় হৈ মানুহবোৰক গছ কাটিবৰ বাবে চিন দি যাবলৈ নিৰ্দেশ দিলে | ডিচ্চি আৰু আন শিশুহঁতে ততাতৈয়াকৈ চিপকো গীত জুৰি গাঁৱৰ ৰাইজক সজাগ কৰিবলৈ বুলি শ্ল’গান দিব ধৰিলে — ” আমি আমাৰ সম্পদ অৰণ্য়খনক ধ্বংস কৰি পেলাবলৈ নিদিওঁ, ব’লা আমি গাঁওবাসীক সতৰ্ক কৰি দিওঁগৈ যাতে সকলোৱে মিলি গছ কাটিবলৈ অহা মানুহজাকক খেদি পঠিয়াব পাৰোঁহঁক |”
ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম !! তাইৰ বুকুখনে ধান বনাদি শব্দ কৰিছিল
ঘৰ পায়েই মাকক ফোঁপাই ফোঁপাই তাই ক’ব ধৰিলে , ” মা, মোৰ গছজোপা কাটি পেলাব … সিহঁতে ” ” কোনে ? ৰ’বা, অলপ পানী খোৱাচোন ” “কুঠাৰ অনা মানুহবোৰে , মা… বহুত মানুহ আহিছে |” ” ৰ’বা, আমি কিবা কৰিব লাগিব সোনকালে” ” মই গাঁৱৰ আটাইকে খবৰটো দি একগোট কৰোঁ, মা” কিছুপৰ পিছতে সকলো গাঁওবাসী আহি উপস্থিত হ’ল | গাঁৱৰ মুখিয়াল গৌৰী বাইদেৱে ক’লে, ” একতা আৰু অহিংসাৰ শক্তি আমি সিহঁতক দেখুৱাই দিম |” এতিয়াহে ডিচ্চিৰ মনটোৱে অলপ সাহস পালে.. ঢোলটো বজাই তাই জুৰিলে, ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম
” চিপকো “, তাই চিঞঁৰিলে | বাকীসকলে ক’লে , ” সকলোৱে একোডালকৈ গছ সাৱটি ধৰিবা ” অণ্ঠকণ্ঠ শুকাই নোযোৱালৈকে এনেদৰে গোটেই বাটটো শ্ল’গান দি দি তেওঁলোক আগবাঢ়ি গৈ থাকিল |
X চিনটো আঙুলিৰে মোহাৰিব খুজি তাইৰ সৰু আঙুলিকেইটা কঁপি উঠিল | চন্দ্ৰ ঠিকাদাৰ আহি তাইক জোৰকৈ গছডালৰপৰা আঁতৰাব খুজি কৰ্কশভাৱে ক’লে, ” আঁতৰ হ ” | হঠাতে গছৰ আঁৰত থকা এটি অৱয়ৱ দেখি সচকিত হৈ তাই কৈ উঠিল, ” … খুড়া … তুমিও ?? “
চাৰিওফালে নীৰৱতা | খুড়াকে কুঠাৰখন হাতৰপৰা এৰি দিলে | ” জুৱা খেলি খেলি মই বৰ ঋণী হৈ পৰিছিলোঁ অ’ , বহুত বিচৰাৰ পিছতো কৰিবলৈ একো কামো পোৱা নাছিলোঁ ” তলমূৰকৈ থাকিয়ে খুড়াকে কৈ গ’ল | ডিচ্চি আৰু ভায়েকহঁতে দৌৰ মাৰি গৈ খুড়াকক সাৱতি ধৰিলেগৈ |
ডিচ্চিৰ সুৰত একেলগে মিলাই খুড়াকে গাওঁবাসীক কৈ উঠিল, ” হাবিয়ে আমাক কি দিয়ে ? ” ” মাটি, পানী, বিশুদ্ধ বায়ু ” — সকলোৱে একেলগে ক’লে |
” হেৰ’, মূৰ্খ ছোৱালী… হাবিৰপৰা আমি কাঠ, ৰেজিন, আৰু বিভিন্ন লাভজনক সামগ্ৰী পাওঁ ” , চন্দ্ৰ ঠিকাদাৰে মাত দিলে | ” আৰু বিলম্ব নহয়, এতিয়াই কুঠাৰেৰে কাটি সকলো গছ নোহোৱা কৰিব লাগে” , কুঠাৰ লৈ অহা মানুহবোৰক হুকুম দিলে তেওঁ | ” নাই নাই কৃপা কৰি গছবোৰ নাকাটিবা ” , ডিচ্চিয়ে কাবৌ কৰিলে , ” আমাৰ গছবোৰেই আমাৰ ৰক্ষক ! ” ” তাই ঠিকেই কৈছে ” , খুড়াকে শলাগিলে , ” বানত তাই নিজৰ দেউতাকক হেৰুৱালে | …….. এজন এজনকৈ কুঠাৰ লৈ থকা মানুহবোৰে হাতৰপৰা কুঠাৰবোৰ মাটিত পেলাই দিলে আৰু, হাবিৰপৰা ওলাই গুচি গ’ল |
ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম !! ” চিপকো ! গছবোৰ সাৱটি ধৰা ” , উচুপি উচুপি কোৱা তাইৰ মাতষাৰ হাবিৰ আন্ধাৰৰ বুকুত প্ৰতিধ্বনিত হ’ল | ” হাবিখনৰ গছবোৰ কাটি আমাৰ গাওঁখনো নোহোৱা কৰি পেলোৱা “, ক্ষোভত ডিচ্চিৰ মাকে চন্দ্ৰ ঠিকাদাৰক ক’লে | হঠাতে বিজুলী ঢেৰেকণি হ’বলৈ ধৰিলে | খঙত একো নাই হৈ চন্দ্ৰই মাটিত ভৰিৰে জোৰেৰে মাৰি দিলে | আৰু বিবশ , উপায়ন্তৰ হৈ হাবিৰপৰা ওলাই গুচি গ’ল
ধুম ধাড়াক্কা
ধুম ধাড়াক্কা
ধুম ধাড়াক্কা
ধুম !!
তাকে দেখি ডিচ্চিয়ে এক স্বস্তিৰ নিশ্বাস পেলালে ,” মই বিশ্বাস কৰিব পৰা নাই যে কুঠাৰ অনা মানুহবোৰ গ’লগৈ !!” ” আমি কৰি দেখুৱালোঁ “, মাকে ক’লে, ” এতিয়া আমি ভাৰতবৰ্ষৰ সকলো অংশলৈ এই আন্দোলন বিয়পাব লাগিব | ” ” চিপকো ! গছবোৰক সাৱটি ধৰা !! ” , আৱেগিক হৈ পৰি সকলোৱে কান্দি পেলালে | আটায়ে হৰ্ষধ্বনি দি বিজয়োল্লাস কৰিব ধৰিলে , হাতে হাত ধৰি সকলোৱে নাচিব ধৰিলে | ডিচ্চিৰ মৰমৰ গছজোপায়ো বতাহতে হালিজালি যেন নাচিবহে খুজিছিল !! তাইৰ গালখন গছজোপাৰ গাত লগাই দি কাণে কাণে তাই ক’লে, ” ময়ো তোমাৰ দৰে.. য়েটিৰ দৰে শক্তিশালী আৰু দুৰ্দান্ত , য়াকৰ দৰে স্থিতপ্ৰজ্ঞ | “
ধুম ধাড়াক্কা
ধুম ধাড়াক্কা
ধুম ধাড়াক্কা
ধুম !!!!!!!
* ফান্টু হ’ল ভুটীয়া সম্প্ৰদায়ৰ নাৰীসকলে পৰিধান কৰা এক বিশেষ ধৰণৰ উৰা-চাদৰ | * য়েটি হ’ল হিমালয় অঞ্চলত বাস কৰা বুলি কল্পনা কৰা এক প্ৰকাৰৰ আদিম মানৱ * য়াক হ’ল দীঘল নোমযুক্ত এক ঘৰচীয়া জন্তু |
” অৰণ্য় মানে মাথোঁ গছ-গছনিয়ে নহয়, ই মানৱ সমাজৰো এক অংগ ” — জেক ৱেচট’বি, The Purpose of Forests গ্ৰন্থৰ ৰচয়িত | ভুটীয়াসকলে হিমালয়ৰ উচ্চাংশত বসবাস কৰে, প্ৰকৃতিপ্ৰেমী এই সম্প্ৰদায়ে জীৱন নিৰ্বাহৰ বাবে অৰণ্য়ৰ ওপৰতে নিৰ্ভৰশীল |
* ১৯৭০ চনত অলকানন্দাত হোৱা বানৰ সময়ত চমোলি জিলা নিবাসী গৌৰা দেৱী নামৰ এগৰাকী নিৰক্ষৰ জনগোষ্ঠীয় নেত্ৰীয়ে অৰণ্য় বচাবৰ বাবে স্থানীয় নাৰীসকলক একত্ৰিত কৰি আন্দোলনৰ গুৰি ধৰিছিল |
* অলকানন্দা ভেলীত চণ্ডী প্ৰসাদ ভট্ট নামৰ এজন সমাজসেৱকে সম্পূৰ্ণ অহিংস নীতিৰে চিপকো আন্দালনৰ পৃষ্ঠপোষকতা কৰিছিল | * ” পৰিৱেশতন্ত্ৰ হ’ল স্থায়ী অৰ্থনীতি ” , চিপকো আন্দোলনৰ হোতা সুন্দৰলাল বহুগুণাই কয় |
চিপকো আন্দোলন ভাৰতবৰ্ষৰ এক উল্লেখনীয় পৰিৱেশ সংৰক্ষণ আন্দোলন | সুন্দৰলাল বহুগুণা চিপকো আন্দোলনৰ এজন প্ৰমুখ নেতা আছিল |চিপকো আন্দোলনক বহুতে এক নাৰীবাদী আন্দোলন বুলিও অভিহিত কৰিব খোজে কিয়নো ইয়াত
নাৰীৰ সক্ৰিয় অংশগ্ৰহণ পৰিলক্ষিত হয়|
* পুথিত উল্লেখ থকাৰ দৰে , ডিচ্চিৰ নিচিনা এজনী কণমানি ভূটীয়া ছোৱালীয়ে কুঠাৰেৰে গছ কাটিব অহা মানুহখিনিক দেখি ততাতৈয়াকৈ গাওঁবাসীক খবৰ দিছিলগৈ | আৰু অতিশয় গছপ্ৰেমী এই ছোৱালীজনীয়ে চিপকো শ্ল’গানেৰে সম্পূৰ্ণ অহিংসভাৱে কুঠাৰেৰে গছ কাটিব খোজা সকলৰপৰা অৰণ্য়ক বচাইছিল | ১৯৮০ চনত ভাৰত চৰকাৰে অৰণ্য় ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ বাবে এক আইন প্ৰণয়ন কৰিছিল | ভাৰতবৰ্ষৰ প্ৰমুখ আৰু প্ৰথম পৰিৱশজনিত আন্দোলনবোৰৰ ভিতৰত এই চিপকো আন্দোলনো অন্য়তম |





