School Tiffin Party

School Tiffin Party: A Story of Sharing Food and Friendship

A heartwarming school tiffin party story that shows food sharing, friendship, and joy among classmates.

টিফিন খোৱা দলটো

              ত্রিং 

Thank you for reading this post, don't forget to subscribe!

              টিফিনৰ সময়

মিনুৱে নিজৰ টিফিনত ইডলি আৰু পোদী দেখিলে। মায়ে কেতিয়া বাৰু কিবা নতুন বস্তু দিব? মিনুৱে টিফিন খোৱা সময়খিনি বৰ বেয়া পায়।

বাকী মেজবোৰৰ পৰা জুতি লগা আহাৰৰ গোন্ধ

তাইৰ ফালে উৰি আহিছে।

মিনুৰ পেটে গুৰগুৰাই উঠিছে আৰু জিভাৰ পানী পৰিছে। টিফিনটো তাই আঁতৰাই দিছে।

তিনিটা শাৰীৰ পিছত থকা কমলেশে

নীৰৱে ভাবি আছে।

তাইৰ টিফিনটো দেখিবলৈ বৰ জুতি লগা।

তাইৰ ভাল লগা নাই নেকি?

কমলেশে মূৰ দাঙি চালে আৰু মিনুক

তাইৰ টিফিনটোৰ সৈতে দেখা পালে। “মায়ে

আজিও মোক ইডলি দি পঠিয়াইছে,” মিনুৱে ক’লে।

কমলেশে তাইৰপিনে টিফিনটো জোকাৰি ক’লে,

“জোৱাৰ ভাকৰী আৰু ভাজি। আজিও একেই।”

মিনুৰ পেটে আকৌ মাতি উঠিল।

গুৰ

  গুৰ গুৰ

      গুৰ 

“মই অলপ খাই চাব পাৰো নে?” মিনুৱে সুধিলে।

কমলেশে তাৰ টিফিনটো মিনুৰ ফালে আগুৱাই দিলে আৰু সি মিনুৰ টিফিনটো ল’লে।

মিনুৰ ইডলিকেইখন কমলেশে মোকোৰা-মোকোৰে খালে। আনফালে, মিনুৱে কমলেশৰ জোৱাৰ ভাকৰিৰ ওপৰত জপিয়াই পৰিল।

মিনুৱে পিছদিনাখন বৰ চঞ্চল মনেৰে টিফিন খোৱা সময়লৈ বাট চাই আছিল। মাকে কমলেশৰ কাৰণে কেইখনমান ইডলি বেছিকৈ দি পঠিয়াইছে। 

ট্রিং!

কমলেশে মিনুক তাৰ কাষতে বহিবলৈ ঠাই দিলে। আজি কমলেশৰ টিফিনটো মুট্‌কেৰে ভৰি আছে।

School Tiffin Party

চাছিয়ে তাইৰ টিফিনটো লৈ সিঁহতৰ কাষলৈ আহিল। “আজি মই পখালা ভাটা আৰু আলু আনিছো। কালি মই তোমালোকক টিফিন ভগাই খোৱা দেখিছিলোঁ,” তাই ক’লে। “ময়ো তোমালোকৰ লগত একেলগে খাব পাৰিম নে?”

“অ, আহা চাছি!” মিনুৱে ক’লে। তাই স্ফূর্তিতে জাপ মাৰি  থিয় হ’ল আৰু তাইৰ টিফিনৰ ঢাকনিখন মেজত থলে।

“শুনা, সকলোৱে শুনা! আজি মই, কমলেশ আৰু চাছিয়ে টিফিন পার্টি কৰিম। আমি আজি ইডলি, মুট্‌কে আৰু পখালা ভাটা খাম। কোনে কোনে আমাৰ লগত খাব বিচাৰা?”

শ্রেণীকোঠাত হুলস্থুল লাগি গ’ল।

কমলেশৰ মেজৰ চাৰিওফালে

টিফিন পার্টি কৰিবলৈ গোটেই শ্ৰেণীটোৰ

তাৰ লগৰীয়াবোৰে জুম বান্ধিলে।

কিছুমান টিফিন বাকচত কম পৰিমাণে আৰু কিছুমানত বেছি পৰিমাণে খাদ্য আছে।

কিছুমানত মচলাযুক্ত খাদ্য আৰু কিছুমানত মিঠা খাদ্য আছে।

কৰবাত আছে টেঙা আচাৰ আৰু কৰবাত আছে তিতা কেৰেলা।

কিন্তু ইমান বেছি আছে যে শ্ৰেণীকোঠাত থকা সকলোৰে পেট ভৰি যাব।

আজিকালি মিনুৱে টিফিন খোৱা সময়খিনি ভাল পায়।

সদায় পাৰ্টি হ’লে তাই কিয়নো বেয়া পাব?

চান্তুলা, টৰৱাত ভাজি,

আলু পোহা, পৰঠা আৰু আচাৰ…

মিনুৱে তাইৰ টিফিন খোৱা দলটো বিচাৰি পালে।

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story