Grandmother’s Lost Glasses

Grandmother’s Lost Glasses: A Heartwarming Short Story of Love and Laughter

A warm short story about a grandmother who keeps losing her glasses and a loving grandchild who searches everywhere to find them.

আইতাৰ চচমাযোৰ

আইতাই তেওঁৰ চচমাযোৰ বাৰে বাৰে হেৰুৱায়.. “ক’ত যে থ’লোঁ মই চচমাযোৰ..?” তেওঁ সদায় সোধে| চচমাযোৰ নোহোৱাকৈ আক’ তেওঁ হেৰোৱা চচমাযোৰ বিচাৰিও নাপায়..

Thank you for reading this post, don't forget to subscribe!

সেয়েহে, তেওঁ মোক বিচাৰে.. তেওঁৰ চকু দুটি হৈ তেওঁক তেওঁৰ চকুযুৰি বিচাৰি দিবলৈ..!

কেতিয়াবা তেওঁ চচমাযোৰ গাধোৱা-ঘৰটোতে এৰি আহে, কেতিয়াবা বিচনাত… আক’ কেতিয়াবা তেওঁৰ মূৰৰ ওপৰতেই থাকে… “আইতা,” মই কওঁ, “চচমাযোৰ চোন সেয়া তোমাৰ মূৰতেই আছে !!”

“অ’হো…হয়োতো চোৱাচোন.. কি যে কৰোঁ মই.. ধন্য়বাদ দেই মোৰ মৰমৰ ৰীচাজনী” , খিক্ খিককৈ হাঁহি আইতাই কয় | পিছে, এইবাৰ কিন্তু মই সঁচাকৈয়ে আইতাৰ চচমাযোৰ বিচাৰি পোৱা নাই | এতিয়ালৈকে…

মই সকলোতে বিচাৰিলোঁ…. য’ত য’ত সাধাৰণতে থাকিব পাৰে ! তেওঁৰ মূৰৰ ওপৰত, গাধোৱা-ঘৰত, আলমিৰাৰ ভিতৰত, পূজা কৰা ঠাইখিনিত… মই তেওঁৰ প্ৰিয় চকীখনৰ তলতো বিচাৰিলোঁ আৰু খোৱা-মেজৰ ওপৰতো… কিন্তু নাই, চচমাযোৰ যে ক’তোৱে পোৱা ন’গল বিচাৰি… ক’ত থাকিব পাৰে বাৰু !!!

মই ভাবিলোঁ যে মই এজন ভাল অনুসন্ধানকাৰীৰ দৰে ভাবিব লাগিব | সেয়ে মই ভাবিলোঁ যে আইতাইনো আজি গোটেই দিনটোত কি কি কৰিলে সেইটোৰ বিচাৰ কৰোঁ…

“মই বৰ বিশেষ একোকে কৰা নাই আজি | অৱশ্য়ে বীণাৰ শাহু-মাক আহিছিল আজি , তুমিতো জানাই… তেওঁ কিমান কথা পাতে !! আমি একেলগে আজি ভালেপিয়লামান চাহ খালোঁ , আৰু তোমাৰ মাৰাই বনাই থোৱা আটাইকেইটা লাড়ুও তেওঁ খাই পেলালে”, আইতাই ক’লে |

Grandmother’s Lost Glasses

ৰাজুৱে ক’লে, “আইতা যে আজি খুব ব্য়স্ত আছিল | তেওঁ মুখ্য়-মন্ত্ৰীলৈ বুলি নিজৰ পেঞ্চনৰ বাবে এখন চিঠিও লিখিলে |”

আম্মই ক’লে, “তেওঁ আজি বহু সময় ধৰি তোমাৰ মাহীয়েৰাৰ লগতো কথা পাতিলে | ৰাজুৰ বাবে গুঁঠি থকা গৰম-চোলাটোও তেওঁ গুঁঠি শেষ কৰিলে আজি | তাৰপিছত তেওঁ অকণমান খোজকাঢ়িবলৈ ওলাই গৈছিল | ” ……এতিয়া মোৰ হাতত ঢেৰ শুংসূত্ৰ আছে… ততাকৈয়াকৈ মই ঘৰৰ আগতে নিবিচৰা ঠাইবোৰত চচমাযোৰ বিচাৰিবলৈ ধৰিলোঁ | আহ…!! আইতাৰ হেৰোৱা চচমাযোৰ মই বিচাৰি পাই গ’লোঁ..!

তেওঁৰ লিখা-মেজখনৰ ওপৰত থকা টেলিফোনটোৰ তলতে থকা কলমটোৰ কাষতে চচমাযোৰ ঊণ-সূতাৰ মাজত পাক খাই আছিল… ওচৰতে আক’ মই আধা-খোৱা লাড়ু এটাও পালোঁ.. আইতাৰ অহাটো জন্মদিনত মই অলপ অলপকৈ টকা সাঁচি তেওঁক এযোৰ খুব ধুনীয়া চচমা উপহাৰ দিম !!

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story