a Snow Leopard

Face to Face with a Snow Leopard: A Terrifying Childhood Encounter

A true childhood story of facing a snow leopard in the mountains and learning lessons about fear, courage, and wildlife conservation.

বৰফৰ বাঘৰ লগত মুখামুখি

লাডাখৰ নীলা আকাশৰ তলত পৰ্বতৰ মাজত সোতৰ ঘৰ মানুহ থকা ভিতৰুৱা গাওঁ কোমোদকত মই ডাঙৰ হৈছোঁ। মই সৰু থাকোতে গাঁৱৰ প্রতিটো পৰিয়ালেই পশুপালন কৰিছিল সকলো পৰিয়ালৰে ভেড়া, ছাগলী, য়াক আৰু গাই আছিল । ল‘ৰা-ছোৱালীকে ধৰি সকলোৱে পশুবোৰ চৰাইছিলোঁ । গাঁৱৰ কাষৰ চৰণীয়া পথাৰত পশুবোৰে ঘাঁহ খাই থাকোতে কোনোবা মানুহ সিহঁতৰ লগত থকা অতি দৰ্কাৰ । প্রথমবাৰ পশুবোৰ চৰাবলৈ নিয়া দিনটো মোৰ জীৱনৰ সকলোতকৈ উত্তেজনাপূৰ্ণ  আৰু ভয়াবহ দিন আছিল !

Thank you for reading this post, don't forget to subscribe!

    মোৰ মা-দেউতা অন্য কামত ব্যস্ত হৈ থকাৰ কাৰণে মোক আৰু মোৰ আঠবছৰীয়া ভাই নোৰবোক পশু চৰাবলৈ যাবলৈ ক‘লে । আমি দিনটো পশুবোৰক চোৱা-চিতা কৰি, চাতু আৰু চাহ খাই পাৰ কৰিলোঁ । আমাৰ  প্রায় পঞ্চাশটা পশু আছিল । দিনটো ভালদৰে পাৰ হৈ যোৱাত আমাৰ আত্ম-বিশ্বাস বাঢ়িল । মই ভাবিছিলোঁ কামটো ইমান টান নহয় ।

পশুৰ জাকটো লৈ আমি তললৈ নামি আহোতে নোৰবোৱে চিঞৰ মাৰি আঙুলিৰে ইঙ্গিত কৰিলে । ঘূৰি চাই  দেখিলোঁ, বৰ ডাঙৰ আৰু ভয়ানক নোমাল ছাই বৰণৰ জন্তু এটাই আমাৰ ছাগলী এটৰ ডিঙিত কামুৰি ধৰিছে । আমি দুয়োটা প্রায় বৰফ হৈ গ‘লোঁ । আমি কেনে প্রতিক্রিয়া কৰিম বুজি পোৱা নাছিলোঁ। তাৰ হাতোৰা কেইটা বৰ ডাঙৰ । আমি দেখা জন্তুটো বৰফত থকা এটা ডাঙৰ মেকুৰী – এটা নাহৰফুটুকী বাঘ । মুখৰ পৰা এৰাই যাবলৈ চেষ্টা কৰি থকা ছাগলীটোক কামুৰি থাকোতে তাৰ গাৰ মাংসবোৰ লৰি থকা আমি দেখিছিলোঁ । এই  প্রজাতিৰ বাঘ লাডাখৰ পৰ্বতৰ এবিধ অতি ভয়ানক জন্তু ।

   মই ভয়ত কঁপিবলৈ ধৰিলোঁ । মই ইমানকৈ কঁপিছিলো যে, থিয় হৈ থকাই টান হৈ পৰিছিল । বহুত সময় পাৰ হৈ গ‘ল আৰু মই চাই থকাৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ । অৱশেষত মই এটা দীঘল উশাহ লৈ নিজকে ক‘লোঁ, মই  নোৰবোতকৈ ডাঙৰ, গতিকে এই অৱস্থাত ময়েই কিবা এটা কৰিব লাগিব । মই তাৰ হাতত ধৰি কাণত ফুচফুচাই ক‘লো, “ভয় নকৰিবা ।‘‘

আমি দুয়ো বাঘটোৰ কাষলৈ আগবাঢ়িলোঁ । বনৰীয়া জন্তুৰ সন্মুখীন হ‘লে কি কৰিব লাগে আমাক মা-দেউতাই  শিকাইছিল । প্রথমতে আমি বৰ ডাঙৰ ডাঙৰকৈ চিঞৰিবলৈ ধৰিলোঁ । জন্তুৱে হুলস্থুল শুনিলে সচকিত হৈ পৰে । নিজকে ৰক্ষা কৰিবলৈ মই আৰু নোৰবোৱে মাটিৰ পৰা শিল বুটলি লৈ তাৰ ফালে দলিয়াবলৈ ধৰিলোঁ । লগতে মই এডাল লাঠি লৈ মাটিত ডাঙৰ ডাঙৰ শব্দ কৰি মৰিয়ালোঁ ।

হুলস্থুল হোৱাত বাঘটোৱে ছাগলীজনী এৰি আমাৰ ফালে দাঁত নিকতাই চালে । আমি দুয়ো ইমান হুলস্থুল কৰিলোঁ যে বাঘটোৱে ছাগলীটো শান্তিৰে খাব নোৱাৰিলে ! সি আমাক নিৰীক্ষণ কৰিবৰ কাৰণে ওপৰলৈ উঠি গ‘ল । 

সুবিধা পাই আমি ছাগলীজনী জীয়াই আছে নে চাবলৈ কাষলৈ দৌৰি গ‘লোঁ । ইতিমধ্যে ছাগলীজনী মৰিছিল । 

আশা কৰিছোঁ এইৰ পোৱালি নাই‘‘,মই ক‘লোঁ । নোৰবোই মূৰ লৰালে । 

ছাগলীজনী হেৰোৱাৰ কথা আমি কাকো নকওঁ। এইজনী মাইকী 

ছাগলী আৰু তাইৰ গৰাকীয়ে কথাটো নিশ্চয় লক্ষ্য কৰিব । নকৰিলে 

আমি এই বিষয়ে বিশেষ চিন্তা কৰিব নালাগে । মই ছাগলীজনীৰ গাখীৰ

 খীৰাবলৈ চেষ্টা কৰি গাখীৰ খীৰাব নোৱাৰিলোঁ ।গাখীৰ খীৰাব নোৱাৰাৰ কাৰণে তাইৰ পোৱালি নাই বুলি বুজি 

পালোঁ আৰু আমি সকাহ পালোঁ । 

  ছাগলীৰ পোৱালি থাকিলে তাইৰ ওহাৰত গাখীৰ থাকে । পোৱালিটোৱে গাখীৰৰ কাৰণে কান্দিব আৰু তেতিয়াই মালিকে ছাগলীজনী হেৰোৱা কথাটো গম পাব।   

মই ভাইটীৰ ফালে চাই মা-দেউতা আৰু গাওঁবাসীক কথাটো ক‘বলৈ মানা কৰিলোঁ। কাৰণ আমাৰ সন্মুখতে ছাগলী এজনী বাঘটোৱে মৰাৰ কাৰণে তেওঁলোকে আমাক খং কৰিব পাৰে । গতিকে আমি কথাটো গোপনে ৰাখিবলৈ ঠিক কৰিলোঁ।

      ছাগলীজনীক যি ঠাইত মাৰিছিল সেই ঠাইতে এৰি থৈ তললৈ নামি আহি পশুৰ জাকটো বিচাৰিলোঁ।  আমি পশুৰ জাকটো তিনি কিলোমিটাৰ তলত য‘ত ত‘ত সিঁচৰিত হৈ ৰৈ থকা দেখা পালোঁ। সিহঁতেও বাঘটোৰ ভয়তে আৰু আগুৱাব পৰা নাছিল । অৱশেষত আমি সিহঁতক ডাঙৰ ডাঙৰকৈ মাতি, খং কৰি সৰু শিল-বালি আদি দলিয়াই, লাঠিৰে শব্দ কৰি তললৈ নমালোঁ।

a Snow Leopard

 আমি ঘৰলৈ উভতি আহোতে গাঁৱৰ মানুহৰ লগত ৰাস্তাত দেখা হ‘ল । তেওঁলোকে পশুৰ জাকটো ঘৰলৈ আনিবলৈ আমাক সহায় কৰিবলৈ আহিছিল । পশুবোৰ চৰাাই থাকোতে আমি কুকুৰনেচীয়া বাঘ বা বৰফৰ নাহৰ গাঁওবাসীয়ে সুধিলে ।  মই আৰু ভাইটীয়ে মূৰ জোকাৰি ইটোৱে সিটোলে চালোঁ । ঘৰ আহি পাওঁতে আমাৰ অলপ দেৰি হ‘ল । মায়ে আমাক চাহ আৰু ৰুটী খাবলৈ দিলে । আমাৰ মন ভাল নাছিল যদিও আমি সকলো ঠিক আছে বুল ক‘বলৈ চেষ্টা কৰিলোঁ ।আমি চাহ খাই থাকোতে  মায়ে  কৈছিল, গোটেই দিনটো আমাৰ বিষয়ে তেওঁ চিন্তা কৰি আছিল, আৰু তেওঁ বৰ ভয় খাইছিল । কিনো ঘটিছিল সেই কথা আমি তেওঁক নক‘লোঁ । আমি এটা বাঘৰ সন্মুখীন হোৱা বুলি কেনেকৈ কওঁ ? মা চিন্তাত পৰাতো আমি বিচৰা নাছিলোঁ । হাঁহি মাৰি আমি ক‘লো, সকলো ঠিক আছে ।

আমি কৰা কামটো যে ভাল নহ‘ল সেই কথা আমি বুজি পাইছিলোঁ। নিয়ম মতে কিবা ঘটনা ঘটিলে অন্য গৰখীয়াক সেই বিষয়ে সাবধান কৰি দিব লাগে । তেতিয়া অন্য গৰখীয়াবোৰে পিছদিনা পশু লৈ যাওতে  সাবধান হ‘ব পাৰে আৰু দুটা ৰখীয়াৰ ঠাইত চাৰিটা ৰখীয়া যাব পাৰে । আমি কথাটো নিজৰ মাজতে লুকুৱাই ৰখাৰ কথা ভাবিলোঁ । আৰু আমি নিজকে দোষী যেন অনুভৱ কৰিলোঁ !

পাছদিনা আমি গাওঁবাসীক সতৰ্ক কৰি নিদিয়া কাৰণে এজন ৰখীয়াহে পশুৰ দলটোৰ লগত গ‘ল । চৰণীয়া পথাৰত কি হ‘ব সেই কথা ভাবি আমাৰ বৰ চিন্তা হৈছিল । তেওঁলোক কিবা বিপদত পৰিব নেকি ? কথাটো নক‘বলৈ ঠিক কৰি আমি আমাৰ বন্ধু আৰু পশুবোৰক বিপদত পেলোৱা নাইতো ?

গোটেই দিনটো আমি গাঁৱলৈ অহা ৰাস্তাত থিয় হৈ অপেক্ষা কৰি থাকিলোঁ, আৰু আমাৰ চকু কেইটা পৰ্বতৰ ওপৰত নিবদ্ধ হৈ থাকিল । সন্ধিয়া আমাৰ বন্ধুহঁত ঘূৰি আহিল । ভগৱানক ধন্যবাদ যে  সকলোবোৰ পশু আৰু আমাৰ বন্ধুহঁত ভালে ভালে উভতি আহিল ।

দুমাহ মানৰ পাছত মই সেইদিনাৰ ঘটনাটো, আৰু আমি সন্মুখীন হোৱা বাঘটোৰ কথা মাক ক‘বলৈ সাহস গোটালোঁ ।  মই কান্দি কান্দি ক‘লো, “আমি ছাগলীটোক ৰক্ষা কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ।‘‘

মাই বৰ ভয় খাইছিল 

আৰু তেওঁৰ চকু পানীৰে 

ভৰি পৰিছিল । মাত্র এডাল লাঠিৰে  

আমি বাঘটো খেদাবলৈ সাহ কৰাৰ কথা তেওঁ বিশ্বাস কৰিবলৈকে টান পাইছিল । মায়ে আমাক সাবটি

 ধৰি আগলৈ সাবধান হ‘বলৈ ক‘লে ।

তেওঁ ক‘লে, এই কথা গাওঁবাসীক কোৱা উচিত আছিল আৰু আমি নোকোৱা কাৰণে তেওঁ 

আমাক খং কৰিলে ।

বহুত দিনৰ পাছত সংৰক্ষণৰ কাম কৰা সময়ত মই বুজিব পাৰিছিলোঁ, বাঘে জন্তু মাৰিলে মৰা জন্তুটোক খাবৰ কাৰণে এৰি থৈ অহাই উচিত কাম । তেতিয়া বাঘটোৱে পাছদিনা আৰু অন্য জন্তু বধ নকৰে । মই আৰু ভাইটীয়ে তেনে কৰিলোঁ, কিন্তু সেয়া মাত্র আমি ছাগলীটো কঢ়িয়াই আনিব নোৱাৰাৰ  কাৰণেহে ।

আজিকালি সংৰক্ষণৰ সজাগতাৰ কাৰণে মানুহে বাঘে চিকাৰ কৰা জন্তুটো সিহঁতে খাবৰ কাৰণে এৰি থৈ আহে । এনে কৰিলে বাঘটো, গাওঁবাসী আৰু আমাৰ কাৰণে সহায় হয় !

Dandi March Story: A Child’s Journey of Freedom with Mahatma Gandhi

Sundori Missing Story: A Funny Village Mystery of a Music-Loving Buffalo

Brave Nangila Story

Emperor Ashoka Procession Story