The Perfect Game: A Funny Battle Between Grandmother, Grandfather and Their Hockey Teams
উৎকৃষ্ট খেলখন
“জেলেপী আটাইতকৈ ভাল!” ককাই নিজৰ গোফ পকাই-পকাই ক’লে।
Thank you for reading this post, don't forget to subscribe!“একেবাৰে নহয়! মোৰ হালৱাৰ লগত একোৰে তুলনা নহয়!” আইতাই উৎসুক শহাপহুৰ দৰে নাক জোকাৰি ক’লে।
“সেয়া অকল তুমি ভাৱা,” ককাই নিজৰ মাতটো অলপ ডাঙৰ কৰি ক’লে।
“সেইটো কথা মই জানো,” আইতাই ৰণুৱাৰ দৰে অঙ্গি-ভঙ্গি কৰি ঘোষণা কৰিলে।
“ঠিক আছে তেনেহ’লে, এখন খেল পতা যাওক! যদিহে তুমি আৰু তোমাৰ হালৱাই ভয় নোখোৱা, তেতিয়াহে খেলখন হ’ব।” ককাই প্রত্যাহ্বান জনালে।
“একেবাৰেই নহয়। তুমি দিন আৰু সময় ঠিক কৰা আৰু মোৰ হালৱাই তোমাৰ জেলেপীৰ লগত খেলিবলৈ উপস্থিত থাকিব।”
“বঢ়িয়া, তেনেহ’লে আমি অহা দেওবাৰে আবেলি ৪ বজাত খেলখন খেলিম,” ককাই ক’লে।
“ঠিক আছে। মই ভাবী বিজয়ী হালৱাক কথাটো জনাম আৰু তুমি পলাবলগীয়া জেলেপীক কথাটো জনোৱা,” আইতাই ক’লে আৰু তেওঁৰ স্বামীয়ে উপযুক্ত প্রত্যুত্তৰ এটা বিচাৰি পোৱাৰ আগতেই কোঠাটোৰ পৰা নাইকীয়া হৈ গ’ল।
ককা এগৰাকী ওখ, সুঠাম মানুহ আছিল, যিয়ে নিজৰ জীৱনৰ ৬৫ বছৰ অতি সুন্দৰভাৱে আগবঢ়াই নিছিল। তেখেতে এটা আগশাৰীৰ বেংকৰ পৰিচালক হিচাপে অৱসৰ গ্রহণ কৰিছে। আইতা মধ্যম উচ্চতাৰ আৰু ক্ষীণ আছিল, কিন্তু একেবাৰে মৌবাহৰ দৰে উৎসাহী আছিল।
তেওঁৰ জীৱনৰ বেছিভাগ সময় তেওঁ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে পাৰ কৰিছিল আৰু তেওঁ প্রায় সকলোকে এজন ভ্রমণকাৰী ছাত্র হিচাপে ব্যৱহাৰ কৰিছিল। দুয়ো নিজৰ নাতি-নাতিনী, সাক্ষী আৰু সকেতৰ লগত বাস কৰিছিল।
সৰু ল’ৰা-ছোৱালীকেইটাই সদায় চৌহদত হকী খেলিছিল। এখন পৰিত্যক্ত পাৰ্কক দুখন খেলপথাৰলৈ পৰিবৰ্তন কৰা হৈছিল- এখন ল’ৰাৰ বাবে, আইতাৰ হালৱা আৰু এখন ছোৱালীৰ বাবে, ককাৰ জেলেপী ।
ককা মধুমেহ ৰোগী আছিল আৰু তেখেতে মিঠাইবোৰৰ কল্পনা কৰি থাকিছিল, যিবোৰ তেখেতৰ খোৱাত বাধা আছিল। তেখেতে দল দুটাক নিজৰ প্রিয় মিঠাইৰ নাম দিছিল আৰু নামকেইটা ততালিকে জনপ্রিয় হৈ পৰিছিল।
সদায় গধূলি ককা আৰু অইতাই নিজৰ দল দুটাৰ অনুশীলন চাইছিল। দুয়োৱে প্রশিক্ষক আৰু চিয়েৰলীডাৰ্চ হিচাপে কাম কৰিছিল।
“কি? জেলেপীৰ লগত খেল?” হালৱাৰ অধিনায়ক নৰেন্দ্রই আচৰিত হৈ কৈ উঠিল।
“আমি ছোৱালীৰ লগত খেলিব নোৱাৰো। আমাক আজীৱন ভয়াতুৰ বুলি মাতিব,” গ’লৰক্ষক ৰাজেশে ক’লে।
“কি কয় আইতা, আপুনি কেনেকৈ ভাবিলে আমি মহিলাৰ লগত খেলিম বুলি! সিহঁত বৰ অহংকাৰী,” লেফ্ট বেক জোৱে ঘোষণা কৰিলে।
“দুষ্ট ল’ৰা, পাহৰি নাযাবা যে ময়ো এগৰাকী মহিলা! আৰু মোক অহংকাৰী বুলি কোৱাৰ সাহস ক’ত পালা,” আইতাই জোৰ বাওঁ ফালৰ ডাঙৰ কাণখন টানি ক’লে।
“কিন্তু আইতা, তুমি মহিলা নহয়, তুমি আটাইতকৈ ভাল আইতা,” সকেতে আইতাকক সাৱটি ধৰি ক’লে।
আইতাই এটা উজ্জ্বল হাঁহি মাৰিলে আৰু তৎক্ষণাত নিজৰ কথাখিনি সজাই লৈ ক’লে, “গতিকে, হালৱাই অহংকাৰী আৰু গপতে গঙাটোপ হৈ থকা ছোৱালীৰ লগত খেলিবলৈ ভয় খাইছে, নহয় নে? তোমালোকৰ অনুভৱ হৈছে যে সিহঁতে সঁচাকৈ তোমালোকৰ হালৱা বনাই দিব?”
“একেবাৰেই নহয়,” গোটেইকেইজন ল’ৰাই একেলগে ক’লে।
“আমি সিহঁতৰ লগত যি কোনো সময়ত, যি কোনো ঠাইত খেলিব পাৰোঁ,” নৰেন্দ্রই ক’লে।
“সিহঁতক আহিবলৈ দিয়া, আইতা,” তাৰ কণমানি মাংসপেশী শিথিল কৰি ৰাজেশে চিঞৰি ক’লে।
“মই তোমাৰ কথা ঠিকেই শুনিছোনে, ককা? তুমি বিচৰা যে আমি হালৱাৰ লগত খেলো?” জেলেপীৰ উপ-অধিনায়ক গীতিকাই কঁকালত হাত থৈ সুধিলে।
“হয় মাজনী, তুমি ঠিকেই শুনিছা।”
“ককা, তুমি কেনেকৈ সপোন দেখিলা যে আমি সেই অশালীন ল’ৰাকেইটাৰ লগত খেলিবলৈ মান্তি হ’ম?” ৰেহানাই সুধিলে, যাৰ যঁজা ভায়েক ৰোশন হালৱাৰ এজন সদস্য।
“আমাৰ উচ্চখাপৰ প্রতিভা, সেই নিয়ম নমনা অসভ্যকেইটাৰ নিম্নখাপৰ দক্ষতাৰ লগত পৰীক্ষা কৰাতকৈ আমাৰ কৰিবলৈ বেছি ভাল কাম আছে,” সাক্ষীয়ে ঘোষণা কৰিলে।
“তাৰমানে মোৰ সাহসী জেলেপীয়ে হালৱাৰ হাতত পৰাস্ত হব বুলি ভয় খাইছে।”
“হাঁ হাঁ! কি যে কোৱা ককা, জেলেপীয়ে ল’ৰাকেইটাক ভয় কৰিব? আমি সিহঁতক সহজতে পৰাস্ত কৰিব পাৰিম। নে কি কোৱা ছোৱালীহঁত?” দলৰ অধিনায়ক চাৰাই সমৰ্থন বিচাৰি চিঞৰিলে।
তীব্র গৰ্জন আৰু চিঞৰ- বাখৰ কৰি ছোৱালীকেইজনী থূপ খালে আৰু ককাই গোফৰ আঁৰত আত্মতৃপ্তিৰে হাঁহিলে।

হালৱা আৰু জেলেপীৰ মাজত হ’বলগীয়া মহাযুঁজৰ বাবে মঞ্চ সাজু কৰি তোলা হ’ল। আইতা, যিয়ে নিজৰ মহাবিদ্যালয়ৰ হকী দলক প্রতিনিধিত্ব কৰিছিল, তেখেতে হালৱাক আৰু কেইটামান কৌশল শিকালে। ককা, যিয়ে ব্যৱস্থাপনা পঢ়িছিল, তেখেতে নিজৰ দল নিৰ্মাণকাৰ্য আৰু পৰিকল্পনাৰ প্রতিভা সন্মুখলৈ আনিলে।
ককাই সদায় ৰাতিপুৱা নিজৰ এক দৰ্জনতকৈও অধিক বন্ধুৰ লগত পাৰ্কত খোজ কাঢ়িবলৈ গৈছিল।
আইতাই বিছগৰাকী অন্যান্য মহিলাৰ লগত নৃত্য শিকিবলৈ গৈছিল আৰু তাতে তেখেতে সমসাময়িক নৃত্য শিকিছিল।
দুই প্রশিক্ষকে নিজৰ বন্ধু আৰু নৃত্য লগৰীসকলক নিজৰ-নিজৰ দলক উৎসাহিত কৰিবলৈ নিমন্ত্রণ জনাইছিল।
তাৰ উপৰিও, পিতৃ-মাতৃসকল আৰু কিছু সংখ্যক শিক্ষকো এই বিশাল খেলখন উপভোগ কৰিবলৈ আহিছিল।
আনকি চীনাবাদাম বিক্রেতা আৰু আইচক্ৰীম বিক্রেতা, যি বজাৰত নিজৰ সামগ্রী বিক্রী কৰিছিল, তেওঁলোকেও নিজৰ স্থান সলনি কৰি খেলৰ স্থানলৈ আহিছিল।
সুঁহুৰি বজাৰ লগে লগে খেল আৰম্ভ হ’ল। আৰম্ভ হোৱাৰ লগতে জেলেপীবোৰে আক্রমণ কৰিলে আৰু হালৱাবোৰে দক্ষতাৰে ৰক্ষা কৰিলে। দহ মিনিট পিছত, সকলো সলনি হ’ল আৰু যুঁজখন চলি থাকিল। প্রথম অৰ্ধত এটাও গ’ল নহ’ল। দ্বিতীয় অৰ্ধতো এটাও গ’ল নহ’ল। অতিৰিক্ত সময় দিয়া হ’ল।
খেলখন যিমানে আগবাঢ়ি গ’ল, দুই পক্ষৰ অনুৰাগীসকলে চিঞৰি-চিঞৰি আনন্দিত হৈ উৎসাহ যোগাবলৈ ধৰিলে। গুলপীয়া চালৱাৰ পিন্ধা আইতাই খেলখনৰ মাজভাগতে নিজৰ মাতটো হেৰুৱালে। আনফালে, ককাই চিন্তাতে নিজৰ গোফৰ চুলি চিঙি আছিল, কিন্তু আইতাই ককাক দিয়া লেতেৰা চাৱনিত, খেলখনৰ অতিৰিক্ত সময় গৈ পোৱা লৈ ককাৰ ওঁঠৰ ওপৰৰ চুলি নাইকিয়া হ’লহেঁতেন।
কিছুমান সময়ত আইতাই ব্যৱহাৰ কৰা ভাষা শুনি ককাৰ গাল দুখনৰ ৰং আইতাই পিন্ধা গুলপীয়া কাপোৰযোৰৰ দৰে হৈ পৰিল। দৰ্শকসকলে উত্তেজনাপূৰ্ণ খেলখন চোৱাৰ পৰা অলপ বিৰত থাকি, ককা-আইতাক ৰ লাগি চাবলৈ ধৰিলে।
অতিৰিক্ত সময়ছোৱাৰ ন মিনিটত, দলৰ আটাইতকৈ তীক্ষ্ণ ফৰৱাৰ্দ চাৰাই, ৰক্ষক জ্যোতিৰ পাছ এটা আগুৰি ধৰি, তিনিটা ল’ৰাক পাৰ কৰিলে আৰু বলটো জোৰকৈ মাৰি গ’ল কৰিলে।
ককা জাঁপ মাৰি উঠিল আৰু আইতাৰ গালত এটা চুমা দিলে। আইতা লাজত ৰঙা পৰি গ’ল আৰু এই কথাই তেওঁক পাহৰাই দিলে যে হালৱাক কি দুৰ্যোগে খুন্দিয়ালে।
যি নহওক, প্রতিশোধেৰে হালৱাবোৰ খেলখনলৈ উভতি আহিল। জোৱে সকেতক বলটো পাছ কৰিলে আৰু সি বলটো লৈ সোঁহাতে গৈ নৰেন্দ্রক দিলে। অধিনায়কজনে গ’লৰক্ষক শৈলজাক তাৰ দিশে বেগাই অহা দেখিলে। সি কেৱল কৌশলেৰে তাইক পাৰ কৰিলে আৰু বলটো গ’ললৈ ঠেলি দিলে।
দৰ্শকৰ আনন্দৰ বাবে আইতাই চাম্বা, ডিস্কো আৰু ব্রেক নৃত্যৰ মিশ্রণ কৰি নাচিলে।
শীঘ্রেই খেলখনৰ উত্তেজনা বাঢ়ি গ’ল। এক মিনিট বাচি থকাত, দুয়োটা দলে স্কোৰ কৰিবলৈ দৌৰিছে।
বলটো ৰেহানাৰ লগত আছিল আৰু তাই বলটো গীতিকাৰ ফালে দিয়াৰ লগে লগে হঠাৎ এটা আন্ধাৰ আকৃতি খেলপথাৰৰ চাৰিওফালে বেগাই ঘূৰি ফুৰিছিল। এইটো আছিল সাক্ষী আৰু সকেতৰ পোহনীয়া কুকুৰ তুফান। সি চুটি আৰু শক্তিশালী আছিল আৰু সি সেই স্থানৰ দ্রুততম চাৰিঠেঙীয়া জীৱ আছিল।
সি বল খেলি ভাল পাইছিল, কিন্তু যোৱা এসপ্তাহৰ পৰা তাক বল খেলাত বাধা দিয়া হৈছিল। প্রত্যেক বাৰে সি যেতিয়াই বলটোৰ কাষলৈ যাব বিচাৰিছিল, সাক্ষী আৰু সকেতে তাক নিৰ্দেশ দি পঠিয়াই দিছিল।
সি খেলপথাৰৰ কাষত ধৈৰ্য্যসহকাৰে বগা ঘূৰণীয়া বস্তুটো হেঁপাহেৰে চাই ৰৈ আছিল। হঠাৎ এতিয়া বলটো তাৰ কাষ আহি পাওঁতে, সি খুন্দা মাৰি, বলটো মুখেৰে ধৰিলে আৰু খেলপথাৰখনত থকা জোপোহাৰ মাজত অদৃশ্য হৈ গ’ল।
সি দৌৰি কাষতে থকা ককাই খোজ কাঢ়িবলৈ যোৱা পাৰ্কখন পাৰ কৰি, আইতাই নৃত্য অনুশীলন কৰা ঠাইখন পাৰ কৰিলে আৰু চিধাই তাৰ প্রিয় বন্ধু, আন্ধিয়ে তাৰ বাবে অপেক্ষা কৰি থকা ঠাইখনলৈ গ’ল।
সেইখিনি সময়তে, হালৱা আৰু জেলেপীয়ে নিজৰ-নিজৰ হকীৰ লাঠিকেইডাল পেলাই তুফানৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিলে।
সিহঁতে তাক জোপোহাত, গছৰ পিছফালে, বেঞ্চিৰ তলত, ডাষ্টবিনৰ ভিতৰত, ভৰিৰ মাজত আৰু সিহঁতে পৰা সকলো ঠাইতে বিচাৰিলে।
ৰেহানা আৰু ৰোশন, জ্যোতি আৰু নৰেন্দ্র, শৈলজা আৰু জোৱে দল বান্ধি তাক চুকে-কোণে বিচাৰিলে। সাক্ষী আৰু সকেতে তুফানক চিঞৰি, গালি দি, ভালৰি লগাই আৰু তোষামোদ কৰি বাহিৰলৈ ওলাই আহিবলৈ কলে।
অৱশেষত সিহঁতে হাৰ মানিলে।
ককাই সুধিলে, “কাৰোবাৰ লগত অতিৰিক্ত বল আছে নেকি?”
সকলোৱে মূৰ জোকাৰিলে।
এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ প্রশ্নটো হ’ল:
কোনটো দল বিজয়ী?
আইতাই ঘোষণা কৰিলে, “দুয়োটা দলেই বিজয়ী।”
ককাই মূৰ দুপিয়াই ক’লে, “মই ভাবো হালৱা আৰু জেলেপী দুয়োটা দলে ব্যতিক্রমীভাৱে ভাল খেলিছে আৰু দুয়োটা দলেই বিজয়ী হোৱাৰ উপযুক্ত।” ককাই ঘোষণা কৰিলে, “মই প্রত্যেক খেলুৱৈকে এটাকৈ চোলা উপহাৰ দিম।”
আইতাই ক’লে, “আৰু মই তোমালোকৰ বাবে এটা ভোজ খোৱাৰ আয়োজন কৰিম। আমি কাইলৈ এইখন খেলপথাৰতে প্রীতিভোজ খাব পাৰিম।”
ঘোষণাকেইটা কুৰুলি আৰু চিঞৰেৰে সম্ভাষণ জনোৱা হৈছিল। বিপক্ষতা আৰু প্রতিদ্বন্দিতা পাহৰি হালৱা আৰু জেলেপীয়ে ইজনে-সিজনক তালি দিলে।
“কিন্তু ককা, যদি দুয়োটা দলে বিজয়ী হয়, তেনেহ’লে ‘খেলখনৰ শ্রেষ্ঠ খেলুৱৈ’ কোন হব?”
“আমাৰ খেলখনৰ ‘শ্রেষ্ঠ খেলুৱৈ’ নাই, কিন্তু আমাৰ খেলখনৰ এটা ‘চেম্প’ আছে আৰু সেইটো তুফানৰ বাদে কোনো নহয়। সি মোৰ ভোট পাব উৎকৃষ্ট খেলখনক এটা উৎকৃষ্ট সমাপ্তি দিয়াৰ বাবে,” ককাই কথাষাৰ কোৱাত সকলোৱে হাঁহিলে।





