Tine Mena Everest Journey: The Inspiring Story of a Fearless Woman Mountaineer
টাইন আৰু দূৰৈৰ পৰ্বতখন
“মই সম্পূৰ্ণৰূপে ভয়ৰপৰা মুক্ত আছিলোঁ। নীতি-নিয়ম আৰু সমাজৰ ভয়। বিফলতা বা মৃত্যুলৈও মই ভয় কৰা নাছিলোঁ। মোৰ নিজৰ শক্তিৰ ওপৰত বিশ্বাস আছিল আৰু স্বাভাৱিক প্রতিভাৰ বিকাশৰ ওপৰত মই গুৰুত্ব দিছিলোঁ। মই মোৰ দুর্বলতাসমূহ অতিক্ৰম কৰাৰ চেষ্টা কৰিছিলোঁ। আৰু সদায় মই মোৰ অন্তৰৰ কথা মতে চলিছিলোঁ।”
Thank you for reading this post, don't forget to subscribe!– টাইন মেনা, পৰ্বতাৰোহী
আজি টাইন মেনাৰ বাবে এটা বৰ গুৰুত্বপূৰ্ণ দিন।
তেৱেঁই হৈছে ২৫ বছৰ বয়সতেই এভাৰেষ্ট বগোৱা উত্তৰ-পূৱ ভাৰতৰ প্রথমগৰাকী মহিলা। ৮,৮৪৮ মিটাৰ উচ্চতাৰ এভাৰেষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত। পাঁচ হেজাৰ মানুহে (যি ৬ ফুট ওখ) এজনে আনজনৰ ওপৰত থিয় হ’লে যিমান হ’ব, এভাৰেষ্ট পৰ্বতখন সিমান ওখ!
এই কাহিনীটো হৈছে টাইনৰ যাত্রাৰ কাহিনী,
এজনী ছোৱালী যিয়ে পৰ্বত বগাই ভাল পায়।
ৱোছো! ৱোছো!
অৰুণাচল প্রদেশৰ মিছ্মি পাহাৰত, টাইনে দূৰৈৰ পৰ্বতৰ পৰা ভাঁহি অহা এটা ডাঙৰ মাত শুনিলে।
তাই সেই মাতটোৰ প্রতি আকৰ্ষিত হৈছিল৷ কেৱল তাইহে এই মাতটো শুনিছিল।
টাইনে বগাই ভাল পাইছিল। তাই গছ বগাইছিল, অৰণ্যৰ মাজেৰে দৌৰিছিল আৰু নদীত মাছ ধৰিবলৈ গৈছিল। তাই নিজৰ আইতাক নায়াৰ দৰেই সাহসী আৰু শক্তিশালী আছিল। টাইন পৰি গ’লে তাইৰ দেউতাক নাবাই তাইক উঠাই দিছিল।
টাইন আৰু তাইৰ ভনীয়েক চনিয়ে আপেল, কমলা আৰু বেৰী ফল খাই ভাল পাইছিল। সিঁহতে দীঘল দিনবোৰ ৰ’দতে শুই কটাইছিল।
আঃ, টাইনে হাঁহি এটা মাৰি কয়, কি সুন্দৰ জীৱন!
কিন্তু এদিন টাইনৰ পৃথিৱীখন ওলট-পালট হৈ গ’ল। ইকালিত বিদ্যালয় নথকাৰ বাবে তাইৰ পৰিয়ালটো ওচৰৰ ডাঙৰ চহৰ ৰইঙ্গলৈ স্থানান্তৰিত হয়।
তাত ‘ৱোছো’ এটা অস্পষ্ট ফুচফুচনি হৈ পৰিল। তাই মাথো পৰ্বতত থাকিব বিচাৰিছিল।
দহ বছৰ পিছত, টাইনৰ পঢ়া শেষ হ’ল।
পৰ্বতৰ মাত আকৌ শক্তিশালী হৈ উঠিল।
ৱোছো, ৱোছো।
পৰ্বতৰ কাষত থকাৰ বাবে, টাইনে সেনা অভিযান এটাত কুলী হোৱাৰ আবেদন জনালে। তাই গধুৰ বোজা উঠাব পাৰে আৰু বহু দিনলৈ বাকী মানুহখিনিৰ লগত আগবাঢ়ি গৈ থাকিব পাৰে। কিন্তু তাতে এটা অসুবিধা আছিল- মহিলাক কুলী হ’বলৈ দিয়া নহৈছিল।
কিন্তু এই কথাই জানো তাইক ৰখাব পাৰিলে? একেবাৰেই নোৱাৰিলে! টাইনে ল’ৰাৰ দৰে পোছাক পিন্ধিলে আৰু কাম কৰিবলৈ আৰম্ভ কৰিলে। তাই সদায় প্রায় ২৫ কিলোৰ বেগ কঢ়িয়াইছিল। ল’ৰাৰ পোছাকত এইয়া এজনী ছোৱালী বুলি উপলব্ধি কৰিবলৈ সকলোৰে এসপ্তাহ লাগিল!
টাইনক নিয়ম ভঙ্গ কৰাৰ বাবে নিন্দা কৰা হৈছিল। কিন্তু তাই ল’ৰাৰ সমানে-সমানে কাম কৰিব পাৰিছিল আৰু তাই পথসমূহ আনবোৰতকৈ বেছি ভালদৰেহে জানিছিল। সেইবাবে কৰ্মকৰ্তাসকলে তাইক কামত ৰাখিবলৈ মান্তি হ’ল। তাইৰ এই কাৰ্য্যই ভবিষ্যতে আন মহিলা কুলীসকলৰ ক্ষেত্ৰত থকা প্রতিবন্ধকতা আঁতৰোৱাত সহায় কৰিছিল।
টাইনে কষ্টৰে কাম কৰি গ’ল আৰু সমন্বয়ক হ’ল, যিয়ে পৰ্বত যাত্রাৰ পৰিকল্পনা কৰে। তেতিয়াই তাই অভিযান এটাৰ প্রতিনিধি, ড: ৰোমিয়ো মেইতেইক লগ পালে। তেখেতে ক’লে, ‘মই ক’ব লাগিব যে তোমাৰ এগৰাকী আৰোহী হোৱাৰ সকলোখিনি প্ৰকৃতিপ্ৰদত্ত গুণ আছে। তোমাৰ দেহৰ গঠন, শক্তি আৰু দৃঢ়প্রতিজ্ঞা আছে। এতিয়া তোমাক মাথো কৌশলৰহে প্ৰয়োজন।
ড:মেইতেই তাইৰ প্রশিক্ষক হৈ পৰিল আৰু টাইনে নিজৰ প্রশিক্ষণ আৰম্ভ কৰিলে।
টাইনে এদিন ‘দ ৰেচ ফৰ এভাৰেষ্ট’ নামৰ ছবি এখন চাইছিল।
ইয়াতত প্রথম মাউণ্ট এভাৰেষ্ট বগোৱাৰ বিষয়ে দেখুওৱা হৈছিল।
‘ৱোছো’, টাইনে চিঞৰি দিলে। সেইদিনাৰপৰাই মাউণ্ট
এভাৰেষ্ট বগোৱাটো টাইনৰ সপোন হৈ পৰিল।
অৱশেষত, টাইন নেপাললৈ ৰাওনা হ’ল। তাইৰ অলপ চিন্তা লাগিছিল যদিও তাইৰ দৃঢ়তা কিন্তু ঠিকেই আছিল। এভাৰেষ্টৰ বেচ কেম্পত বহু ঠাণ্ডা পৰিছিল আৰু বতাহজাক বৰ পাতল আছিল। তাইৰ প্রশিক্ষণৰ পিছত, টাইনে ছেৰিং চেৰ্পাৰ* লগত নিজৰ আৰোহণ আৰম্ভ কৰিলে। আৰোহণ-কাৰ্য্য চাৰিটা শাখাত ভাগ কৰা হৈছিল যাতে আৰোহণকাৰীসকলে বিভিন্ন শিবিৰস্থলীত জিৰণি ল’ব পাৰে আৰু কিছু দিনৰ পিছত ওপৰলৈ বগাই যাব পাৰে।
টাইন আৰু চেৰ্পাই দ্বিতীয় শিবিৰলৈ গৈ পায় মানে, বতৰটো আগতকৈয়ো বেছি বেয়া হ’বলৈ ধৰিলে।
(*চেৰ্পা হ’ল এটা তিব্বত নৃগোষ্ঠীয় শ্রেণী যিয়ে হিমালয়ৰ ওখ অঞ্চলত থাকে আৰু যি নিজৰ আৰোহণ দক্ষতাৰ বাবে জনাজাত।)

কিন্তু সাংগীতিক ৱোছো মাতটোও অধিক ডাঙৰ আৰু সন্মোহনীয় হ’বলৈ ধৰিলে!
“তুমি আগলৈ যাব বিচাৰা নে?” ছেৰিঙে সুধিলে।
“মই নাভাবোঁ যে মই এইটো কৰিবলৈ অন্য এটা সুযোগ পাম,” টাইনে ক’লে।
কেনেবাকৈ তেওঁলোকে নিজৰ অন্তিম শিবিৰ পালেগৈ।
কিন্তু বতাহে তেওঁলোকৰ তম্বু আৰু সকলো
যোগাৰ উৰুৱাই নিলে। তেওঁলোকে আন এটা
তম্বু পালে, য’ত তেওঁলোকে আশ্রয় ল’লে।
তাত ৱাকি-টকি নাই, ঔষধ নাই, টাইন আৰু ছেৰিঙৰ লগত
আছিল মাথো এটা নুডল্ছৰ টোপোলা।
“এইটোৰ আধা ভগাই খাওঁ আহাঁ,” ছেৰিঙে ক’লে।
“যদি আমি জীয়াই থাকোঁ, আমি বাচি থকা আধাখিনি খাম,”
টাইনে এটা দৃঢ় হাঁহি মাৰি কলে।
তেওঁলোকে দুখোজ আগুৱায়,
বতাহে তেওঁলোকক এখোজ আকৌ পিছুৱাই পঠিয়ায়।
ধুমুহাৰ দৰে বতাহজাকে চিঞৰিলে, “গুচি যোৱা”।
কিন্তু টাইনে অকল
“ৱোছো”হে শুনিলে।
নতুন সংকল্প লৈ, তেওঁলোকে শিখৰ ঢুকি পাবলৈ নিৰ্ভীকভাৱে শেষবাৰলৈ নিজকে হেচুঁকি যাত্রা আৰম্ভ কৰিলে।
২০১১ চনৰ মে’ৰ ৯ তাৰিখে, ৰাতিপুৱা ১০ বাজি ৪৫ মিনিটত,
টাইন পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতৰ শিখৰত উঠিল।
সেই সৰু ছোৱালীজনী যিয়ে গছত বগাই ভাল পাইছিল,
তাই পৃথিৱীৰ শিখৰ বগালে। তাই তাইৰ সুদূৰৰ পৰ্বতখন বিচাৰি
পালে আৰু সেই ধ্বনিটোৰ সৈতে একাত্ম হ’ল যিয়ে তাইক
আজীৱন মাতি আছিল।
ৱোছো,
তাই নিজৰ মৰমৰ পৰ্বতখনৰ
লগত নাচিবলৈ ধৰিলে।





