Learning to Swim

Learning to Swim: Raziya’s Brave Ocean Journey

Learning to Swim becomes joyful as Raziya overcomes fear by observing sea creatures and mastering swimming step by step.

ৰাজিয়াই সাঁতুৰিবলৈ শিকিলে

 ৰাজিয়া আৰু তাইৰ মাকে সাগৰৰ পৰা বহুত   দূৰৰ এটা দ্বীপত বাস কৰে ।

Thank you for reading this post, don't forget to subscribe!

 মাকৰ ইচ্ছা ৰাজিয়াই সাঁতোৰ শিকক, কিন্তু 

 ৰাজিয়াই পানীলৈ বৰ ভয় কৰে ।

সাগৰখন ইমান গভীৰ আৰু ডাঙৰ !

“আজি ঢৌ কম ।  সেয়েহে মাকে ৰাজিয়াক লেগুনলৈ লৈ গ‘ল ।

“ ৰাজিয়া, নামা ! আজি লেগুনত পানী কম ।” মাকে ক‘লে ।

“আজি সাঁতুৰিবলৈ নগ‘লে হ‘ব নে মা ? মোৰ মন যোৱা  নাই !”

  “ভয় নকৰিবা, ৰাজিয়া ।     পানীত থকা জীৱবোৰে কেনেকৈ 

   সাঁতুৰিছে চোৱাচোন । তুমি হাত আৰু ভৰি 

    সিহঁতৰ দৰে মাৰিবলৈ চেষ্টা কৰা ।” 

   ৰাজিয়াই বহুত কষ্ট কৰি পানীৰ মাজেৰে চালে । 

   বিভিন্ন ধৰণৰ ৰঙীন জীৱবোৰ তাইৰ 

   চাৰিওফালে ঘূৰি ফুৰিছে ! 

    থু: ! পানীবোৰ বৰ লুনীয়া ।

ৰাজিয়াই এটা দীঘল উশাহ লৈ  তাইৰ মূৰটো পানীত ডুবাই দিলে।

মাকে কোৱাৰ দৰে তাই পানীত থকা জীৱ-জন্তুবোৰে কেনেকৈ সাঁতোৰে সেই কথা নিৰীক্ষণ কৰিবলৈ ধৰিলে ।

এটা কাছ পোৱালি তাইৰ কাষতে সাঁতুৰি আছিল । তায়ো তাৰ নিচিনাকৈ ভৰি মাৰি 

পানী ঠেলি সাঁতুৰিবলৈ চেষ্টা কৰিলে । ঘটনাক্রমে তাইৰ মুখত অলপ পানী 

সোমাই গ‘ল ।

“মা, পানীবোৰে মুখত ধৰিছে !”

“লাহে লাহে সহ্য হৈ যাব।” মাকে ক‘লে ।

পিছদিনা এটা পোৱালি অক্টোপাছে পানীৰ ফোৱাৰা উলিয়াই কাষেৰে পাৰ হৈ গ‘ল। সি পানীবোৰ ভিতৰলৈ সুহি লৈ তাৰ আঠটা হাতোৰা আগলৈ ঠেলি দিয়ে ।

তাই অলপ পানী খালে । উস্!

কিন্তু তাই আকৌ চেষ্টা কৰিলে ।

“মই কেনেকৈ ভৰি মাৰিছোঁ চোৱা মা !‘‘

  ৰাজিয়াই ক‘লে ।

Learning to Swim

 “ঠিক আছে, চেষ্টা কৰি থাকা ।”

পিছদিনা এটা শঙ্কৰ মাছে তাইৰ তিনি কোণীয়া পাখিৰে আহি কাষেৰে ভূমুকি মাৰিলে । 

ৰাজিয়াই সেই দৰে সাঁতুৰিবলৈ চেষ্টা কৰিলে । তাই আজিও অলপ পানী খালে আৰু অলপ ডুবি গ‘ল – বব – বব – বব – বব ।

“মা, বৰ কষ্ট ! ৰাজিয়াই ক‘লে ।

“ৰাজিয়া, চেষ্টা কৰি থাকা ।”

ৰাজিয়াই বাৰে বাৰে চেষ্টা কৰিলে ।

পিছদিনা কিছুমান ওপঙা জীৱ তাইৰ কাষেৰে ওপঙি গ‘ল । সিহঁত ঢৌৰ লগত আগুৱাই যায় । সিহঁতৰ পাখি নাই ।

ৰাজিয়াই তাইৰ হাত ভৰি পোনাই ল‘লে । তাই উপঙি ফুৰা জীৱবোৰৰ দৰে ওপঙিবলৈ ধৰিলে ।

“মা, চোৱা, ময়ো   

 ওপঙিছোঁ !”

“বৰ ভাল কথা ৰাজিয়া  !”

পিছদিনা এটা বামী মাছ ইকাষৰ পৰা সিকাষলৈ সাঁতুৰি তাইৰ কাষেৰে পাৰ হৈ গ‘ল ।

ৰাজিয়ায়ো তাৰ দৰে সাঁতুৰিবলৈ চেষ্টা কৰিলে ।

“ৰাজিয়া, তুমি সাঁতুৰিব পাৰিছা !” মাকে ক‘লে ।

 পিছদিনা এটা উৰণীয়া মাছে পানীৰ পৰা ওপৰলৈ জঁপিয়ালে ।   

ৰাজিয়াই সেই উৰণীয়া মাছটোৰ দৰে জঁপিয়াই সাঁতুৰিবলৈ চেষ্টা কৰিলে ।  তাই নোৱাৰিলে আৰু তললৈ পৰি গ‘ল ।

 মোৰ হাত আৰু ভৰিত দুখ পাইছোঁ মা । ৰাজিয়াই ক‘লে ।

সাঁতুৰি থাকোতে তুমি উশাহ ল‘বলৈ শিকিলেই তোমাৰ হাত ভৰি লাহে লাহে লৰচৰ কৰিবলৈ ল‘ব । তেতিয়া কম দুখ পাবা ।‘‘

পিছদিনা এটা শিহু আহি তাইৰ কাষেৰে ভূমুকি মাৰিলে । সি পানীৰ ওপৰলৈ আহি দীঘলকৈ উশাহ ল‘লে আৰু তললৈ সোমাই গ‘ল ।

 ৰাজিয়াই শিহুটোৰ দৰে সাঁতুৰিবলৈ চেষ্টা কৰিলে । তাই মূৰটো পানীৰ ওপৰলৈ উঠাই উশাহ লৈ আকৌ ভিতৰলৈ সোমাই গ‘ল ।

দিন পাৰ হোৱাৰ লগে লগে ৰাজিয়াই বেলেগ বেলেগ জীৱই সাঁতোৰাৰ ধৰণ লক্ষ্য কৰি বহুতো বেলেগ বেলেগ পদ্ধতি শিকিলে ।

ৰাজিয়াই ভৰি মাৰে,ওপঙে,তললৈ ডুবকি লগাই । তাই আগতকৈ বেচি সময় উশাহ বন্ধ কৰি ৰাখিব পৰা হ‘ল ।

 আগতকৈ খৰকৈ সাঁতুৰিব পৰা হ‘ল ।

মাকে ক‘লে, “ৰাজিয়া উঠা, ঘৰলৈ যোৱাৰ সময় হৈছে !”

“মই আৰু অলপন সময় সাঁতুৰিম মা ? মোক আৰু অলপ সাঁতুৰিবলৈ দিয়াচোন । “

তুমি কেতিয়াবা সাঁতুৰিবলৈ চেষ্টাা কৰিছানে ?

বিভিন্ন জীৱৰ পানীত অহা-যোৱা কৰাৰ ধৰণো বেলেগ বেলেগ ।

টুনা আৰু শিহুৱে পানীৰ মাজেৰে বহুত বেচি বেগেৰে সোমাই যায় ।

সৰু সৰু ওপঙি ফুৰা পোকবোৰক পানীয়ে য‘লৈ লৈ যায় তালৈকে যায় ।

স্কুইড আৰু অক্টোপাছে  বৰ বেগেৰে পানী ভিতৰলৈ নি বৰ খৰকৈ উলিয়াই দিয়ে ।

কেঁকোৰা আৰু লবষ্টাৰে সাগৰৰ 

তলত খোজকাঢ়ি অহা যোৱা কৰে ।

শঙ্কৰ মাছে সিহঁতৰ পাখি মাৰি পানীত অহা-যোৱা কৰে।

উৰণীয়া মাছে আক্রমণ কাৰীৰ পৰা হাত সাৰিবৰ কাৰণে পানীৰ পৰা ওপৰলৈ  জঁপিয়াই ।

  ইয়াৰ পিছত  পানীত নামিলে তুমি সাঁতোৰাৰ এই নিয়মবোৰ চেষ্টা কৰিবা  !

Alfi Sabrin

Hi, I’m Alfi Sabrin, a graduate with a Bachelor of Arts (B.A.) Honours degree in Education. I completed my higher secondary education in the Arts stream and have a strong academic interest in education, learning, and personal development.

Post navigation

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story